Monday, June 29, 2015

NORTH Lakhimpur College ৰ গনিতজ্ঞ সকল

আমি স্নাতক প্ৰথম বৰ্ষত(২০১০-২০১১) পঢ়ি থাকোঁতে অৰ্থাৎ ২০১০-১৩ বৰ্ষৰ নৰ্থ লক্ষীমপুৰ কলেজৰ গণিত বিভাগৰ আমাৰ বেটছৰ সহ পাঠী সকলৰ বিষয়ে তেতিয়াই মই ছন্দবদ্ধ ভাবে লিখা অনুভৱ এটা  বন্ধু জীৱন্তৰ অনুৰোধত আজি আকৌ বিচাৰি মেলি আগবঢ়াইছো আপোনালোকৰ আগত । সঁচাকৈয়ে কিছুমান পুৰণি কথাই মনটো ভৰাই তোলে ভালো লাগে ... :-) :-)

নৰ্থ লখিমপুৰ কলেজৰ(২০১০-১৩ বৰ্ষৰ )
গণিত বিভাগৰ অখ্যাত গনিতজ্ঞ সকল...

১Ritu Dutta

ৰিতু দত্ত ,বৰ্তমান সময়ত ফেচবুকত ব্যস্ত ,
কথা কয় Abstract, নতুন নতুন দায়লগ মৰাত সি অতি অভ্যস্ত ।

২)Nalini Mohan Borah

নলিনী নামৰ লৰাটোৱে নতুন চিনেমা নকৰে মিছ,
চুলি ডাঢ়িৰ ষ্টাইল এনে,যেন সি এটা হেয়াৰ ষ্টাইলিছ ।

৩)Anupam Hazarika

ৰঙা চুলিৰ ধুনীয়া  লৰাটো নাম তাৰ অনুপম ,
কথা পাতে গহীন ভাৱে, মাজে মাজেহে দিয়ে দম ।

৪) Dilencha Doley

দিলেন্সা নামে লৰাটোৱে খেলে ভাল ক্ৰিকেট ,
কেতিয়াবা অৱশ্যে খং উঠে
ধৰিব নিদিলে বেট ।

৫)Ajay Sharma

অজয় নামে লৰাটোৰ প্ৰিয় খাদ্য অংক,
তাক দেখিলে এনে লাগে যেন আমি অংকৰ নামত কলংক ।

৬)দেৱ কুমাৰ কোঁৱৰ

হেণ্ডচাম বয় দেৱ কুমাৰ, চিনেমাৰ হিৰ' যেন লুক,
ছোৱালীক কেনেকৈ জোকায় সি শিকাইছিল মোক ।

৭)Papu Das

ষ্ট্ৰংমেন পাপু ,শিল কঠিন বডি,
সুন্দৰ সুন্দৰ গান গায় ডিপাৰ্টমেন্টত বহি ।

৮)Bikash Borah

শিশু সুলভ চেহেৰা , বিকাশ তাৰ নাম,
পাছকৰ্চ কৰি বেয়া পায় এতিয়া নিসিজিল যে তাৰ কাম ।

৯) Birinchi Kumar Boruah

গৱেষক  এজন আছে ,জীৱনটোৱেই যাৰ নাম ট্ৰেজেডি,
extra class লাগে বেছিকৈ , নাম তাৰ বিৰিঞ্চি  ।

১০)Jibanta Borah

জীৱন্ত নামৰ জীৱ এটা আছে maths ডিপাৰ্টমেন্টত ,
বিন্দাছ জীৱন কটাই সি নিজৰ ষ্টাইলত ।

১১)AdItya Pegu

আদিত্য নামৰ লৰাটো আমাৰ কেপ্তেইন,
লাজকুৰীয়া হাঁহিটোৰে ছোৱালীক কৰে সি মেইন্টেইন ।

১২)  Amir Sobor

আমিৰ নামে লৰাটোৱে মনে মনে থাকে,
কেতিয়াবা অৱশ্যে ব্লেক বৰ্ডত কিবা কিবি লিখে ।

১৩)
গহীন গপছ লৰা সি শিখাংক তাৰ নাম,
নতুন গান আৰু চিনেমা ডাউনলোড ,তাৰ প্ৰধান কাম ।

১৪)  Monjit Gogoi
অলপ গহীন অলপ চঞ্চল মনে কৰে পৰাজিত ,
T.V.S. এখন নতুনকৈ কিনিছে নাম তাৰ মনজিত ।

১৫) Gautam Lahkar
পান পচন্দৰ প্ৰেমিক সি , কাৰোলে নকৰে দৰ,
দীঘল চুলিৰ লৰাটো,নাম গৌতম লহকৰ ।

১৬) Suhrid Pran Saikia
লাজকুৰীয়া লৰা এটা আছে নাম তাৰ সুহৃদ প্ৰাণ,
পেন্ট চাৰ্টটোকে চুট কৰি থাকে,তাক বুজাটোৱে টান ।

