Tuesday, January 19, 2016

কবিতা ভালপোরা ছোরালী জনীলৈ মনত পরে ... ♥♡♥#

# কবিতা ভালপোরা ছোরালী জনীলৈ মনত পরে ... ♥♡♥#

তাই আঘোনর পথারত ধান দাই;
ফাগুনর বতাহত উরি যায় ...
তাই ব'হাগর বতরত গান গাই ;
তাই শরতর শেরালীর সুবাস লয় ;পুহর জারত জুইর উম ...
তাই ভাদর নামত নামতী হয় ,

তাই কোন ?

প্রতিটো ঋতুত যি মোর প্রেয়সী হয়;
কবিতার প্রেমত পরি যি বিয়াকুল হয় ;
তাই সেইজনীয়ে ...

যি মোর প্রতিটো অনুভবক মরম করে,
তাই সেইজনীয়ে ...

যি মোর প্রতিটো কল্পনাক জীপাল করে...
যি জনীর বাবেই মোর শব্দ বোর শুরলা হৈ নিগরে ;

কলমেও যার পরশ মাত্রাধিক বিচারে ;
তাই সেইজনীয়েই ...

যার বাবে কল্পনাবোর পোখা মেলে ...
স্বপ্ন হৈ যি খেদি আহে..

নীলাভ শুন্য আকাশতো যার ছবি ভাঁহে ,

তাই সেইজনীয়েই ..
যালৈ এতিয়াও মোর খুউব মনত পরে...!!!

(c)প্রাণজিত বরুরা 19-01-'13


মোৰ কবিতাই এজনী প্ৰেয়সী দিলে, ইয়াতকৈ আৰু কি লাগে মোক...

মোৰ কবিতাই এজনী প্ৰেয়সী দিলে,
ইয়াতকৈ আৰু কি লাগে মোক...

মোৰ কবিতাৰ প্ৰেয়সী ,

কি উপহাৰ দিওঁ তোক ...?

আলফুলে লিখা প্ৰতি শাৰীয়ে হেনো
বুকুত তোলে তোৰ সুৰ,
আৰু তোৰ মৌ সনা মিঠা মাতে
মোৰো যে হৃদয় পেলাই যায় জুৰ ...!!

কলমে নিগৰা শব্দবোৰ
যাৰ এদিন কোনোৱে ঠিকনা নাছিল,

এতিয়া শব্দবোৰ দেখোন
তোৰেই মোহত পৰিল
তোৰেই  নিচাত মাতালহৈ
ৰক্ত জবা হৈ ফুলিল
একোপাহ খৰিকা জাইহৈ সৰিল...

অই ক...
কি লাগিব তোক,
কিমান ভাল পাৱ মোক,
ক ...
হেঁপাহৰ সম্বোধনেৰে মাত,
হিয়া খন পেলাই যা শাত...

হৈ পৰ তই বকুল...
গাই যাওঁ মই গান,
হৈ পৰ তই শেৱালী
লৈ যাওঁ সুঘ্ৰাণ...!!

তইয়েই দাৱনী ,
তইয়েই ৰোৱনী,
তইয়েই হেঁপাহৰ মোৰ,
তইয়েইটো কৰিলি কবিতাৰ
ভৰালটো
এৰাতিটেই চুৰ ...

মই সুখী তথাপি ,

যিহেতু
আজি কাষত কোনোবা মোৰ,
পুৰাব সপোন বোৰ...

কবি তই,
কৈ যাবি অই ভাল পাওঁ
ভাল পাওঁ বহুতেই তোক...

মোৰ কবিতাই এজনী প্ৰেয়সী দিলে ,
ইয়াতকৈ আৰু কি লাগে মোক ...!!!

