কিমান দামী হব পাৰে একাপ চাহ ,
প্ৰায়ে বৰ কষ্ট দিয়ে
আস !
দুকঠা মাটিৰ কেঁচা এটি ঘৰ ,
পৰিয়ালৰ মানুহ কেইটাৰ বৰ মৰমৰ ,
খেতি মাটি দুপুৰা ,
হাতত নাই কাম ,
ভন্তী আবিয়ৈ পিতাই ৰুগীয়া ,
প্ৰাপ্য চাকৰি এটা বিচাৰি গলো ,
খুজিছে তেওঁলোকে
মাটি ভেটি বিক্ৰী কৰি দিব লগীয়া হোৱা
একাপ চাহৰ দাম ....
হে চাহাব মাটি অবিহনে কি খাম ,প্ৰায়ে বৰ কষ্ট দিয়ে
আস !
দুকঠা মাটিৰ কেঁচা এটি ঘৰ ,
পৰিয়ালৰ মানুহ কেইটাৰ বৰ মৰমৰ ,
খেতি মাটি দুপুৰা ,
হাতত নাই কাম ,
ভন্তী আবিয়ৈ পিতাই ৰুগীয়া ,
প্ৰাপ্য চাকৰি এটা বিচাৰি গলো ,
খুজিছে তেওঁলোকে
মাটি ভেটি বিক্ৰী কৰি দিব লগীয়া হোৱা
একাপ চাহৰ দাম ....
কেনেকৈ বাৰু আপোনাক মই এতিয়া
পাঁচ লাখ টকীয়া
চাহ একাপ খুৱাম ।
একাপ চাহৰ দাম ...
দেউতাৰ অৱসৰ ,
সকলোৱে লৈছে খবৰ ,
দেউতা বৰ সহজ সৰল
সকলোৰে সেয়ে বৰ মৰমৰ ...
সকলোৱে বুজাইছে শিক্ষক এটা মহৎ বৃত্তি
ঠিকেই পিছে
তুমি এতিয়াহে দেখিবা এই বৃত্তিৰ কি সন্মান ,
অফিচে অফিচে ঘুৰিবা বহুত কথাই নকৈ বুজিবা ,
বাৰে প্ৰতি পাবা আব্দাৰ
চাহ খাবলৈ কিবা এটা দি যাওক চাৰ ...
সকলোৱে লৈছে খবৰ ,
দেউতা বৰ সহজ সৰল
সকলোৰে সেয়ে বৰ মৰমৰ ...
সকলোৱে বুজাইছে শিক্ষক এটা মহৎ বৃত্তি
ঠিকেই পিছে
তুমি এতিয়াহে দেখিবা এই বৃত্তিৰ কি সন্মান ,
অফিচে অফিচে ঘুৰিবা বহুত কথাই নকৈ বুজিবা ,
বাৰে প্ৰতি পাবা আব্দাৰ
চাহ খাবলৈ কিবা এটা দি যাওক চাৰ ...
চাহ
এৰা এই কাপ স্পিচিয়েল চাহৰেই বৰ দাম ,
বৰ দাম ...!!
এৰা এই কাপ স্পিচিয়েল চাহৰেই বৰ দাম ,
বৰ দাম ...!!
একাপ চাহৰ দাম ...
এৰা
বহুতৰ বাবেই এইয়া এতিয়া তেনেই সহজ কাম ,
একাপ চাহৰ দামত এটা ফ্লেট ,
পত্নীৰ বাবে দায়মণ্ড চেট ,
একাপ চাহৰ দামতেই পঞ্চাশ হাজাৰ টকাৰ শাৰী ,
একাপ চাহৰ দামতেই যদি আহে বলেৰ' ছাফাৰী ,
তেন্তে কেনেকৈ বাৰু
এই চাহৰ দাম নোলোৱাকৈ পাৰি ...!!