১৭) Nipu Saikia
নহয় সি বেটাৰী, নামহে তাৰ নিপু,
হাঁহিটো মুখত লাগিয়েই থাকে ,মাজে মাজেহে তাক পিটো ।

১৮)Ghanshyam Yadav
ঘনশ্যাম ওৰফে ঘনটিলাল,অলপ
লাজকুৰীয়া ,
কথা পাতোতে নাচি থাকে সি যেন তেলত দিয়া জলকীয়া ।

১৯)Rajesh Malah
নাম তাৰ ৰাজেশ, কথা তেনেকৈ নকয় ,
ফোন কৰিলেও ৰিছিভ কৰি মনে মনেহে ৰয় ।

২০)Kailash Deka
শিৱ যত থাকে সিয়েই কৈলাশ,
পঢ়াৰ ক্ষেত্ৰত লৰাটো অলপ বেছি চিৰিয়াছ ।

২১)Jaygeswar Darik
যাজ্ঞেছৰ দাৰিক এজন উদীয় মান কবি,
ৰাম গিৰি মেছক লৈ কবিতা লিখা তাৰ এটা হবি ।

২২)Amar Nandi
আখৰ ধুনীয়া লৰাটো খুউব ভাল কথা যে কয়,
চিনিটো পাইছাই সি অমৰ নন্দীয়েই হয় ।

২৩)
ডিপাৰ্টমেন্টত এটা মক্কেল আছে অচ্যুত নামৰ ,
খাই সি ভাল পায়, বয়সতহে অলপ ডাঙৰ ।

২৪)
পানী গাঁৱৰ গহীন লৰাটো , অলপ আচহুৱা ,
নাম তাৰ ৰবীন্দ্ৰ তাকটো চিনি পোৱা ।

২৫)
নন্দ কুটিৰৰ লাজকুৰীয়া ,হাঁহি থকা জনী কোন,
কল্পতীয়া বেগৰ সেইজনী পৰিস্মিতাহে চোন ।

২৬)
ৰুমাল এখন মুখত লৈ আছে কোনে হাঁহি,
সেইজনীচোন  দৃষ্টি জোকালে যাই যে একেবাৰেই মৰহি ।

২৭)
আমাৰ লেডী কেপ্তেইন জাহ্নৱী ছোৱালীৰ ভিতৰত ডন ,
অলপ তাই শকত বেছি ,নকৰে নেকি কাম বন ।
এয়াই আমাৰ গনিতজ্ঞ সকল সকলোতকৈ পৃথক,
আমি সকলোৱে পৰস্পৰক লৈ কৰিব পাৰো গৌৰৱ ...

--প্ৰাণজিৎ বৰুৱা
9706129369

(এইয়া  মোৰ দৃষ্টিত সেই ২০১০-১১ সময়ৰ সহপাঠী সকলৰ কথাহে দেই এতিয়া সকলো বেলেগ হবও পাৰে ;-) :-) :-D :-D )
বেয়া চেয়া নাপাবিহঁত :-\ :-\ :-P :-P :-D :-D ❤ ❤ ❤ ❤ ❤


বাকৰ বচন ৰিটাৰ্ণছ ৯

(১)
মাক দেউতাকৰ মনত সন্তান ,
আৰু ফেন সকলৰ মনত চলমান,
হাজাৰ ভুল কৰিলেও মৰমৰ জান/ ভাইজান ।

(২)

ফেচবুকত চেনী,
ইন্টাৰনেটত চানি,
আৰু অসমত বানপানী ,
খুউব চৰ্চিত কাহিনী  ।

(৩)
দাঁত নথকা বোৰক শুলি,
আৰু 
ফেচবুক একাউন্ট নথকা বোৰক
কামিলা ছোৱালী বোলে ।

(৪)
ইংৰাজী ৩০ দিনত শিকা বস্তু নহয়,
তাৰ বাবে অসমীয়াৰ এটা "কোৱাৰ্টাৰেই" যথেষ্ট ।

(৫)
স্মাৰ্ট  ফোনৰ বেটাৰী,
আৰু ব্যৱহাৰ নোহোৱা কটাৰী ,
দুয়োটাই তেনেই অদৰকাৰী ।

(৬)

গৰমৰ দিনত ঘামৰ  গন্ধ,
আৰু
ফুৰিবলৈ ওলাওঁতেই দিয়া অসম বন্ধ ,
বৰ বিৰক্তিকৰ ।

(৭)

প্ৰেম,
টকা সময়  খৰচ হোৱা এক প্ৰকাৰৰ গেম ।
প্ৰেমে নুবুজে অনুভূতি বিচাৰে
ভাল চাকৰি নেম আৰু ফেম ।

(৮)

সন্মুখত  সুস্বাদু খাদ্য দেখিলে  লোভৰ পানী,
আৰু
তাকে পাই লৈ অতিমাত্ৰ খাই দিলে হাগনী ,
হোৱাটো তেনেই স্বাভাৱিক কাহিনী  ।

(৯)
ছোৱালী দেখিলেই ভাল পাওঁ পাওঁ,
আৰু মিঠাই দেখিলেই খাওঁ খাওঁ ...
কৰি থকা মানুহবোৰৰে চুগাৰ বেছি যেন পাওঁ  ।

(১০)
ফেচবুকত লাইক আৰু হাই ৱেত বাইক...
  ফুল স্পীদত দিয়াৰ ক্ষেত্রত লৰাক পিছ পেলাব কেতিয়াও নোৱাৰি !

