Sunday, September 21, 2014

স্কুটি চলোৱা ছোৱালী বোৰ ভাল লাগে মোৰ...

স্কুটি চলোৱা ছোৱালী বোৰ
ভাল লাগে মোৰ...

ছিপ ছিপ বৰষুণত ,
বৰষুণ ফালি আগুৱাই যোৱা ছোৱালীবোৰ,
তীব্ৰ ৰ'দত ছান গ্লাছ পিন্ধি
বেলিক প্ৰত্যাহ্বান জনোৱা ছোৱালীবোৰ,
ভাল লাগে মোৰ...!

আমোল মোল সুবাস বিলাই
পৰিৱেশটো ৰোমাণ্টিক কৰি তোলে তেওঁলোকে,

তেওঁলোকৰ ছুলিৰ পৰা ভাঁহি আহে ছান চিল্ক ছান ছিল্ক সুবাস ,
তেওঁলোকৰ হাঁহিত দেখা যায় আধুনিকতাৰ আভাস,

মাতত সৰে তেওঁলোকৰ হৃদয় জুৰোৱা সুৰ,
সকলোবোৰ সকলোবোৰ
ভাল লাগে মোৰ...

পিছে কবিবোৰে তেওঁলোকক লৈ কবিতা নিলিখে,
কবিতা হেনো মাটিৰ গোন্ধ খেতিৰ গোন্ধ থকা ছোৱালীকহে চুট কৰে...

কিন্তু  মনে মনে প্ৰায়বোৰ কবিয়েই যে তেওঁলোকৰ প্ৰেমত পৰে ...

হা হা মুখা সকলোৱে পিন্ধে !

স্কুটি চলোৱা ছোৱালীবোৰ তোমালোকক সঁচাকৈয়ে ভাল লাগে মোৰ,

ভাল লাগে তোমালোকৰ ভেম অহংকাৰ,
যেতিয়া তোমালোকে কলেজৰ মুখেৰে আগবাঢ়া আমি চালেও
আমাৰ ফালে নোচোৱা,
সেইটোও ভাল লাগে...

ভাল লগাতটো বাধা নাই,
এদিনত চৈধ্য বাৰ প্ৰেমত পৰাটোতো বাধা নাই,

তোমালোকে যি দৰে ভালপোৱা পালচাৰ, বুলেট চলোৱা লৰাবোৰ...
আমিও ভালপাওঁ স্ট্ৰিক, ফ্লাইট,
প্লিজাৰ চলোৱা ছোৱালীবোৰ...

বেছি আশা নকৰো...
তোমালোকৰ স্কুটি চলোৱা সেই বিশেষ ভংগীমাবোৰ,
প্ৰথম স্কুটি লৈ দিয়া সেই এক্সট্ৰা গহীন বোৰ,
হেঁপাহ পলুৱাই উপভোগ কৰো...

হা হা সঁচা,

স্কুটি চলোৱা ছোৱালীবোৰ
তোমালোকক সঁচাকৈয়ে
ভাল লাগে মোৰ...!

বি দ্ৰ : স্কুটি  নচলোৱা ছোৱালীবোৰ তোমালো�ককো বেয়া নালাগে দিয়া ... ;-) :-D :-P
প্ৰাণজিৎ বৰুৱা
১৯ ছেপ্তেম্বৰ ২০১৪


বাকৰ বচন


বাকৰ বচন ৰিটাৰ্ণছ...২

(১)
পানী লগা জ্বৰ ,
আৰু
ছালত হোৱা  খৰ,

সৰু বেমাৰ যেন লাগিলেও
কিন্তু  বিৰাট অশান্তিকৰ...!

(২)
অফিচত খোৱা ঘোঁচ,
আৰু গৰমৰ মেংগ জুচ,

যিমান খালেওঁ হেপাহ নপলাই,
দিল মাংগে মৌৰ
নহয় অলপতে যে খুচ...!

(৩)

মৰমৰ  মা,
গৰমৰ গছৰ ছাঁ,
আৰু প্ৰপজৰ সেই
আকাংক্ষিত হা...

লাভ কৰা জনেহে বুজি পায় ইয়াৰ কি মজা...!

(৪)

কেবাদিনো নঘহাঁকে থকা দাঁত,
আৰু 
ঘপককৈ ডাঙৰকৈ ওলায় যোৱা পাদ,

কেতিয়া কেনেকৈ কাক
লাজত পেলাই
তাৰ ঠিকনা নাই ।

(৫)

ডাঙৰক সন্মান
আৰু
আলহীক জলপান...

