Tuesday, August 1, 2023

ইৰা মানে পৃথিৱী জনী মোৰ ...

ইৰা মানে পৃথিৱী জনী মোৰ ...

আজি  মোৰ মনৰ লগৰী জনী পৃথিৱীলৈ আহিছিল 

একাকী জীৱনৰ অৱসান পেলাই,
জধলা সময় থান থিত লগাই ,
তেওঁ মোক সুধিছিল 
কি দিব পাৰোঁ আৰু 
...
মই নিৰুত্তৰ !
ভবাতকৈ বেছি পোৱা যায় যেতিয়া,
মৌনতাই মাথোঁ তেতিয়া উত্তৰ ...!

বুজে তাই যথেষ্ট ,
যুঁজেও তাই যথেষ্ট ...😊

সময় বোৰ গৈ থাকে ,
মান অভিমান 
হাঁহি ধেমালিৰ  ৰেলগাড়ী এখনত উকি মাৰি ,
উপভোগ্য হয় সময়বোৰ যাওঁ যেতিয়া
তাইৰ  দুহাতত হাত ধৰি।

তাইক কোৱা নহয় কথা বোৰ কেতিয়াও ,
 ভালপোৱাৰ কথাবোৰ কবলৈ
কিয় জানো ...
খোকোজা লাগে মোৰ এতিয়াও !

আজিৰ এই   দিনটো মোৰ বাবেই বিশেষ  ,
"প্ৰাণজিতৰ জীৱনটো গতালো তোকেই , চম্ভালি লবি !"
এনেকৈ কৈ ,
যিহেতু আজিয়েই ভগৱানে এগৰাকী মানুহ সাজিছিল ,
হয়
আজি  মোৰ মনৰ লগৰী জনী পৃথিৱীলৈ আহিছিল ...

HAPPY BIRTHDAY SOULMATE Ira Gohain 

গোটেই পৃথিৱী খনৰ বাবে তুমি এজন মানুহ হব পাৰা কিন্তু এজন মানুহৰ বাবে তুমিয়েই পৃথিৱী হোৱা সেইটো হে চাগে নাজানা
....
😍😘😘😘 💐💐💐🎂🎂🎂

Sunday, June 4, 2023

গণিত ভীতি বনাম গণিত প্ৰীতি ...

গণিত ভীতি বনাম গণিত প্ৰীতি ...

বৰ্তমান অসম চৰকাৰে  অনুষ্ঠিত  কৰি অহা বিভিন্ন  প্ৰতিযোগিতামূলক পৰীক্ষা সমূহত , বিশেষকৈ গণিত বিষয়টোত বহুতে ভবা মতে নম্বৰ পাবলৈ সক্ষম নহয় বা বহু ক্ষেত্ৰত এৰি থৈ আহে বা অনুমানিক ভাৱে কৰি অহা দেখা যায়
ইয়াৰ বিশেষ কি কাৰণ বা আৰু ইয়াৰ সমাধান কেনে হ'ব পাৰে...??

আচলতে মোৰ অভিজ্ঞতাৰ পৰা কওঁ, যি সকলে গণিতৰ প্ৰশ্ন নকৰাকৈ আহে, বা ভয় খায়, বা চেষ্টা কৰিও আয়ত্ত কৰিব নোৱাৰে, তাৰ এটা প্ৰধান কাৰণ হ'ল পঞ্চম শ্ৰেণীৰ পৰা নৱম মানলৈকে তেওঁলোকৰ স্কুলীয়া সময় চোৱাৰ গণিতৰ ভেটি একেবাৰে দুৰ্বল, মই যি খিনি প্ৰশ্ন অসমৰ বিভিন্ন পৰীক্ষাত অহা দেখিছোঁ ইতিমধ্যে তাৰ concept খিনিৰ কিন্তু ,৭৫% ই এই ৫মৰ পৰা ৮মৰ ভিতৰতেই পোৱা যায়, base যদি ঠিক নাথাকে তেন্তে গণিতত পাছলৈ বহুত বেছি সমস্যা হয়... 