--প্ৰাণজিৎ বৰুৱা
১৯ জানুৱাৰী ২০১৫


Monday, January 18, 2016

ভোগালীৰ স্বপ্ন দুঃস্বপ্ন

ভোগালীৰ স্বপ্ন দুঃস্বপ্ন

ছনি টি ভিৰ ইন্দিয়ান আইদল নামৰ ৰিয়েলিটি শ্বটোৰ ফাইনেল চলি  আছিল । তাতেই আছিল অসমৰ দুগৰাকী কণ্ঠ শিল্পী । এগৰাকী প্ৰতিষ্ঠিত আৰু এগৰাকী আছিল নৱাগত । সেই অনুষ্ঠানতে প্ৰতিষ্ঠিত শিল্পী গৰাকীয়ে ধেমালিতে কৈছিল  চাহ আৰু গঁড়ৰ পিছতে অসমক প্ৰতিনিধিত্ব কৰা মানুহ হৈছে তেওঁ । কথাটো তেওঁ ধেমালিতে কৈছিলে যদিও পিছত তাকে লৈ ছচিয়েল মিডিয়াত যথেষ্ট বিতৰ্ক হৈছিল যদিও সেয়াই তীব্ৰতৰ ৰূপ ধাৰণ কৰাগৈ নাছিল হয়তো তাৰ এটা অন্যতম  কাৰণ আছিল একেটা অনুষ্ঠানতে সেই একে গৰাকী শিল্পীয়েই আৱেগিক অসমীয়াৰ হিয়াৰ আমঠু বিহু ক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকাই তুলিছিল যিটোক সকলো অসমীয়াই আদৰি লৈছিল । এইয়া মাত্ৰ এটা উদাহৰণহে অসমীয়া মানুহৰ বিহুৰ প্ৰতি থকা অনুৰাগ ,ভাল পোৱাৰ ।
আচলতে অসমীয়া মানুহৰ প্ৰায় খিনিয়েই হৈছে উৎসৱ প্ৰিয় মানুহ সেয়ে নিজা উৎসৱ পাৰ্বন সমূহ উদযাপন কৰাৰ পিছতো বাকী থকা সময় খিনি বাহিৰৰ যিমান উৎসৱ আদি আছে তাক আদৰি অনাত কেতিয়াও কৃপনালি নকৰে । আৰু জাক জমকতাৰ ক্ষেত্ৰত সেই  কৃপনালি আৰু নকৰে । উদাহৰণ হিচাপে দুৰ্গা পূজা , থাৰ্টি ফাৰ্ষ্ট আদিৰ কথা বহলাই নকলেও হব । আৰু তাতে  সেই উৎসৱ যদি অসমীয়াৰ হিয়াৰ আপোন বিহুটো হয় তেনেহলে কোনে পাই ।
যাৰ ফলশ্ৰুতিতে ৰঙালী বিহু  গছৰ তল, মানুহৰ ঘৰৰ  পৰা আহি মঞ্চত প্ৰৱেশ কৰিলে । মঞ্চত প্ৰৱেশ কৰাৰ পিছতে লাহে লাহে  প্ৰতিযোগিতাৰ দৌৰত নামি পৰিল । আৰু লাহে লাহে সকলো গ্লেমাৰ সৰ্বস্ব হৈ পৰিল । আৰু আমি এতিয়া দেখিবলৈ পোৱা বহাগী বিদায়  "জেঠী আদৰণি " লৈ ৰূপান্তৰিত হৈ পৰিলগৈ আমাৰ উৎসৱ প্ৰীতি আৰু জাক জমকতাৰ  ফলতেই । বহাগ বিহুৰ এই ৰূপান্তৰ আমি তথাপি মনে মনে আদৰি ললো ।

বাকী থাকিল কাতি বিহু আৰু ভোগালী বিহু । ৰঙীয়াল অসমীয়াৰ বাবে কঙালীৰ একো অৰ্থ নাই বুলি ভাবিয়েই হয়তো চৰকাৰে কঙালী বিহুক চৰকাৰী বন্ধৰ পৰা প্ৰত্যাহাৰ কৰি কাতি বিহুৰো এটা ৰূপান্তৰ কৰিলেই ।