(১১)
কৰবালৈ যোৱাৰ আগতে মেক আপ,
আৰু ভাল দৰাৰ পোৱাৰ পিছত ব্ৰেক আপ,
কৰাৰ পৰা কোনো ছোৱালীকে আঁতৰাই ৰাখিব নোৱাৰি ।

(বাঁক )
প্ৰাণজিৎ বৰুৱা
২৯ জুন ২০১৫




Friday, June 26, 2015

সমীকৰণ

(১)

কিতাপ

লহপহকৈ  বাঢ়ি অহা বিষাদ,
এবুকু যন্ত্ৰণা ,
কিছু অৱসাদ,
নিসংগ সময়ৰ
এটা তৃপ্তিৰ সমাপ্তি !

(২)

প্ৰেম...

মৰমৰ হাতত ধৰি,
সপোনৰ বাট বিচাৰি ,
ঘুৰি ঘুৰি,
যন্ত্ৰণা একুঁকি,
আকোৱালি লোৱাৰ
নিসংগ হোৱাৰ
এটা তিক্ত আৰম্ভণি !

ক্ৰমশঃ
১+২=
(৩)

জীৱন...

কিতাপৰ পৰা নিশিকাবোৰ,
বাস্তৱৰ পৰা শিকা,
অমূল্য যাৰ প্ৰতিটো ক্ষণ,
সুখ দুখৰ উঠা নমাৰে সৃষ্ট ,
সৰল ৰৈখিক নোহোৱা এইটোৱেই জীৱন ।

প্ৰাণজিৎ বৰুৱা
২৬ জুলাই ২০১৫



এখন হৃদয় তোমাক উপহাৰ দিলো, বিনিময়ত তুমি সুখী হোৱা ...

এখন হৃদয় তোমাক উপহাৰ দিলো,
বিনিময়ত তুমি সুখী হোৱা ...

এটা সময়ৰ বুদ্ধ পূৰ্ণিমাৰ সপোন ,
এটা সময়ৰ জীৱন উদযাপনৰ সমল,
এটা সময়ৰ উশাহ ,
আকাশ বতাহ মন জুৰোৱা সুবাস ,
এটা সময়ৰ প্ৰিয় সকলোবোৰ টোপোলা এটাত বান্ধি তোমাক দিলো ,
হাত পাতি লোৱা ...!

এটা মন ,
কিছু চঞ্চলা ক্ষণ ,
কিছুমান অতিৰঞ্জিত ভাবনা ,
(ইমানো  ভবাৰ প্ৰয়োজন হয়তো  নাছিল )
উৰুৱাই পঠালো পখিলা এটাৰ পাখিত বান্ধি ,
সামৰি সুতৰি থোৱা...

লোৱা,
দুচকুৰ  লোতকবোৰ দুহাত মেলি লোৱা,
ছট ফটনি বোৰ , বাউলী সময় বোৰৰ বিষণ্ণতাত
যে তুমি সুখী হোৱা ,
জনাই নাছিলো
এইয়া
হেঁপাহ পলুৱাই চোৱা ...!
বুকুত বিষ উঠাই
হৃদয় ভঙাৰ যন্ত্ৰণাতো যে তুমি ইমান সুখী হোৱা,
ভবাই নাছিলো ,
লোৱা হেঁপাহৰ আছল ভৰাই লোৱা,

কোৱা হলেই হয় দেখোন ,
ইমান অজুহাত নালাগেইটো,

জানোৱেই নহয় হৃদয় খাদক
কিছুমান ভোকাতুৰৰ বাবেই ,
সদায়েই বদনামী ভালপোৱা ...!

লোৱা... 

তুমি বিচৰা ,একো দিব নোৱাৰা
এই দুখীয়াৰ
এখনেই হৃদয়...

তাকে  তোমাক উপহাৰ দিলো,
বুকু ভৰাই লোৱা,
বিনিময়ত তুমি সুখী হোৱা ...!!

প্ৰাণজিৎ বৰুৱা
২৪ জুন ২০১৫


Tuesday, June 16, 2015

মোক এটা ৰাতি দিয়া...

মোক এটা ৰাতি দিয়া...

