Monday, November 10, 2014

হেপ্পী নিউ ইয়েৰ ...(জানো কেনেকুৱা হৈছে)

হেপ্পী নিউ ইয়েৰ ...(জানো কেনেকুৱা হৈছে)

মোৰ বন্ধু এজন সাংঘাটিক চিনেমা প্ৰেমিক...
আৰু তাতোতকৈ বেছি শ্বাহৰুখ খানৰ প্ৰেমিক...

চিনেমা বুলিলেই পাগল সি শ্বাহৰুখৰ হেপ্পী নিউ ইয়েৰ খন মিছ কৰে কেনেকৈ  ?
গল  ফাৰ্ষ্ট দে
ফাৰ্ষ্ট শ্ব চাবলৈ  ...
সি চাই তামাম খুচ আৰু
ফুৰ্তিত কবই নোৱাৰে বাহ কি চিনেমা বনাইছে !
দিল খুচ, পেছা ৱছুল যেন তাৰ বাবে ।
সি তাৰ স্ফুৰ্তি ধৰি ৰাখিব নোৱাৰি লগত  যোৱা কেইটাৰ আগত  চিনেমাখনৰ গুণ বখানি বখানি আহি ওপৰৰ পৰা নামি আহি তলত গেট কিপাৰ জনকো মানে নোকোৱাকৈ থাকিব নোৱাৰিলে ।

বন্ধু ::
বাহ বৰ ধুনীয়া চিনেমা এখন দেখুৱালে দেই খুৰা মন খুচ হৈ গল,
জীৱনত এনে চিনেমা চোৱা নাছিলো ...সঁচাই মজা লাগিল...

তেতিয়াই আমাৰ গেট কিপাৰ খুৰাই লাহেকৈ অলপ এক্সট্ৰা গহীন অকণমান দি কি কলে জানেনে  ...

"হমম ...!হয়নে ??
জানো,
নাজানোঁ আৰু পাই দেই
কি হৈছে চিনেমা..! :-\ :-\ "

হি হি গেট কিপাৰ জনে যিটো ষ্টাইলত  কথাটো কলে,
মানে  ওচৰত যদি স্বয়ং ফাৰাহ খানো  থাকিল হেঁতেন তেন্তে  তেওঁও  confused হৈ গল হয় আছলতে চিনেমাখন তেওঁ বনাইছেনে সেই গেট কিপাৰ জনে ।

(কৃষ্ণ!!
এনেকৈ বিয়া ঘৰতহে শুনা পাওঁ
যেতিয়া কওঁ খানাটো ধুনীয়া হৈছে দেই,
তেতিয়া বিয়াঘৰীয়াই কয় জানো নাজানো আৰু পাই কি হৈছে !! :-\ :-\ :-P :-P :-P :-D :-D )