এতিয়া যি বাকী ৰল সেয়া হল  ভোগৰ উৎসৱ অতি উলাহৰ আমাৰ  ভোগালী বিহু । এই ভোগালী বিহুৰ ৰূপান্তৰিত ৰূপটো আমাৰ মাজত যেন এইবছৰেই বেছি জিলিকি উঠিল তেনেকুৱা লাগিল । আগতে ভোগালী বিহু আহে মেজি জ্বলোৱা হয় । নৰাৰে ভেলাঘৰ বনোৱা হয় । ভোজ ভাত খাই বিদায় জনোৱা হয় । পিছে এইবাৰ যেন ব্যতিক্ৰমী আছিল সকলো আয়োজন । বিহু টিভিত এমাহৰ আগৰে পৰাই আৰম্ভ হৈ গল । আগন্তুক বিধান সভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে  কিছুমান  ৰাজনৈতিক দল ,নেতাৰ পৃষ্ঠপোষকতাতে কিজানি ঠাইয়ে ঠাইয়ে মেজী মেলাৰ দৰে এটা নতুন বিলাসী  উৎসৱৰ আৰম্ভ হৈ গল ।
আৰু আৰম্ভ হল  আটক ধুনীয়া বিভিন্ন ধৰণৰ ভেলা ঘৰ নিৰ্মাণৰ প্ৰতিযোগিতা । এই খিনিলৈকে যি হল তাত আমি হয়তো বেয়া পাবলগীয়া বিশেষ একো নাই । কিয়নো পৃথিৱীত পৰিৱৰ্তনেই হৈছে একেবাৰে অপৰিৱৰ্তনীয় বস্তু । পৰিৱৰ্তনৰ এই ঢৌ ভোগালী বিহুৰ ক্ষেত্ৰতো আদৰণীয় হব, হওক আমি তাকেই আশা কৰোঁ । আকৰ্ষণীয় ভেলা ঘৰ নিৰ্মাণৰ যি কাৰিকৰী দক্ষতা অসমীয়া শিল্পীয়ে দেখুৱাইছে সেয়া ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়লৈ যাওঁক আমি আশা কৰোঁ । আমাৰ ভোগালীৰ পিঠা পনাৰ , অসমীয়া খাদ্য সম্ভাৰৰ বানিজ্যকৰণ হৈ সমগ্ৰ বিশ্বত খ্যাতি লাভ কৰক আমি সঁচাকৈয়ে আশা কৰোঁ ।

পিছে ভোগালীৰ নামত মেলা সদৃশ পৰিৱেশ সৃষ্টি কৰি এমাহ উৎসৱ পাতক , বিজতৰীয়া চান্দা সংস্কৃতি আহক , অথবা টি ভিত মাহ জুৰা আবতৰীয়া বিহুৰে বিহুৰ প্ৰতি মোহ ভংগ কৰোৱাটো আমি কিন্তু  কেতিয়াও আশা নকৰোঁ ।

আমাৰ বিহুৰ গৰিমা সদায় অক্ষুন্ন থাকক । বিহুৰ বাবেই অসমেই নহয় সমগ্ৰ ভাৰত বাসী বিশ্বৰ আগত জিলিকি পৰক । ঘাই শিপা দাল নকটাকৈ অসমীয়াই সকলো উৎসৱৰ আনন্দ লওক তাকেই আমি  কামনা  কৰিছো । আৰু আশা কৰোঁ ভোগালীৰ এই পৰিৱৰ্তন একেবাৰেই সুন্দৰ  হওঁক সু স্বপ্নৰ হওক  দুঃ স্বপ্নৰ নহয় ।

প্ৰাণজিৎ বৰুৱা
আখৰৰ ভাৰ প্ৰাপ্ত সম্পাদক
১৮/০১/১৬


এবছট্ৰেক্ট

এবছট্ৰেক্ট ...