শুব পৰাকৈ এটা ৰাতি দিয়া,
টোপনি যাব পৰা,
সপোন দেখিব পৰা,

য'ত নাথাকে হেৰুৱাৰ ভয়,
নাথাকে এনে কিছুমান কথা নহয় যি ছন্দময়,

এনেকুৱা এটা সময়,
চকুত চকুপানী নবয়,

এটা ৰাতি,
যি মোৰ বাবে হাতীটো নহয়...

ৰাতিটোত মাথোঁ বাজি ৰব
"মে টেনু চমজাৱা কি
না টেৰা বিনা লগদা জী... !"

অথচ

যি ৰাতিটোৱেও বুজিব কাৰোবাৰ
অপেক্ষাৰ কি দুঃ স্মৃতি ,

সকলো জানিও
মোক পাহৰাই দিব,
মোক কেঁচুৱাৰ দৰে শুবলৈ দিব,

দিয়া দিয়া ,
শুব পৰা , টোপনি যাব পৰা, সপোন দেখিব পৰা,

বহুতৰেই ইৰ্ষা হোৱাকৈ

মোক এটা হেঁপাহৰ  ৰাতি দিয়া...!!

--প্ৰাণজিৎ বৰুৱা
১৬ জুন ২০১৫
১০.১৮ PM


Saturday, June 13, 2015

নাম্বাৰ থিয়ৰি গ্ৰাফ থিয়ৰি কত হেৰাল...

নাম্বাৰ থিয়ৰি গ্ৰাফ থিয়ৰি কত হেৰাল...

কি যে বিৰম্বনা ,
কেনেকৈ যে হেৰাই যায় সকলোৰে ঠিকনা ,

সময়ৰ সোঁতত
নিজকে এৰি দিয়াৰ এক যন্ত্ৰণা ,

কেতিয়াবা ভাবো এইবোৰ কি হৈ আছে ,

কত গল টেবুলৰ আগৰ ডাঙৰ ডাঙৰ কিতাপবোৰ,
shanti narayan , S CHAND,
A.R Vashistha ,DAS & MAITY...
KRISHNA SERIES ...
আদিৰ দৰে বিয়াগোম নাম বোৰ,

জীৱনৰ এছোৱা কিতাপ বোৰৰ নাম মুখস্থ কৰোঁতেই গল,
বাকী এচোৱা আগত এখন মেলি
TOPOLOGY,
LINEAR ALGEBRA কাৰ সৃষ্টি বুলি,
মনত এবুকু ক্ষোভ,
আবেল, হেমিলটন, ৰাইমান , কউচি হঁতক
কচি কচি হিয়া উজাৰি গালি দিওঁতেই গ'ল...

ভাল পোৱা নাছিলো কোনো দিন কন ভাৰ্জেন্ট ডাই ভাৰ্জেন্ট,

কনটিউনিটি , ছিংগুলাৰিটি ,
ৰেছিদিউ , চিকুৱেন্স
অপেন চেট ,ক্লজ চেট আদি শব্দবোৰতে যে
আছিল তেতিয়া  বহুত ছেন্টি মেন্ট ...

আছিল কিছু সপোন এটা সময়ত এইবোৰক লৈয়ে কটোৱাৰ....
আছিল এটা সময় এইবোৰকে বিৰক্তি পোৱাৰ,
তথাপি আকৌ মেলি মেলি পুনৰ একেবোৰেই  আওৰোৱাৰ ,
অপৰি পক্ক মগজুৰে এই এবছট্ৰেক্ট ধাৰণাবোৰ বুজিবলৈ ব্যৰ্থ চেষ্টা কৰাৰ...

এটা সময় আছিল !

কিন্তু কি যে বিৰম্বনা ,
হেৰাই যায় সকলোৰে ঠিকনা ...

এতিয়া মোৰ যে এইবোৰ একোৱেই মনত নুসোমাই,
কিতাপ মেলিবলৈ লওঁতেই চকু কেইটাই কাৰোবাৰ ষ্টেটাচ , প্ৰফাইল পিকচাৰ ,
ছেলফি , লাইক কমেন্ট কৰিবলৈ উৎপাত লগাই,

হাত খনেও  দেখোন স্মাৰ্ট ফোনটোতেই যে অনবৰতে হাত  ফুৰাই ভাল পায়...

নাজানোঁ কি হৈছে এইবোৰ ,
কি কৰা ভাল...

একোৱেই যে কৰিব পৰা নাই ,
একোৱেই ধৰিব পৰা নাই ,

মনত এটা ভীষণ অস্থিৰতা,
নাম্বাৰ থিয়ৰি , গ্ৰাফ থিয়ৰি বোৰ যে অকস্মাত কিয় কত হেৰাল...!

--প্ৰাণজিৎ বৰুৱা
১৩ জুন ২০১৫



Friday, June 12, 2015

পেট ডাঙৰ মানুহবোৰ ...

পেট ডাঙৰ মানুহবোৰ ...

