Monday, July 7, 2014

আগতকৈ আপুনি ধুনীয়া হ'ল... .

আগতকৈ আপুনি ধুনীয়া হ'ল... .

আগতকৈ আপুনি ধুনীয়া হ'ল...
আগতকৈ আপুনি ধুনীয়া হ'ল ,

আপোনাৰ মুখত
এটা অহংকাৰৰ বোল,
আগতকৈ আপুনি ধুনীয়া হ'ল ।

আপোনাৰ দুচকুত মায়া মায়া কাজল ,
আপোনাৰ চৌপাশে কেৱল আপোনাৰ
প্ৰেমিক পাগল,
আপোনাৰ দুচকুত
কিবা মায়া মায়া কাজল ।

আপোনাৰ প্ৰিয়
চিপচিপ বৰষুণ;
এতিয়া আপুনি মাতিলেহে আহে ,
আপোনাৰ প্ৰিয় জোনাকে
এতিয়া আপুনি ক'লেহে হাঁহে ...!!

তুল বুল তুল বুল কৰে আমাৰ
সেউজীয়া কলিজা,
আপুনি চালেই ফুলি উঠে গোলাপ, মন-
বাগিচাত ...!!

আপোনাক দেখি এটা মন
উন্মনা হ'ল ,
সচাকৈয়ে এখন হৃদয় আপুনি
কোচত
লৈ গ'ল ...

শপত ,
আপুনি আগতকৈ ধুনীয়া হ'ল...!!!

(c) প্ৰাণজিৎ বৰুৱা
৩০  জানুৱাৰী ২০১৪
ফোন : 9706129369


বাঁকৰ বচন ...


অতি নোম টেঙৰক ঠগা,
আৰু নিজা লেট্ৰিনত হগা,
দুয়োবিধৰ আছে কিন্তু
এটা বেলেগ মজা ।


যৌৱনৰ আদিতে খোৱা প্ৰেমিকাৰ লাট,
আৰু ভোকত
কলে গাখীৰে সানি খোৱা ভাত,
তিতা মিঠা যি লাগিলেও, জীৱনত
পাহৰিব নোৱাৰি এটাৰো সোৱাদ ।


অসমত বন্ধ
আৰু
ৰাজনীতিত ভণ্ড,
হয়তো কেতিয়াও নহব এই
পৰম্পৰাৰ অন্ত ।


আনৰ হাতে মলা চাধা,
আৰু
নিজানত অকলে মাৰা পাদা,
দুয়োবিধৰ গোন্ধ আৰু সোৱাদ কিন্ত অপূৰ্ব,
লৈ চাওঁক আপুনিও
নাই কোনো বাধা ।


ফেচবুক কৰাৰ নিচা,
আৰু পুখুৰীত মাছ সিঁচা...
যি কৰি পায়
ইয়াৰ মজা
সিহেঁ বুজি পায়!


অসমত গঁড় আৰু
শান্তিৰ খবৰ,
দুয়োটাই বৰ্তমান আপুৰুগীয়া,
মানুহ আৰু জন্তু উভয়ৰে হত্যাৰ প্ৰকোপৰ
অলপো পাৰ্থক্য নাইকিয়া ।

TO BE CONTINUED ...
(c)প্ৰাণজিৎ বৰুৱা
9706129369

NOTE : বাকৰ বচনৰ বিশেষজ্ঞ Mon Zeet দাৰ
পৰা অনুপ্ৰাণিত হৈ কৰা চেষ্টা...!