দুটা ৰাতি অসংখ্য স্নেপ ছট্ ,
এক ডজন কাহিনী দেখিলো

আৰু দুটা কবিতা লিখিলো ,

সপোনত !!

তাৰে কিছু কথা
মনলৈ আহে,
কিছু নাহে...

কিন্তু

পুৱতি নিশা চিনাকি অচিনাকি
মুখ এখনহে  বাৰে বাৰেই
যে
ভাঁহে...

মনত নপৰা কথাবোৰকলৈ
হুমুনিয়াহ এৰিটো লাভ নাই...

পুৱতি নিশাৰ চিনাকি অচিনাকি
চেহেৰাটোৰ অনুৰোধতে
আকৌ এটা কবিতা লিখিলো ,

এইবাৰ

দিঠকত !!

(বুজা নুবুজা ??)
কবিতাটোৰ নাম

এবছট্ৰেক্ট
ৰাখিলো...!!!

--প্ৰাণজিৎ বৰুৱা
১৮ জানুৱাৰী ২০১৫


Sunday, January 17, 2016

কথা বাৰ্তা

কথা  বাৰ্তা

তেওঁ কলে মানুহ জন  মেৰিদ নহয় ন ?

মই কলোঁ ওম নহয়  ,
তেখেত এতিয়াও সুখী মানুহ !!

তেওঁ হাঁহি  কলে ,
কি বিবাহিত মানুহ বোৰ অসুখী নেকি ?

মই কলো ,
জানোঁ মই এতিয়াও দেখোন পাতি চোৱাই নাই !

তেওঁ কলে কিয় ?
মই কলো ছোৱালী বিচাৰিয়েই পোৱা নাই ।

তেওঁ পুনৰ সুধিলে কিয় ?

মই কলোঁ জানো তোমালোকেহে জানা ,
প্ৰেমিক নথকাকৈ দেখোন থাকিবই নোৱাৰা ।

হি হি তেওঁ হাঁহিলে ,
হয়তো মোৰ একাকী জীৱনটোলৈ তেওঁৰ পুতৌ উপজিলে ।

মই খুলি কব নোৱাৰিলোঁ ছোৱালী বোৰ এংগেজদ থকাটোত আমাৰ দৰে বৰলাৰ কিমান দুখ ,
মনে বিচৰা বোৰ আনে কাঢ়ি ললে হয় হৃদয়ত কিমান অসুখ   ।

প্ৰাণজিৎ বৰুৱা
১৭/১/১৬


Saturday, January 16, 2016

কাম কৰা ছোৱালী

কাম কৰা ছোৱালী ...

কাম কৰা ছোৱালীৰ বেমাৰ নাই,
কাম কৰা ছোৱালীৰ ভাগৰ নাই,
নাই যে নাই কাম কৰা ছোৱালীৰ বিহু পূজা একোৱেই নাই,
কাম কৰা ছোৱালীয়ে মাথোঁ যেন  কাম কৰিহে ভাল পাই,

কাম কৰা ছোৱালীয়ে আৰু কি ভাল পাই?
মালিকনীৰ গালি খাই ,
মালিকৰ কামুক ইংগিত বোৰ,
চুৰি কৰাৰ অপবাদ বোৰ ,
নিশ্চয় ভাল পাই !!

কাম কৰা ছোৱালীয়ে পঢ়া শুনা কি নাজানে ,
জানে মালিক মালিকনীৰ ভিতৰুৱা আৰু বাহিৰৰ মুখ দুখনৰ আঁৰৰ মুখ ,
কাম কৰা ছোৱালীয়ে ভাল খাদ্য ভাল পোছাকো নিবিচাৰে,
মাহেকৰ শেষত ঘৰলৈ পইচা পঠিওৱাটোৱেই
তাইৰ অনাবিল সুখ ।

