আজিকালি ...
আজিকালি বাট চাই ৰওঁ ,
এটি সুযোগলৈ...
আজিকালি বাট চাই ৰওঁ ,
সন্ধিয়া ,আবে�লি বোৰৰ নিচাত ডুবিবলৈ...
আজিকালি মোৰ প্ৰিয় ৠতু বুলি কোনো কথা নাই,
আজিকালি মোৰ প্ৰিয় ঠাই বুলিও কোনো জেগা নাই...
আজিকালি মোৰ বাবে ,
গুড মৰ্ণিং গুড নাইট বোৰো বহুত গুৰুত্বপূৰ্ণ ...
আজিকালি কিছুমান বলে নোৱাৰা সম্বোধন
অবিহনে দিনটো ;ৰাতিটো অসম্পূৰ্ণ ...
আজিকালি দিনবোৰ ছুটি ,
ৰাতিবোৰ ছুটি ...
কথাবোৰহে বেছি ,
ওলাই থাকে শেষ নোহোৱাকৈ ...
আজিকালি ডাৱৰ খিনি অকলে নাচাওঁ,
বেলি ডুবা দৃশ্যটোও অকলে নাচাওঁ ,
"অসমীয়াত এসাঁজত "
অকলে সোমাই নাখাওঁ ...
আজিকালি কিট কাট ভাল লাগে ,
তামোল ভাল নালাগে ,
কেতিয়াবা মন গলেহে ৰাতি খাওঁ,
তাকো ৰাতিপুৱাই ধুই পেলাওঁ...
আজিকালি হোৱাটচ আপৰ ডিপি খন সঘনে সলাওঁ,
ফেচবুকত ধুনীয়া ছোৱালী বোৰলৈ আগৰ দৰে ফ্ৰেণ্ড ৰিকুৱেষ্ট নপঠাওঁ...
আজিকালি মোৰ পৃথিৱীখন সৰু হৈ পৰিছে,
কিন্তু বেছি ভাল লগা হৈ পৰিছে ।
আজিকালি মোৰ যাত্ৰাবোৰ নিলাজ হৈ পৰিছে,
কিন্তু বেচ ভাল লগা হৈ পৰিছে...
দুহাতত হাত থৈ আজিকালি ,
দুচকুত চকু থৈ আজিকালি ,
দুবাহুত কাৰোবাৰ হেঁচা লৈ
বেছি ভাগ সময়েই হেৰাই থাকিব পৰা হলো আজিকালি ,
হয় আজিকালি সেয়ে
মানুহে কোৱা কুই
কৰে কিজানি ,
ই সলনি হল ,
ইয়াৰ কলিজাটো কোনোবাই বুকুচাত লৈ গল ...
সেয়ে নেকি সেইদিনা আবেলি এটা ফোনটো কাণত লৈ থাকোঁতেই
বা এজনীয়ে চিঞৰি চিঞৰি কোৱা শুনা পালোঁ...
আজিকালি লৰা ডেকা হল ,
লৰা পত এ কাৰে পে আৰু শেষৰ আখৰ মত কব নোৱাৰাকৈয়ে পৰি গল ।
হা হা
কি যে,
আজিকালি ফাগুনৰ বলিয়া বতাহৰ দৰেই বলিয়া ,
মানুহবোৰ কথাবোৰো :*
☺ ☺
প্ৰাণজিৎ বৰুৱা
১৬/৩/২০৬