Friday, January 19, 2018

দেতা

দেতা

হিৰ' দেখিছে ? দেখা নাই কেতিয়াও ,
দেতাৰ মুখলৈ চাওক ,
দেতা বোৰ হিৰ' হয় ,
খামী ডাঠ বুকু , গম্ভীৰ চকু , ধীৰ স্থিৰ খোজ ...
দেখিছে নে !
দেতা বোৰ হিৰ' হয় ,
দেতাবোৰ প্ৰেমিক হয় ।
মাৰ প্ৰতি মৰম বিদ্যা শপত কোনো আশিকতকৈ কম নহয় ।

দেতা বোৰ হিৰ' হয় ।
দেতা বোৰৰ জীয়েক বোৰ  আলাসৰ লাড়ু হয় আৰু আমি দুষ্ট লৰাবোৰ পিটন খোৱা গৰু হয় । হা হা ধেমালি কৰিছো । দেতা বোৰ হিৰ' হয় ।

আপোনাৰ দেতাই হাঁহে কম ।
অথচ আপোনাৰ সুখত আটাইতকৈ সুখী মানুহজন ।
আপোনাৰ দেতাই কান্দে কম ।
কিন্তু আপোনাৰ চকুলো মচে আজীৱন ।
দেতা বোৰ হিৰ' হয়, নহয়নেকি ।

এক কথাত ফাইটাৰ । আপুনি সহিব নোৱাৰা বেদনা তেওঁ অকলেই  যুজি আহিল ,
চেনি নিমখৰ পৰা আপোনাৰ ৰূমৰ জোখ সকলো বোৰনিজেই চম্ভালি আহিল ।

অথচ  আপুনি দেৱতা দেখা নাই বুলি কলে কেনেকৈ মানিম হে ।
চাওক এবাৰ সেই বলিৰেখা পৰিও মোলান নপৰা মুখ । পাব পাব মন্দিৰত নহয়, তেওঁৰ স্পৰ্শত  দেৱতা প্ৰাপ্তিৰ অনাবিল সুখ ।

মনত পেলাওক বুকুত সোমোৱাই পিঠিত হাত ফুৰাই দিয়াৰ ক্ষণ ।
নভৰে নে মন ।
দেতাবোৰ হিৰতকৈ কেনেকৈ বাৰু কম ?

নামানো কোনো যুক্তি ,
মোৰ ,আমাৰ সকলোৰে বাবে ,
জীৱনৰ এজনেই
নিৰ্ভৰশীল বিশ্বাস যোগ্য মানুহ হয়...,
যি জনে দিয়ে প্ৰতি খোজতে অভয়
ধীৰ স্থিৰ গতিৰে যি বাট লয় ,
সেই দেতা সঁচাকৈয়ে বীৰ হয় ।

দেতা বোৰ হিৰ' হয়...

প্ৰাণজিৎ বৰুৱা
১৬-১-১৮


দেতা

দেতা

হিৰ' দেখিছে ? দেখা নাই কেতিয়াও ,
দেতাৰ মুখলৈ চাওক ,
দেতা বোৰ হিৰ' হয় ,
খামী ডাঠ বুকু , গম্ভীৰ চকু , ধীৰ স্থিৰ খোজ ...
দেখিছে নে !
দেতা বোৰ হিৰ' হয় ,
দেতাবোৰ প্ৰেমিক হয় ।
মাৰ প্ৰতি মৰম বিদ্যা শপত কোনো আশিকতকৈ কম নহয় ।

দেতা বোৰ হিৰ' হয় ।
দেতা বোৰৰ জীয়েক বোৰ  আলাসৰ লাড়ু হয় আৰু আমি দুষ্ট লৰাবোৰ পিটন খোৱা গৰু হয় । হা হা ধেমালি কৰিছো । দেতা বোৰ হিৰ' হয় ।

আপোনাৰ দেতাই হাঁহে কম ।
অথচ আপোনাৰ সুখত আটাইতকৈ সুখী মানুহজন ।
আপোনাৰ দেতাই কান্দে কম ।
কিন্তু আপোনাৰ চকুলো মচে আজীৱন ।
দেতা বোৰ হিৰ' হয়, নহয়নেকি ।

এক কথাত ফাইটাৰ । আপুনি সহিব নোৱাৰা বেদনা তেওঁ অকলেই  যুজি আহিল ,
চেনি নিমখৰ পৰা আপোনাৰ ৰূমৰ জোখ সকলো বোৰনিজেই চম্ভালি আহিল ।

অথচ  আপুনি দেৱতা দেখা নাই বুলি কলে কেনেকৈ মানিম হে ।
চাওক এবাৰ সেই বলিৰেখা পৰিও মোলান নপৰা মুখ । পাব পাব মন্দিৰত নহয়, তেওঁৰ স্পৰ্শত  দেৱতা প্ৰাপ্তিৰ অনাবিল সুখ ।

মনত পেলাওক বুকুত সোমোৱাই পিঠিত হাত ফুৰাই দিয়াৰ ক্ষণ ।
নভৰে নে মন ।
দেতাবোৰ হিৰতকৈ কেনেকৈ বাৰু কম ?