কাম কৰা ছোৱালীৰ ভায়েক ভনীয়কলৈ বৰ মৰম ,
  সেয়ে কাম কৰোঁতে পাহৰি যায় কি শীত কি গৰম ।

কাম কৰা ছোৱালীৰ খবৰ লবলৈ কোনো নাই ,
পিছে তাইৰ অভাৱতেই  ঘৰ এখন  হৈ পৰে অসহায় ।

কাম কৰা ছোৱালীৰ দোষ নাই দোষ নাই,
কাম কৰা ছোৱালীৰ দেউতাকেই যে খুউব বেছিকৈ মদ খাই ।

কাম কৰা ছোৱালীৰ দোষ  নাই দোষ  নাই ,
দাৰিদ্ৰই কোঙা কৰা ঘৰ খনিনো তাই কি সতে চাই ।

আচলতে কাম কৰা ছোৱালীৰ দোষ এটাই ,
জন্ম গত ভাৱেই বৰ দুখীয়া  তাই ...

পিছে মালিক সকলে এটা কথাই পাহৰি যায় ,
দুখীয়া হলেও কাম কৰা ছোৱালী তেজ মঙহৰেই মানুহ ,

আৰু মানুহ হোৱাটোত কাম কৰা ছোৱালীৰ অলপো  দোষ নাই ,
কাম কৰা ছোৱালীৰ  সেয়ে সকলোলৈ এটাই  অনুৰোধ

অনুগ্ৰহ কৰি সুবিধা পালেই  কাম কৰা ছোৱালীৰ ওপৰত
জন্তুৰ দৰে নপৰিব ,
নপৰিব জপিয়াই ।

সকলোৰেই  যে জীয়াই থকাৰ অধিকাৰ আৰু মন এটা থাকে ,
যদিও কোনো লোক কোনো কোনো ক্ষেত্ৰত জীৱনত তেনেই অসহায়  ।

✍প্ৰাণজিৎ বৰুৱা
১৬/০১/২০১৬


Friday, January 15, 2016

ভোগালীৰ পদ্য ।

ভোগালীৰ পদ্য ।

ভোকৰ কথা  কবলৈ অথবা লিখিবলৈ আপুনি যে ভোকাতুৰ হবই লাগিব তেনে কথা নাই,
সেয়ে সন্মুখত হাঁহৰ মাংস চিতলৰ কলথী সজাইও আপুনি ভোকৰ শ্লগান গায়...

ভোগালীৰ নাম ললেই যে সকলো সন্মুখত হাজিৰ হব
তেনেকুৱাও একো কথা নাই,
নহলে এই পুহৰ শীতল পুৱাতে গাত গেঞ্জী এটি পিন্ধিয়েই সিহঁতে ডাষ্ট বিনত এৰেহা বিচাৰি নাযায়...

মোক ভোগালীৰ ওলগ নজনাব ,
ছোমালিয়াৰ দুৰ্ভিক্ষ যিহেতু মোৰ এই নিজ দেশত...

যি দিনাই ভোগালীত প্ৰতিটো শিশুৱে লঘোণে নকটাই ,
যিদিনাই ভোগালীত প্ৰতি গৰাকী মায়ে আনৰ ঘৰত  কাম বিচাৰি নাযায় ,
যি দিনাই ভোগালীৰ বাতৰিত এটাও হত্যা হিংসাৰ বাতৰি নোলায় ,

সকলোৰে ঘৰে ঘৰে মেজীৰ জুই উৰিব ,
সকলো বোৰ অসুয়া সীমাহীন দুৰ্নীতি বোৰ পুৰিব ।

যি দিনাই মন্ত্ৰী বোৰে কৰা ভাল কামৰ খবৰ এটা হলেও আহিব ,
প্ৰকৃতিৰ ভাৰ সাম্যৰ কথাও যিদিনাই সকলোৱে বুজিব ।

