Friday, October 27, 2017

ল'ৰালি

ল'ৰালি

পেটলৈ গ'ল বগৰী গুটি ,
লাগিল মোৰ ভয় ,
লগৰ বোৰে ক'লে
গুটিৰ পৰাই  পেটত গছ হয় ।

মিছা কথাত ঠেং ছুটি ,
বিদ্যা শপত খাই ,
বছৰে বছৰে ফেল হোৱাৰ ,
ভয়নো বাৰু কাৰ নাই ?

আমৰ ভিতৰৰ পোক গিলি,
সাঁতুৰাৰ পণ ললো ,
কল গছত ধৰি পুখুৰীত
কিন্তু
কিছু পানী খালোঁ ।

লেমৰ পোহৰত কল মটিয়াই ,
কিনো জানো আওৰালো ,
পুৱতি নিশা  আঁঠুৱাৰ ভিতৰত
পাই নিজকে 
আচৰিত হে হ'লো ।

ক'ৰবালৈ গলে গাড়ীত ,
আইনাৰ কাষৰ  চিটটো লাগে,
ভাবি  পাৰ নাপাওঁ
গছ পথাৰ ঘৰ বোৰ কেনেকৈ
বাৰু  পিছলৈ গৈ থাকে ।

চুৱা চুই , ফুট কলা ,
লুকা ভাকু বোৰ  খেলা ,
,সঁচাকৈয়ে  সেয়া যে এক
  সুৱৰ্ণৰ আবেলি বেলা  ।

আলহী আহিলে পাইছিলো কিমানযে
বুজাব নোৱাৰা
সুখ ,
যাওঁতে দি যায়  পইচা ,
থকা কেইদিনো যে প্ৰতি সাঁজতে
দেখিছিলো   মাংসৰ মুখ ।

ৰাতি হ'লে
শিয়ালৰ হোৱাত মুখৰ মাত হৰে ,
ফুট গধুলিতে পঢ়িব দিলে টোপনিয়ে
হেঁচি ধৰে ।

দেউতাৰ চাইকেলৰ মোনাটোলৈ ,
কিমান যে আছিল হেঁপাহ ,
নতুন বহী , কিতাপ পালে
,লাগিছিল কি উলাহ ।

সঁফুৰা , মৌচাক , জিজ্ঞাস, টিংকল আৰু
নতুন আৱিষ্কাৰ ,
আমাৰ বাবেই যে আছিল
আনন্দৰ বিপুল সম্ভাৰ ...

এৰি অহা সেই ল'ৰালি,
সঁচাই কিমানযে  ৰসাল ...
বুজাব নোৱাৰা স্মৃতিৰে
এতিয়া আমি ভাবনাতেই  উমাল...

✍✍প্ৰাণজিৎ বৰুৱা
২৭/১০/২০১৭

জন্ম ১৯/১১/১৯৯০ ( সম সাময়িক বন্ধু বোৰৰ হাতত । )

ফোন : ৭০০২৯০৪১৩১


Sunday, October 22, 2017

সফল আৰু অসফল মানুহ

পৃথিৱীত সফল আৰু অসফল দুই প্ৰকাৰৰ মানুহ আছে । দুয়োটাৰে মাজত পাৰ্থক্য কেইটিমান

1. সফল মানুহ বোৰে মনত ভবা কিবা এটা কাম আৰম্ভ কৰি দিয়ে

অসফল বোৰে কামটো আৰম্ভ কৰাৰ কথা ভাবিয়েই থাকে ।

2. সফল মানুহ বোৰে কামটোত FAIL হোৱাৰ কথা নাভাবে ,
অসফল বোৰে FAIL হলে কি হব সেইটো চিন্তাতে সময় কটাই দিয়ে ।

3. সফল মানুহ বোৰে মানুহে কি কব এইটো মন নকৰে ,

অসফল বোৰে সেই মানুহবোৰৰ কথা অলপ বেছিকৈ ভাবি থাকে ।

4 সফল মানুহ বোৰে প্ৰথমতে অলপ ঠেকা খাই ,
কিন্তু আকৌ চেষ্টা নেৰে...

অসফল বোৰে আনে ঠেকা খোৱা দেখি চেষ্টাই নকৰে ।

5. সফল মানুহ বোৰে জ্ঞান অৰ্জন কৰে অসফল বোৰেও কৰে ।

কিন্তু সেই জ্ঞানৰ  বাস্তৱত প্ৰয়োগ
মাত্ৰ সফল বোৰে হে কৰে ...

