Monday, March 18, 2019

স্বৰবৰ্ণৰ পদ্য

স্বৰবৰ্ণৰ পদ্য

অ নামেৰে অসম ৰাজ্য ,
সেউজ পৰিৱেশ,
আ মানে আমি বাস কৰোঁ
আনন্দৰ সমাৱেশ ।

ই নামেৰে ইংলেণ্ড  দেশ ,
ভাষা যাৰ ইংৰাজী ,
ঈ মানে ঈগল চৰাই ,
চৰাই ই চিকাৰী ।

উ নামেৰে  জন্তু উট ,
হয় মৰুভূমিৰ জাহাজ ,
ঊ মানে ঊণ সূতাৰে ,
তৈয়াৰ কৰো  উমাল সাজ ।

ঋ নামেৰে ঋণ ,
অৰ্থ যাৰ ধাৰে লোৱা ,
এ নামেৰে এৰি পলু ,
কাম তাৰ এৰাপাত খোৱা ।

ঐ নামেৰে ঐৰাৱত,
ইন্দ্ৰৰ বাহন হাতী,
ও নামেৰে ওলকবি ,
দেউতাই কৰে খেতি ।

ঔ নামেৰে ঔ টেঙা ,
আঞ্জাত দি খাওঁ ।
স্বৰবৰ্ণৰ এই পদ্য
আমি বাৰে বাৰে আওৰাওঁ ।

প্ৰাণজিৎ বৰুৱা
১৮ মাৰ্চ ২০১৯


Wednesday, November 7, 2018

চেভিংচ

#চেভিংচ ...

কাম কৰা মানুহজনে দিনটো কাম কৰি আজৰি হৈ যাবলৈ ওলাল  4.30 বজাত । কৃপন গিৰিহঁতনিয়ে হাজিৰা 350 টকাৰ সলনি 300 টকা দি কলে , আজি দিৱালী বুলি আপুনি আধা ঘন্টা আগতে গৈছে যে সেয়ে 50 টকা কমাই দিলোঁ। 60 উৰ্ধৰ হাজিৰা কৰা লোকজনেও বিনা প্ৰতিবাদে হব বুলি  তাকে  কঁকালৰ গামোচা খনত বান্ধি ওলাই গ'ল ।
50 টকা বচাই  গিৰিহঁতনিৰ মুখত   প্ৰাপ্তিৰ হাঁহি এটা ওলমিল ! সেই সময়তে দেৱালীৰ ফটকা কিনিব ওলোৱা বাপেক পুতেকক  50 টকাটো দি কলে ফটকা আৰু এপেকেট বেছিকৈ  দিবা সোনটোক,
এইটো আজি আমাৰ  চেভিংচ হ'ল ।

(গল্প , অনু গল্প , অনুভৱ যি বুলি পঢ়ে পঢ়িব পাৰে ।  মাত্ৰ জীৱনত এনেকুৱা savings কৰিবলৈ নাচাব । )
✍️ প্ৰাণজিৎ বৰুৱা
৭.১১.২০১৮


Wednesday, October 31, 2018

ভাল মানুহবোৰক জীয়াই থাকিব দিয়ক ।

ভাল মানুহ বোৰ জীয়াই থাকিবলৈ দিয়ক ...

  ধুনীয়া বোৰ থাকিবলৈ দিয়ক,
মৰম বোৰ বাকিবলৈ দিয়ক ,
শিশুবোৰক খেলিবলৈ দিয়ক,
ঘৰ বোৰক ঘৰ হৈ  থাকিবলৈ দিয়ক ...

অনুগ্ৰহ কৰি ভাল মানুহবোৰ জীয়াই থাকিবলৈ দিয়ক ।

মন যোৱা কাম বোৰে অপকাৰ নকৰিলে কৰিবলৈ দিয়ক,
হাঁহি বোৰ দেখি ভালেই লাগে হাঁহি বোৰ বৈ যাবলৈ দিয়ক,
ভাল মানুহৰ কথাই কামে সুগন্ধি বোৰ বিলাই থাকিবলৈ দিয়ক ,
বাধা নিদিব ...

ভাল মানুহবোৰক জীয়াই থাকিবলৈ দিয়ক ....!

ভাল মানুহ বোৰে  কান্দিলে ,
চকুপানীৰ লগতে হুমুনিয়াহ সৰে,

আপুনি সৰিবলৈ নিদিব ...

ভাল মানুহ বোৰৰ বহুতো জিলিকা সপোন,
অকালতে মৰহি পৰে ,

আপুনি পৰিবলৈ নিদিব ...

অনুগ্ৰহ কৰি ভাল মানুহবোৰ জীয়াই থাকিবলৈ দিয়ক ।

ভাল মানুহবোৰ ঠুনুকা,
কাঁচৰ দৰে,
ভাঙিবলৈ সহজ,
জোৰা দিবলৈ টান...

আপুনি নাভাঙিব তেওঁলোকৰ হৃদয় খন
কেতিয়াও !!

ভাল মানুহৰ শত্ৰু বোৰ ,
অজানিতে বাঢ়ি আহে,
তেওঁলোকৰ মিছা মাতিব নোৱাৰে,
অনিয়ম দুৰ্নীতি মনে মনে  নসহে...

আপুনি নহব তেওঁলোকৰ শত্ৰু কেতিয়াও ...!!!

দুচকুত দুৰ্বাৰ হেঁপাহ  ৰাখি,
পৃথিৱীখন সৰগ কৰাৰ ইচ্ছা এটা বোকোচাত বান্ধি,
এই দুষ্প্ৰাপ্য ভাল মানুহ বোৰে ,
সময়ে সময়ে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে,
বিভিন্ন ভেশে ,
দেশে দেশে প্ৰদেশে প্ৰদেশে ঘুৰি
ফুৰে ...

বহুত  বাধা নেওচিও ওলাই আহে..

এতিয়ালৈকে ইমান বোৰ প্ৰদুষণৰ মাজতো পৃথিৱীখনত আহ্নিক আৰু বাৰ্ষিক গতি যে
স্থবিৰ হৈ পৰা নাই ...
কেৱল মাত্ৰ এওঁলোকৰ বাবে...!!

পাৰে যদি
এই বিলুপ্ত প্ৰায় প্ৰজাতিটো হেৰাই যাবলৈ নিদিব,

নিৰৱতাৰে, নিঃ স্বাৰ্থ ভাৱে কাম কৰি যোৱা
এই ভাল মানুহবোৰক কাম বোৰ সুকলমে কৰি যাবলৈ দিয়ক ...

আপুনি ,
মই ,আমি
আমাৰ কাম আৰু কু চিন্তাৰে নৰক কৰিবলৈ খোজা এই পৃথিৱীখন
নৰক হোৱাৰ পৰা ৰক্ষা কৰিবলৈকে ,

অন্ততঃ

অনুগ্ৰহ কৰি এই  এমুঠি মান

ভাল মানুহবোৰক জীয়াই থাকিবলৈ দিয়ক ...!!!

--প্ৰাণজিৎ বৰুৱা
৩১ /১০/২০১৫