সেই দিনাই মোক আমাক ভোগালীৰ ওলগ যাচিব ।

পুনশ্চ মাথোঁ শুভকামনাৰেই সকলো নহয় ,
ভোকত থাকি দুঃ চিন্তাৰে কেতিয়াও ভোগালীৰ উপভোগ নহয় ।

✍ প্ৰাণজিৎ বৰুৱা
১৫/১/১৬


Tuesday, January 12, 2016

ভোগালীৰ ৩ টা স্নেপছট

ভোগালীৰ ৩ টা স্নেপছট

স্নেপশ্বট
(১)

মোৰ বাবে কি ভোগালী  , কি কঙালী !
বৰ দুখেৰে ক'লে তাই ,
তাই কোন ?
তাই
আমাৰ ঘৰৰ কাম কৰা বাই ...!

স্নেপশ্বট
(২)

বছৰৰ বিহু , হেৰা কিবা এটা কৰোঁ !
এইবাৰ বাকী কেইদিন অলপ টানকৈ চলিবা দিয়া ,

চালানী হলেওঁ ৰৌ এটাকে আনোঁ ,
ভোগালীৰ দিনা দৰমহা নহ'ল বুলি
কঙালীক  পুনৰ
আকৌ মাতিব পাৰি জানো ...!

স্নেপ শ্বট
(৩)

"মা, লোকেল মুৰ্গী খাম "
দেউতাই তেনেতে ক'লে ,
"কিয় খাহী নোখোৱা ?"
মাই ক'লে পাৰিলে ভকুৱা এটাও আনিবা !

আচলতে তিনিজন মানুহৰ বাবে
সকলোবোৰৰ নাছিলেই প্ৰয়োজন ,
কিন্তু এইয়াই বোলে
সম্ভ্ৰান্তৰ ভোগালীক আদৰাৰ ব্যাপক আয়োজন ...!

✍ প্ৰাণজিৎ বৰুৱা
১২/১/১৬


যিমানেই ডাঙৰ হলেওঁ...

যিমানেই ডাঙৰ হলেওঁ...

যিমানেই ডাঙৰ হলেওঁ
ভাল লাগে আইৰ হাতৰ বুলনি ,

যিমানেই ডাঙৰ হলেওঁ
ভাল লাগে এতিয়াও পিতাইৰ মুখৰ কাহিনী ,

যিমানেই ডাঙৰ হলেওঁ

বৰষুণৰ নাওঁ,
বগৰীৰ পাইপ , গাখীৰৰ বৰফ ,
ফুটকলাৰ ৰং , আবেলিৰ সমনীয়াৰ সং
এতিয়াও এতিয়াও   যে সমানেই  ভাল পাওঁ...

যিমানেই ডাঙৰ হলেওঁ দূৰলৈ বাছত গৈয়ে ভাল লাগে,
এতিয়াও  খিৰিকীৰ কাষৰ ছিটৰ বাবে মনটোৱে ঠেঁহ পাতে...

যিমানেই ডাঙৰ হলেওঁ

ইফালে লালুক সিফালে গোগামুখ,
ভজা বাদাম, কটা নাৰিকলে দেখোন এতিয়াও লগাই  লোভ ।

যিমানেই ডাঙৰ হলেওঁ এতিয়াও মোৰ আকাশৰ সিপাৰে কি আছে ভাবি সময় বোৰ যায় ,

যিমানেই ডাঙৰ হলেওঁ জোনবাইক সন্ধিয়া বেজী এটা খুজিলেহে  মনটো শাঁত পৰি যায় ...

