Saturday, March 15, 2014

যিমান যি হলেওঁ আপোনাৰ এটা চাকৰি আছে...

(চাকৰি কৰি থকা সকলোলৈ ...)

যিমান যি হলেওঁ আপোনাৰ
এটা চাকৰি আছে...

আপুনি অসুখী মানিছো আপোনাৰ ধেৰ
টেনচন,
আপুনি পোৱা নাই সুখ,
পোৱা নাই জব চেটিছফেকচন,
তথাপি দুখ
নকৰিব

যিমান যি হলেওঁ
আপোনাৰটো এটা চাকৰি আছে!
এটা সৰুকৈ হলেওঁ 5 ফিগাৰৰ চেলাৰী আছে।

আপুনি কিনিব পৰা নাই ফৰ হুইলাৰ,
বনাব
বৰা নাই দুমহলীয়া মহঙা ঘৰ,
মানিছো আপুনি পূৰাব পৰা নাই পৰিয়ালৰ সমস্ত আব্দাৰ,

কিন্তু সেইবুলিয়েই দুখ নকৰিবছোন!
আপুনি লঘোণে থকা নাই এবেলাও,
ঘৰ নাই বাবেই ৰ'দ-বৰষুণত তিতিও থাকিব
লগা হোৱা নাই ।
গাড়ী নাই বাবেই
আপুনি খোজ কাঢ়ি যাব লগা হোৱা নাই
খালী ভৰিৰে দহ বাৰ মাইল বাট..
আৰু আটাইতকৈ ভাল কথা আপোনাৰ শৰীৰত
নাই সেই নিবনুৱা হোৱাৰ নিৰ্মম আঘাত!!

আপোনাৰটো এটা চাকৰি আছে

হয়তো আপোনাৰ লৰাক পঢ়াব পৰা নাই
আটাইতকৈ দামী বিদ্যালয় খনত,
দিব পৰা নাই
সি বিচৰা সকলো দামী খেলনা,
পিছে দুখ নকৰিবছোন,
সিটো লব লগীয়া হোৱা নাই হাতত ভিক্ষাৰ
জোলোঙা !
ৰাষ্টাৰ কাষৰ পলিথিন
বিচাৰি যাব লগা হোৱা নাই,
কোনো হোটেলৰ এৰেহা বাছনবোৰ
সি ধোৱা নাই ।

দুখ নকৰিব,
এনে বহুত মানুহ আছে যিবোৰ
আমি ভবাতকৈও বহুত দুখত আছে ,
কিন্তু তেওঁবিলাকো মৰা নাই ।
আপুনি কিয়
ভাগি পৰে তেন্তে কামৰ হেঁচাত,
কিয় মৰিম মৰিম লাগি যায়,
বচৰ গালিতেই কিয় হৃদয় খন ভাঙি যায়?

আপুনি কিয় ভাবি লয় পৃথিৱীত আপুনিয়েই
আছে সকলোতকৈ দুখত,
জানে
আপুনি আছে বহুততকৈ সুখত..!

কাৰণ আপোনাৰ কমচেকম এটা চাকৰি আছে ,
এটা কম পৰিমাণৰ হলেওঁ
চেলাৰী আছে ...

আপোনাৰ ডিগ্ৰীবোৰ পচি যোৱা নাই ,
আপুনি কাৰো মুখলৈ চাব লগা হোৱা নাই,
যিহেতু আপুনি ঘৰৰ বোজা হব লগাওঁ
হোৱা নাই,
গতিকে কাম কৰি সুখী নহলেও নাপাব
আঘাত,
মনত ৰাখিব নিবনুৱা নামৰ
অভিশাপটো নাই আপোনাৰ গাত,

যিমানেই যি হলেওঁ যে আপোনাৰ
এটা চাকৰি আছে,
অভাৱ পুৰালেও নুপুৰালেও
এটা যে চেলাৰী আছে,

আপুনি সুখী হব লাগে,
সুখী হওঁক !!

(c)প্ৰাণজিৎ বৰুৱা
২৫/02/২০১৪


No comments :

Post a Comment