Thursday, September 28, 2017

সমবেদনা

সমবেদনা ।

সমবেদনা থাকিল সেইসকললৈ যি জনে হকে বিহকে দেশৰ প্ৰধানমন্ত্ৰীক ফেচবুকত সমালোচনা কৰি থাকে ।

সমবেদনা থাকিল সেই সকললৈ যি সকলে অ চি হাফ এটা বাদাম ভজা লগত লৈ তেজ খিনি গৰম কৰি বন্ধু মহলৰ লগত পাকিস্থানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা নকৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰি থাকে ।

সমবেদনা থাকিল সেই জনলৈ । যি জনে ইউ টিউবত মাজ নিশালৈকে বি গ্ৰেড  চিনেমাৰ জুতি লৈ থাকে । কোনো দিন অসমীয়া চিনেমা এখন পইচা দি চাই নাপালে অথচ অসমীয়া চিনেমাৰ দুৰাৱস্থাৰ বিষয়ে এসোপা সমালোচনা আগবঢ়াই থাকে ।

সমবেদনা থাকিল সেই সকললৈ । খোলা বাৰতো কৰ্তব্যত অৱহেলা কৰি ভাল পায় । কামৰ কটোও নাই । কিন্তু অসম বন্ধৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি ফেচবুকত লাইক কমেন্ট গোটাই ঠিকেই  ভাল পায় ।

সমবেদনা   সেই কেইজন লৈও থাকিল  যি  কেইজনে আগদিনা বিশ্ব পৰিৱেশ দিৱসত বন্য প্ৰাণী সংৰক্ষণৰ ওপৰত বিশেষ লেকচাৰ দি গামোচা গোটাই । পিচদিনা চাফাৰী খন লৈ সেই স্থানলৈ ঢাপলি মেলে যত কাছ মাংস আৰু হৰিণাৰ মাংসৰ সোৱাদ পোৱা যায় ।

সমবেদনা থাকিল সেই জনলৈ যি জনে  নিজৰ জীয়েকৰ বয়সৰ ছোৱালী  বোৰলৈ মাজনিশা ফেচবুক হোৱাট চ আপত যৌন গন্ধী বাৰ্তা পঠিয়াই ।

সমবেদনা থাকিল সেই গৰাকী নাৰী বাদী পুৰুষলৈ যি গৰাকীয়ে পত্নীয়ে কাম কৰা দেখি বৰ কষ্ট পাই অথচ মাকে  জীৱনটো কেনেকৈ তাতোকৈ বেছি কাম কৰি আহিছে তাৰ প্ৰতি এবাৰো চকু নাযায় ।

এবাৰ সমবেদনা সেই   দৰদী সকললৈ যি সকলে ৰেষ্টুৰাট যাওঁতে এদিনো টিপ নিদিয়াকৈ নাহে অথচ বাটৰ কাষৰ কঁচু ঢেকীয়া বেচা সকলৰ পৰা দহ টকাদি দুমুঠি শাক বেছিকৈ নিদিয়াৰ বাবেই তৰ্ক কৰি থাকে ।

সমবেদনা প্ৰাণজিৎ বৰুৱালৈও এই আটাইবোৰ কথা লিখি ফেচবুকত হোৱাটচ আপত কেইটামান লাইক আহৰণ কৰাৰ বাদে অইন একোৱেই কৰিব নোৱাৰে :(


বৰগীত

নাৰায়ণ, কাহে ভকতি কৰোঁ তেৰা
ৰাগ - ধনশ্ৰী

ধ্ৰুং ।। নাৰায়ণ, কাহে ভকতি কৰোঁ তেৰা।
          মেৰি পামৰ মন, মাধৱ ঘন ঘন, ঘাতুক পাপ নাছোৰা।।

পদ ।। যত জীৱ জঙ্গম                     কীট পতঙ্গম
                        অগ নগ জগ তেৰি কায়া।
           সবকহু মাৰি                        পূৰত ওহি উদৰ
                        নাহি কৰত ভূতদায়া।।

           ঈশ স্বৰূপে হৰি                    সব ঘটে বৈঠহ
                        যৈচন গগণ বিয়াপি।
           নিন্দা বাদ                             পৈশূন্য হিংসা হেৰি
                        তাঁহে কৰোহোঁ হামু পাপী।।

           কাকু শঙ্কৰ কয়                     কৰহু কৰুণা নাথ
                         যোনো চাড়োহোঁ ৰাম বাণী।
           সব অপৰাধক                      বাধক তুৱা নাম
                          তাহে শৰণ লেহোঁ জানি।।


Wednesday, September 27, 2017

আবেলিৰ খেলি মেলি পংক্তি ...

(১)
আবেলি বোৰ আবেলি হৈ নাথাকে ,

যেতিয়া আপুনি থাকে,

আবেলি বোৰ খেলি মেলি হৈ পৰে ।

(২)
খেলিমেলি আবেলি বোৰত
ভাল লগা বাৰু  কি?

আপুনি আছে ,
কাষত...

আৰু বেলেগে সুধিবলৈ থাকিল কি বাকী ?

(৩)

আবেলিৰ  ৰান্ধনী বেলি,
ঘৰ মুখী পখী,
ডাৱৰে ঢকা পাহাৰ ,

এই আবেলিটোৰ কি আটাইতকৈ প্ৰিয় ??

নুবুজিলো ,
আপুনি ওচৰত থাকোঁতেনো বাৰু

এই প্ৰশ্ন পুনঃ কিয় ?

(৪)

গান এটা  শুনোৱাৰ কথা আছিল আপুনি  ।

কি গান গালে , নাগালে,
নুশুনিলো ,
মনো  নিদিলো...

অৱশ্যে
আপুনি কৈ গল অনৰ্গল কিছু কথা ,

গোটেই আবেলিটো
আপোনাৰ মুখলৈ ৰ লাগি চালো !

অনামী সুৰ এটাত ঠিকেই    ডুব গলোঁ ।

(৫)

কাজল খিনি ডাঠ আছিল  নেকি বাৰু
আপোনাৰ আজি ,

নাছিল ?

তেন্তে
আবেলিৰ  ঢেৰেকনী নোহোৱাকৈ
চকা মকা বিজুলী জাকে

কৰপৰা মোৰ চকুত আহি   বিন্ধিছিল ? ,

(৬)

আবেলি বোৰ আবেলি হৈ নাথাকে
যেতিয়া আপুনি থাকে
আবেলি বোৰ খেলি মেলি হৈ পৰে ।

চাওক চোন ,
আপুনি আছিল বাবেই আজি কৰপৰা
আবেলিটো তিয়াই দিলেহি বৰষুণ জাকে ।

খেলি মেলি বৰষুণ জাকক
খেদি নপঠিয়ালো দিয়ক  ।

ক'ৰবাত সেয়া বাজি উঠিছে শুনক । 
আবতৰীয়া প্ৰণয়ৰে বানে তিয়ালেহি মোৰ চকুৰে পতা  ।

হা হা চাৰিওফালে

খেলি মেলি ,
খেলি মেলি ...।

প্ৰাণজিৎ বৰুৱা
২৪/৯/১৬