কিয় নাজানোঁ

যিমানেই ডাঙৰ হলেওঁ
মনটো সৰু হৈ পৰিব খোজে,
বৰ্তমানৰ সকলো প্ৰাপ্তিক আওকাণ কৰি
শৈশৱৰ আধৰুৱা আশা বোৰহে হব খোজে ।

আস নালাগে এই ভৰুণ চিন্তা গহীন ভাবনা ,
এতিয়া
মনটোক একেবাৰে ভেকুৱাম কৰি দিবৰ মন ,

য'ত থাকিব অলেখ প্ৰশ্ন ক'ত কিয় কি কেনেকৈ ,
যি বিচাৰি ফুৰিব টিংকল সঁফুৰা মৌচাক...
বিচাৰি ফুৰিব যি আবেলিৰ চুৱা চুই লুক ভাক নাৰিকলৰ কুৰুকাৰ ভাত শাক   । 

য'ত
পূজা বিহু বুলিলেহে পোৱা নতুন পোছাকৰ সুবাস মাথোঁ  থাকিব,
দেউতাৰ গধূলি চাইকেলৰ বেগটোলৈ বাৰে বাৰে যি বাট চাই থাকিব ...

তেনেকুৱা কৰিবৰ মন যায় ,
কিয় নাজানোঁ এতিয়াৰ অজস্ৰ
এল ই দিৰ পোহৰতকৈ সেই  লেম্পৰ পোহৰেহে যে মোক বেছিকৈ সাঁচ  বঢ়োৱাই ।

নাই যিমানেই ডাঙৰ হ'লেও
একোকেই নালাগে এতিয়া বেছি ভাল ,

আজিহে অনুভৱ কৰিছোঁ সঁচাকৈয়ে
সোণাময় আছিল সেই
সোঁৱৰণিৰ শৈশৱ কাল ...!!

✍ প্ৰাণজিৎ বৰুৱা
১২/১/১৬


Monday, January 11, 2016

কোনোবাই মোক সোধে

কোনোবাই মোক সোধে ...

কোনোবাই মোক সোধে,
তোমাৰ প্ৰেয়সী কোন,

মই কওঁ
এতিয়াও
নাইয়েই দেখোন ...

তেওঁ কয়  মিছা কিয় কোৱা ,

মই কওঁ মোৰ দুচকুত চোৱা,

তেওঁ চালে,
১ ছেকেণ্ডো বলে নোৱাৰিলে ,

মোৰ চকুৰ ইমান ধাৰ,
নে তেওঁ বিচাৰিয়েই নাপালে  একো পাৰ ...

গম পোৱা   নগ'ল,
'পিছে তেওঁ,
তেতিয়াৰ পৰা সেই কথা 
পুনৰ আৰু  নুশুধাই হ'ল...

অৱশ্যে নোকোৱাকৈ কি বুজিল ,
কি নুবুজিল  গম নাপালো ,

কিন্তু পিছ দিনাৰ পৰাই তেওঁৰ অভিমান ,
মৰম সনা চাৱনি আব্দাৰ
বোৰৰ চুক যেন বাঢ়ি গ''ল ...

হয়তো তেওঁ কিবা এটা কথাত আস্বস্ত হ'ল ,
আৰু ভাল লগা
কিবাকিবি এটাই যেন আমাক দুয়োটাকে চুই গ''ল...

পিছে এটা দোমোজাত পৰিলোঁ

কিয় জানো কব নোৱাৰো
সেই তেতিয়া  সোধাৰ দৰেই
এতিয়া যদি কোনোবাই
সোধে আকৌ
তোমাৰ প্ৰেয়সী কোন ?

মোৰেই কিবা  খোকোজা  লাগি যায়  দেখোন !!

✍প্ৰাণজিৎ বৰুৱা
১১/১/১৬


Friday, January 8, 2016

বিয়া ঘৰত কবি

বিয়া ঘৰত কবি...

এজন দুজনকৈ বিয়াঘৰত মানুহ বোৰ আহিছে,
এইখন এখন ব্যতিক্ৰমী বিয়া
যত কবিবোৰক আমন্ত্ৰণৰ সলনি
নিমন্ত্ৰণ জনোৱা হৈছে ।
কবি বোৰ সদায় সময়ানুৱৰ্তী হব লাগে
বুলি ভাবিয়েই
বিশিষ্ট কণিষ্ঠ সকলো কবি লাহে লাহে
সময়তেই একগোট হৈছে...

