Sunday, April 12, 2015

নীলা খামৰ চিঠি

নীলা খামৰ চিঠি ...

মৰমৰ,
মৰমৰ বুলি কবলৈও ভয় কিজানি তুমি
বেয়াই পোৱা । পিছে ভালপাওঁ বুলিওটো  কোৱাই নাই কোনোদিনে  সেয়ে মৰমৰ বুলিয়েই কৈছো দিয়া । কিমান দিন হল কব নোৱাৰো উশাহ লবলৈ পাহৰিলেও তোমাৰ কথা হয়তো পাহৰা নাছিলো । আছলতে পাহৰিব পৰাকৈ মই তোমাক মোৰ সপোনবোৰৰ মাজত  আশ্ৰয় দিয়াও নাছিলোঁ কিজানি । আৰু তোমা�ৰ লগত কথা পাতোতে জোকাওতে খং উঠাওঁতে ধেমালি কৰোঁতে এবাৰোটো ভবা নাছিলোঁ তোমাৰ কথা যে কোনোদিন পাহৰিবলৈও শিকিব লাগিব । কিয় ভাবিম তুমিয়েই কোৱা । মই কোনদিনা তোমাতকৈ বেছি অভিমান কৰি পাইছিলোঁ সদায় দেখোন সৰুটো মইয়েই হৈ পৰিছিলো । তুমি দুখ পোৱা বুলিয়েই কিবা এটা বেয়াকৈ কলেও হাজাৰবাৰ বিনা প্ৰতিবাদে চৰি বুলি
মইয়েই কৈছিলো । তুমি শুনি ভাল পালেও বেয়া পালেও মোৰ সুখ দুখ সকলোবোৰৰ সমভাগী তোমাকে কৰিছিলো দেখোন । তোমাৰ প্ৰতিটো আব্দাৰ মানি যাবলৈ সদায়েই চেষ্টা কৰিছিলো দেখোন । এইবোৰ সকলো কৰিও মই তোমাক পাহৰিম এইয়া জানো সম্ভৱ আছিল ।

তুমি চাগৈ বুজি ভালকৈয়ে পাইছিলা এইটো সঁচাকৈয়ে বুৰ্বক মোৰ লগত ইমান হাবু ডুবু খাই । ইমানো ভাল জানো কোনোবাই কাৰোবাক পাই !!

ঠি�কেই অ বুৰ্বকেইটো আছিলো মই,
বুৰ্বকেই আছিল অ এই অজলা হৃদয় । কিন্তু  সকলোবোৰ বুজি পাইও মই যে  মান্তি কৰাব নোৱাৰিলো অ এই হৃদয় খনক তোমাৰ পৰা আতৰি আহিবলৈ, তোমাক পাহৰাবলৈ কোনোদিনেই
সৈমান কৰাবও নোৱাৰিলো । জানা  এতিয়াও পৰা নাই আৰু কেতিয়াবা যে পাৰিম সন্দেহ আছে অ  !!

হুমুনিয়াহ !
বুজিছা এতিয়া এটা দীঘল হুমুনিয়াহ  মাৰোঁ তোমাৰ কথা মনলৈ আহিলে । মনক বুজাওঁ  ধেত তই কি মানুহ অ এই পৃথিৱীত তোক ভালপোৱা ইমানবোৰ মানুহ আছে আৰু তই তোক পাত্তা দিব নোখোজা কাৰোবাৰ বাবে সময় বোৰৰ হত্যা কৰি গৈছ 
দুখ কৰি । ইমানো দুৰ্বল নাছিলি তই । নহবি নহবি দুৰ্বল ইমানকৈও ।
মনে প্ৰেৰণা পাই এদিনলৈ দুদিনলৈ ।

কিন্তু পাছত আকৌ আহি যায় তোমাৰ স্মৃতি ।
আকৌ সৰে হুমুনিয়াহ নিগৰে অশ্ৰু ,
ভাগৰি পৰো মই ভাগৰি যায় সময় ।
চেহ কি যে নহয়  । কি আছে তোমাৰ মাজত এনেকুৱা বুজিকে নাপাওঁ ।
হয়তো বুজিবও নিবিচাৰোঁ আৰু অ । 
তোমাৰ এটা সহাৰি এটা সম্বোধনৰ বাবে সদায়েই বাট চাওঁ ।

বুজিছা
তুমি যিমানেই আতৰি যোৱা । লাগিলে যাকেই আপোন কৰি লোৱা । মোৰ মৰমৰ হপলেছ জনী অ তোমাক  আগতে যিমান পাইছিলো  এতিয়াও সিমানেই  ভাল পাওঁ ।

আৰু বিশেষ নিলিখো দিয়া
তুমিটো জানিছিলাই আগতেই কৈছিলো ।
তোমাক ভালপোৱাটোৱেই মোৰ  আজন্ম নিচা ।
তোমাৰ এই মৰমৰ নিচাত দুবি থাকিব পৰাটোৱে মোৰ জীৱনৰ পেচা ।

পুনশ্চঃ কোনোবাদিনা তোমাৰ ফালৰ পৰাও এটা সুখৰ সহাৰি পোৱাৰ আশাৰে হেঁপাহেৰে বাট চাই ৰলো । আশা মোৰ জীৱনলৈও আহক আকৌ এবাৰ বসন্ত ফুলক কপৌ আলফুলে ...

সোণ
কিবা যদি ভুল কলো বেয়া নাপাবা দেই সদায়েই তোমাৰ বাবে বাট চাই চাই আজি লিখিবলৈ বাধ্য হলো এই অভিমানী চিঠি । মৰম লবা বিহুৰ জেতুকা বুলীয়া সুবাস লবা আৰু সেই সুবাসেৰে ভৰা তোমাৰ প্ৰত্যুত্তৰৰ চিঠি এখন দিবা বুলি আশাৰে বাট চাই ৰলো দেই  ...
এতিয়া বিদায় !!

ইতিত
তোমাৰ মৰমৰ বুৰ্বকটো
পি বি

--প্ৰাণজিৎ বৰুৱা
১২ এপ্ৰিল ২০১৫


No comments :

Post a Comment