তেন্তে ইয়াৰ সমাধান ??
সমাধান আছে!
সমাধান হ'ল, প্ৰথমে direct প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰশ্ন উত্তৰ কৰিবলৈ নগৈ, সৰু ল'ৰা ছোৱালীয়ে শিকাৰ দৰে step by step পাঠ সমূহ পঢ়ি যাব লাগে, আয়ত্ত কৰি যাব লাগে
 একো doubt নথকাকৈ, মনত ৰাখিব এবাৰ basic খিনিত যদি মজবুত হৈ যায় পাছত সকলোতে সহজ হৈ পৰিব ,
লাগিলে আপুনি প্ৰথম বাৰৰ বাবে কেইটা মান topic তে গুৰুত্ব দিয়ক,কিন্তু খৰচী মাৰি শিকক ,
আৰু এইক্ষেত্ৰত কিন্তু কম সময়ৰ ভিতৰত সকলো আয়ত্ত হৈ যাব ,এই ধাৰণা লোৱা অনুচিত, কম সময়ৰ ভিতৰতে এই খিনি কৰিব খুজিলে দোমোজাৰ সৃষ্টি হব পাৰে ... 

এটা উদাহৰণ দিও যিদৰে জখলা 🪜 দালৰ তলৰ মাৰি কেইডালত ভৰি নিদিয়াকৈ ওপৰত উঠিবলৈ কষ্ট হয়, তেনেকৈ ৫ম, ৬ষ্ঠ, ৭ম আদি শ্ৰেণী সমূহৰ concept নোহোৱাকৈ পাছৰ পৰ্য্যায়ৰ সমস্যা সমাধান কৰাত অলপ অসুবিধা হোৱা মই দেখো, অলপ নহয় বহুত বেছি পৰিমাণেই কষ্ট হয়,
বিশেষ কৈ, গণিত আৰু বিজ্ঞানত এই 'জখলা সমস্যা' বহুত বেছি ...
কাৰণ বিষয় বস্তুৰ বহুত বেছি লিংক থাকে, আগৰ খিনি নপঢ়ি পাছৰ খিনি বুজাত অলপ দিকদাৰ !

সেয়ে আমাৰ বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰী সকলে এই প্ৰাথমিক আৰু মাধ্যমিক স্তৰ সমূহত পৰীক্ষাত নম্বৰ কিমান পায়, সেইটোত বেছি গুৰুত্ব দিয়াতকৈ তেওঁলোকৰ concept সমূহ clear হৈছে নে সেইটো দিশতো সমানে চাব লাগে , কাৰণ  যদিও এটা ১০০ নম্বৰ বা ৫০ নম্বৰ পৰীক্ষাত ,কিবা কাৰণত পৰীক্ষা দিয়াত বেয়া হৈ নম্বৰ কমি আহিব পাৰে ।
কিন্তু যদি সেই এবছৰীয়া গণিত পাঠ্যক্ৰমৰ নিৰ্দিষ্ট পাঠ সমুহৰ যি শিকনীয় ফলাফল (learning outcome) থাকে সেই সমূহ 
আহৰণ কৰাত ছাত্ৰ ছাত্ৰী জন অপাৰগ হয়, তেন্তে এই সমস্যা চিৰদিনলৈ সমস্যা হৈয়ে ৰ'ব...!

আৰু বিভিন্ন জেষ্ঠ জনৰ পৰা শুনা, শিক্ষক, মাক-দেউতাকৰ মুখত শুনা গণিত বহুত টান! অংক জঙ্ক পংক! অংক ভালকৈ পঢ়িবি কিন্তু  ইত্যাদি ইত্যাদি ধৰণৰ পৰোক্ষ কাৰকৰ ফলতো গণিত ভীতি ( Maths Phobia )সোমাই যাব...!

আৰু এটা কথা বহুত শিক্ষক
 শিক্ষয়িত্ৰীৰো মন্তব্য শুনা পাওঁ  কেতিয়াবা , যে যদি তেওঁলোকক প্ৰাথমিক বা মাধ্যমিক স্তৰত গণিতৰ class এটা কৰিবলৈ অনুৰোধ কৰা যায়, তেওঁলোকে কয় আমি নোৱাৰোঁ ,আমি Arts ৰ মানুহ , গণিত নাজানো, কিন্তু তেওঁলোকে হয়তো নাভাবে Arts/Science ইত্যাদিৰ কথাবোৰ মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পাছত হে আহে, প্ৰাথমিক/মাধ্যমিক পৰ্যায়ৰ গণিতৰ basic খিনি কিন্তু তেওঁলোকেও সমানেই পঢ়ি আহিছে দশম মানলৈকে ...  আচলতে ইয়াত দোষ তেওঁলোকৰো নাই , তেওঁলোকেও হয়তো ইচ্ছা থাকিলেও এই ওপৰত উল্লেখ কৰা গণিত ভীতিৰ চিকাৰ হৈ পৰিল অজানিতেই ...

