জীয়াই থাকিবলৈও কিবা এটা লাগে ...
জীয়াই থাকিবলৈও কিবা কিবি একোটা লাগে ...
নহয় ??
বৰষুণৰ বতৰত ফুচকা খোৱা,
কলেজ তিনিআলিত ৰৈ জিনচ টপ ,চুৰিযাৰ , লেগিংছ পিন্ধা পখিলা বোৰ চোৱা,
লুকাই চুৰকৈ হলেওঁ ফ্লেক ,মেন্থল আদিত চুমুক এটা দিয়া...
এনেকুৱা ধৰণৰ কিবা নহয় কিবা এটাৰ হলেও প্ৰয়োজন ...
নহয় ??
জীৱন জীৱন বৰ অনুপম ...
অনুপম ...!
এই সৌন্দৰ্য বোৰ বিচাৰি উলিয়াবলৈও এটা উদ্যম লাগে ...
কোৱা শুনো
বিচাৰিব জানিলে...
জংঘলতো সঞ্জীৱনী পায়,
বুটলিব জানিলে সাগৰ তলিটো মুকুতা পায়,
মাথোঁ লাগে এটা বাসনা...
কিবা এটা পোৱাৰ,
লাগে এটা সপোন
কিবা এটা হোৱাৰ...
উৰুখা জুপুৰিত থাকিও
তৰাৰ সতে কথা পাতিব পাৰি,
কোনো ৰঙা নীলা লাইটৰ
অবিহনেওতো জোনাকক সখী পাতিব পাৰি...
মাথোঁ লাগে হেনো
এযোৰ নতুন চকু
সকলোবোৰ
সুন্দৰকৈ চোৱাৰ...
মুঠতে জীৱনটো কটাবলৈ জীয়াই থাকিবলৈ কিবা এটা লাগে...
পাৰিলে আপুনিও বিচাৰি লওঁকচোন আপোনাৰ প্ৰয়োজন...
মৃত্যুলৈ বাট চোৱাৰ উপৰিও
জীৱনত কৰিব লগীয়া বহুতো উপভোগ্য কাম আছে ...
আহকচোন
সেই জীৱনৰ কিবাটো বিচাৰিয়েই ,
আৰম্ভ কৰো জীৱন উদযাপনৰ এক নৱ আয়োজন ...
আছলতে সংগ্ৰাম কৰিবলৈ...
জীয়াই থাকিবলৈ
আশা হেঁপাহ উৎসাহ স্ফুৰ্তি আদিৰ নিচিনা ...
সঁচাকৈয়ে লাগে অ কিবা এটা...!
--প্ৰাণজিৎ বৰুৱা
১২ আগষ্ট ২০১৪