ষ্টেটাচ

# ষ্টেটাচ ...

ফেচবুক কৰাৰ পৰা কিছুমান শব্দ তেনেই
চিনাকি হৈ পৰিল ।
like ,comment ,tag ,,share,,, poke,,,, wall,
profile picture...etc
এই শব্দবোৰ এতিয়া যে একেবাৰে আপোন
হৈ পৰিল,
কোনোবাই কিবা ভাল
লগা কথা এটা কলেই এতিয়া
বাস্তৱত আপুনা আপুনি ভিতৰৰ পৰা sound
এটা আহে প্ৰাণজিৎ লাইক এটা কৰি দে

কৰবাত ভাল কথা এটা পঢ়িলেও একেই শব্দ
শ্বেয়াৰ option টো কত আছে??
কৰি দে !
কেনেবাকৈ নিজৰ ধুনীয়া ফটো এখন
দেখিলেও ভাৱ আহে
কৰি দিওঁনেকি বাৰু প্ৰফাইল পিকচাৰ ...
(like comment আৰু নতুন নতুন ফ্ৰেণ্ড
ৰিকুৱেষ্ট লাভ কৰাৰ হেপাঁহত ! )

হা হা !
বাৰু সেইবোৰ থাকক !
এতিয়া
বেলেগ এটা কথালৈহে আহো ...
কথা মানে এটা শব্দ
'ষ্টেটাচ ' ।

আগতে ষ্টেটাচ মানে বেলেগ
কি বুজিছিলো বাদ দিয়ক !
এতিয়া ষ্টেটাচ মানে হৈছে মনোৰঞ্জনৰ
খোৰাক,
জনপ্ৰিয়তা ,ন ন চিন্তা,প্ৰতিবাদ,বিতৰ্ক
ইত্যাদি অসংখ্য চিন্তাৰ ফচল আৰু
বৰ্হি প্ৰকাশ ফেচবুকৰ পৃথিৱীত ।
সেয়ে আহক চোন আজি
ফেচবুকৰ কেইটামান কমন ষ্টেটাচৰ
পৰ্যালোচনা কৰো ..!

(কোনেও যাতে বেয়া নাপায়
এইয়া মনোৰঞ্জনৰ অৰ্থেহে প্ৰচাৰিত
::-) )

(১)
good morning / good night friends ...
এই বিধ হৈছে fb ৰ আটাইতকৈ জনপ্ৰিয়
ছুটি তথা সাধাৰণ ষ্টেটাচ ।
লৰা ছোৱালী নিৰ্বিশেষে ইয়াৰ ব্যৱহাৰ
। যেন তেওঁলোকে সকলো বন্ধুৰ ৰাতি আৰু
দিনটো good কৰাৰ ঠিকা লৈ থৈছে ।
তেওঁলোকৰ এই ষ্টেটাচত হে যেন আমি গম
পাওঁ ৰাতি পুৱালে উঠিব হল ।
বা ৰাতি হৈছে শুই থাক গৈ যা ।
লাগিলে আপুনি যিমানেই দুখত থাকক
তেওঁলোকৰ good morning tagত আপোনাৰ সব
good হৈ যাব,
যাব মানে যাবই লাগিব অন্যথা তেওঁৰ
অভিমানী মেচেজ এটা পাবই
আপুনি যে "মোৰ ষ্টেটাচত লাইক কমেন্ট
নিদিয়ে
কিয় ?

থেংক ইও দেই fb ৰ এলাৰ্ম ক্লক ষ্টেটাচ
দিয়া সকল ।

(২) feeling alone...missing someone
এইবিধ ষ্টেটাচো প্ৰায়
লৰা ছোৱালী দুয়োবিধ
প্ৰাণীয়ে সমানেই দিয়ে ।
বিশেষকৈ ব্ৰেক আপ
কৰা জীৱবোৰে ইয়াক বেছি ব্যৱহাৰ
কৰে যদিও কোনো কোনো single মানুহেও
কৰা দেখা যায় । এৰা তেওঁলোকৰ বৰ দুখ
girlfriend ,
boyfriend এ এৰিলে বা নাইয়ে যেতিয়া
তেওঁলোকৰ নো কোন আছে ?
মাক দেউতাক ভাতৃ ভগ্নী বন্ধু
মাহী পেহীবোৰ জানো মানুহ ?
তেওঁলোকৰ লগত জানো সময় কটাব পাৰি !
নোৱাৰি কেতিয়াও নোৱাৰি...
তেওঁলোকে আছলতে আমাক বুজিয়েই
নাপাই ,
অলপো আমাৰ কথা নাভাবেই ,
care নলয়েই অলপো !
খালি জন্ম আৰু কষ্টৰে ডাঙৰ
দীঘলহে কৰিছে !
বুজিটো অকল সেই gf আৰু bf বোৰেহে পায়
সেইয়ে লাঠ মাৰি গল নহয়নে ?
হুহ !
এনে ষ্টেটাচত মোৰ যে
চকু পানীয়েই ওলাই যায়গে অ ইমান দুখ