শেষত এটা গুৰুত্বপূৰ্ণ কথা ,এই গণিত ভীতিক, গণিত প্ৰীতিলৈ ৰূপান্তৰ কৰিবলৈ ছাত্ৰ বা ছাত্ৰী গৰাকীক এজন উপযুক্ত পথ প্ৰদৰ্শকৰ কিন্তু কিছু ক্ষেত্ৰত  নিতান্তই প্ৰয়োজন ... 
গতিকে তেওঁলোকৰ সেই অভাৱ পুৰ হৈছে নে নাই তাৰ চকু ৰখাৰ দায়িত্ব কিন্তু আপোনাৰ ,মোৰ, আমাৰ সকলোৰে ...

ধন্যবাদেৰে 

✒️প্ৰাণজিত বৰুৱা,
    সহকাৰী শিক্ষক
    উত্তৰ লখিমপুৰ ।
    ফোন : ৭০০২৯০৪১৩১

Saturday, May 27, 2023

অসমীয়া লিখোঁতে হোৱা কেইটামান সাধাৰণ ভুল আৰু তাৰ শুদ্ধ ৰূপান্তৰ ...(টো/তো , ই/য়, ট/ত আদিৰ সঠিক ব্যৱহাৰ উদাহৰনৰ সহায়ত ...)

অসমীয়াত কিবা লিখোঁতে কেইটামান ভুল✅ ( ভূল❌)
 সঘনে হৈছিল মোৰ, 
হয়তো মোৰ দৰে আন কাৰোবাৰো হ'ব পাৰে এই ভুল কেইটা , যদি হৈ আছে তেন্তে সংশোধন কৰি ল'ব পাৰে বুলি লিখিলোঁ ...

(এই ভুল কেইটাৰ বিষয়েও মই ফেচবুকতে বিভিন্ন বিজ্ঞ জনৰ পৰা শিকা, সেয়ে মই কৃতজ্ঞ তেওঁলোকৰ ওচৰত ... )

(১). এটা ভুল 'ত' আৰু 'ট' ব্যৱহাৰৰ ক্ষেত্ৰত হয় ,
ঘাট ,আঘাত ,প্ৰতিঘাত ... 

আমি বহু ক্ষেত্ৰত আঘাট❌, প্ৰতিঘাট❌ এনেকৈ লিখোঁ , মই লিখোঁতে দাদা এজনে শুধৰাই কৈছিল যে 'ট' কেৱল নৈৰ পাৰৰ 'ঘাট'ত হে ব্যৱহাৰ কৰিবা , দুখৰ আঘাতত 'ত' ব্যৱহাৰ কৰিবা... মনত ৰৈ গ'ল !

(২) 'টো' আৰু 'তো' ৰ ব্যৱহাৰৰ ক্ষেত্ৰত  

 এই ধাৰণাটো অলপ জটিল বহু ক্ষেত্ৰত , ইয়াক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ব্যাকৰণৰ কিছু নিয়ম আছে যদিও মই সিমান গভীৰলৈ নগৈ , মই যিদৰে বুজি লৈছোঁ সেইটোহে ক'ব খুজিছোঁ ...

 মই যিমান  বুজিছো 'টো'ৰ ব্যৱহাৰ প্ৰায় কোনো এটা বস্তু নিৰ্দিষ্টকৈ বুজাবৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ ।

আৰু 'তো'ৰ ক্ষেত্ৰত ব্যৱহাৰ প্ৰায় ক্ষেত্ৰত  'ও' ৰ দৰেই হয় , তলৰ উদাহৰণ কেইটা পঢ়িলে ভালকৈ বুজিব পাৰিব বুলি ভাবিছোঁ ।

যেনে:  (ক)এই 'টো' আৰু 'তো' ৰ প্ৰয়োগৰ ধাৰণা'টো' যথেষ্ট জটিল যদিও এই  ধাৰণাটো'তো' বহুত মন কৰিবলগীয়া কথা কিছুমান আছে ।

(খ). বিষয়'টো' যথেষ্ট তত্ত্বগধুৰ ।
গতিকে এই  বিষয়'তো' চিন্তাৰ অৱকাশ আছে  ।

(গ) কথা'টো' বুজি পাইছা নে , কেতিয়াবা সৰু সৰু কথা'তো' গুৰুত্ব দিব লাগে ।

(ঘ).সেই ঘৰ'টো' ময়েই কিনা,
কথা'টো' ঘৰ'তো' জনাবা কিন্তু দেই ।

(ঙ). ফেচবুকত'টো' বহুত কথাই শিকিবলৈ 
 পোৱা যায় , কিন্তু এই একেই ফেছবুক'তো' বিতৰ্কৰ অভাৱ নাথাকে নহয় নে ?

