Thursday, October 8, 2015

লিমাৰিক

লিমাৰিক
বিষয় : ফেচবুক

(১)

ফেচবুকত লিখিলে পোৱা নাযায় বোলে মাননি,
চোৰ বোৰৰ পৰাও লেখকৰ হয় যে নাকনি কাননি ,

মোৰে লেখা মোকে দি,
কেনে লাগিল বুলি সুধি সি,

কিয় জানো হোৱাট চাপত কৰি থাকে ইমান আমনি ।

(২)

ফেচবুকত চেনি খাবলৈ হেনো  আটাইতকৈ ভাল,
ধুনীয়া ছোৱালীৰ ফটোবোৰতো লাইক আহে এগাল ,

তাকে দেখি বিৰাট ভেম,
প্ৰিঞ্চেচ এঞ্জেলহে ৰাখি নেম,

চেলফি আপ্লোদ কৰি কৰিয়েই ফেচবুকত লগাই তাল ফাল ।

(৩)

ফেচবুক আহি যোৱাৰ পিছত টেক্সট বুক গ'ল যে পলাই,
পঢ়িবলৈ বহিলৈও ভাইটি ভন্টিহঁতে এন্দ্ৰইদটোহে চলাই,

পৰীক্ষা হলত আহি,
কলম কামুৰি বহি  ,

ষ্টেটাচ লিখে ফিলিঙ চেদ এইবাৰো পৰীক্ষা বেয়া হ'ল পাই ।

--প্ৰাণজিৎ বৰুৱা
৮ অক্টোবৰ ২০১৫


Tuesday, October 6, 2015

চান গ্লাছ নিপিন্ধিব আপুনি ...

চান গ্লাছ নিপিন্ধিব আপুনি ...

আকাশত ৰ'দ ওলাল যেনিবা তাতে কি হ'ল...
আপোনাৰ চকুত পৰিলেই যেনিবা তাতে কি হ'ল,
আপুনি কিয় পিন্ধি লয় ,
লেন্স কাৰ্টৰ এদ এটা চকুত,
আকৌ
ভাল লাগি গলে কেনেবাকৈ 
দুখ কিন্তু আমাৰেই হয়...
বিষ এটা হয় বুকুত...!!!

বৰষুণ দিলে যেনিবা তাতে কি হ'ল...
আপুনি অলপমান তিতিলেই যেনিবা তাতে কি হ'ল,
আপুনি কিয় হাতত লৈ ফুৰে
ফুলাম ছাতিটো,
মহেন্দ্ৰ দত্তৰ বিজ্ঞাপন দি কি ভাল পায়,
আঁৰ চকুৰে বৰষুণ জাকক চাই,
নিলাজ খোজ বোৰ দি কেনেকৈ যে
কলিজা খায় ...!

কলেজলৈ দেৰি হৈছে যেনিবা তাতে কি হ'ল,
এটা ক্লাছ দেৰিয়েই হ'ল যেনিবা তাতে কি হ'ল,
আপুনি কিয় স্কুটি ,ফ্লাইট, প্লিজাৰৰ
এদ বোৰৰ আলিয়া ,প্ৰিয়ংকাৰ
দৰে হৈ পৰিব খোজে,
কিয় যেন কব খোজে,
হোৱাই বয়জ হেভ অল দা ফান,
আপোনালোকৰ সেই তীব্র গতিয়েই যে মাৰি যায় বুকু ভেদ কৰা বাণ ...!!!

আস ,
আপুনি চান গ্লাছ নিপিন্ধিব ,
ৰ'দতকৈ আপোনাৰ দুচকুত বেছি ধাৰ,

আপুনি ছাতি নলব,
বৰষুণত ভিজা আপোনাৰ চুলিত পাগল সংসাৰ ,

আপুনি বেগী হৈ পৰিবলৈ স্কুটি নচলাব,
নচলাব ,
আপুনি ধীৰে ধীৰে যাওক ,
ক্ৰমান্বয়ে আৰু বেছি গাঢ় হৈ উঠক আপোনাৰ প্ৰতি ভাল লগাৰ এই জোৱাৰ ...

সময় বোৰ ৰৈ যাওক এনেকৈ ,
ধুমুহা বোৰ বৈ যাওক এনেকৈ ,

সিঁচি থৈ বুকুৰ মাজত কিছু বীজ ভাল লগাৰ,

এটা ভাল লগা কবিতা আপুনি হৈ যাওক
এনেকৈয়ে...!

...
পুনঃশ্চ
প্ৰতিশ্ৰুতি দিয়ক ...
আপুনি চান গ্লাছ নিপিন্ধিব,
ৰ'দতকৈ আপোনাৰ দুচকুত বেছি ধাৰ...!!!

প্ৰাণজিৎ বৰুৱা
৬/১০/১৫