(৩) i love zu...
pap...বেয়া !
i like pap... too much
zub... ফাল্টু,
হিন্দী গান গোৱাটো ভাল / বেয়া etc etc
হা হা এইবিধ ষ্টেটাচ বেলেগ
মজা লাগে দেখি । বিশেষকৈ ষ্টেটাচৰ
কমেন্ট বোৰ পঢ়ি আৰু এটা চিন্তা হৈ যায়
সঁচায়ে এওঁলোকৰ দুয়োজনৰ কোন ভাল কোন
বেয়া । কোনে বাৰু ভালকৈ গাই ।
সঁচাকৈয়ে দুয়োজনক ভাল পালে বাৰু
কিবা জগৰ লাগিব নেকি??
চিন্তাই হৈ যায়
আৰু ইমান গৱেষণাৰ বিষয় নে তেওঁলোক
বাৰু ।
হিন্দী গোৱা নোগোৱা ইমানেই
বিচাৰ্যৰ বিষয় তৰ্ক
কাজিয়া গালি গালাজৰ বিষয় নে??
...
শেষত ভাবো
ধুৰ
বাদ দিয়া হে !
কোনে কি কয়,
zg aru papon দুয়োৰে গান ভাল পাওঁ
দুয়ো অসম গৌৰৱ বাকী বোৰকো ভাল পাওঁ

মুঠতে গান ভাল গায় আৰু মোৰ কাম গান
শুনা গতিকে বাকী
বোৰ কথা বাদ দি শুনি থাকা বিন্দাছ মন
মোৰ উৰি গুচি যায়...
পাখি পাখি মোৰ মন ...

(৪)
add me frind ...i m block ...
please give me your request if u wanna be my
friend...
give me like then i will like back to your profile
picture.. etc etc
এইবিধ প্ৰাণী তামাম জিনিছ আৰু দেই!
বিশেষকৈ পুৰুষ
সমাজে বেছি কে দিয়ে এনেকুৱা status
আৰু comment,
ছোৱালীৰ ষ্টেটাচ আৰু ফটোৰ তলত ।
কিনো কম তেওঁলোকৰ জীৱনটোত
অক্সিজেন কম ,
লাইক ,ফ্ৰেণ্ড ৰিকুৱেষ্টেৰ আদিৰ
দ্বাৰাহে বেছি উ�শাহ
লোৱা দেখা যায় ।
খাওঁতে শোওঁতে অনবৰতে like বঢ়োৱা আৰু
চেনি খাবলৈ ছোৱালী friend বিচৰাৰ
ধান্দাত থাকে ...
এওঁলোকৰ পৰা সাৱধ�ানে থকাই ভাল