নামানো কোনো যুক্তি ,
মোৰ ,আমাৰ সকলোৰে বাবে ,
জীৱনৰ এজনেই
নিৰ্ভৰশীল বিশ্বাস যোগ্য মানুহ হয়...,
যি জনে দিয়ে প্ৰতি খোজতে অভয়
ধীৰ স্থিৰ গতিৰে যি বাট লয় ,
সেই দেতা সঁচাকৈয়ে বীৰ হয় ।

দেতা বোৰ হিৰ' হয়...

প্ৰাণজিৎ বৰুৱা
১৬-১-১৮


গাভৰু দুপৰীয়া শুৱে

গাভৰু দুপৰীয়া শোৱে ...

দুপৰীয়া ৰবাব টেঙা এটা আগত লৈ গাভৰু মাকহঁতৰ সৈতে বহি লয় ,
গাভৰুৱে নিমখ জলকীয়া যোগাৰ কৰে ,
বৰ মাক খুৰী হঁতেও চুলি মেলি মুঢ়া এটা আনি ওচৰতে বহে ।
তৎক্ষণাতে আটাইৰে কথাৰ পাগ উঠে ,
চুবুৰীৰ পৰা দিল্লীত পঢ়িবলৈ  যোৱা শইকীয়াৰ জিনচ পিন্ধা জীয়েকৰ লৈকে একো কথাই বাদ নপৰে ।
গাভৰুৱে একো নামাতে মনে মনে শুনি ৰবাব টেঙাৰ বাকলি এৰোৱাত মন দিয়ে ।
এইবাৰ  খুৰীয়েক জনীয়ে গাভৰুক ভিতৰৰ পৰা পানী এগিলাচ আনিবলৈ পঠিয়াই ,
গাভৰু যায় ,
খুৰীয়েকে ফুচ ফুচাই গাভৰুৰ মাকক জনাই ,
শুনিছনে গাভৰুৰ মাক ,
জীয়েৰক এনেকৈ কিয় ৰাখিছ,
ছোৱালী কুৰিতে বুঢ়ী নাজান নেকি ,
দেখাতো লাহি পাহি এবাৰ সন্মতি দে হাজাৰ জন ওলাবহি ,
বয়স ভাটি দিবলৈ নৰবি , তোৰো বয়স ভাটি দিলেই সোনকালে আজৰি হ...
গাভৰুৰ মাকে শলাগি কয় ভাবিছো অ ৰহ , গাভৰু আহিলে মনে মনে ৰ !!
গাভৰুৱে  দুৱাৰ মুখৰ পৰাই কথাবোৰ শুনে ,
আৰু পানী আনি খুৰীয়েকক দিয়ে ,
এইবাৰ গাভৰুৱে ৰবাব টেঙা সকলোকে বিলাই মনে মনে  নিজৰ কোঠালৈ উঠি যায় ।

গাভৰুৱে এইবাৰ আইনাত নিজকে ওপৰৰ পৰা তললৈ চায় ,
গাভৰুৰ লাজ লাগে
গাভৰুৱে এইবাৰ ওঁঠত ৰঙা লগাই ,
চুলি ফনিয়াই ,
কাজল লগাব লওঁতেই ,

হঠাত গাভৰুৰ কথা বোৰ মনলৈ আহে ...

  কাজল ললে যে তেওঁ কিমান ভাল  পাইছিল ,
আৰু সদায় মৰম কৰাৰ কথা কৈ কেনেকৈ যে তাইৰ মন ভৰাই ৰাখিছিল ,
বিয়াৰ সকলো বোৰ ঠিক হওঁতেই অকস্মাত  মানুহটোক যে কেনেকৈ নিয়তিয়ে কাঢ়ি লৈ গৈছিল !!