✍ প্ৰাণজিৎ বৰুৱা
© ভাল কথা সুস্থ চিন্তা  positive thinking


Saturday, October 21, 2017

ফেচবুকৰ ছোৱালী...

ফেচবুকৰ ছোৱালী...

তাই ফেচবুকৰ ছোৱালী ,
চেলফী কুইন , অপেছাদাৰী মদেল
যিকোনো নাম দি মাতিব পাৰে আপুনি ।

তাইক আপুনি দেখিব যতে ততে ,
যিহেতু
দি এছ এলাৰ বোৰে বিচাৰি ফুৰে তাইক ,
সকলো সময়তে ,

সৰস্বতী পূজা, বিবাহ অভ্যৰ্থনা , পিকনিক , কলেজৰ বাট ,
সকলোতে তাইৰ বিশেষ ভংগীমা ,
যিকোনো ভাজতে তাই  কিন্তু  সঁচাই বৰ ধুনীয়া ।

তাইৰ মাহেকত কেইটিমান টকা
বেছিকৈ যায় নতুন পোছাকৰ নামত ,
যিহেতু তাই চৌখিন ,
সেয়া দেখা যায় তাইৰ নতুন চিলেক্টিভ সাজত ।

তাই  চুলি বোৰ ষ্ট্ৰেইট কৰে,
বেয়া নালাগে ,
ব্লেক দ্ৰেছত তাইক ভালকৈ  শুৱাই পৰে । 

আপোনাৰ চিনাকি ,
তাইৰ হাঁহি ,
আপোনাৰ চিনাকি তাইৰ এটিটিওদ ।
কিবা চেলিব্ৰেটি চেলিব্ৰেটি ,

তাই প্ৰতিখন   ফটোতে 1k প্লাছ লাইক গোটাই,
সেয়ে তাই অহংকাৰী অলপ ,
হোৱাটোৱেই স্বাভাৱিক ।

তথাপি ,
তথাপি
ভাল লাগে আপোনাৰ তাইৰ সকলোবোৰ ।
তাই কিবা এটা কলেই  সেয়ে
আপুনি ৰৈ থাকিব নোৱাৰে ,
সন্মতি প্ৰকাশ কৰি কমেন্ট কৰে ।
তাই প্ৰত্যুত্তৰ নিদিলেও ধৰি  নাথাকে ।

তাইৰ ফটো আহিলেই আপোনাৰ হাতখন আপোনা আপুনি দৌৰ মাৰে লাইক অথবা ৰিয়েকচন এটা দিবলে ।

সেয়া চাই লওক চিনাকি মুখ খন ,
আহিলেই ,
হাত বাউলি মাতিলেই ...

এই কথাখিনি পঢ়ি থাকি সময় নষ্ট কিয় কৰে,

সময় বোৰ বৰ মূল্য বান ।
আপোনাৰ লাইক কমেন্ট বোৰ তাইৰ বাবে অম্ল জান ।

তাই দেখাই সুখী
আপুনি চাই সুখী ।

এইয়াই যে সুখ ,
সকলো সুখৰ কাৰক ,
আপুনিও বাকক ,

নৰব

দিয়ক মৰম প্ৰাণ ঢালি ,
কৈ যাওক প্ৰাণ খুলি,

ফেচবুক খন যে একমাত্ৰ ভাল লগা তোমালোকৰ বাবেই
...
অ  আমাৰ  ফেচবুকৰ ছোৱালী !!


প্ৰাণজিৎ বৰুৱা
২১/১০/২০১৬


Thursday, October 19, 2017

ফুচকা

ফুচকা ফুচকা...

এই দৌৰ মাৰি আহি ৰৈ দিলা,
দীঘল উশাহ এটা টানি
কাগজ খিলা আজুৰি অনাৰ দৰে আনি ,
জ্বলা বেছি আৰু পানী বেছি দিয়াৰ আব্দাৰ কৰি দিলা...

কিয়??

ইমান ভালপোৱা ...
ইমান ভাল লাগে...!!

আস
হিংসাই লাগি যায়,
ফুচকাৱালাৰ প্ৰতি তোমালোকৰ দুৰ্বলতাবোৰ
দেখি,

সঁচাই কওঁ,
তোমালোকৰ বাবেই সন্ধিয়াৰ কে বি ৰ'দৰ
চাৰি আলিত ফুচকা বেছি থাকিবলৈহে
কিবা
মন যায় ...!