(৫) অন্যান্য ...
অন্যান্যত সময়ে সময়ে বিভিন্ন
চিন্তা কৰ্ষক মনোগ্ৰাহী ষ্টেটাচ
পোৱা যায় । বিভিন্ন তথ্য পোৱা যায়,
সঁচাকৈয়ে হাঁহিব পৰা ৰগৰ
আদি পোৱা যায় যিবোৰে আমাক বহু
পৰিমাণে fb ত বৰ্তি থকাত সহায়
কৰিছে লগতে । এই fb ৰ বাবেই বহুতো কবি,
অকবি আদিৰ সৃষ্টি হৈছে ,
ভাল বেয়া যিয়েই নহওঁক অসমীয়া
সাহিত্যৰ প্ৰতি অলপ মান
ধাউতি বাঢ়িছে । আগতে কিতাপৰ কটোও
নপঢ়াবোৰে অন্ততঃ কিবা ,এটা পঢ়িছে,
কোনোবাই নতুনকৈ হলেও লিখাৰ
চেষ্টা কৰিছে । সফলতা বিফলতা বাদ
অসমীয়া কেইবাখনো e megazine , blog
আদি ,
প্ৰথম�তে আৰম্ভ কৰা এনে অপৈনত
ষ্টেটাচৰে ফচল । বাতৰি আদিতো fb ৰ
লিখনি ওলাইছে কেইবাখনো কিতাপো ওলাইছে ।
সঁচাকৈয়ে এই বিভিন্ন ষ্টেটাচ বোৰৰ
এনে বহুতো যোগাত্মক প্ৰভাৱ
পৰাটো সঁচায়ে আদৰণীয় । আৰু
ৰাজনৈতিক সমালোচনাৰ
ষ্টেটাচে কেনে স্থান দখল কৰিছে fb ত
সেইয়া নকলেও হয় ।
যিয়েই নহওক ভাল ষ্টেটাচ
দিয়াটো আপোনাৰেই credit ...
সেইবুলি আনৰ ষ্টেটাচ copy paste নকৰিব
হলে দেই । চুৰি বিদ্যা মহাপাপ !
জয় fb জয়তু fb ষ্টেটাচ !
কৃষ্ণ !

--প্ৰাণজিৎ বৰুৱা
১১ মে ২০১৪


সেই ধুনীয়া ধুনীয়া ছোৱালীবোৰ ক'ত আছা বাৰু?

সেই ধুনীয়া ধুনীয়া ছোৱালীবোৰ ক'ত আছা বাৰু?

সেই ধুনীয়া ধুনীয়া ছোৱালীবোৰ ক'ত আছা বাৰু?
আহি যোৱানা কাষলৈ হেঁপাহ পলুৱাই মৰম কৰোঁ...

কি লাগিব কোৱা লেকমি ,এলি এইটিন ,অৰিফ্লেম?
কিহেৰে সজালে ভাল পাবা,কিমান গিফ্টতত নিলাম হব তোমাৰ প্ৰেম...?

আই টেন ,
চুইফট নে হায়াবুচা,, ঠাণ্ডাৰ বাৰ্ডত উঠি ভাল পাবা...
ছিকেন টিক্কা ,ভেজ চাও ,মম'
কোৱা কি কি খাবা...

কোৱা ক'ত যাবা গনেশ উদ্যান; পদুমনি; গান্ধী উদ্যান...!!
লৈ যাম,
অপলক তোমাক চাম,
হেঁপাহ পলুৱাই ফুৰিম
কথা হম দুবাহুত দুবাহু তুলি...
হাঁহিম প্ৰাণ খুলি ,
চিঞৰি চিঞৰি কম,
চা আজিৰ পৰা মইয়ো চিংগল নহয় বুলি ...

সেই ধুনীয়া ধুনীয়া ছোৱালীবোৰ ক'ত আছা বাৰু ??

চোৱাচোন
এফ .বি .খুলিবই নোৱাৰি দেখোন চাৰিওফালে সুন্দৰৰ ফুল...
ফুলি ৰয় অহোৰাত্ৰি ,
তাতে কত কিমান যে ভোমোৰা বিয়াকুল!
দুখ লাগে তাতেই
তোমালোকৰ কোনোৱেই যে খালি নহয় ,
কিয় বাৰু??

