Thursday, December 24, 2015

তুমি তেনেকৈ হঁহাটো ভুল আছিল...

তুমি তেনেকৈ হঁহাটো ভুল আছিল...

এই লহিওৱা ৰান্ধনী বেলিটো পকা সুমথিৰা যেন হোৱাটোৱেই  ভুল আছিল,

ৰাতিটোৱে গিলি থোৱাত
তাৰ কি  দোষ...!

বগলী জাক জাক পাতি উৰি যোৱাটোৱেই ভুল আছিল,
বগলীক  ফুট বিচৰা
শিশু জাকৰ কি দোষ ...

শৰতত শেৱালী কেইপাহে সুবাস বিলোৱাটোৱেই ভুল আছিল,
শেৱালীৰ সুবাস বিচাৰি শেৱালী
বুটলি থকা
ছোৱালীজনীৰ কি দোষ...

ঠিক সেইদৰে দোষ আছিল,
গোলাপ পাহ ৰঙা হোৱাৰ,

ঠিক সেইদৰে দোষ আছিল ,
ছাগলী জনী একেবাৰে কলা হোৱাৰ ,

দোষ আছিল
পাৰ হাল শুধ বগা হোৱাৰ ,

বগৰী জোপা মিঠা হোৱাটোও
বগৰীৰ দোষেই আছিল ...

এতিয়া মোৰেই বা কি দোষ...

প্ৰথম বাৰ দেখোঁতেই ইমান মৰমলগাকৈ
হাঁহি দিলে,
কাৰনো কলিজাত বিষ এটা নহব,

ওহোঁ
তুমি যিমান কলেও মানি লোৱা এতিয়া নাযাব,

মোক এটি অনামী ৰোগত ৰোগাক্ৰান্ত
কৰাৰ আঁৰত ,
তোমাৰ সেই হাঁহিটোৰেই দোষ ,

মোৰ অলপো দোষ নাছিল ,

যি হাঁহিত এপাহ খৰিকা জাই ফুলি উঠিছিল ,
যি হাঁহিত কাৰোবাৰ চকুত এটা সপোনে পাহি মেলিছিল ,
যি হাঁহিত ভাল লগাৰ  বৰষুণ এজাক আহোঁ আহোঁ কৰিছিল ...

প্ৰথম দেখোঁতেই তেনেকৈ হাঁহি দিয়াটো
হয় তোমাৰেই ভুল আছিল !!

প্ৰাণজিৎ বৰুৱা
২৩/১২/২০১৫


Sunday, December 20, 2015

লিমাৰিক ( টেট শিক্ষক )

লিমাৰিক

বিষয় ( টেট শিক্ষক )
প্ৰাণজিৎ বৰুৱা
৯৭০৬১২৯৩৬৯
২০/১২/২০১৫

(১)

২০১২  বৰ্ষত অসমত অনুষ্ঠিত হৈছিল এক পৰীক্ষা নাম আছিল টেট ,
বহুতেই ভাবিলে শিক্ষক হবলৈও  পৰীক্ষা দিব লগাটো সঁচাই দেখোন গ্ৰেট ,

মেধাৰে পৰীক্ষাত পাছ কৰি,
পাই লৈ শিক্ষকৰ চাকৰি,

২০১৫ বৰ্ষতে হুমুনিয়াহ কাঢ়ে শিক্ষকৰ দৰমহা বাৰু সদায় কিয় লেট ।

(২)

আছিল এটা সময় বিয়াৰ ক্ষেত্ৰত সুধিছিল স্কুল  গ্ৰাণ্ট  নে ভেঞ্চাৰ ,
এতিয়া সোধে চাকৰি টেটৰ নেকি কন্ট্ৰেকচুৱেল নে ৰেগুলাৰ ,

যদি কও ঠিকাভিত্তিক,
চাই পৈতৃক সম্পত্তিক  ,

সেইফালেও সমীকৰণ নিমিলিলে শেষত  দিয়ে গুড বাই  নমস্কাৰ ।

(৩)

স্কুটি চলাই চান গ্লাছ লগাই টেট বাইদেউ যায়,
বাটৰ সমূহ বাটৰুৱাই দেখোন ঘুৰি ঘুৰিহে  চাই ,

বাইদেউ সকলোৰে মৰমৰ ,
ছাত্ৰ ছাত্ৰীৰো বৰ আদৰৰ,

চাকৰিৰ পিছতেই বাইদেউলৈ বিয়াৰ প্ৰস্তাবো যে আহে সঘনাই ।

(৪)

শিক্ষাৰ সংস্কাৰ কৰিবলৈ মেধাৱী শিক্ষকৰ প্ৰয়োজন ,
যাৰ বাবেই আছিল নিকা নিযুক্তিৰ এই ব্যাপক আয়োজন ,

কিন্তু ভবা কথা নহয় সিদ্ধি ,
বাটত যে   ভণ্ড ৰাজনীতি ,

হে শাসন কৰ্তা অকালতে পৰিৱৰ্তনকামী এই শিক্ষক সমাজৰ নাভাঙে যেন মন ।


Wednesday, December 2, 2015

(সংজ্ঞা ) ৫ টা স্তৱক

সংজ্ঞা (৫ টা   স্তৱক )

(১)

হুমুনিয়াহ ...

সামগ্ৰিক চিন্তাৰ ক্ষন্তেকীয়া দাহ ,
বুকুৰ বিষ উঠিলে এৰি দিয়া এটি তপত নিশ্বাস ।

(২)
চকুলো ...

হুমুনিয়াহে ক'লে মই বলে নোৱাৰিলো,
তোমাৰ দুচকুৰেই সেয়ে বোৱাই দিলোঁ ।

(৩)

দুখ ...

নথকাটো  নোপোৱাটো বিচাৰি হায়ৰাণ হোৱা,
এক ধৰণৰ মানসিক অসুখ ।

(৪)

সুখ ...

কমকৈ বিচৰা , বেছিকৈ আশা নকৰা ,
সীমাবদ্ধতাৰ এক সৰল জোখ ।

(৫)

জীৱন...

উঠা নমা পোৱা নোপোৱাৰে

চলি থকা এক অবিৰত সংগ্ৰামী  হৃদ স্পন্দন ।

প্ৰাণজিৎ বৰুৱা
৯৭০৬১২৯৩৬৯৯
২ ডিচেম্বৰ ২০১৫


Tuesday, December 1, 2015

তিনি শৰীয়া তিনিটা স্তৱক


তিনি শৰীয়া তিনিটা স্তৱক
*******

আক্ষেপ :

(১)

পাৰিলে মোকো এবাৰ  চুই যোৱা,
শুনো বহুতে কোৱা,
সি বৰ দুৰ্ভগীয়া যাৰ নাথাকে হেনো ভালপোৱা ।

*******

প্ৰাপ্তি :

(২)

ৰাতিপুৱা এটাত সপ্ৰতিভ হৈ  মই ওলাই গ'লো,
দুপৰীয়া এটাত উলাহেৰে প্ৰেমত পৰিলোঁ,
আৰু একে দিনাই ৰাতিটোতে মই নিখোঁজ হৈ পৰিলোঁ ।

*******

অভিজ্ঞতা :

(৩)

দৰাচলতে মানুহ বোৰৰ দুখন মুখ,
বুজি নাপালেই সুখ,
বুজি পালে  মনৰ অসুখ ।

প্ৰাণজিৎ বৰুৱা
১ ডিচেম্বৰ ২০১৫