ভীষণ পজেজিভ হৈ পৰো...

আস
কি ভাগ্য তাৰ ,
সেই খিল খিল কৰি হৃদয় জুৰোৱা
চহৰ কপোৱা হাঁহি বোৰ  শুনাৰ ...

কি ভাগ্য তাৰ
সেই তোমালোকৰ আউসী ক'লা
ছুলি বোৰৰ ছান ছিল্ক ছান ছিল্ক সুবাসত
মতলীয়া হৈ পৰাৰ ...

মোৰ সন্দেহ হয়
সি বাৰু
সক্ষম  নে ইমানৰ মাজতো
ফুচকাৰ সঠিক হিচাপ ৰখাৰ ...!

(মোৰ দেখোন তোমালোকৰ দৰে ধুনীয়া ছোৱালী বোৰ ওচৰলৈ আহিল মাত কথা
উশাহ সকলোবোৰ বন্ধ হৈ পৰোঁ যেন কৰে ...!)

কেতিয়াবা
মোৰ এনে লাগে
সন্ধিয়াৰ লখিমপুৰ চহৰলৈ ভাল লগা বোৰ নামে ,
ধুনীয়া ধুনীয়া ছোৱালীবোৰৰ আগমন ঘটে,
কেৱল,
কেৱল মাত্ৰ এই ফুচকাৰ বাবে...!!!

আস ৰ'দ বৰষুণ একাকাৰ,
ফুচকাৰ বাবে ইমানেই বেছি আব্দাৰ ...

বেয়া নহয়
ফুচকাৰ বাবেই পোনপটীয়াকৈ অথবা
আওপকীয়াকৈ
আমাৰ  বহুত ভাল লগা সোৱাদ.

সেইবাবেই ফুচকা
তোমাক চালাম

ফুচকা জিন্দাবাদ ...!!!

--প্ৰাণজিৎ বৰুৱা
১৯/১০/১৫


Wednesday, October 18, 2017

এগিলাচ কুঁহিয়াৰ ৰস আৰু দুটা স্নেপচট

এগিলাচ কুঁহিয়াৰ ৰস আৰু
দুটা স্নেপচট

(১)
কুঁহিয়াৰ বেপাৰী জনৰ পৰা কুঁহিয়াৰ ৰস খাবলৈ ডেকা ল'ৰা দুটা বাইক ৰখাই ৰ'ল।  বেপাৰী জনে  দুয়োকে দুগিলাচ আগবঢ়াই দিলে দুই মিনিটৰ ভিতৰতে ।  একে সময়তে সাত   আঠ বছৰীয়া ল'ৰা এটাই কুঁহিয়াৰ বেপাৰী জনলৈ চাই আছিল ,আশাৰে । সম্ভৱ মন গৈছে তাৰো । অলপ ৰৈ এবাৰ সি মাকক মাতিও আনিলে । সিহঁত হয়তো অসমীয়া নাজানে । সম্ভৱ জনজাতিয় লোক  । মাকে সুধিলে কিতনা হে । ২০ টকা বুলি কোৱাত মাক আঁতৰি গ'ল । কিন্তু ল'ৰাটো তাতেই ৰ'ল । তাৰ মন যে খুউব বেছি গৈছিল সেয়া দেখিলেই বুজিব পাৰি   । কুঁহিয়াৰ ৰস খাই  থকা ডেকা জনে  সকলো লক্ষ্য কৰি আছিল ,বেপাৰী জনক উদ্দেশ্যি সি এইবাৰ  ক'লে দাদা আৰু এগিলাচ দিব । বেপাৰী জনে আগবঢ়াই দিয়া কুঁহিয়াৰ গিলাচ ডেকা জনে লৈ এইবাৰ হাঁহি মুখেৰে সৰু ল'ৰাটোলৈ আগবঢ়াই দি ক'লে খোৱা । সি কুঁহিয়াৰ গিলাচ লৈ লগালগ ওচৰতে থকা তাৰ মাক হঁতৰ ওচৰ পালেগৈ
মাক আৰু লগতে থকা , তাৰ হয়তো দাদাক আৰু বায়েক হঁতে সুধিলে ক'ত পালে কোনে দিলে ।

বাইক খন চলাই যাবলৈ ওলোৱা ডেকা জনে কিন্তু শুনিলে

"ৱ বাইক বালা ভাইয়া নে দিয়া !