আচ্ছা কোৱাচোন !
আমি বোৰৰ চেহেৰা কি তমৰাজ কিলৱিছৰ নিচিনা নেকি,
নে
আমিবোৰ কোনো ফুট পাথৰ ভিক্ষাৰী অথবা কি
আমি কোনো ব্ৰহ্মচাৰী পুজাৰী নেকি হে,?
চাল্লা এগৰাকী !
এগৰাকীয়েও
যে জীৱনত লগ দিব খোজা নাই,
ধুইত
কেত�িয়াবা যে নিজৰ ওপৰতেই ধিক্কাৰ লাগি যায়,
নিজকে মাজে সময়ে ,
নালায়ক ,নিকম্মা ,ধৰতি কা বৌজ যেন হে লাগি যায়...

কিয় ,কিয় বাৰু এনে নহয় ?
আমি কাৰোবাক লৈ সপোন দেখিম,
কবিতা লিখিম,
মাতিম দেহা জান সোণ,
এনেকৈ মাতিবলৈ বাৰু কোনো নহয় কিয় হে আপোন ??

আমাৰ চিন্তাৰ ,আশাৰ,, সপোনৰ কি ক'তো অলপো ভেলুৱেই নাই ??
ধিক! জীৱন,
ধিক ! যৌৱন ধিক ! 

জানা?
মদ নাখাওঁ কাৰণ মদাহীক কোনোৱেই ভাল নাপায়,
চিগাৰেট নাখাওঁ কাৰণ চিগাৰেটৰ ধোঁৱা ধোঁৱা গোন্ধও ছোৱালীয়ে ভাল নাপায়,
বেয়া গুণ জনাত
তেনেকৈ বিশেষ নাই !
তথাপিও আমাৰ যে কতো
অলপ মানো পাত্তাই নাই...  ?

কিয়???

নোৱাৰি অ'
বুজিছা অকলে অকলে জীৱনটো থান ঠিত লগাব নোৱাৰিম !

পাৰিলে এবাৰ আহি চাবা,
এই নিৰস মানুহটোৰ জীৱনটোতো এভুমুকি মাৰি চাবা,

কিজানি পাইয়েই যাব পাৰা কেতিয়াও কতো নোপোৱা অলপ সুখ,
তুমি বিচৰা আটাইতকৈ ধুনীয়া চেহেৰাটো নাপালেও ,
পাই যাব পাৰা তোমাক মৰম দিব পৰা এক সহজ সৰল মুখ!

আহিবা !
তোমাক সদায়েই স্বাগতম,
বিষাদৰ গান বিৰহৰ কবিতা এনেকৈ কিমান লিখিম আৰু,

শেষ বাৰলৈ মাতিছো,

ধুনীয়া ধুনীয়া ছোৱালীবোৰ ক'ত আছা বাৰু?

আহি যোৱানা কাষলৈ,
এবাৰ হেঁপাহ পলুৱাই মৰম কৰোঁ...

আহি যোৱানা,
সেই ধুনীয়া ধুনীয়া ছোৱালীবোৰ ...     

--প্ৰাণজিৎ বৰুৱা
১ মে ২০১৪
দূৰভাষ  : ৯৭০৬১২৯৩৬৯


আশা...

("দাদা মানিবেগত কোন সেইজনী ..."--
জুবিন দাৰ এই গানটো শুনিলেই
ভন্তী বা এজনী খুব মিছ কৰো ।
এতিয়া তাকে শুনি পুৰণা অনুভৱ
এটা আকৌ অলপ নতুনকৈ লিখিলোঁ ।
i missed a sister too
much )

আশা...

যি লাগে তাকেই দিলোহেতেন ...
যদি খোজে কাজল;
যদি খোজে নেইল পলিছ;
যদি খোজে ৰিবন;
তেন্তে টেবুল
ভর্তি কৰি দিলোহেঁতেন ...
স্ন'; পাউদাৰ ;
পাৰফিউম ;চেম্পুৰে ভৰাই
তুলিলো হেঁতেন তাইৰ মেক আপ
বক্সটো ...!

