হৃদয় আৰু ৰক্তজবা ...
কি সাদৃশ্য !
দুয়োটাই ভীষণ ধুনীয়া ,
যথেষ্ট আলসুৱা ...
দুয়োটাৰেই ৰং ৰঙা বৰ্তমান...
দুয়োৰে প্ৰেমিক আছে,
মৰম কৰে ...
কেনেবাকৈ মোহাৰিলে
দুয়োটাই ভীষণ কষ্ট
পাই ...
পিছে একো কব নোৱাৰি
দুয়ো ,
মাথোঁ
অকলশৰেই ছটফটাই ... !!
হৃদয় আৰু ৰক্তজবা ...
কি সাদৃশ্য !
দুয়োটাই ভীষণ ধুনীয়া ,
যথেষ্ট আলসুৱা ...
দুয়োটাৰেই ৰং ৰঙা বৰ্তমান...
দুয়োৰে প্ৰেমিক আছে,
মৰম কৰে ...
কেনেবাকৈ মোহাৰিলে
দুয়োটাই ভীষণ কষ্ট
পাই ...
পিছে একো কব নোৱাৰি
দুয়ো ,
মাথোঁ
অকলশৰেই ছটফটাই ... !!
এনেকৈ কবলৈ থকাহেঁতেন ....
এনেকৈ কবলৈ থকাহেঁতেন ...
তুমি ক'লা ছাৰ্টটো নিপিন্ধিবা ভাল নালাগে ।
আৰু মোছ খিনি নাৰাখিবাছোন দেখি কেনেকুৱা লাগে !
তুমি ফিট হৈ বাইক খন চলাবা, তামোল কিয় খোৱা বেয়া বস্তু বোৰ নাখাবা ।
এনেকৈ কোনোবা কবলৈ থকাহেঁতেন ...
বিদ্যা আখৰে আখৰেই মানিলোহেঁতেন ।
''এবাৰ কৈ দিব মোৰ শপত চিগাৰেট নুচুবা !'
জিন্দেগী চিগাৰেটৰ ফটোও নাচাওঁ ।
এবাৰ যদি কলেহেঁতেন মদ নাখাবা !
মদৰ ছাঁটোও কোনোদিনে হাত নলগাওঁ ।
এনেকৈ কোনোবা কবলৈ থকা হেঁতেন,
চাল্লা মই চাগে আটাইতকৈ ভাল মানুহটো হৈ গলোহেঁতেন ।
তাই ধুনীয়া জনী হৈ আহি মোৰ আগত এটা এটাকৈ অভিমানেৰে তাইৰ আব্দাৰবোৰ কৈ গলহেঁতেন ,
আৰু মইয়ো বিনা প্ৰতিবাদে মানি গলোহেঁতেন ।
কিমান যে ভাল হল হয়...
যদি এনেকৈ কবলৈ কোনোবা থকা হলে,
পৃষ্ঠা পৃষ্ঠা যোৰা কবিতা লিখিলো হয় ,
জোন বেলি তৰা কোনো বাদ নপৰিল হেঁতেন !
তাইক তুলনা কৰিবলৈ হয়তো শব্দবোৰো কম হৈ পৰিল হয় ।
"মোক লৈ ইমান ধুনীয়া কবিতা নিলিখিবাছোন মই পাগল হৈ যাম !"
--কি যে অনুভৱ হলহেঁতেন
যদি সচাঁকৈ এনেকৈ কবলৈ কোনোবা থকাহেঁতেন ।
যদি মই ভাল হোৱাটো কোনোবাই সচাকৈয়ে বিচাৰে,
মোৰ বদ অভ্যাসবোৰ চাগে কৰ্পূৰ হৈ উৰি গলহেঁতেন ।
মোৰ জীৱনৰ প্ৰতি কাৰোবাৰ মায়া থকা হলে ;
বাইকৰ স্পীদ চাগে ভুলতো 80-90 নহলে হেতেন ।
ভোবোকাৰ হৈ নাথাকিলো হেঁতেন কোনোদিন ।
পিন্ধা উৰাতো দিলোঁহেঁতেন বোধহয় চকু ।
আইনা খনো তেতিয়া মোৰ প্ৰিয়ই হলহেঁতেন হয়তো !