বিয়া ঘৰত মানুহৰ হেম গেম ,
পিছে কবি সকলৰ সেইফালে খবৰ নাই,
কবি সকলৰ আলোচনা ,
তোমাৰ প্ৰান্তিকত এতিয়াও কবিতা ওলোৱাই নাই !
কিয় ?
কি আচৰিত তোমাৰ কবিতা
বোৰ যে ইমান ভাল লাগে পাই ।
কবিজনে ভাবে জানো তোষামোদেই
কৰিলে নে সঁচাই কলে
বুজিবলৈয়ে দেখোন  কঠিন হৈ যায় ..

ক্ৰমান্বয়ে আলোচনা চলি থাকে ...
আলোচনাত
জ্যেষ্ঠ কবি সকলে কম কথা কয়,
প্ৰতিষ্ঠিত কবিৰ আকৌ
কথাৰ সলনি কবিতাৰ ক্ষেত্ৰত আধিপত্যৰ কথাহে
আওঁপকীয়াকৈ মুখেৰে বয়,
নতুন কবিয়ে নিজৰ কথা কবলৈ সুবিধা বিচাৰি উচ পিছ কৰি ,
সুবিধা নাপাই ক্ষোভিত হৈ ৰয় ...

মুঠৰ ওপৰত কবি সকলৰ মজলিছ পূৰ্ণদমে চলি ৰয়  ।

তেনেতে এটা ঘটনা ঘটে ,
কবি সকলক ভিতৰলৈ খাবলৈ মাতে...

কবি সকলৰ পিছে সেইফালেও কোনো ভ্ৰূক্ষেপ নাই,
তেওঁলোকে এজনে সিজনক নিজৰ কবিতা শুনাই,
নিজেই নিজৰ গুণ গাই,
দুই এজনে আকৌ প্ৰকাশৰ বাবে গুৰিত পানী ঢালিবলৈ যায়,
কোনোবা জন নবীনে আকৌ তেওঁৰ পাতনি লিখিবলৈ বিশিষ্ট কবিক  খাটনি ধৰিবলৈ তেতিয়াহে সময় পাই ।

এনেই স্বভাৱতে আওকানীয়া  কবি সকল
আৰু আওকানীয়া হৈ পৰে,
কবি সকলক লগ পাই সকলো কবি
নিজা  জগতত বিচৰণ কৰিব ধৰে ।

ইফালে বিয়া ভাগিবৰেই হয় ,
কবি সকলৰ তথাপি  কোনো সাৰ সুৰেই নাই...

গৃহস্থই
কবি সকলকো  অৱশেষত বিদায় জনাবলৈ আহে,
কবি  সকলে যেন তেতিয়াহে সাৰ পাই

আৰে আমাক দেখোন খাবলৈও নামাতিলে ,
ভোকত পেটে কলমলাই ,
পিছে আকৌ খুজিবলৈও লাজ পাই ...

অৱশেষত সকলোৱে ঘৰা ঘৰি  যাবলৈ ওলাই

যাওঁতে এজন কবিয়ে  কথা নে কবিতাৰ শাৰী এটা কয়  ,

" বিয়া ঘৰৰ খোৱা বস্তু বোৰ প্ৰকাশিত কবিতাৰ দৰে হোৱা হলেই  ভাল  আছিল পাই,

নৱেম্বৰত প্ৰকাশ পোৱা কবিতাটো দেখোন জানুৱাৰীত বিচাৰিলেও পুনৰ কিনিবলৈ  পোৱা যায় ।"

কিয় নাজানোঁ
কিবা এটা ৰস পাই

ভোকাতুৰ কবি সকলেও
শেষত
হাঁহি হাঁহি কথাখিনি আৰু বিয়া খনক শলাগি থৈ  যায় ।

✍ প্ৰাণজিৎ বৰুৱা
৮ জানুৱাৰী ২০১৬