মাছৰ বজাৰত ডাঙৰতকৈ ডাঙৰ মাছ বিচৰা মানুহবোৰ ,
খাহী পাঠা লোকেল মূৰ্গীৰ দোকানত দৈনন্দিন অহা যোৱা কৰা মানুহ বোৰ,
সুন্দৰী পত্নী আৰু সন্তান কেইটিমান পিছৰ চিটত বহোৱাই ডাঙৰ গাড়ী চলোৱা মানুহবোৰ ,

মই সাধাৰণতে দেখি থকা ,
ডাঙৰ ডাঙৰ হাঁহি মাৰি কথা কোৱা ,

এওঁলোক
হয় এই এওঁবিলাকেই পেট ডাঙৰ মানুহবোৰ ।

এওঁলোকৰ ভিতৰুৱা কথাবোৰ কি নাজানোঁ ,
কিন্তু বাহিৰত এওঁলোকক বিৰাট
সুখী মানুহ যেন লাগে,

মুখত কিছুমানৰ গহীন ভাব থাকে যদিও ,
প্ৰায় সংখ্যকৰ মুখখন  কিন্তু তামোলৰ
ৰঙাৰে ৰাঙলী ,
আৰু ডাঙৰ ডাঙৰকৈ মৰা হাঁহি এটাৰ গৰাকী ,
এওঁলোকৰ ডাঙৰ মাতটোৱেও
চৌপাশ ৰজনজনাই থাকে ।

কোৱা শুনো এওঁলোকৰ কিছুমানৰ
এটা চাকৰি আছে,
আৰু মনে মনে শুনা মতে এওঁলোকৰ চাকৰিটোত  বোলে কিবা "ভাল টেবুল " জাতীয় সামগ্ৰী এবিধ আছে,

আৰু কিছুমানৰ ব্যৱসায় ,
যি ব্যৱসায়ত মাহেকীয়া পষেকীয়া
লক্ষাধিক  আয় আছে ।

যিয়েই নহওক কিন্তু এই মানুহবোৰৰ সমাজত যথেষ্ট দাম আছে,
বহুত মানুহেই এওঁলোকৰ পিছে পিছে হয় হয় কৰি
উঠা বহা কৰিয়েই থাকে ,
বিভিন্ন উৎসৱ পাৰ্বন , থিয়েটাৰ বা ধৰ্মীয় অনুষ্ঠানৰ পৃষ্ঠপোষক আদিৰ দৰে পদবীৰ সন্মানো
এওঁলোকক যাছে ।

তথাপি এওঁলোকৰ সুখী মুখৰ আঁৰতো হেনো ধেৰ দুখ আছে,
এওঁলোকৰ গনিব নোৱাৰা টকাবোৰৰ দৰে গনিব নোৱাৰা হেনো বহুত অসুখ আছে,

এওঁলোকৰ সম্পত্তিৰ পাহাৰৰ মাজটো সন্তানৰ উদ্ভন্দালি অতপালিৰ সীমাহীন বেদনা আছে,
এওঁলোকৰ টোপনি অহাৰ বাবেও ,
খাদ্য পচন হোৱাৰ বাবেও
অথবা শান্তি পাবৰ বাবেও
বোলে  বিভিন্ন ধৰণৰ ঔষধৰ সহায় লাগে ...!

সঁচাকৈয়ে ইমান
ঐশ্বৰ্য শালী , প্ৰভাৱ শালী মানুহবোৰৰ এনে বিলাই দেখি দুখো লাগে...

কিন্তু
এই পেট ডাঙৰ মানুহবোৰৰ বহুতো মানুহ আছলতে সঁচাকৈয়ে সুখী হোৱা মই দেখিছো,
যি বোৰৰ হৃদয় খনো যে
পেটতোৰ সমানেই ডাঙৰ,
বিশাল...!

দেখিছো
যিবিলাকে বিপদত পৰা মানুহক সহায় কৰি ভাল পাই,
যি বিলাকে অনাহাৰ জনক এমুঠি অন্ন খুৱাই  সঁচাই শান্তি পাই,
যি জনে নিজৰ অজস্ৰ সম্পত্তিৰ এটা ক্ষুদ্ৰ অংশ নিঃস্ব জন, দুখীয়া মেধাৱী ছাত্ৰ জনৰ সতে ভগাই অলপমান সুখ পায়,
হয়
সেই তেওঁলোক সঁচাকৈয়ে সুখী,

এইধৰণৰ পেট ডাঙৰ মানুহবোৰ
সঁচাকৈয়ে ব্যতিক্ৰমী ,
এওঁলোকে মানুহে মানুহৰ বাবে কথাষাৰ
অন্ততঃ বুজি পায় ।

পুনঃশ্চ
পেট ডাঙৰ মানুহ বোৰ আপোনালোকক এনেকৈ
কোৱা বাবে বেয়া নাপাব ।
জানো বুজো
আপোনালোক যথেষ্ট সক্ষম ,
সেয়ে পাৰে যদি আপোনালোকেই অলপ ভাবক সেইবিলাকৰ বাবে
যি সকল  জীয়াই থাকিবলৈ তেনেই অক্ষম,

আনৰ সুখত অলপ সুখী হবলৈ শিকক
মই  নিশ্চিত
আপোনালোক আৰু ,

আৰু বহুত বেছিকৈ সুখী হৈ পৰিব ।

--প্ৰাণজিৎ বৰুৱা
১২ জুন ২০১৫


এপোৱা  দুইশ গ্ৰামৰ জিন্দগী আমাৰ ..