দিওঁ নিদিওঁকে দিয়াটোৰ সমান,
নাই আৰু অসন্মান ।

(৬)

কিতাপ মেলিলে টোপনি,
আৰু
দৌৰ মাৰিলে ফুপনি...

কেনেকৈ কৰপৰা আহিব
ধৰিবই নোৱাৰিব  ।

(৭)

ফেচবুকৰ  ধুনীয়া ছোৱালী,
আৰু
সোৱনশিৰিৰ ডাঙৰ বৰালী,

গ্ৰাহক যিমানেই বেছি ওলাই,
লেবেল সিমানেই বাঢ়ি যায়...!

;-) :-D :-D :-P :-P :-\ :-\

to be continued...
প্ৰাণজিৎ বৰুৱা
২১ ছেপ্তেম্বৰ ২০১৪

বাকৰ বচনৰ আগৰ সংখ্যা দুটাও দি দিছো নপঢ়া সকলৰ বাবে ...
বাকৰ বচন... ৰিটাৰ্নছ

     ১
মিটিংলৈ ভাৰাত অনা মাইক,
আৰু লোকৰ পৰা খুজি অনা পুৰণা বাইক,

কোন মুহুৰ্তত অকামিলা হৈ যায়,
অৰিজিনেল মালিকৰো ধাৰণা নাই ।

             ২
স্মাৰ্ট ফোন
আৰু
গাৰ্ল ফ্ৰেণ্ড,

সদায়েই মৰমৰ
কথাই নাহে
নতুনেই  হওঁক বা
ছেকেন্ড-হেন্দ :-\ :-P :-P

      ৩
সঘনাই ফুটা উলোৱা চকা,
আৰু
সুদলৈ অনা টকা,

পাংচাৰ আৰু ধাৰ ,
মাৰি   পোৱা নাযায় কেতিয়াও পাৰ ।
 
          ৪

গাহৰি মাংসৰ তেল,
আৰু এক্টা কাপুৰৰ  চিৰিয়েল...

এবাৰ সোৱাদ পালে,
বাকীবোৰ চব নেচেল । :-\ :-D :-P

                   ৫
ভোকত খোৱা ভাত,
আৰু
প্ৰেমিকাৰ মিঠা মাত,

খোৱা আৰু পোৱা
জনেহে জানে
ইয়াৰ কিমান সোৱাদ ।

           ৬

প্ৰকাশ নকৰাকৈ থকা
ভাল পোৱা,
আৰু
উদঙাই ৰখা মালপোৱা,

দুয়োবিধতে বেলেগে লৈ
লোৱাৰ পিছত পষ্টাই আৰু
লাভ নাই ।

        ৭

নাকৰ পৰা বৈ থকা শেঙুন
আৰু 
মুকলিকৈ দেখি থকা  লেট্ৰিন,

যিমানেই
নিজৰ হলেওঁ sure
লাগিবই  পিছে ঘিন  ।
:-\ ;-) :-D :-D :-D :-P :-P :-P

--প্ৰাণজিৎ বৰুৱা
১৩ জুলাই ২০১৪

বাকৰ বচনৰ আগৰ সংখ্যাটো
নপঢ়া সকললৈ পুনৰ দিলো আগৰ সংখ্যাৰ বাকৰ বচন সমুহ । কৃষ্ণ ;-) :-D :-D :-P 

১
অতি নোম টেঙৰক ঠগা,
আৰু নিজা লেট্ৰিনত হগা,

দুয়োবিধৰ আছে কিন্তু
এটা বেলেগ মজা ।

২
যৌৱনৰ আদিতে খোৱা প্ৰেমিকাৰ লাট,
আৰু ভোকত
কলে গাখীৰে সানি খোৱা ভাত,

তিতা মিঠা যি লাগিলেও, জীৱনত
পাহৰিব নোৱাৰি এটাৰো
সোৱাদ ।

৩

অসমত বন্ধ
আৰু
ৰাজনীতিত ভণ্ড,

হয়তো কেতিয়াও নহব এই
পৰম্পৰাৰ অন্ত ।

৪

আনৰ হাতে মলা চাধা,
আৰু
নিজানত অকলে মাৰা পাদা,

দুয়োবিধৰ গোন্ধ আৰু সোৱাদ কিন্ত অপূৰ্ব,

লৈ চাওঁক আপুনিও
নাই কোনো বাধা ।

৫

ফেচবুক কৰাৰ নিচা,
আৰু পুখুৰীত মাছ সিঁচা...