জীৱনটো সজাবলৈ ভীষণ ব্যস্ত হৈ পৰিলোঁহেতেন চাগৈ ।
মই যে স্মাৰ্টো হৈ পৰিলোঁহেঁতেন তেতিয়া খুউব ।
এখন বেলেগ পৃথিৱীৰ বাসিন্দা হৈ মইটো
উৰিয়ে ফুৰিলোঁহেঁতেন ।
জানে ?
যদি সঁচাকৈয়ে এনেবোৰ কথা কবলৈ থকাহেঁতেন কোনোবা ,
মই সম্ভৱ,
সঁচা অৰ্থত
জীয়াই থাকিলোঁহেঁতেন !!
© প্ৰাণজিৎ বৰুৱা
২০ মাৰ্চ ২০১৪
আকস্মিক বক্তৃতাৰ বিষয় এটাৰ কৌতুহলী উপস্থাপন ।
বিষয় :- ''প্ৰে........মানে বাবা .$$..... $$ থুল্লু$''
এবাৰ আকস্মিক বক্তৃতা প্ৰতিযোগিতা এখনত ৰসৰামৰ ভাগত বিষয় এটা পৰিল । বিষয়টো 'প্ৰেম মানে বাবা ... কা থুল্লু "
ৰসৰামটো এনেবোৰ competitiont expert সিও আৰম্ভ কৰিলে তাৰ ভাগত পৰা topic টোৰ বিষয়ে কবলৈ । সি কি কৈছিল তাকে হুবহু ইয়াত লিখি দিলোঁ ...
"...
নমস্কাৰ মোৰ নাম ৰসৰাম,
আজি মোৰ ভাগত যি বিধ বিষয় পৰিছে তাক প্ৰথমেই সাষ্টাংগে প্ৰণাম ।
এইবিধ বস্তু বিৰাটেই ফেমাচ,
কিছুমানৰ বাবে ই ফাৰ্ষ্ট ক্লাছ কিছুমানৰ বাবে মাথোঁ বকৱাচ ।
এইবিধ বস্তুক আমি bombay ka laddu বুলিও কব পাৰো যি ইয়াৰ সোৱাদ পাই সিও পষ্টাই নোখোৱা জনেও পষ্টাই ।
ইয়াৰ হিন্দীত আখৰ হেনো ঢাই ,
যিমানেই আখৰ নহওঁক কিয় এই বস্তুটো তামাম হাই ফাই ।
ইয়াৰ প্ৰকাৰো আছে ভিন ভিন,
মাতৃ পিতৃ ভাতৃ ভগ্নী আদি বিভিন্ন সম্পৰ্কত পোৱা যায় ইয়াৰ চিন ।
মোৰ ভাগত পৰা বিষয়টো পিছে এইবোৰ সম্বন্ধৰ লগত সিমান খাপ নাখাই,
কাৰণ আজিকালি যে bf gf ৰ বাদে কোনোৱে হেনো কাকো ভালেই নাপাই !
নাপাওঁ বুলি জানিও পাম পাম কেতিয়াবা বুলি আশা কৰি থকাটোৱেই সেইটো ।
নাপালে হৃদয় খন ভাঙি দেৱদাস হোৱা বস্তুটোৱেই সেইটো ।
যাৰ বাবে সকলো বিসৰ্জন দিব পাৰি ,
যাৰ বাবে অকলেই সমগ্ৰ পৃথিৱীৰ সৈতে যুজিব পাৰি ।
যাৰ বাবে দুচকু থাকিও হৈ পৰে মানুহ অন্ধ,
যাৰ বাবে জান সোনৰ অধিকাৰী মানুহবোৰ হৈ পৰে এসময়ত ঠগ বা ভণ্ড ।
বনাব পাৰে পণ্ডিতক মূৰ্খ যি,
কামিলাক ধোদ ,
এলেহুৱাকো কামিলাও বনাব পাৰে সি।
তাৰ জহতেই হেৰুৱাই কোনো কোনোৱে নেম এন্দ ফেম ,
সি হৈছে পৃথিৱীৰ আটাইতকৈ জঘন্যতম গেম,
none other than সি ইজ one and only বকবাচ #প্ৰেম!
যি বনাব পাৰে পৃথিৱীৰ সকলো জ্ঞানীকেই এবাৰ হলেও উল্লু ,
সেই প্ৰেমৰেই অন্য এক নাম বাবাজী কা থুল্লু ।"
result : ভবামতেই প্ৰতিযোগিতা খনত ৰসৰামেই 1st prize
পালে আৰু দৰ্শকৰ এগালমান বাহ বাহো পালে ।
আমাৰো জ্ঞানৰ ভৰাল টনকিয়াল হোৱাত
আনন্দ মনেৰে গুচি আহিলো ।
(চাকৰি কৰি থকা সকলোলৈ ...)