(চ)  যকৃত'টো' ভালদৰে ৰাখিবলৈ ভাল খাদ্য খোৱা প্ৰয়োজন ,হ'ল বুলি য'তে ত'তে সুলভ হৈ পৰা 
ফাষ্ট-ফুডবোৰ  খালে যকৃত'তো' চৰ্বি জমা হোৱাৰ সম্ভাৱনা থাকে ।

(৩) 'য়', আৰু 'ই'ৰ ব্যৱহাৰ...

প্ৰথমে মোৰ এইদুটা বৰ্ণৰ ব্যৱহাৰতো অলপ সমস্যাই দেখা দিছিল  , বাকী ব্যাকৰণৰ মতে কি হয় সেয়া পাছলৈ থৈ মই নিজে অৱলম্বন কৰা উপায় দুটা কওঁ ,
কোনো এটা শব্দৰ শেষত 'ই' তেতিয়া ব্যৱহাৰ কৰোঁ যেতিয়া শব্দটো শেষ নহয় অৰ্থাৎ চলি থাকিব কামটো  , আৰু 'য়' তেতিয়া ব্যৱহাৰ কৰোঁ যেতিয়া শব্দটোৰ কাম শেষ হব , বুজা নাই নহয়নে ??
আচলতে কিছুমান কথা উদাহৰণ দিলেহে বেছি ভালকৈ বুজি পায় , 3 idiots খনত যে আমিৰ খানে চাটনিৰ উদাহৰণ দেখুৱাই বুজাই দিছিল ঠিক তেনেকুৱাই ... ☺️
 উদাহৰণ দিয়াত ৰেনচুৰ সমানেই এই বৰুৱাও বেয়া নহয় 😋😝

উদাহৰণ : মই বাদাম খাই  খাই IPL চাই অছিলোঁ, তেনেতে ৰাজস্থান ৰয়েলছৰ  খেলুৱৈ ৰিয়ান পৰাগ বেটিঙত পুনৰ ব্যৰ্থ হোৱাত টিভি বন্ধ কৰিলোঁ ।
এতিয়া ফেচবুকত ৰিয়ানে ৰাইজৰ গালি খাই আছে ।

আপুনি ফাষ্ট ফুড  খাই ভাল পায় । সেয়ে ৰাস্তাই ঘাটে সন্ধিয়া fast food ৰ দোকানত সোমায় । 
কিন্তু আপুনি ব্যায়াম কৰি বেয়া পায়,
 সেয়ে আপোনাৰ পেটৰ মঙহ খিনিও 
মোৰ দৰেই ওলমি যায় । 
আৰু জানো জানো মইও জানো ফটো উঠাৰ সময় খিনিত আপুনিও মোৰ দৰে উশাহ ধৰি ৰাখি পেটটো লুকুৱায় ...!

( ভুল ত্ৰুটি থাকিলে মাৰ্জনা কৰি দিব , শুধৰাই দিলে কৃতাৰ্থ হম । মই  কোনো ভাষাৰ গৱেষকো নহয়/ ছাত্ৰও নহয়, মাত্ৰ নিজে সন্মুখীন হোৱা কিছু নিজৰ ভুলৰ বিষয়ে লিখিলোঁ কোনোবা যদি উপকৃত হয় ভাল লাগিব  , যদি বেছিকৈয়ে উপকৃত হয় 
তেন্তে কিবা এটা খুৱাব বিচাৰিলেও মই আপত্তি নকৰোঁ ,😛 আদৰক নেওচিব নাপায় ☺️👍
বিনয়েৰে 
প্ৰাণজিৎ বৰুৱা , লখিমপুৰ , অসম ।
ফোন : ৭০০২৯০৪১৩১ ...

ক্ৰমশঃ 
আগলৈ ....