কলেজৰ দিনবোৰ ...
বগা চাৰ্ট আৰু ব্লেকিছ ব্লু পেন্ট এজোৰে
বৰকৈ মাতি আছে ,
এটা পাহৰিব নোৱাৰা দিনলৈ ,
জীৱনৰ
কিছু মচিব নোৱাৰা সময়লৈ ...
বৰষুণৰ দিনত ছাতিৰ সলনি,
মুৰত ৰুমাল লৈ দৌৰা,
ঘপহকৈ খবৰ পাই
স্কলাৰচিপৰ ফৰ্ম লবলৈ কৰা লৰা-ঢপৰা,
মাৰ্চ পাৰ্চ কৰিবলৈ গৈ ভাগৰত বননিতে বাগৰা ,
কাৰোবাৰ পৰা স্পিছিয়েল মানুহৰ ফোন নং গোটাই মিছ কল , মেছেজৰ আদান প্ৰদান কৰা ,
আস কি হেঁপাহেৰে ভৰা ...
তিনি ঘন্টাৰ নন ষ্টপ ক্লাছ,
মনে মনে কোৱা কি যে এইবোৰ বকৱাচ,
কাৰোবাক দেখি ঘপহকৈ লাগি যোৱা লাজ,
কিবাকৈ
দিপাৰ্ট মেন্ট কোনোবা ইভেন্টত জিকি যোৱাৰ খবৰটো শুনি মৰা সমবেত সেই নাছ ,
আস কি সোৱাদ লগে ভাগে খোৱা পিকিনিকৰ সেই তৃপ্তিৰ এসাজ ,
কত যায় সেই সময়
স্মৃতিৰ কেনভাচত যে
এতিয়াও দেখোন সকলোবোৰ
স্পষ্টকৈয়ে জিলিকি ৰয় ...!
আস কি যে সেই দিন ...
ভয়ে ভয়ে পৰীক্ষা হলত সোমোৱা ,
সোমাইলৈয়ে প্ৰভুক মনে প্ৰাণে সোঁৱৰা ,
প্ৰভু পাৰা যদি কাঢ়া গাৰ্ডৰ পৰা ৰক্ষা কৰিবা,
লগৰটোক মৰমেৰে কোৱা পৰাখিনি দেখাবা ,
বহী খন এটাৰ পৰা ইটোলৈ বাগৰা,
জনাখিনি লিখি নজনা খিনিও গাজা লিখি বহী ভৰ্ত্তি কৰি সামৰা ,
আৰু তিনি ঘন্টাৰ পৰিশ্ৰমৰ অন্তত ,
পৰীক্ষা হলৰ পৰা ওলোৱা সেই প্ৰশান্তিৰ হাঁহি মৰা,
কেনেবাকৈ লগৰ কেইটাৰ লগত উত্তৰ নিমিলিলে যে আকৌ অশান্তিৰ ডাৱৰে আৱৰা ..
পৰীক্ষাৰ আগৰ সেই আকাংক্ষা পাব লাগিবই ফাৰ্ষ্ট ক্লাছ ,
পৰীক্ষা দি আহি বাস্তৱৰ প্ৰাৰ্থনা ভগৱান যেনেতেনে হলেও কৰাবা দেই পাছ ...
সঁচাকৈয়ে
কি যে সময় আছিল সেইয়া
চিন্তা, আৱেগ ,হাঁহি কান্দোনৰ ৰামধেনুৰে ভৰা ।
হয় মই যেন এতিয়া
বিচাৰিছো
আকৌ লগৰ বোৰৰ পৰা সেই
নোট গোটোৱা সময় বোৰ,
হয় মই যে শুনিব খুজিছোঁ
আকৌ কেন্টিনত খোৱা আৰু
আড্ডা মাৰোতে ওলোৱা
বিভিন্ন টপিকৰ কথাবোৰ
হয় মই
বিচাৰিছো আকৌ এবাৰ চাবলৈ
ধুনীয়া ধুনীয়া হাঁহি মৰা
নীলা চুৰনি আৰু বগা লেগিংছ পিন্ধি
ঘুৰি ফুৰা পখিলা বোৰ ,
হয় মই যেন আকৌ
বিচাৰিছো শুনিবলৈ সেই
ছাৰ সকলৰ মুখৰ উৎসাহী কথা
নতুবা সদায় পৰা মৰমৰ গালিবোৰ,
হয় হয়
বিচাৰিছো
বিচাৰিছো
মই এতিয়া
খুবেই ব্যাকুলতাৰেই বিচাৰিছো আকৌ ঘুৰাই পাবলৈ
মোৰ
জীৱনৰ
প্ৰিয় সেই সোনৱালী দিনবোৰ,
উৰি গৈছে সেই উমাল ক্ষণ বোৰলৈকে যে
পুনৰ মনটো মোৰ ...
প্লিজ প্লিজ প্লিজ পাৰে
যদি কোনোবাই ঘুৰাই
দিয়ক চোন মোক
মোৰ প্ৰিয় সেই
কলেজৰ দিনবোৰ ...!!
ঘুৰাই দিয়ক ঘুৰাই দিয়ক
কলেজীয়া দিনবোৰ !
প্ৰাণজিৎ বৰুৱা
৮ এপ্ৰিল ২০১৫
No comments :
Post a Comment