এৰা
বহুতৰ বাবেই এইয়া এতিয়া তেনেই সহজ কাম ,
একাপ চাহৰ দামত এটা ফ্লেট ,
পত্নীৰ বাবে দায়মণ্ড চেট ,
একাপ চাহৰ দামতেই পঞ্চাশ হাজাৰ টকাৰ শাৰী ,
একাপ চাহৰ দামতেই যদি আহে বলেৰ' ছাফাৰী ,
তেন্তে কেনেকৈ বাৰু
এই চাহৰ দাম নোলোৱাকৈ পাৰি ...!!
হা হা
একাপ চাহৰ দাম ...
একাপ চাহৰ দাম ...
মাজে মাজে ভাবোঁ
কোনে নাখাই বাৰু এই চাহ ?
হয়তো
যি নাখাই
সি হয়তো সুবিধাই পোৱা নাই খাবলৈ ,
অথবা তেওঁৰ অভাৱ বৰ্তমান সসীম ...
নতুবা
তেওঁ এতিয়াও শিকা নাই হয়তো
বিবেকক বন্ধকত থবলৈ !!
কোনে নাখাই বাৰু এই চাহ ?
হয়তো
যি নাখাই
সি হয়তো সুবিধাই পোৱা নাই খাবলৈ ,
অথবা তেওঁৰ অভাৱ বৰ্তমান সসীম ...
নতুবা
তেওঁ এতিয়াও শিকা নাই হয়তো
বিবেকক বন্ধকত থবলৈ !!
যিহেতু একাপ চাহৰ দামত ,
তেওঁৰ তথাকথিত ষ্টেটাচ বাঢ়ি যায় সমাজত ,
তেওঁৰ তথাকথিত ষ্টেটাচ বাঢ়ি যায় সমাজত ,
তেন্তে এই দাম বাৰু নোলোৱাকৈ কেনেকৈ থাকে,
কিন্তু বাপু মনত ৰাখিবা
বাপৰ ধনেও নাটে পাপৰ ধনেও নাটে ...
লিখি লোৱা এতিয়াই
আৰাম আৰু হাৰামৰ ধনে সদায়েই বিপদ মাতে ...!!
বাপৰ ধনেও নাটে পাপৰ ধনেও নাটে ...
লিখি লোৱা এতিয়াই
আৰাম আৰু হাৰামৰ ধনে সদায়েই বিপদ মাতে ...!!
সাৱধান ,
নকৰিব মিছাতে মানুহ জাতিটোৰ বদনাম ,
নহলে সময়ত নিজেই মানুহ হোৱাৰ বাবে
বৰ লাজ পাম ...
নকৰিব মিছাতে মানুহ জাতিটোৰ বদনাম ,
নহলে সময়ত নিজেই মানুহ হোৱাৰ বাবে
বৰ লাজ পাম ...
সেইয়ে অনুৰোধ ,
কৰি উঠি
আপোনাৰ দায়িত্বৰ কোনো কাম ,
পাৰে যদি আৰু নুখুজিব আমাক এই
কৰি উঠি
আপোনাৰ দায়িত্বৰ কোনো কাম ,
পাৰে যদি আৰু নুখুজিব আমাক এই
একাপ চাহৰ দাম ... ।
নোট : একাপ চাহৰ দাম খুজি আপোনাৰ সন্মান লাঘৱ নকৰিব ,
চাহৰ দাম নোলোৱাকৈয়ো আপুনি সুখেৰেই থাকিব পাৰিব,
পিছে আপোনাৰ এই চাহৰ দামৰ বাবেই কাৰোবাক দুখ দি ,
আপুনি সদায় বিবেকৰ ওচৰত শিৰনত কৰি সুখী হব কোনোদিনেই নোৱাৰিব ...!!
চাহৰ দাম নোলোৱাকৈয়ো আপুনি সুখেৰেই থাকিব পাৰিব,
পিছে আপোনাৰ এই চাহৰ দামৰ বাবেই কাৰোবাক দুখ দি ,
আপুনি সদায় বিবেকৰ ওচৰত শিৰনত কৰি সুখী হব কোনোদিনেই নোৱাৰিব ...!!
--প্ৰাণজিৎ বৰুৱা
৩ এপ্ৰিল ২০১৫
৩ এপ্ৰিল ২০১৫