Thursday, July 28, 2016

কি দিওঁ তোমাক কি দিলে ভাল পাবা...

কি দিওঁ তোমাক  কি দিলে ভাল পাবা...

তুমি ভালপোৱা উম ,
দিলো মৰমৰ এটি চুমা ,
তুমি দেখোন লাজতেই ঘামি গ'লা
কি দিওঁ  তোমাক কি দিলে ভাল পাবা ।

তুমি ভালপোৱা  মৰম,
এটা দীঘলীয়া যাত্ৰা ,
দুহাতত হাত থৈয়ে যে গৈ আছিলো সিদিনা ,
অসীমত যাৰ হেৰাল সীমা,
তথাপিও কিবা আৰু অলপ বিচাৰিলা,

কি দিওঁ তোমাক কি দিলে ভাল পাবা ।

কবিতা ভালপোৱা !
আঁকি দিলো হীৰুদাক তোমাৰ কপালতেই ,
ফুলত কৈ কাঁইট কোনোদিনে ভাল নহয় ,
তাতো তুমি আপচোচ কৰা ।
কি দিওঁ তোমাক...

কোৱা
যি ভালপোৱা তাকেই কৈ দিয়া ,
য'তেই ভালপোৱা তাতেই ৰৈ দিয়া,

তোমাৰ ৰূপত যে সমগ্ৰ পৃথিৱী ঘূণীয়া,
ভাল পোৱাৰ এই  ৰোগত বিশ্ব ব্ৰহ্মাণ্ডই ৰুগীয়া  ।

কি দিওঁ তোমাক কি দিলে ভাল পাবা,
সময় হলে জনাবা,

তোমাৰ ভাল লগা তালিকাখন ,
মনত জুকিয়াই ,
বিচাৰি যাম উজাই ভটিয়াই ,

মাত্ৰ জাবৰৰ দৰে নিলগত দলিয়াই নিদিবা ,

এতিয়াই কৈ থলো মই ,
কোনো দিন
কিবা কাৰণত
একেবাৰে আঁতৰাই পঠিওৱাৰো  মন যদি যায়,

মাত্ৰ
এবাৰ মাথোঁ এটা সুযোগ দিবা ,

তোমাক সুখী কৰাৰ হেঁপাহক আওকান নকৰি
এবাৰলৈ ক'বা,

সুখী হৈ সদায় এনেকৈ থাকিবলৈ

কি দিওঁ তোমাক কি দিলে ভাল পাবা ...!!

✍প্ৰাণজিৎ বৰুৱা
২৫ জুলাই ২০১৬


Wednesday, July 20, 2016

ভালপোৱা

ভালপোৱা

(১)
ডাষ্ট বিন খুচৰি পোৱা
দুখন ৰুটিৰ এখন সামৰি পুতেকে লৈ যায়,
ঘৰত বেমাৰী মাক ভোকত ,
তাকে দেখি
মাকৰ দুগালেদি
মৰম অলপ বৈ যায় ।
ভালপোৱাৰ উমত  ।

(২)
২৫ বছৰীয়া পুতেক সোনকালে শুই যায়,
৬৫ বছৰীয়া বাপেকে টোপনিৰ পৰা উঠি
দেখে
পুতেকৰ নিষ্পাপ মুখ ,
ততাতৈয়াকৈ  তেওঁ
পুতেকৰ বিচনাৰ আঠুৱা খন লগাই  যায়
উপভোগ কৰে
ভালপোৱাৰ অনাবিল সুখ ।

(৩)

গ্ৰীস্মৰ দুপৰীয়া এটাত
বৃদ্ধ ভিক্ষাৰী জন আহে ,
গিৰিহঁতক পানী এগিলাচ খুজে,
গিৰিহঁতে  শীতল চৰবত এগিলাচৰ
সতে জলপান এভাগ  আগবঢ়াই ,
ভিক্ষাৰী জনৰ মুখৰ উজ্জ্বলতাই
গৃহস্থক সুখী কৰি তোলে  ।
ভালপোৱা এনেকৈও ফুলে ।

টোকা :-

এনেকৈয়ে
ভালপোৱাই চুই যায়
প্ৰতিটো মনক প্ৰতিটো ক্ষণত ,
আৰু সৰি থাকে
নিয়ৰৰ দৰেই প্ৰতিটো প্ৰভাতত
জীৱনৰ দুবৰি বনত ।

প্ৰাণজিৎ বৰুৱা
২০/০৭/২০১৬


Thursday, July 7, 2016

জাত

জাত

(১)

সি ৰৈ আছিল  ভালপোৱাৰ পিছত হেঁপাহেৰে তাইক বিয়া কৰোৱাৰ আশাত,
পিছে সি জনা নাছিল দুটি মনৰ মিলনৰ উপৰিও বিয়া হবলৈ যে মিলিবও লাগে জাত ।

(২)

ভকতৰ জীয়েক সাত সাগৰৰ সিপাৰৰ কোনো অজাতিলে গ'ল,
তাকে খবৰ কৰিবলৈ যাওঁতে চুৱা লাগি ভকত সমাজত এঘৰীয়া হ'ল ।

(৩)

পুতেকে মাকক সোধে সিহঁতক চুলে কেনেকৈ নো জাত যায়,
সিহঁতে খেতি কৰি নিদিলে যে আমাৰ খাবলৈকো ভাতেই নোলাই ।

(৪)

এদিন উচ্চ জাতৰ মানুহ এজনৰ পুতেকৰ দুৰ্ঘটনা এটা ঘটিল,
প্ৰয়োজনীয় সময়ত নীচ জাতিৰ মানুহ জনৰ তেজ লওঁতে পিছে তেওঁ না নকৰিল ।

(৫)

সেয়ে পিতায়ে আমাক কয়
কি আছেনো বোপাই  পৈতৃক  উপাধি অথবা নামত ,
মানুহৰ জাত আৰু  যশ চিনি পাবি তেওঁৰ কথা আৰু কামত ।

✍প্ৰাণজিৎ বৰুৱা
৭ জুলাই ২০১৬