পোন প্ৰথমে সমুহ অসমবাসী ৰাইজলৈ আমাৰ চেনেহৰ ৰঙালী বিহুটিৰ হিয়াভৰা ওলগ যাচিলো । আৰু অসমীয়া নৱবৰ্ষ ১৪২২ শকাব্দৰ বহুত বহুত শুভকামনা জনালো ।
আমি দৈনন্দিন জীৱনত সাধাৰণতে প্ৰতি ক্ষেত্ৰতে নৈৰাশ্যবাদৰ বহুত হাজাৰ বিজাৰ চিন্তাৰে ভাৰাক্ৰান্ত হৈ থাকো । আৰু তাৰ ফল শ্ৰুতিত আমাৰ মন মগজু ক্ৰমে অস্থিৰ হৈ পৰে । বিভিন্ন চিন্তা পৰিঘটনাই যেন আমাক একো একোটা দুশ্চিন্তাৰ বোজা জাপি দিয়ে । আৰু আমিও কব নোৱাৰাকৈয়ে সেই বোজাবোৰ যেন বেলেগৰ গাত জাপি দিওঁ এইয়াই যেন আমাৰ কৰ্ম ব্যস্ত জীৱনৰ ফচল হিচাপে লাভ কৰিছো । যাৰ ফলত আমাৰ মাজৰ পৰা শান্তি শব্দটো যেন হেৰাই যাব খুজিছে ।
মোৰ মনত এই নৱবৰ্ষৰ শুভ ক্ষণত কিছু চিন্তা আহিছে । আমি বাৰু আমাৰ জীৱনৰ পৰা হেৰাই যাব খোজা শান্তি খিনি ঘুৰাই আনিবলৈ একো কৰিব নোৱাৰিম নে । নে পাৰিম ??
আমি বাৰু এটি পণ লব পাৰোনেকি আজিৰ পৰাই আমাৰ সুন্দৰ জীৱনটো আৰু সুন্দৰ কৰাৰ । আমি বাৰু পণ লব পাৰোনেকি নিজৰ উপৰিও অলপ আনৰ বাবেও জীয়াই থকাৰ । আমি বাৰু পণ লব নোৱাৰোনে আমি বোৰো কাৰোবাৰ মুখৰ এটি হাঁহিৰ কাৰণ হৈ উঠাৰ ।
কি কৰিব লাগিবনো ইয়াৰ বাবে ?
বৰ বিশেষ একো নালাগে ।
তাৰ বাবে প্ৰথমে আপোনাৰ হৃদয় খন চাফা হব লাগিব যদিও নহয় আপুনি কৰিবলৈ যত্ন কৰিব লাগিব । আৰু ঠিক আপোনাৰ হৃদয় খন চাফা হোৱাৰ পাছতে আপুনি এটা উপহাৰ পাব গম নোপোৱাকৈয়ে । কি জানে । এটা নিৰ্মল হাঁহি আপোনাৰ মুখত । যিটোৰ বাবেই বিপদ নহয় আপোনাৰ বাবে বন্ধুৰ দুৱাৰ মুকলি হব । আপোনাৰ এটা প্ৰাণোচ্ছল হাঁহিৰ ফলত আপোনাৰ ওচৰলৈ হাজাৰ বিজাৰ লোকৰ মৰমৰ সোঁত বব । আপুনি বহুতৰ বাবেই প্ৰেৰণাৰ আকৰ হব ।
সঁচাকৈয়ে কৈছো এটা মাত্র সতেজ হাঁহি ভৰা আপোনাৰ ব্যক্তিত্বই বহুত সমস্যাৰ
সমাধান আপোনা আপুনি কৰি দিব ।
হয় কি জানে এই ৰঙালী বিহুটোৱেও যেন আমাক শিকাই থৈ যায় সদায় ৰঙীয়াল হৈ থাকিবলৈ । মৰমৰ ডোলেৰে সকলোবোৰ বান্ধিবলৈ ।
হয় আহকচোন আমি আমাৰ জীৱনৰ এই মুহূৰ্তৰ পৰাই পণ লওঁ যিকেইদিন জীয়াই থাকিম আনন্দেৰে থাকিম স্ফুৰ্তিত থাকিম । কাৰো বেয়া চিন্তা নকৰো । সুখ দুখ সকলোবোৰ হাঁহি মুখেৰে গ্ৰহণ কৰিম । সকলো সমস্যা হাঁহি মুখেৰেই যুজিম । হৰাৰ কথাই নাহে এই ধুনীয়া জীৱনটো আমি জিকিবলেই আহিছো আমাৰ ভাল ভাল কামৰ দ্বাৰা ইয়া�ক জিকিমেই জিকিম ।
ভগৱান আমাৰ লগত আছে ।
গতিকে সকলো দুখ পাহৰি আমি আজিৰ পৰাই এই মুহূর্তৰ পৰাই নতুন চিন্তাৰে সুস্থ ভাবনাৰে এটা সুন্দৰ জীৱন বহুত সুন্দৰকৈ গঢ়িম ।
BE POSITIVE...
ALWAYS BE HAPPY
No comments :
Post a Comment