যিমানেই ডাঙৰ হলেওঁ...
যিমানেই ডাঙৰ হলেওঁ
ভাল লাগে আইৰ হাতৰ বুলনি ,
যিমানেই ডাঙৰ হলেওঁ
ভাল লাগে এতিয়াও পিতাইৰ মুখৰ কাহিনী ,
যিমানেই ডাঙৰ হলেওঁ
বৰষুণৰ নাওঁ,
বগৰীৰ পাইপ , গাখীৰৰ বৰফ ,
ফুটকলাৰ ৰং , আবেলিৰ সমনীয়াৰ সং
এতিয়াও এতিয়াও যে সমানেই ভাল পাওঁ...
যিমানেই ডাঙৰ হলেওঁ দূৰলৈ বাছত গৈয়ে ভাল লাগে,
এতিয়াও খিৰিকীৰ কাষৰ ছিটৰ বাবে মনটোৱে ঠেঁহ পাতে...
যিমানেই ডাঙৰ হলেওঁ
ইফালে লালুক সিফালে গোগামুখ,
ভজা বাদাম, কটা নাৰিকলে দেখোন এতিয়াও লগাই লোভ ।
যিমানেই ডাঙৰ হলেওঁ এতিয়াও মোৰ আকাশৰ সিপাৰে কি আছে ভাবি সময় বোৰ যায় ,
যিমানেই ডাঙৰ হলেওঁ জোনবাইক সন্ধিয়া বেজী এটা খুজিলেহে মনটো শাঁত পৰি যায় ...
কিয় নাজানোঁ
যিমানেই ডাঙৰ হলেওঁ
মনটো সৰু হৈ পৰিব খোজে,
বৰ্তমানৰ সকলো প্ৰাপ্তিক আওকাণ কৰি
শৈশৱৰ আধৰুৱা আশা বোৰহে হব খোজে ।
আস নালাগে এই ভৰুণ চিন্তা গহীন ভাবনা ,
এতিয়া
মনটোক একেবাৰে ভেকুৱাম কৰি দিবৰ মন ,
য'ত থাকিব অলেখ প্ৰশ্ন ক'ত কিয় কি কেনেকৈ ,
যি বিচাৰি ফুৰিব টিংকল সঁফুৰা মৌচাক...
বিচাৰি ফুৰিব যি আবেলিৰ চুৱা চুই লুক ভাক নাৰিকলৰ কুৰুকাৰ ভাত শাক ।
য'ত
পূজা বিহু বুলিলেহে পোৱা নতুন পোছাকৰ সুবাস মাথোঁ থাকিব,
দেউতাৰ গধূলি চাইকেলৰ বেগটোলৈ বাৰে বাৰে যি বাট চাই থাকিব ...
তেনেকুৱা কৰিবৰ মন যায় ,
কিয় নাজানোঁ এতিয়াৰ অজস্ৰ
এল ই দিৰ পোহৰতকৈ সেই লেম্পৰ পোহৰেহে যে মোক বেছিকৈ সাঁচ বঢ়োৱাই ।
নাই যিমানেই ডাঙৰ হ'লেও
একোকেই নালাগে এতিয়া বেছি ভাল ,
আজিহে অনুভৱ কৰিছোঁ সঁচাকৈয়ে
সোণাময় আছিল সেই
সোঁৱৰণিৰ শৈশৱ কাল ...!!
✍ প্ৰাণজিৎ বৰুৱা
১২/১/১৬
No comments :
Post a Comment