Sunday, September 12, 2021
মাছৰ বজাৰত চকুবোৰেও কাহিনী কিছুমান কয়...মাছৰ বজাৰত ঘুৰি ফুৰা এপেট এপেট থকা পেট ডাঙৰ মানুহবোৰ যে,তেওঁলোকৰ চকু বোৰ বিৰাট লুভীয়া,পিট পিটাই বিচাৰি ফুৰে কেনেকৈ বৃহৎ বৃহৎ ৰৌ ভকুৱা খৰীয়া,আৰু তেওঁলোকৰ হিচাপো যে কেজিৰ পৰাই আৰম্ভ হয়,যদিও পৰিয়ালত থাকক দুটাই খাৱৰীয়া । মাছৰ বজাৰত ঘুৰি ফুৰা আকৌ এই যে সুদা ভাত খাব নোৱাৰা ,সীমিত বাজেটৰ চাকৰিয়াল কেইজন,এওঁলোকৰ আকৌ কেনেবাকৈ হলেও ভাল অকণমান কম দামতেই কিনাৰ মন,এওঁলোকৰ দুচকুত যেনতেন মেনেজ মেনেজৰ চাপ দৃশ্যমান অন্যথা ঘৰত যে পত্নী পুত্ৰ কন্যাৰ সতেই সাম্ভাব্য ৰণ । মাছৰ বজাৰত আটাইতকৈ দুখ লাগে মোৰ সেই চাৱনিটো দেখি,হাজিৰাৰ টকাৰে ৰেচন তেল সকলো কিনি যেতিয়া হাতত ৰয় টকা একুৰি...আৰু বজাৰত মুল্য বৃদ্ধিৰ কোবত তেওঁৰ সেই কুৰি টকা তথা সমস্ত হিচাপ নিকাচ বোৰ যেতিয়াই পৰেগৈ কৰবাত উফৰি, তেতিয়াই তেওঁৰ অন্তৰখন ঘৰৰ এমা দিমা লৰা ছোৱালী হাললৈ মনত পৰিয়েই হয়তো উঠে চাগৈ বৰকৈ ফেকুৰি...সেয়া তেওঁৰ নিমিলা অংকৰ কৰুণ চকু যুৰিয়েই সুন্দৰকৈ কয়,আস কাৰ যে কেনেকুৱা সময় ...এনেদৰেই মাছৰ বজাৰতেই বিভিন্ন জনৰ জীৱন প্ৰণালীৰ কিছু ছবি স্পষ্ট হৈ ৰয়,মুখ ফুটাই নকলেও মাছৰ বজাৰত চকুবোৰেও কাহিনী কিছুমান কয়...!!!--প্ৰাণজিৎ বৰুৱা ১২ ছেপ্তেম্বৰ ২০১৫
Tuesday, December 22, 2020
আমাৰো পেট আছে ছাৰ
Saturday, May 30, 2020
আমাৰ ঘৰৰ মেকুৰী তিনিটা
কবিতা বুলি নহয় এটা সম্পৰীক্ষা কৰি চাইছোঁ ।তলৰ কবিতটো যদি এবাৰ সম্পূৰ্ন কৈ পঢ়ি উঠে , মই নিশ্চিত আপুনি আকৌ এবাৰ পঢ়িব লাগিবই 😊👍
আমাৰ ঘৰৰ মেকুৰী তিনিটা ...
আমাৰ ঘৰত তিনিটা মেকুৰী আছিল ,
এটা বগা , এটা মুগা আৰু এটা ক'লা ,
বগা মেকুৰীটোক মা দেউতা দাদা ভাইটি সকলোৱে ভাল পাই ধুনীয়া বুলি ,
ভালৰ ভালটো সি খাই ,
ভাল ঠাইলৈ ফুৰিবলৈ যায় ,
ভাল মিঠাই আনিলে প্ৰথমে তাৰ মুখলৈকে যায় ,
অৱশ্যে
তাৰ পুতৌ উপজিলে কেতিয়াবা এৰেহাকণৰ ভাগ ,
মুগা আৰু ক'লাইও পায় ,
কিন্তু মুগাৰ আত্মসন্মান বেছি বাবে নাখায় ,
সেইবোৰ
ক'লাৰ পেটলৈকে সোমাই ।
ইফালে মুগাই তাৰ মাজতো নিজ প্ৰতিভাৰ বলত ,
নিগনি চিকাৰ কৰে ,
নিজ দক্ষতাৰ কোবত ,
বগাৰ মিঠাইৰ ভাগ আজুৰি আনে,
কেতিয়াবা দুখ লাগিলে ক'লাক সিও যাচে,
তাৰ আকালো নাই ভঁৰালো নাই ,
মুগাই এনেকৈ মাজে মাজে চলে ।
ক'লা দেখিবলৈ বেয়া হোৱাত ভন্টিয়ে প্ৰায় পুতৌ কৰে তাক , সময়ে সময়ে ,সুদাই নিকাই হলেও ,
ভাত কেইটাৰ যোগাৰ ধৰে ,
কষ্ট ক'লাইও কৰে কিন্তু প্ৰায়ে সি
আনৰ হাতলৈ বাট চাই থাকে ।
কিন্তু এইখিনিতে কথা এটা মন কৰোঁ ,
আমাৰ ঘৰৰ বেছি নিগনি মাৰি মুগাই উপকৃত কৰে ,
যদিও তাৰ গুৰুত্ত্ব নাই
বগা ভাগ্যৰ বলত আৰু কলা দুৰ্ভাগ্যৰ বলতেই নহওক কিয় ঘৰৰ নয়নমনি হৈ সময় বোৰ কটাই।
তেতিয়াই এটা ভাব আহে মনত ,
যদি আমাৰ ঘৰখন
ঘৰ নহৈ এখন দেশ হলহেঁতেন ,
তেন্তে নিশ্চিত ভাবে হয়তো মুগাৰ পিঠিত
মধ্যবিত্তৰ এটা টেগ হলহেঁতেন ।
নহয়নে ?
✍️প্ৰাণজিৎ বৰুৱা
২৯ মাৰ্চ২০২০