কথাবোৰ মনত পৰি আকৌ গাভৰুৰ চিৰিং কৰি  উঠে বুকু ,
আৱেগত দুগাল তিতি যায়...
তাই বাৰু  ইমান বোৰ স্মৃতি বুকুত লৈ এতিয়া কেনেকৈ আনৰ হৈ যায়,

গাভৰু উন্মাদ হৈ পৰে,
তাই এতিয়া একোকে আৰু শুনিব নোখোজে
সেয়ে ,
সেইদিনাৰ পৰা দুপৰীয়া কোনোবা আহি গাভৰুৰ বিয়াৰ কথা পাতে বুলি ভয়তে ,

গাভৰু দুপৰীয়া দুপৰীয়া শোৱে ,
আচৰিত ভাবে দুপৰীয়াই সমাজিকত তেৱোঁ আহে
গাভৰুৰ সঁতে আগৰ দৰে কথা বোৰ পাতে...

গাভৰু সুখী হৈ পৰে !!

প্ৰাণজিৎ বৰুৱা
১৯/১/১৭


Monday, January 15, 2018

মই এক প্ৰকাৰৰ ভাগ্যবান ...

মই এক প্ৰকাৰৰ ভাগ্যবান ...

মই এক প্ৰকাৰৰ ভাগ্যবান
যিহেতু পুৱা সাৰ পাইয়ে  শুনা পাওঁ এহাল শালিকাৰ গান ,

মই একপ্ৰকাৰৰ ভাগ্যবান ,
বাৰীত গলেই নাকত লাগে মোৰ
গোবৰ মাটি মিহলি চিনাকি এক ঘ্ৰাণ ,

ঘৰৰ মুধচত আমাৰ এতিয়াও
যোৰা যোৰা পাৰ পৰে ,
পাৰৰ ৰুণত এতিয়াও পুৱাৰ টোপনি ভাঙে ,

দেউতাৰ সতে শীতত একেলগে এতিয়াও 
পাওঁ পকা আঙঠাৰ সেক ,
গৰু বিচাৰি যোৱা হাবি তলীয়া বাটটো আমাৰ এইফালে এতিয়াও ঠেক,

পানীৰ বাবে কুঁৱা,
মহৰ বাবে সন্ধিয়া ধোঁৱা
এতিয়াও হেৰাই যোৱা নাই ,
বাৰীত উভৈনদী এতিয়াও  আমাৰ পালেং সুতৰা লাই ,

আমাৰ ঘৰলৈ আজিকালিও বিনা কামতো খবৰ নিদিয়াকৈ আলহী বোৰ আহে,
আমাৰ ইয়াত সকামত মানুহ বোৰে এতিয়াও নোকোৱাকৈয়েই হাতে কামে লাগে ...

  মায়ে এতিয়াও নাম ঘৰৰ পৰা আমালৈ মাহ প্ৰসাদৰ টোপোলা লৈ আহে,
মায়ে হয়তো জানে যে  ঘৰত কোনোবাই সেই টোপোলালৈ হেঁপাহৰে বাট চাই থাকে ।

ধুলি বোৰ , নিয়ৰ বোৰ , কুঁৱলী বোৰ এতিয়াও জীয়াই আছে ,
পুখুৰী বোৰ , পথাৰ বোৰ , বাঁহগছ বোৰে এতিয়াও ইয়াত উশাহ লৈ আছে ।

ৰাতিপুৱা আমাৰ বোৱাৰী বোৰে ওৰণি লৈ এতিয়াও বাহি চোতাল সাৰিবলৈ পাহৰা নাই,
পঢ়া শুনা নকৰা সৰু ল'ৰা ছোৱালীক এতিয়াও চুবুৰীয়াই শাসন কৰিবলৈ এৰা নাই ।

সন্ধিয়া আমি এতিয়াও ডবাৰ মাত শুনো ,
নাম ঘৰত জয় ৰাম , শ্ৰী ৰামৰ সমূহীয়া নামষাৰো প্ৰায়েই শুনো ,

আমাৰ গাঁওখন , ঘৰখন  অৱশ্যে এতিয়াও আধুনিক হ'বলৈ ৰৈ থকা নাই,
অথচ
সুখী এই বাবেই   সকলোৱে ইয়াত এতিয়ালৈকে  শিপা হেৰুৱাই পেলোৱা নাই ।

যি মাটিৰ প্ৰতি মোৰ হেঁপাহৰ টান ,
য'ত সৃষ্টি হয় শত সুৰীয়া গান ,
সেই সুৰ বুকুৰ পৰা এতিয়াও
ইয়াত যিহেতুকে হেৰাই যোৱা নাই,

সেয়ে হয়তো বহুততকৈ মই অলপ বেছিকৈয়ে ভাগ্য বান !!!


✍প্ৰাণজিৎ বৰুৱা
১৫/১/১৭