যিমান যি হলেওঁ আপোনাৰ
এটা চাকৰি আছে...
আপুনি অসুখী মানিছো আপোনাৰ ধেৰ
টেনচন,
আপুনি পোৱা নাই সুখ,
পোৱা নাই জব চেটিছফেকচন,
তথাপি দুখ
নকৰিব
যিমান যি হলেওঁ
আপোনাৰটো এটা চাকৰি আছে!
এটা সৰুকৈ হলেওঁ 5 ফিগাৰৰ চেলাৰী আছে।
আপুনি কিনিব পৰা নাই ফৰ হুইলাৰ,
বনাব
বৰা নাই দুমহলীয়া মহঙা ঘৰ,
মানিছো আপুনি পূৰাব পৰা নাই পৰিয়ালৰ সমস্ত আব্দাৰ,
কিন্তু সেইবুলিয়েই দুখ নকৰিবছোন!
আপুনি লঘোণে থকা নাই এবেলাও,
ঘৰ নাই বাবেই ৰ'দ-বৰষুণত তিতিও থাকিব
লগা হোৱা নাই ।
গাড়ী নাই বাবেই
আপুনি খোজ কাঢ়ি যাব লগা হোৱা নাই
খালী ভৰিৰে দহ বাৰ মাইল বাট..
আৰু আটাইতকৈ ভাল কথা আপোনাৰ শৰীৰত
নাই সেই নিবনুৱা হোৱাৰ নিৰ্মম আঘাত!!
আপোনাৰটো এটা চাকৰি আছে
হয়তো আপোনাৰ লৰাক পঢ়াব পৰা নাই
আটাইতকৈ দামী বিদ্যালয় খনত,
দিব পৰা নাই
সি বিচৰা সকলো দামী খেলনা,
পিছে দুখ নকৰিবছোন,
সিটো লব লগীয়া হোৱা নাই হাতত ভিক্ষাৰ
জোলোঙা !
ৰাষ্টাৰ কাষৰ পলিথিন
বিচাৰি যাব লগা হোৱা নাই,
কোনো হোটেলৰ এৰেহা বাছনবোৰ
সি ধোৱা নাই ।
দুখ নকৰিব,
এনে বহুত মানুহ আছে যিবোৰ
আমি ভবাতকৈও বহুত দুখত আছে ,
কিন্তু তেওঁবিলাকো মৰা নাই ।
আপুনি কিয়
ভাগি পৰে তেন্তে কামৰ হেঁচাত,
কিয় মৰিম মৰিম লাগি যায়,
বচৰ গালিতেই কিয় হৃদয় খন ভাঙি যায়?
আপুনি কিয় ভাবি লয় পৃথিৱীত আপুনিয়েই
আছে সকলোতকৈ দুখত,
জানে
আপুনি আছে বহুততকৈ সুখত..!
কাৰণ আপোনাৰ কমচেকম এটা চাকৰি আছে ,
এটা কম পৰিমাণৰ হলেওঁ
চেলাৰী আছে ...
আপোনাৰ ডিগ্ৰীবোৰ পচি যোৱা নাই ,
আপুনি কাৰো মুখলৈ চাব লগা হোৱা নাই,
যিহেতু আপুনি ঘৰৰ বোজা হব লগাওঁ
হোৱা নাই,
গতিকে কাম কৰি সুখী নহলেও নাপাব
আঘাত,
মনত ৰাখিব নিবনুৱা নামৰ
অভিশাপটো নাই আপোনাৰ গাত,
যিমানেই যি হলেওঁ যে আপোনাৰ
এটা চাকৰি আছে,
অভাৱ পুৰালেও নুপুৰালেও
এটা যে চেলাৰী আছে,
আপুনি সুখী হব লাগে,
সুখী হওঁক !!
(c)প্ৰাণজিৎ বৰুৱা
২৫/02/২০১৪
ডালিয়া ফুল ফুলিছে,
বতাহত হালিছে,
ইমান ধুনীয়া...!!
জাননে ?
ধুনীয়া বোৰ দেখিয়েই
পৰো নপৰোকৈ ,
চেগা চেৰেকাকৈ,
তোলৈহে মনত পৰিছে ...!!!