(বিশ্ব শিশু শ্ৰমিক বিৰোধী  দিৱস,
উপলক্ষে ২০১২ চনৰ আজিৰ দিনটো
১২ জুনত লিখা )

এপোৱা  দুইশ গ্ৰামৰ জিন্দগী আমাৰ ...

এপোৱা  দুইশ গ্ৰামৰ জিন্দগী আমাৰ ...
কিন্তু
আমি তাতেই সুখী ,

বুজিছে?

আমি জন্ম হৈয়েই লৈ আহো হাজাৰ টকীয়া ধাৰৰ বোজা ,
লৈ আহোঁ জন্ম হৈয়ে ,
এটি খাৱৰীয়া বৃদ্ধি হোৱাৰ চিন্তাৰ বোজা ...!

আমাৰ জন্ম হলে,
ফাইভ ষ্টাৰত পাৰ্টি নহয় ,
আমাৰ অন্ন প্ৰসন্ন ,
বাৰ্থডেৰ নামত হাজাৰ টকাও খৰছ নহয় ... :-\

কৈছোৱে চোন ,
আমাৰ মুৰৰ ওপৰত হাজাৰ টকীয়া ধাৰৰ বোজা ।

আমাৰ ভাগ্যনো কি ?

এপোৱা দুইশ গ্ৰামৰ
জীৱন ...!
কিন্তু
আমি তাতেই সুখী ,

জন্ম হৈয়ে হেৰুৱাই পেলাওঁ আমি পিতৃ মাতৃ ,
অথবা তেওঁলোকৰ
পৰিচয় :-(
ফুটপাথ অথবা অনাথালয় হৈ পৰে আমাৰ আশ্ৰয় ...

আমাৰ বিদ্যালয় হৈ পৰে
ভঙা চিঙাৰ দমৰ মাজত ,
নতুবা
কোনোবা হোটেলৰ পোৱালী সম্বোধনৰ ভাজত
ভাজ লয় আমাৰ স্কুল
শৈশৱ !

এপোৱা দুইশ গ্ৰামৰ
জীৱন আমাৰ :-\

তথাপি দুখ নকৰো জানে ?

আপোনালোকৰ আলাসৰ সন্তান বোৰে আইছ ক্ৰীম ;
চকলেট নাপালেই কৰা  অভিমান বোৰৰ দৰে,
আমি তিনিসাজ লঘোণে থাকিলেও কোনো দুখ নকৰো !

আৰু কৰিমেই নো কাৰ আগত ??

ইমান ভাগ্যবান যে
নহলোৱে ...

এপোৱা দুইশ গ্ৰামৰ
জীৱন :-\

আপোনালোকৰ দৰে প্ৰতি সাজত দুই কেজি মাংস ,
এক কেজি মাছেৰে কতনো ভৰাব পাৰো আমাৰ পেট ???

দিনটো শ্ৰম কৰি পোৱ টকাৰে তিনিটা ভাই ভনীয়ে ,
আমি খাওঁ,
দুইশ গ্ৰাম চাউলেৰে তিনি সাজ ভাত ...!

কেতিয়াবা কেনেবাকৈ বোনাচ পালেহে খাব পাওঁ,
পেট পুৰোৱাকৈ এপোৱা মঙহ কিম্বা মাছ ,
দালিৰ সোৱাদ ...!

তথাপি আক্ষেপ নাই  আমাৰ ,চৰকাৰেও যে আমাক
পাহৰা নাই...! :-\

(পাতিছে শিশু শ্ৰমিক বিৰোধী দিৱস,
এদিনৰ বাবে আমি আদৰৰ;)

আজি আমাৰ বোনাচ ...

অন্ততঃ
আজি চাগৈ পাম কৰবাত খাবলৈ পেট পুৰোৱাকৈ 
খানা এসাজ :-o

হা হা   এইয়াই আমাৰ জীৱন
এপোৱা দুইশ গ্ৰামৰ
:-\ :-(

-- প্ৰাণজিৎ বৰুৱা
12 june 2012


Thursday, June 11, 2015

পিতাই

(সকলোৰে আদৰৰ  দেউতাকৰ প্ৰতি মৰমেৰে উৎসৰ্গিত ...)