লগতে সি দেখিলেও

একে সময়তে মাক পুতেক জীয়েক হঁতৰ কিবা এটা হঠাৎ লাভ কৰা  মুহূৰ্তত মৰা সেই নিৰ্ভেজাল   সৰল হাঁহি খিনি ...

(২)

হাঁহি এটা বুকুত বান্ধি তাৰ তিনি ঘন্টাৰ পিছত ঘৰলৈ বুলি উভতা একেজন ডেকাই এইবাৰ তাৰ বাইক খনত সৰু সমস্যা এটাই দেখা দিয়াত , মটৰ গাড়ী  ভাল কৰা গেৰেজ এটাত সোমাল । গেৰেজ টোত মুঠ তিনিজন মানুহ । ব্যস্ত হৈ আছে । তাৰে পৰা মুখ্য মেকানিক জনে সকলো কথা শুনি তাৰে আন এজনক কলে ঠিক কৰি দিবলৈ  । মুল মেকানিক জনৰ ব্যৱহাৰ খুউব ভাল নম্ৰ ভদ্ৰ । কিন্তু  বাইক ভাল কৰা জন যেন অলপ গোমোঠা ।  কথা বৰ বেছিকৈ নকয় ।  হাঁহি নাই যেন বৰ দুখী হৈ আছে এটা অন্ধকাৰ অতীত এটা ৰূঢ় বাস্তৱ  ককঢ়িয়াই ফুৰিছে তেনেকুৱা লাগিল । যথা সময়ত । ভাল হল বাইক ।  ডেকাৰ আকৌ খুউব পিয়াহ লাগিছিল । কিন্তু পানী নাই ওচৰত । তেনেতে দুজন মানুহে কুঁহিয়াৰ ৰস বনোৱা গাড়ীখন লৈ ঘৰলৈ বুলি গৈ আছিল । এইবাৰ সি মানুহ দুজনক ৰখাই কুঁহিয়াৰ ৰস দিবলৈ কলে । ডেকাই এগিলাচ খাই কি ভাবি জানো আৰু তিনি গিলাচ দিবলৈ কলে । আৰু সেই খিনি এইবাৰ কাম কৰি থকা তিনি জনক দিলে নিজেই ।  তেওঁলোকেও লৈ খালে । সম্ভৱ কামৰ মাজত অলপ শক্তিও পালে  ।
ডেকা এইবাৰ যাবলৈ ওলাল  ,সকলোকে মাত দিলে  ,আহিছো  দেই  তেতিয়াই  ডেকাক আচৰিত কৰি এইবাৰ সেই গোমোঠা মেকানিক জনে সম্ভৱ প্ৰথমবাৰৰ বাবে যেন  হাঁহি এটি মাৰি কৈ উঠিল দাদা যাওক কিবা থাকিলে আহিব ।

কথা খিনিয়ে ডেকাক খুউব সুখ দিলে । 
ডেকাই কুঁহিয়াৰ ৰসতকৈও সেই হাঁহি দুটাৰ সোৱাদ যেন  বেছি মিঠা পালে ।  সেয়া বুজাব নোৱাৰি অনুভৱ কৰিব হে পাৰি হয়তো । ডেকাই অনুভৱ কৰা এই সুখ  আপুনি আমিও লৈ চাব পাৰোঁ ... ইচ্ছা কৰিলে ,
নোৱাৰো নে ? হাঁহি এটা বিয়পাই দি লাভ কৰি পোৱা এনে মাদকতা  আমিও.. নিশ্চয় পাৰিম ☺❤

✍প্ৰাণজিৎ বৰুৱা
১৭/১০/১৭


Thursday, October 12, 2017

ভাল লগা কথা কেইটামান

আজিৰ দিনটোত শ্ৰদ্ধাৰ উপায়ুক্ত Debeswar Malakar মহোদয়ৰ পৰা শুনিবলৈ পোৱা কেইটামান ভাল লাগি যোৱা বাণী ...