তাই যদি ক'লেহেঁতেন মোৰ আজি মন
গৈছে বাহিৰত খাবলৈ ;
লৈ গ'লোহেঁতেন তাইক চাইনিজ
হাটলৈ ...

তাই যদি ক'লেহেঁতেন মবাইল এটাও
লাগিছিল ,
দিলোহেঁতেন আনি পকেট
খৰচকে ৰাহি কৰি ...
তাইৰ লগতেই পঢ়া টেবুলত
বঢ়ি বাৰে বিংকৰা কথা পাতিলোঁহেঁতেন
ঘণ্টা ঘণ্টা ধৰি !

তাইক সদায় কলেজত নমাই
দিলোহেঁতেন ...
তাইৰ লগৰ ছোৱালীৰ আগত
দাদা বুলি চিনাকি কৰাই দিওঁত
হয়তো এক্সটা গহীন
অকণমানো দিলোঁহেতেন ।

পইচাৰ নাটনিৰ সময়ত
তাইক খুজি ললোঁহেতেন কেইটামান
টকা ধাৰে ,
ভৱিষ্যতে সুতে মুলে দিয়াৰ
প্ৰতিশ্ৰুতিত!

কিন্ত্ত সেই ভৱিষ্যত
যে নাহে কেতিয়াও ,মোৰ লগতে
তাইয়ো জানিলেইহেঁতেন !

তাই বিচৰা হ'লেই দিলোহেঁতেন দিব
পৰা সকলোবোৰ...

তাইৰ অভিমান তোলাই তাইক জোকাই
চালোহেঁতেন,
তাইৰ
ছুলি টানি দৌৰি পলালোহেঁতেন...

তাই যদি বেয়া কাম কৰে তেন্তে শাসন
কৰি তাইক বুজালোওহেঁতেন ...

তাইক মৰমত জোকাই ৰং পাওঁতে তাই
অভিমানেৰে কোৱা 'নামাতো দাদা তোক !'
-- এই শব্দটো হয়তো বিৰাটেই ভাল
পালোঁহেঁতেন শুনি,
সদায় চাগে কেদবেৰী কিটকাটে মোৰ
জেপটোও হল হয় শুৱনি ।

দেওবাৰে মোৰ চাৰ্টবোৰ তাইক উলিয়াই
দিলোঁহেতেন ধুবলৈ
লগতে প্ৰতিটো চাৰ্টৰ
বাবে নিৰ্ধাৰিত দৰটো,
কোনো ৰাক্ষী বন্ধনতেই মোৰ দুহাত
উকা হৈ নৰল হেতেন
তাই থকা হলে হয়তো !

তাইৰ মন বেয়া লাগিলে মই সংগ
দিলো হয়,
মোৰ নিসংগতাৰ পলতো তাই সদায়েই
থাকিলে হয় !

যদি তাই থাকিলেহেঁতেন সচায়ে মই এই
সকলোবোৰেই কৰিলো হয় ,
এতিয়া কিদৰে কওঁ ;
কাক কওঁ...!
ভন্টি/ বা এজনী নথকাৰ বাবে কিমান
যে অকল শৰীয়া মই ...!!

© প্ৰাণজিৎ বৰুৱা
৯৭০৬১২৯৩৬৯


মই ঘোচ খামেই খাম তই কি কৰিবি ...?

মই ঘোচ খামেই খাম তই কি কৰিবি ...?

আপোনাৰ প্ৰাপ্য দৰ্মহাৰ বিল বনোৱাৰ নামত ,
আপোনাৰ লৰাৰ জাতিগত প্ৰমাণ পত্ৰ দিয়াৰ নামত ,
একাপ চাহৰ দাম লমেই লম !
আপুনি কি কৰিব ?

