স্কুটি চলোৱা ছোৱালী বোৰ
ভাল লাগে মোৰ...
ছিপ ছিপ বৰষুণত ,
বৰষুণ ফালি আগুৱাই যোৱা ছোৱালীবোৰ,
তীব্ৰ ৰ'দত ছান গ্লাছ পিন্ধি
বেলিক প্ৰত্যাহ্বান জনোৱা ছোৱালীবোৰ,
ভাল লাগে মোৰ...!
আমোল মোল সুবাস বিলাই
পৰিৱেশটো ৰোমাণ্টিক কৰি তোলে তেওঁলোকে,
তেওঁলোকৰ ছুলিৰ পৰা ভাঁহি আহে ছান চিল্ক ছান ছিল্ক সুবাস ,
তেওঁলোকৰ হাঁহিত দেখা যায় আধুনিকতাৰ আভাস,
মাতত সৰে তেওঁলোকৰ হৃদয় জুৰোৱা সুৰ,
সকলোবোৰ সকলোবোৰ
ভাল লাগে মোৰ...
পিছে কবিবোৰে তেওঁলোকক লৈ কবিতা নিলিখে,
কবিতা হেনো মাটিৰ গোন্ধ খেতিৰ গোন্ধ থকা ছোৱালীকহে চুট কৰে...
কিন্তু মনে মনে প্ৰায়বোৰ কবিয়েই যে তেওঁলোকৰ প্ৰেমত পৰে ...
হা হা মুখা সকলোৱে পিন্ধে !
স্কুটি চলোৱা ছোৱালীবোৰ তোমালোকক সঁচাকৈয়ে ভাল লাগে মোৰ,
ভাল লাগে তোমালোকৰ ভেম অহংকাৰ,
যেতিয়া তোমালোকে কলেজৰ মুখেৰে আগবাঢ়া আমি চালেও
আমাৰ ফালে নোচোৱা,
সেইটোও ভাল লাগে...
ভাল লগাতটো বাধা নাই,
এদিনত চৈধ্য বাৰ প্ৰেমত পৰাটোতো বাধা নাই,
তোমালোকে যি দৰে ভালপোৱা পালচাৰ, বুলেট চলোৱা লৰাবোৰ...
আমিও ভালপাওঁ স্ট্ৰিক, ফ্লাইট,
প্লিজাৰ চলোৱা ছোৱালীবোৰ...
বেছি আশা নকৰো...
তোমালোকৰ স্কুটি চলোৱা সেই বিশেষ ভংগীমাবোৰ,
প্ৰথম স্কুটি লৈ দিয়া সেই এক্সট্ৰা গহীন বোৰ,
হেঁপাহ পলুৱাই উপভোগ কৰো...
হা হা সঁচা,
স্কুটি চলোৱা ছোৱালীবোৰ
তোমালোকক সঁচাকৈয়ে
ভাল লাগে মোৰ...!
বি দ্ৰ : স্কুটি নচলোৱা ছোৱালীবোৰ তোমালো�ককো বেয়া নালাগে দিয়া ... ;-) :-D :-P
প্ৰাণজিৎ বৰুৱা
১৯ ছেপ্তেম্বৰ ২০১৪