# পিতাই #

পুৱাই সকলোতকৈ সোনকালে উঠা মানুহজন কোন,
বাৰীৰ ঢাপত জিকা ৰোৱা মানুহজন,
তিনিজনী গাই গৰুৰ গোবৰ পেলাই গাখীৰ খিৰোৱা মানুহজন ,
মোৰ পিতায়েই হয়  চোন ...!

কন্দা দেখা নাই আজিলৈকে পিতায়ে এদিনো ,
কি পিতাইৰ দুখ নালাগে নেকি ?
উহো
পিতায়ে আমাক সাহস দিবলৈকে ,
চাগে সকলো দুখ মনতেই থয় ৰাখি...
নিদিয়ে দুখবোৰ চকুলো হৈ যাবলৈ উটি,
পিতাই সাহসী,
বহুত সাহসেৰে জীৱনটো যায় অকলেই   যুঁজী ...

পিতাইৰ তিনিটা চোলা ,
দুটা পেন্ট ...
আটোমটোকাৰীকৈ ৰাখে  তাকে
পিন্ধি ফুৰে জীৱনটো ,
আৰু আমাৰ বাবেই সাচি থয়
পৃথিৱীৰ সমস্ত সুখ,
সহি যায় অকলেই অলেখ
কষ্ট আৰু দুখ !
আস ,
পিতাইৰ যে কি আপোনভোলা মনটো ...!

আমাৰ লেভিছ দেনিজেন ,
পাৰ্ক এভিনিউৰ সুবাসৰ বাবেই পিতাইয়ে মাটিত পেলাই যায় ঘাম ,
আমাৰ প্ৰতি সাজ মাছ মঙহৰ ভাতৰ বাবেই কৰি যায় দুগুণ উৎসাহেৰে কাম,
নিজৰ বাবে
গেঞ্জী এটা কিনিবলৈও চিন্তা কৰে হাজাৰ বাৰ,
পিতায়ে কিন্ত্ত এবাৰো নুসুধে আমাৰ বিলাসী সামগ্ৰীবোৰৰ কিমান দাম ,
সকলোবোৰ যোগাৰ দি যায় বিনা প্ৰতিবাদে ,
আমাৰ সুখৰ বাবেই পিতায়ে কৰি যায়
জীৱন ভৰ এই সংগ্ৰাম ...
পিতাই তোমাক হাজাৰ বাৰ চালাম !!

পিতাইৰ সপোন বোৰ হেনো আমাতেই আৰম্ভণি আমাতেই শেষ,
তেওঁ নিজৰ সপোনবোৰ আমাৰ দ্বাৰা পুৰাব খোজে,
আমাক শিক্ষিত কৰি তুলিবলৈ আও মৰণে যুজে ,
পিতায়ে আমাৰ ওপৰত কেতিয়াও একো বোজা জাপি নিদিলে ,
তেওঁ আমাৰ সকলো আশা ,
বিচৰা সকলো বোৰ,
একো নোকোৱাকৈয়ে মনৰ অদৃশ্য
সাকোঁ এদালেৰেই যেন দেখে ,
বুজে ...!

পিতাই মোৰ সহজ সৰল,
পিছে মনটো আৰু জ্ঞানৰ ভৰালটো তেওঁৰ
বহুতেই বহল ,
পিতায়ে কথা বোৰ খুউব গহীনাই কয় ,
বহুত কাহিনীয়ে তেওঁৰ মনত ৰয়,

তেওঁ ভাগৱত পঢ়ে,
আলোচনী পঢ়ে ,
অলপ মান টিভিৰ আগত বঢ়ে,
আৰু প্ৰায়ে মাৰ গালি বোৰো মনে মনেই সহে ,

হা হা পিতাই বৰ সহনশীল ...!

পিতাইৰ মনটো চঞ্চল হোৱা দেখা নাই,
পিছে আমাৰ বিপদৰ সময়ত তেওঁ প্ৰায়েই ধৈৰ্যৰে বাট দেখুৱাই যায়,
পিতাইয়ে যি দৰে সকলো ছাত্ৰ ছাত্ৰীৰ জীৱন পোহৰাই ,
সেইদৰেই আমাকে বহুত কথা প্ৰতি দিনেই শিকাই যায় ...

মোৰ বাবে ভগৱান বেলেগ নাই ,
দেৱতা মোৰ দেউতাই ,
যি মোৰ মুৰত আলফুলে হাত ফুৰাই,
দুখত সান্তনা ,
সুখত উৎসাহ ,
বিপদত বাট দেখুৱাই ,
যি সমস্ত জীৱনটো আমাৰ বাবে উৎসৰ্গা কৰি যায় ,

হয়
সকলোতকৈ শ্ৰেষ্ঠ ,
মোৰ মৰমৰ এই পিতাই !!