এইয়া স্মৃতিৰ সকলোবোৰ পোচাক সোলকাই লৈছো,
কিজানি সুখী হব পাৰোঁৱেই !
বাহিৰত জোনাক!
জোনাকী পৰুৱাই জোনবাইৰ সতে লুকা ভাকু খেলি আছে
আৰু
তই বিচৰাৰ দৰেই মোৰ ফৰকাল হৃদয় খনত বেদনা বিশ্চেদৰ কলীয়া ডাৱৰে লুকা ভাকু খেলিছে ।
জান ?
এই প্ৰেমৰ পেন পেননি বোৰ শুনাৰো ইচ্ছা নাই কাৰো
আৰু মোৰ কোৱাৰোঁ ইচ্ছা নাই ।
এজন সচাঁ প্ৰেমিকে কোৱা এটি বাক্য মই এতিয়া মৰ্মে মৰ্মে বুজিছোঁ,
সি কি কৈছিল জাননে,
--"প্ৰেম হৈছে এটা থিয়ৰিটিকেলি ভাল লগা শব্দ,
প্ৰেক্টিকেলি কৰা বস্তু নহয়।"
--সচাঁ,সঁচা,সঁচা ১০০% সঁচা।
কবিতা কাহিনীহে প্ৰেমৰ বাবে উপযুক্ত ঠাই ,
আমাৰ বাবেটো ই এটা বকৱাচ শব্দ,
আমাৰ কোনো অভিধানতেই ইয়াৰ অস্তিত্ব নাই ।
ধুত কি যে কৈ আছো নহয়।
তই চাগে শুনি বিৰাট ভাল পাইছ ন?
এটাক প্ৰেমৰ মায়াজালত বান্ধি আথানি কৰিব পাৰিলোঁ বুলি ভাবি চাগে
উঠত বিয়পি পৰিছে তোৰ বিজয়ী হোৱাৰ হাঁহি।
মিছন চাকচেচ তোৰ?
হাঁ হাঁ ভুল ভাবিছ অ'
তই ।
তইতো ভাবিছিলি মই এতিয়া হাঁহিবলৈও পাহৰি যাম ,
দুখত দুবি কেৱল বিষাদৰ গান আওৰাম,
ৰাতি ৰাতি উজাগেৰে কটাই দুগাল বোৱাই গাৰু তিয়াম !!
ভাবিছিলিয়েই জানো তই,
খাটাং ভাবিছিলি তেনেকৈ,
আৰু একো ভুল ভবা নাছিলি তই, এইবোৰ সচাঁ হোৱাটো খাটাঙেই আছিল,
যদি
ৰাতিটো কটাবলৈ এটা ভাল লগৰী নাপালোঁ হয়,
তেন্তে ভবাৰ মতেই তোৰ মিছন চাকচেচেই হলহেঁতেন নিশ্চয়!
পিছে তই ভৱাৰ দৰেই জানোঁ সব সঁচা হবলৈ দিব পাৰি ?
নোৱাৰি নোৱাৰি !
এজনী বিশ্বাস ঘাটক সংগী হেৰুৱাইও মই পালোঁ এতিয়া মোৰ আটাইতকৈ বিশ্বাসী লগৰী!
যি অন্ততঃ তোতকৈ যথেষ্ট বিশ্বাসৰ পাত্ৰ !
এইয়া তাৰ ওচৰতে স্মৃতিৰ সকলো পোচাক সোলোকাই লৈছো ,
ভাল গুণবোৰ আতৰাই থৈছোঁ, আৰু দুখৰ গিলাচত এপেগ
সুখৰ মদ বাকী লৈছো
আৰু ?
?
ধীৰে ধীৰে মই সুখী হৈছো,
সুখী হৈ গৈছো,
হাঁ হাঁ !
মই সুখী হব পাৰিছো
চা হাঁহিবও পাৰিছো
হাঁ হাঁ...
উপসংহাৰ:- পুনশ্চঃ এটা কথা কম, নিচা হৈছে বুলি নাভাবিবি...
জািন ল প্ৰেমে মানুহক দুৰ্বল কৰে আৰু মদে কৰে সাহসী ।
সেয়ে সাহসী নহলেও দুৰ্বল কেতিয়াও নহবি,
শপত দিছো কেতিয়াও এই প্ৰেম চেম ৰ দৰে বকৱাচ লাফৰা বোৰত নপ�ৰিবি ।
--প্ৰাণজিৎ ১১/৩/১৪