Sunday, December 20, 2015

লিমাৰিক ( টেট শিক্ষক )

লিমাৰিক

বিষয় ( টেট শিক্ষক )
প্ৰাণজিৎ বৰুৱা
৯৭০৬১২৯৩৬৯
২০/১২/২০১৫

(১)

২০১২  বৰ্ষত অসমত অনুষ্ঠিত হৈছিল এক পৰীক্ষা নাম আছিল টেট ,
বহুতেই ভাবিলে শিক্ষক হবলৈও  পৰীক্ষা দিব লগাটো সঁচাই দেখোন গ্ৰেট ,

মেধাৰে পৰীক্ষাত পাছ কৰি,
পাই লৈ শিক্ষকৰ চাকৰি,

২০১৫ বৰ্ষতে হুমুনিয়াহ কাঢ়ে শিক্ষকৰ দৰমহা বাৰু সদায় কিয় লেট ।

(২)

আছিল এটা সময় বিয়াৰ ক্ষেত্ৰত সুধিছিল স্কুল  গ্ৰাণ্ট  নে ভেঞ্চাৰ ,
এতিয়া সোধে চাকৰি টেটৰ নেকি কন্ট্ৰেকচুৱেল নে ৰেগুলাৰ ,

যদি কও ঠিকাভিত্তিক,
চাই পৈতৃক সম্পত্তিক  ,

সেইফালেও সমীকৰণ নিমিলিলে শেষত  দিয়ে গুড বাই  নমস্কাৰ ।

(৩)

স্কুটি চলাই চান গ্লাছ লগাই টেট বাইদেউ যায়,
বাটৰ সমূহ বাটৰুৱাই দেখোন ঘুৰি ঘুৰিহে  চাই ,

বাইদেউ সকলোৰে মৰমৰ ,
ছাত্ৰ ছাত্ৰীৰো বৰ আদৰৰ,

চাকৰিৰ পিছতেই বাইদেউলৈ বিয়াৰ প্ৰস্তাবো যে আহে সঘনাই ।

(৪)

শিক্ষাৰ সংস্কাৰ কৰিবলৈ মেধাৱী শিক্ষকৰ প্ৰয়োজন ,
যাৰ বাবেই আছিল নিকা নিযুক্তিৰ এই ব্যাপক আয়োজন ,

কিন্তু ভবা কথা নহয় সিদ্ধি ,
বাটত যে   ভণ্ড ৰাজনীতি ,

হে শাসন কৰ্তা অকালতে পৰিৱৰ্তনকামী এই শিক্ষক সমাজৰ নাভাঙে যেন মন ।


No comments :

Post a Comment