যি কৰি পায়
ইয়াৰ মজা
সিহেঁ বুজি পায়!

৬
অসমত গঁড় আৰু
শান্তিৰ খবৰ,
দুয়োটাই বৰ্তমান আপুৰুগীয়া,
মানুহ আৰু জন্তু উভয়ৰে হত্যাৰ প্ৰকোপৰ
অলপো পাৰ্থক্য নাইকিয়া ।

TO BE CONTINUED ...

(c)প্ৰাণজিৎ বৰুৱা
NOTE : বাকৰ বচনৰ বিশেষজ্ঞ Mon Zeet দাৰ
পৰা অনুপ্ৰাণিত হৈ কৰা চেষ্টা


Wednesday, September 10, 2014

এইয়া চেনি চিঙ ৰিটাৰ্ণচ...

এইয়া চেনি চিঙ ৰিটাৰ্ণচ...

অল দি চেনি চিংছ ফেনচ,
সাজু হোৱা কৰিব দেনচ,

আজি আমি গান গাম,
পেট ভৰাই খানা খাম,

কৰিম লগতে প্ৰিং,
হৈ পৰিম ৰাতিৰ কিং,

ঢলং পলং খোজলৈ,
হাতত  আই বিৰ ফুল লৈ,

চিঞৰি চিঞৰি গাম
চেনি চিঙ চেনি চিঙ চেনি চিঙ...
য়ো য়ো চেনি চিঙ...

আজি বতৰ ঠাণ্ডা ,
ভাল নহয় আমাৰ ধান্দা,

ঘৰত নাই মাম্মি দেদ্দী,
কত পাবা এনে আজাদী...

লাহেকৈ লাইটটো জলালো,
লেট্ৰিনত গৈ সোমালো,

যিমান বোৰ আছিল,
সকলো উলিয়ালো,
তাৰ পিছত কিচ্ছেন সোমালো...

খালী কৰি  পেট,
হাতত ললো প্লেট,

দিম টো ভাঙি,
কেৰাহী খন ডাঙি...

নিমখ পিয়াজ কাটিলৈ,
কেৰাহীত তেল  ঢালিলৈ,

বনোৱা অমলেট,
নকৰি লেট,

পেটত ভৰাই লোৱা,
ভৰাই লৈ গোৱা ,

কে কে হোৱা কে কে হোৱা,
আমলেট লোৱা,
আই বি লোৱা,

লৈ লৈ কৰা সন্ধিয়াৰ মষ্টি  প্ৰিঙ,
কৰি গোৱা
য় য় চেনি
য় য়ৌ চেনি চিঙ,

এগেইন...

বৰষুণৰ বতৰত,
আমি উঠিম মটৰত,

মটৰত উঠি মাৰি কিৰিলি,
আটাইবোৰ যাম ধাবা খাৰলি,

বাটত চাম ধুনু মাল,
দেখাম আমি জেংগ চাল,

180 স্পীদত ত বুলেট চলাই,
মুখেৰে গল্ড ফ্লেকৰ ধোঁৱা উলিয়াই ,

হৈ যাম চেনী কলাকাৰ,
গাম টিপ টপ টিপ টপ,
ইয়াকে কয়
চেনি হিপ হপ, হিপ হপ...

য়ো য়ো চেনি ...

আহি আছে পূজা ফেষ্টিভেল,
ফাটিব যে আমাৰ তেল,

হাতে হাতে সুৰা লৈ,
ঢাকৰ মায়াত বন্দী হৈ,

নাছি যাম নাছি যাম,
নাছি নাছি গান গাম,

য়ো য়ো
য়ো য়ো...

পেট ভৰাই জিলাপী খাম,
শ্লিম ফিগাৰৰ ছোৱালী চাম,

মাজে মাজে জোকাম,
সকলোকে ভাল পাম,

ভাল পোৱাৰ চেনি খাম,
চেনি চিঙ যে তামাম,

এইবাৰ আকৌ চেনি চিঙ হিট,
সকলোৱে গোৱা এই গীত,

আহা সকলো মিলিজুলি,
অলপ মান ৰঙা গিলি,
গাওঁ চেনীৰ এই নতুন গান,

কৰা প্ৰিং বনা কিং
কৰা প্ৰিং বনা কিং,
লাভ ইও চেনী চিঙ,
য়ো য়ো
লাভ ইউ চেনী চিঙ...

:-\
;-) :-D :-P :-P

--প্ৰাণজিৎ বৰুৱা
৯/৯/২০১৪