--প্ৰাণজিৎ বৰুৱা
১২ মাৰ্চ ২০১৫
ফোন ৯৭০৬১২৯৩৬৯
কোঁৱৰ গাঁও
উত্তৰ লখিমপুৰ
ডাক : মৈদমীয়া
পিন ৭৮৭০০১ 


Thursday, June 4, 2015

বাকৰ বচন ৰিটাৰ্নছ ৮

(১) মাইনা সোণ দেহা জান তোমাৰ যিমানেই আদৰৰ নহওক কিয়,
জানিবা
তোমাৰ ওচৰত যেতিয়াই  চিকিউৰ ফিল নকৰিব তোমাৰ হৃদয়ত  দিব এটা গোৰ তাকো একেবাৰে  ঠিয় :-P :-P

(২)
পইছা আৰু যশস্যা চুম্বকৰ দৰে ,
ইটোৱে সিটোক টানি থাকে ।

(৩) চুমা আৰু পুমা দুইটাই ব্ৰেণ্ডেড বস্তু হয় ,
দুইটাই বিনা পইচা বা সহজেই পোৱা বস্তু নহয় ।

(৪)
ভিডিঅ কলিং ফ্ৰি কলিং ভেলেন্টাইন দে হাগ দে যিমানেই প্ৰেমৰ উপাদান  আহিলেও ,
,পিছে বাঁহনীৰ তলৰ নৈৰ পাৰৰ সেই পিৰিতি আৰু কিতাপৰ মাজৰ চিঠিখনৰ ঠাই পুৰাব নোৱাৰিলে ।

(৫)
দাঢ়ি ,গাড়ী আৰু নাৰী পুৰুষৰ বাবে বৰ মৰমৰ ,
তিনিওটাকে ধুনীয়া কৰি ৰাখিবলৈ প্ৰয়োজন হয় যথেষ্ট খৰছৰ ।

(৬)
লেটাৰ অসমীয়া অংক বা ইংৰাজীতে বিষয়ত পাওক,
অথবা সেউতী মালতী জেউতিৰ হাতৰ পৰা সেই লাভ বিষয়টোতে পাওক ,
কথা নাই মাত্ৰ আপুনি সেই নিভাজ স্ফুৰ্তিটো চাওক ।

(৭)  বিহু ফাংছন আৰু আমৰণ অনশন,
হৈছে
বছৰৰ বাৰ মাহত পাতিব পৰা এক সমূহীয়া উৎসৱ পাৰ্বন ।

(৮)
ফেচবুক হোৱাট চাপ বিহীনো যে এটা জীৱন আছে,
এই সময়ত ভাবিবলৈয়ে ভয় লাগে হে ।

(৯) আপুনি ফাইভ ষ্টাৰত যিমানেই চিকেন বিৰিয়ানি নাখাওঁক কিয়,
সেই শৈশৱৰ মাৰ হাতৰ আলু পিতিকা খুতৰা শাকৰ মাছৰ টেঙা জোল বেছি লোভনীয় ।

(১০) ফেচবুকত ধুনীয়া ছোৱালীৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট,
আৰু  ঘৰলৈ থাকিবলৈ অহা দুৰণিবটীয়া গেষ্ট,

আস চেনি আৰু মাংস খাই ভালপোৱা মানুহৰ বাবে দুয়োটাতে তামাম  ইন্টাৰেষ্ট ।

আগলৈ ...
প্ৰাণজিৎ বৰুৱা
(বাক )
৪ জুন ২০১৫



লিমাৰিক

লিমাৰিক

(১)

ঘৰত গৃহমন্ত্ৰী নথকা কেইদিনমান গিৰিহঁত মহাৰজা,
নিজ ইচ্ছাত সকলো কৰিবলৈ পালে পাই যে বৰ মজা,

অনবৰতে টিভি চোৱা,
ৰাতিপুৱা দেৰিলৈ শোৱা ,

কি সোৱাদ বন্ধু্ৰ সতে খোৱা আদ্দাত সেই বটল উইথ  বাদাম ভজা  ।

(২)

মেট্ৰিক পাছ কৰি পালে সি আনন্দৰাম বৰুৱা বটা,
বটাতোত আছিল মান পত্ৰ এখন আৰু লেপটপ এটা,

মনত তাৰ বিৰাট ৰঙ,
লেপিত শুনি নানা চং,

পিছে এইচ. এচ. ৰিজাল্টহে বেয়াহল তাৰ লাগি এই লেপটপৰ নতা ।

(৩)

আমি আজি আপোনালোকক দেখুৱাম এনে এক খবৰ,
মানি লব আমাৰ চেনেলেই যে সদায় কিয় এক নম্বৰ ,

হয় চাওক এই ভিজুৱেল,
নহয় নিউজ ই কেজুৱেল,

বিগ ব্ৰেকিং পুনৰ মহানগৰীৰ বানত ডুবিল অনিল আৰু নবীন নগৰ ।

--প্ৰাণজিৎ বৰুৱা
৪/৬/২০১৫