আপোনাৰ কাম অফিচত পেলাই ৰাখিম হাতত খমখমীয় হাজাৰ টকীয়া গুজি নিদিয়ালৈকে,

আপোনাক অফিচলৈ তাত বাতি কৰোৱায়েই থাকিম এখন এশ টকীয়া তামোল নুখুৱালৈকেয়ে...
আপুনি কি কৰিবহে ??

উহু নাছাওঁ,
আপোনাৰ বয়স কিমান ,
নাছাওঁ আপোনাৰ উপাৰ্জন কিমান ...
বাদ দিয়কহে ,
আপোনাৰ চিন্তাক্লিষ্ট মুখলৈয়ে নাছাও আমাৰ পকেট গৰম নোহোৱালৈকে ,
আপুনি কোন চিনিয়ে নাপাওঁ...
কিনো কৰিব আপুনি ??

ন' পাৰ্কিংত গাড়ী ৰখাই  দি দিয়ক এখন এশ টকীয়া ,
আমিয়েই আপোনাক চেলুট মাৰি দিম ...
টকা দুহেজাৰ গুজি দিয়ক, আপোনাৰ এবছৰে উলিয়াব  নোৱাৰা লাইছেন্স খন দুদিনতে উলিয়াই আনিম ...!

মাত্ৰ আপুনি আমাক সুখত ৰাখক,
আপোনাকো আমি সুখী কৰিম...!

খালী ,
আমি ঘোচ খামেই খাম আপুনি কি কৰিব  ?

আমি ঘোচ খালেও সকলোতেই আমাৰেই দিমান্দ বুজিছে,

ল'ৰা ছোৱালীক দিছো বিচৰা সকলোবোৰ ,
ভাতৰ লগত খাইছো ছশ টকীয়া জীয়া মাগুৰ !
লৈছো বিলাসী গাড়ী ,
দিছো বিভিন্ন অনুষ্ঠানত বৃহৎ অনুদান আৰু ...
আৰু
চাল্লা
আমিয়েই পাওঁ আটাইতকৈ বেছি সন্মান হে !
আমাক নো আৰু লাগে কি ?

বুজিছে ,
আপুনিও প্ৰতিবাদ কৰিবলৈ এৰক,
মেনেজ কৰিবলৈ শিকক...!

'এহাতে দিয়ক আৰু কামটো কৰি নিয়ক ...' -
--মানি লওঁক এই নীতি ,
আপুনিয়ো সুখী আমিও সুখী !

আপোনাৰ প্ৰতিবাদে আমাৰ নোম এদালো লৰাব নোৱাৰে ,
কাৰণ ,
আমি ঘোঁচ খোৱাবোৰেই এতিয়া সমাজত সংখ্যা গৰিষ্ঠ ...!

সেইয়ে ,
এতিয়াও মই চিঞৰি চিঞৰিয়ে কৈছো ,
আমি ঘোচ খামেই খাম আপুনি কি কৰিব ?

একো কৰিব নোৱাৰে...

-- প্ৰাণজিৎ বৰুৱা ।
ফোন নং -9706129369
কোঁৱৰ গাঁও
উত্তৰ লক্ষীমপুৰ ।


ভন্টি ডাঙৰেই হল...

ভন্টি ডাঙৰেই হল...

মই গমেই নাপাওঁ ,
ভন্টি ডাঙৰেই হল !

তাই আজিকালি
কাজিয়া নকৰাই হল ...

হি হি
তাই আজিকালি
মোলৈও লাজ কৰা হল ,
তাই লুকাই চুৰকৈ
কাৰোবাৰ লগত
ফোনত কথা পতা হল ...

তাই সঁচাকৈয়ে ডাঙৰ হল ।

ফুটুকী ফুটুকী ফ্ৰকৰ পৰিৱৰ্তে তাই
চুৰিজাৰ ,
কুৰ্ত্তা ভাল পোৱা হল ,

বুঢ়ী আইৰ সাধুবোৰ আজিকালি নুশুনে,
মোক কৰবালৈ লৈ যাবলৈ নুকুটুৰে,

তাই নিজেই যলৈ তলৈ যাব পৰা হল
তাই ডাঙৰ ডাঙৰ কথা বুজি পোৱা হল ...!

