পিতাই
পুৱাই সকলোতকৈ সোনকালে উঠা মানুহজন কোন,
বাৰীৰ ঢাপত জিকা ৰোৱা মানুহজন,
তিনিজনী গাই গৰুৰ গোবৰ পেলাই গাখীৰ খিৰোৱা মানুহজন ,
মোৰ পিতায়েই হয় চোন ...!
কন্দা দেখা নাই আজিলৈকে পিতায়ে এদিনো ,
কি পিতাইৰ দুখ নালাগে নেকি ?
উহো
পিতায়ে আমাক সাহস দিবলৈকে ,
চাগে সকলো দুখ মনতেই থয় ৰাখি...
নিদিয়ে দুখবোৰ চকুলো হৈ যাবলৈ উটি,
পিতাই সাহসী বহুত সাহসেৰে জীৱনটো যায় অকলেই যুজী ...
পিতাইৰ তিনিটা চোলা ,
দুটা পেন্ট ...
আটোমটোকাৰীকৈ ৰাখে
পিন্ধি ফুৰে জীৱনটো ,
আৰু আমাৰ বাবে সাচি থয় পৃথিৱীৰ সমস্ত এনজয় মেন্ট...
আস ,
পিতাইৰ যে কি আপোনভোলা মনটো ...!
আমাৰ লেভিছ দেনিজেন ,
পাৰ্ক এভিনিউৰ সুবাসৰ বাবেই পিতাইয়ে মাটিত পেলাই যায় ঘাম ,
আমাৰ প্ৰতি সাজ মাছ মঙহৰ ভাতৰ বাবেই কৰি যায় দুগুণ উৎসাহেৰে কাম,
নিজৰ বাবে গেঞ্জী এটা কিনিবলৈও চিন্তা কৰে হাজাৰ বাৰ,
পিতায়ে কিন্ত্ত এবাৰো নুসুধে আমাৰ বিলাসী সামগ্ৰীবোৰৰ কিমান দাম ,
সকলোবোৰ যোগাৰ দি যায় বিনা প্ৰতিবাদে ,
আমাৰ সুখৰ বাবেই পিতায়ে কৰি যায় জীৱন ভৰ এই সংগ্ৰাম ...
পিতাই তোমাক হাজাৰ বাৰ চালাম !!
পিতাইৰ সপোন বোৰ হেনো আমাতেই আৰম্ভণি আমাতেই শেষ,
তেওঁ নিজৰ সপোনবোৰ আমাৰ দ্বাৰা পুৰাব খোজে,
আমাক শিক্ষিত কৰি তুলিবলৈ আও মৰণে যুজে ,
পিতায়ে আমাৰ ওপৰত কেতিয়াও একো বোজা জাপি নিদিলে ,
তেওঁ আমাৰ সকলো আশা ,
বিচৰা সকলো বোৰ,
একো নোকোৱাকৈয়ে মনৰ অদৃশ্য
সাকোঁ এদালেৰেই যেন দেখে ,
বুজে ...!
পিতাই মোৰ সহজ সৰল,
পিছে মনটো আৰু জ্ঞানৰ ভৰালটো তে�ওঁৰ
বহুতেই বহল ,
পিতায়ে কথা বোৰ খুউব গহীনাই কয় ,
বহুত কাহিনীয়ে তেওঁৰ মনত ৰয়,
তেওঁ ভাগৱত পঢ়ে,
আলোচনী পঢ়ে ,
অলপ মান টিভিৰ আগত বঢ়ে,
আৰু প্ৰায়ে মাৰ গালি বোৰো মনে মনেই সহে ,
হা হা পিতাই বৰ সহনশীল ...!
পিতাইৰ মনটো চঞ্চল হোৱা দেখা নাই,
পিছে আমাৰ বিপদৰ সময়ত তেওঁ প্ৰায়েই ধৈৰ্যৰে বাট দেখুৱাই যায়,
পিতাইয়ে যি দৰে সকলো ছাত্ৰ ছাত্ৰীৰ জীৱন পোহৰাই ,
সেইদৰেই আমাকে বহুত কথা প্ৰতি দিনেই শিকাই যায় ...
সঁচাকৈয়ে
তুমি অবিহনে মই বিৰাট অসহায় হম
পিতাই
তুমি থাকিবা যেন মোৰ কাষত এনেদৰেই সদায়,
মোৰ বাবে ভগৱান বেলেগ নাই ,
দেৱতা মোৰ দেউতাই ,
যি মোৰ মুৰত আলফুলে হাত ফুৰাই,
দুখত সান্তনা ,
সুখত উৎসাহ ,
বিপদত বাট দেখুৱাই ,
যি সমস্ত জীৱনটো আমাৰ বাবে উৎসৰ্গা কৰি যায় ,
দেউতাৰ সম কোনো নাই ,
কোনোৱেই নাই ...
হয়
সকলোতকৈ শ্ৰেষ্ঠ মোৰ মৰমৰ এই পিতাই !!
--প্ৰাণজিৎ বৰুৱা
১২ মাৰ্চ ২০১৫
keep blessing me deuta... love you so much...
ReplyDelete