১.  সফল ব্যক্তিত্বৰ বাবে প্ৰথম স্বৰ্ত যি কোনো ক্ষেত্রতে  অসফলতাৰ বাবে আনক দোষাৰোপ নিদিবা ।

২.  তোমাক কোনোবাই তেতিয়ালৈকে দুখী কৰি তুলিব নোৱাৰে যেতিয়ালৈকে তুমি দুখটো নিজে  গ্ৰহণ কৰিবলৈ সন্মত নোহোৱা ।
আমাৰ জীৱনত লাভ কৰা প্ৰায় বোৰ অসন্মান আমি নিজেই আদৰি লোৱাৰ বাবেহে হোৱা  ।

৩.  শাৰীৰিক বা মানসিক বাধা গ্ৰস্ত জন অক্ষম নহয় ,
অক্ষম  সেইজন হে যিজনৰ  মনত অক্ষমতা সোমাই থাকে ।

৪. আমাৰ পৃথিৱীলৈ আহোঁতে সকলো মানুহকেই ভগৱানে কিছুমান  ৰঙীন টোপোলাত কিছুম�ান উপহাৰ দি পঠিয়াই  যদিও দুখৰ বিষয় আমি বেছি সংখ্যকেই তাৰ বেছিভাগ টোপোলা নুখুলাকৈয়ে জীৱন পাৰ কৰি দিওঁ ।

৫. জীৱনৰ লক্ষ্য ডাঙৰ হব লাগে,
সৰু লক্ষ্যক অপৰাধ বুলি গন্য কৰা হয় ।

৬. তুমি কোনোবা এটা কামত সফল হবলৈ হলে কামটো সম্পূৰ্ণ কৰাৰ দৃঢ়তা মনত বান্ধি লব লাগিব ।

৭. সফলতাৰ কোনো ছুটি পথ নাই । কোনোবাই যদিও কিবা চমু পথেৰে সফল হব পাৰিছে তেন্তে সেয়া ক্ষণস্থায়ী ।

৮. এই পৃথিৱীত যদি এদিনো জীৱনত কেতিয়াও  কোনো সমস্যা নোহোৱা মানুহ কোনোবাই লগ পাই তেন্তে সেই মানুহজন সংগ্ৰহালয়ত থকাৰ যোগ্য ! ☺

৯. মানুহৰ চকুৰ সন্মুখত সদায় দুটা পথ থাকে । এটা বন্ধ এটা খোলা । লক্ষ্য পাবলৈ সক্ষম হোৱা মানুহ বোৰ ইতিবাচক তেওঁলোকে খোলা বাটেৰে বাট লয় আৰু নেতিবাচক সকলে লক্ষ্য নোপোৱাৰ বাবে বন্ধ পথটোৰ অজুহাত লয় ।

  ১০.  যদি কোনো কামত  সততা থাকে আৰু সেই কাম সফল কৰোঁতে যদি দহ খোজৰ প্ৰয়োজন হয় তাৰে ন খোজত ভগৱানেই যি কোনো প্ৰকাৰে  সহায় কৰিব ।

কথাখিনি বহুত দিনলৈ বুকুত বান্ধি লৈ ফুৰিম । মনটো সবল হব ।

ধন্যবাদেৰে
প্ৰাণজিৎ বৰুৱা
৩/১২/২০১৬


বাকৰ বচন ( হগা বিশেষ :P)

বাকৰ বচন ( হগা বিশেষ :P)

(১)
নোম টেঙৰক ঠগা আৰু নিজৰ লেট্ৰিনত হগাৰ
সমান নাই  ক'তো মজা !

(২)
ভগা হওক চিঙা হওক মোৰ লেট্ৰিনৰ চালি ,
শান্তি পাওঁ মাথোন কৰি  মই
  ইয়াতে পেট খালী !

(৩)

সুখ নাই সুখ নাই যাৰ বেয়া লিভাৰ ,
অহা যোৱা কৰি তেওঁ নাপায় যে পাৰ ।

(৪)

অতি বেয়া হলেও সহ্য হব সেই
সুবাস  যদি পায়খানা হয় নিজৰ ,
কিন্তু একেই সুবাস যদি আনে এৰা হয় ,
সিটি হয় বৰ ভয়ংকৰ :D

(৫)
হাগি উঠি  সুখ সেই কেইজনেহে পাই ,
যি ভীম বানানা , কাছ বানানা  খোৱা নাই
আৰু
জীৱনত যাৰ
কেতিয়াও  পাইলচ হোৱা নাই । ;)

প্ৰাণজিৎ বৰুৱাৰ দ্বাৰা বিৰচিত আৰু প্ৰচাৰিত ☺
কপি কৰাৰ পৰা বিৰত থাকিব নহলে এনেকুৱা শাও দিম ,
ৰাতিপুৱা অনলি টু পিছ হে ওলাব তাকো ঘাম বাহিৰ হৈ যাব :P