“মই ভাৱো যে,ল’ৰাটোৱে শিকিব লাগিব
৷সকলো মানুহেই সৎ আৰু সত্যনিষ্ঠ নহয় ৷
কিন্ত আপুনি পাৰিলে তেওঁক শিকাওক
কিতাপৰ মহিমা ...কিন্তু লগতে এখন
সেউজীয়া পাহাৰৰ ঠাইত ৰ’দে-
বৰষুনে উৰি ফুৰা মৌ-
মাখি ,পখিলা আকাশত উৰি ফুৰা চৰাই
আদিৰ শাশ্বত ৰহস্য বোৰৰ
বিষয়ে ভাৱিবলৈ নীৰৱ সময় দিয়ক ৷ স্কুলত
তেওঁক শিকাব যে কাৰোবাক
প্ৰৱঞ্চনা কৰাতকৈ হাৰ
মনাটো বেছি সন্মানজনক ৷নিজৰ ধাৰণাৰ
ওপৰত বিশ্বাস ৰাখিবলৈ তেওঁক
শিক্ষা দিয়ক, যদিও প্ৰত্যেক মানুহেই কয়
যে তেওঁ ভুল ৷ভদ্ৰ মানুহৰ লগত নম্ৰ
হ’বলৈ আৰু অভদ্ৰ মানুহৰ লগত কঠোৰ
হ’বলৈ তেওঁক শিকাব৷যেতিয়া প্ৰত্যেক
মানুহে ৰাজপথৰ সমদলত চামিল
হয়,তেতিয়া এনে মানুহৰ জুমক অনুসৰণ
নকৰিবলৈ মোৰ ল’ৰাটোক শক্তি দিব ৷
সকলো মানুহৰ কথা শুনিবলৈ তেওঁক
শিকাব,কিন্তু সত্যৰ
চালনীৰে চালি সৰকি অহা খিনিহে গ্ৰহণ
কৰিবলৈ ক’ব ৷যদি পাৰে তেওঁক শিকাব
কিদৰে দুখৰ সময়তো হাঁহিব
পাৰি....৷শিকাব যে চকুলোঁত কোনো লাভ
নাই ৷
অসৎসকলক বিদ্ৰুপ কৰিবলৈ শিকাবআৰু সাৱধান কৰি দিব৷সকলো মানুহেই সৎ আৰু সত্যনিষ্ঠ নহয় ৷
কিন্ত আপুনি পাৰিলে তেওঁক শিকাওক
কিতাপৰ মহিমা ...কিন্তু লগতে এখন
সেউজীয়া পাহাৰৰ ঠাইত ৰ’দে-
বৰষুনে উৰি ফুৰা মৌ-
মাখি ,পখিলা আকাশত উৰি ফুৰা চৰাই
আদিৰ শাশ্বত ৰহস্য বোৰৰ
বিষয়ে ভাৱিবলৈ নীৰৱ সময় দিয়ক ৷ স্কুলত
তেওঁক শিকাব যে কাৰোবাক
প্ৰৱঞ্চনা কৰাতকৈ হাৰ
মনাটো বেছি সন্মানজনক ৷নিজৰ ধাৰণাৰ
ওপৰত বিশ্বাস ৰাখিবলৈ তেওঁক
শিক্ষা দিয়ক, যদিও প্ৰত্যেক মানুহেই কয়
যে তেওঁ ভুল ৷ভদ্ৰ মানুহৰ লগত নম্ৰ
হ’বলৈ আৰু অভদ্ৰ মানুহৰ লগত কঠোৰ
হ’বলৈ তেওঁক শিকাব৷যেতিয়া প্ৰত্যেক
মানুহে ৰাজপথৰ সমদলত চামিল
হয়,তেতিয়া এনে মানুহৰ জুমক অনুসৰণ
নকৰিবলৈ মোৰ ল’ৰাটোক শক্তি দিব ৷
সকলো মানুহৰ কথা শুনিবলৈ তেওঁক
শিকাব,কিন্তু সত্যৰ
চালনীৰে চালি সৰকি অহা খিনিহে গ্ৰহণ
কৰিবলৈ ক’ব ৷যদি পাৰে তেওঁক শিকাব
কিদৰে দুখৰ সময়তো হাঁহিব
পাৰি....৷শিকাব যে চকুলোঁত কোনো লাভ
নাই ৷
অতি মিষ্টভাষী সকলৰ পৰা ৷তেওঁৰ
শক্তি আৰু মেধাক সৰ্বোচ্চ মূল্য দিয়াজনৰ
ওচৰতহে সঁপিবলৈ শিক্ষা দিব ৷কিন্তু
মানুহৰ মন-প্ৰাণৰ লগত কোনো দৰ-দাম
নকৰিবলৈ শিকাব ৷ শিকাব যে,
এনেয়ে পোৱা লাখ টকাতকৈ শ্ৰম
কৰি পোৱা এটকাৰ মূল্য বেছি ৷
যেতিয়া নিজকে সঠিক পথত
থকা বুলি ভাৱে তেতিয়া কোলাহলৰ
মাজত কাণ বন্ধ ৰাখি অটল
থাকি যুঁজি যাবলৈ ক’ব ৷ তেওঁক কথাবোৰ
নম্ৰভাৱে শিকাব,কিন্তু তেওঁক লাই
নিদিব ৷কাৰণ উত্তম তীখাক জুইত
পুৰিহে পৰীক্ষা কৰি চাব পাৰি ৷
ধৈৰ্যশীল হ’বলৈ তেওঁক সাহস দিব ৷নিজৰ
ওপৰত সদায় মহান বিশ্বাস
ৰাখিবলৈ ক’ব,কাৰণ তেতিয়াহে তেওঁৰ
আস্থা থাকিব মানৱ জাতিৰ ওপৰত ৷
এয়া এটা ডাঙৰ কাম ৷মোৰ পুত্ৰ
এটা কণমাণি ভাল ল’ৰা ,আপুনি চাওকচোন
বাৰু কি কৰিব পাৰি ৷
( সংগৃহীত)
No comments :
Post a Comment