Friday, February 24, 2017

স্নেপছট

স্নেপছট

(১)

তিনিটা লৰা বয়স খুউব বেছি দহ বছৰ ,
মোৰ কেমেৰাই ঢুকি পোৱা দুৰত্বত অৱস্থান ,
তিনিওটাৰ মুখত তিনি ডাল বিড়ি ধোঁৱা উৰুৱাৰ উৎসাহ ।

আস !
এনে এটা
শৈশৱ দেখোন  মোৰ বাবে  কল্পনাৰো অগোচৰ ,
আপোনা আপুনি উলাই আহিল
এটা তপত হুমুনিয়াহ ।

(২)

শ্ৰেণী কোঠাত ২৫ জন লৰা ছোৱালী ,
সকলোৰে দুভৰি খালী ,
এযোৰ চেণ্ডল সিহঁতৰ ভাগ্যত নাই ,
ঘৰত ভতিজাৰ ফৰমাইছ ,
স্কুলত ফ্ৰাই দে চেটাৰ দেৰ বাবে হোৱাইট শ্বু আৰু এযোৰ লাগে ...

নাই
একেখন পৃথিৱীতে একে দৰে জীয়াই থকাৰ
সমতাৰ  অধিকাৰ সকলোৰে নাই ।

(৩)

ৰাস্তাত দুটা কেঁচুৱা ।
এটাই খোজ কাঢ়িছে যেনেতেনে ।
এটাই চুচৰিব পৰাই নাই ।
খোজ কঢ়াটোৱে কেকাই গেঠাই ইটোক কোচত লৈ নিচুকাই  ।
মাকে কাম বিচাৰি যায় ,
দেউতাকে জুৱা খেলিবলৈ ।

জন্ম দিব পাৰিলে বুলিয়েই জানো এনেকৈ জন্ম দিয়াৰ অধিকাৰ আপোনাৰ ।

নিৰক্ষৰতাত ডুবা জন বিষ্ফোৰণত কোঙা অসমৰ  বস্তি বস্তি গলি গলিয়ে  ছোমালীয়া সদৃশ এনে  দুৰ্ভিক্ষতাত সকলো অসহায় ।

প্ৰাণজিৎ বৰুৱা
২৪/০২/২০১৬


মা মই ধুনুৱে কৈছো ...

মই ধুনুৱে কৈছো ...

মা , তুমি বজাৰলৈ গৈছা ,
মোলৈ কিন্দাৰ জয় আৰু দেইৰি মিল্ক এটা আনিবলৈ  কিন্তু নাপাহৰিবা   ...
চোৱা মা স্কুলৰ পৰা আহিয়েই    তুমি কোৱা মতে মই ,
হ'মৱৰ্ক বোৰো শেষ কৰিলোঁ,
মা চোৱা , তুমি অহাৰ আগতেই মই ইউনিফৰ্ম যোৰো সলালো,
মা , তুমি সোনকালে আহিবানে ?
মোৰ ভাগৰ লাগিছে , ভোকো লাগিছে ,
মই অলপ শুই লওঁ দেই মা...

মা তুমি আহি মোক দেখি যে কিমান ইচ আছ কৰিবা নহয় ,
মোৰ ধুনু কেনেকৈ শুই গ'ল,
ধুনু উঠা চোন , কিবা এটা খাই লোৱা ,
ধুনু কি আনিছো চোৱা ,
কিমান যে ভাল লগা এই মৰম লগা কথা বোৰ ,
কিমান মৰম আকলুৱা মই তোমাৰ,
নহয় ?

মা তুমি হয়তো নাজানা তুমি নথকা সময় বোৰ মোৰ মনটো বৰ বেয়া লাগি থাকে ,
তুমি আহিবা আহিবা বুলি কাণ খন আৰু চকু কেইটা অনবৰতে সজীৱ হৈ থাকে...
" ধুনু কি কৰিছা ?
ক'ত আছা মই আহিলো নহয়" বুলি শুনিলে যে মোৰ ভোক পিয়াহ সকলো নাইকিয়া হৈ যায় মা জানা ,
তেতিয়াই তোমাৰ বুকুত সোমাই শুই পৰিবৰ মন যায় ...
তুমি আঙুলিৰে চুলিত হাত ফুৰাই দিয়া সময় খিনি
যেন ধৰি ৰাখিম সদায় ,
এনেকুৱা লাগে মা ...

আই লাভ ইও মা ...

মা , বাহিৰত ইমান হুলস্থুল শুনিছো ,
তুমি ক'ত আছানো ?
মোৰ ভয় লাগিছে মা , ইমান  ৰাতি হ'ল ঘৰত  তুমিও নাই ,
পাপাও নাই , বাহিৰত ইমানবোৰ মানুহৰ মাত ...
মা মোৰ সঁচাকৈয়ে ভয় লাগিছে ....

মা মোৰ বুকু খন বিষাইছে ,
মা মানুহবোৰে দুৱাৰত ঢকিয়াইছে কি কৰোঁ মই ,
না তুমি নহালৈকে নোখোলো দেই মই ,
তুমিয়েই টো কৈছিলা ,
সকলো  মানুহ  ভাল নহয় ,
মই নহালৈকে ,
" ধুনু দুৱাৰ খোলা ! "বুলি নোকোৱালৈকে কাকো খুলি নিদিবলৈ তুমি মোক সিদিনাও কৈছিলা... না নোখোলো মই ...!!! নোখোলোঁ !!!

মা বাহিৰত সেয়া কাৰোবাৰ চিনাকি মাত ,
মা হয় সেয়া পাপা , পাপাই চিঞৰিছে কিয় ,
নহয় , পাপাই কান্দিছে , মা কি হৈছে পাপাই কান্দিছে কিয় ...

কি হৈছে মা , মোৰ হাত ভৰি শিল হৈ পৰিব এতিয়া,
কিবা এটা হৈছে , সকলোৱে কান্দিছে দেখোন ...

মা মই দুৱাৰ খুলি দিওঁ দেই ,
পাপাৰ কিবা হৈছে চিঞৰি চিঞৰি কান্দি আছে ....

মা !!!!

তোমাৰ কি হ'ল , শুই আছা যে কিয় ইমান ঠাণ্ডাত বাৰাণ্ডাত ,
মা চাওঁ উঠা ,
ইয়ে  কি !!
এইবোৰ দেখোন তেজ  ,
মা তুমি দুখ পালা ?
মা কি হৈছে তুমি নামাতা কিয় ,

মা মা তোমাৰ গাটো ইমান চেঁচা কি হৈছে ,
কিবা এটা কোৱা , মা মই ধুনু ,
মই ধুনুৱে কৈছো মা উঠা আকৌ ...

...
.....
........

কি হ'ল ধুনু চিঞৰিছা কিয় মই ওচৰতে আছো ধুনু কিবা বেয়া সপোন দেখিলা নেকি ?
লোৱা পানী এগিলাচ খাই লোৱা ...

মা তুমি আছা , অহ ভগৱান, !!!
মা মোক সাৱটি লোৱা , মা মোক মৰম কৰা , মোৰ মুৰত হাত বুলাই দিয়া মা :* মা মই ধুনুৱে কৈছো মই আজি তোমাৰ বুকুৰ মাজতে টোপনি যাম !:: ❤❤❤

✍প্ৰাণজিৎ বৰুৱা
২৪/২/১৭