জানে?

তাই আজিকালি কিবা কিবি লিখেও
হেনো ধুনীয়াকৈ ,
কবিতাৰ
নায়কো আছে হেনো কোনোবা ...
ঘুনুক ঘানাকৈহে মই শুনা !

ভন্টি ডাঙৰেই হল...

তাই আজিকালি
মোক লৈ চিন্তাত পৰে হেনো ...

মই নিবনুৱা হৈ থকা দেখিলে
তাইৰো চিন্তা হয় বোলে ,
তাইয়ো মা দেউতাৰ দুখ বুজি পোৱা হল !

চেহ !
ভন্টি জনী ডাঙৰ হল,

বেয়া হল ...

হয়তো ,
মোৰ ভন্টি বেছিদিন নাথাকিব মোৰ
সৈতে ,
সোনকালেই শুনা পাম হয়তো,
কোনোবাই
মোক মাতিব ,

"দাদা আপোনাৰ ভন্টি আজিৰ পৰা আমাৰ
ঘৰৰ
লখিমী হল ...!"

ধেত...

কিয়নো বাৰু
ভন্টি ডাঙৰ হল অ' ??

--প্ৰাণজিৎ বৰুৱা
১০ জুন ২০১৪


এই পৃথিৱীত ৭ বিলিয়ন মানুহ আছে... কিন্তু মই তোমাকহে বিচাৰো ...

এই পৃথিৱীত ৭ বিলিয়ন মানুহ আছে,
কিন্তু মই তোমাকহে বিছাৰোঁ ...
...
     ১
সাগৰৰ মাছেও নুবুজে,
আকাশৰ চৰাইয়েও নুবুজে,
তুমি মোৰ বাবে কি হয় ?
সেইয়া নুবুজে কোনেও,

একমাত্ৰ ব্যতিক্ৰম
মোৰ
আলফুল হৃদয়...!

            ২

এহাতে এটা চুপাৰ কম্পিউটাৰ লোৱা,
এহাতে আইনষ্টাইন নিউটন কোনোবা এজনক বঢ়াই থোৱা,

হাজাৰ কেলকুলেচন  হাজাৰ ফৰ্মুলা লগোৱা,
মই নিশ্চিত কোনোৱে উলিয়াব নোৱাৰে এই হিচাপ,
কিমান ভাল লাগিলে হব পাৰে কোনোবা কাৰোবাৰ
একান্ত  ভালপোৱা ...!
  
...   ৩
ফুল বোৰ কিয় ইমান ধুনীয়া?
পাহাৰখন ইমান ওখ কিয়...
আকাশ খন ইমান বিশাল,
গছবোৰে কথা নকয় কিয়?

আছলতে...

সকলো কিয়ৰে
উত্তৰ নাথাকিবওটো পাৰে,
সেইয়ে নুসুধিবা
তুমিয়েই কিয় মোৰ প্ৰিয় ...?
...
              ৪
চাব নিবিচাৰো বৰ্ণিল ৰামধেনু,
নালাগে নাচাওঁ দিয়া
মনোমোহা গধুলিৰ স্নিগ্ধ  জোনাক ,
পাৰা যদি এবাৰ,
হাঁহি দিবা ,
হাঁহিলে সঁচাকৈয়ে অপূৰ্ব
ধুনীয়া  দেখি তোমাক ...!
...

ক্ৰমশঃ ...
বেছি অহংকাৰ নকৰিবা,

তুমিয়ো অলপমান ভাগ্যবানেই বাৰু...

যিহেতু
এই পৃথিৱীত ৭ বিলিয়ন মানুহ আছে 
আৰু

মই যে  তোমাকহে বিচাৰোঁ...!

--প্ৰাণজিৎ বৰুৱা ।
২৬/০৬/২০১৪