Thursday, June 30, 2016

ভাল লগা মুহূৰ্ত এটাত...

ভাল লগা মুহূৰ্ত এটাত...
নন ষ্টপ ৰোমাণ্টিক মেলডি কেইটামান শুনি শুনি কটাই দিব খোজোঁ ।

ভাল লগা মুহূৰ্ত এটাত ,
একুৰা জুইৰ কাষত কথা পাতি সাধু শুনি কটাই দিব খোজোঁ...

ভাল লগা মুহূৰ্ত এটাত,
ভাল লগা মানুহ গৰাকীৰ সতে অনৰ্গল অনৰ্থক কথা কিছুমান পাতি কটাই দিব খোজোঁ...

ভাল লগা মুহূৰ্ত এটা শেৱালী শেৱালী গোন্ধ
এটা লৈ টোপনি যাব খোজোঁ...

ভাল লগা মুহূৰ্ত এটা
ভাল লাগি যোৱাকৈ ,

গোটেই বছৰটি
মনত থাকি যোৱাকৈ

নষ্টালজিয়াৰ কোলাত ঢলি পৰাকৈ কটাই দিব খোজোঁ,

জীৱন তোমাক কিমান যাপন কৰিম ,
এবাৰ হিয়া উজাৰি  উদযাপন কৰি চাব খোজোঁ ...

প্ৰাণজিৎ বৰুৱা
৭ /১২/১৫


শীত নামিছে সকলোৰে মনত ...

( যোৱা বছৰৰ আজিৰ দিনটোত লিখা )

শীত নামিছে সকলোৰে  মনত ...

শীত নামিছে চহৰ খনত...
শীত নামিছে গাঁও খনত...

শীত নামিছে ফটা কঠাৰ ভাজত,
শীত নামিছে এৰিস্ট্ৰকেট
সাজত ।

শীত নামিছে ভদকা অ চিৰ গ্লাছত,
শীত আহিছে চাই আপুংৰ মাজত...!!

শীতক আদৰিছে  ৰুম হিটাৰে,
শীতক সাদৰিছে জুহালৰ তেজাল অঙঠাৰে  ।

শীত নামিছে কুঁৱলীৰ লহৰে লহৰে,
শীতক আদৰিছে  সুকুমল ৰ'দকনে  প্ৰতি প্ৰহৰে প্ৰহৰে ।

শীতৰ আঙুলিত ধৰি সৰিয়হৰ হালধীয়া হাঁহি,
শীতৰ বুকুচাত উঠি উৰে এজাক বালিমাহী ।

শীতৰ আগত ফটা চোলা পিন্ধোতাৰ অভিমান,
শীতৰ নিচাত  নিচাগ্ৰস্ত হৈ
পুমা লিভাইছ পৰিহিতাৰ স্বাভিমান ।

শীতে আনন্দ আনে,
শীতে বিষাদো সানে ...
শীতে হাঁহে ,কান্দে ,
গায় জীৱনৰ গান,
লগতে
শীতৰো  আছে বহু মান অভিমান...

শীতক যে তথাপিও ভাল লাগে,

উষ্ণ চাহৰ চুমুক,
পুৱাৰ হেঙুলীয়া বেলি,
আঘোণৰ পথাৰৰ ৰবাব টেঙাৰ জুতি...

আস !!
আটাইবোৰ
আটাইবোৰেই
যেন শীতক বাৰে বাৰে
কাষলৈকে
মাতে,

শীত নামিছে চহৰ খনত...
শীত নামিছে গাঁও খনত...

পিছে
শীতে গাওঁ চহৰ নিচিনে,
শীতে ৰোপন কৰে ভাল লগাৰ বীজ
প্ৰতিটো ক্ষণত  ....!

শীত নামিছে
পাহাৰখনত,
নদীখনত,
হাবি বনত ...

শীত  যেন
নামিছে সকলোৰে মনত !!

--প্ৰাণজিৎ বৰুৱা
৯ ডিচেম্বৰ ২০১৪


স্পাইছ জেটৰ ৰেড চিলি হট মনিপুৰি পুতলা জনী .

স্পাইছ জেটৰ ৰেড চিলি হট মনিপুৰি পুতলা জনী ...

বহুতে কোৱা শুনো
উৰাজাহাজত ভ্ৰমণ কৰিলে চাবলগীয়া বিশেষ বস্তুটোৱেই হেনো এয়াৰ হোস্তেজ বোৰ...

মোৰো এটা দুৰন্ত হেঁপাহ আছিল আকাশত উৰাৰ,
সেই ধুনীয়া এয়াৰ  হোস্তেজৰ সতে কিছু কথা পতাৰ,

ভাবি থকা কথাবোৰ সঁচা হলে কেনে লাগে বাৰু,
মোৰ কিন্তু কিবা এটা সপোন সপোনেই লাগে...

...এই ধৰক
প্ৰথম সোমাইছো স্পাইছ জেটত ,
এনে লাগি গল কেনেবাকৈ   যেন
বিশেষ মানুহ হৈ পৰিছো,
সকলো ফালেই ব্যস্ততা সকলোৱেই শৃংখলা বদ্ধ,
এখন নম্ৰ  ভদ্ৰ পৃথিৱী ...

থাকক সকলোবোৰ থাকক,
পিছে মোক অলপ বিপাঙত পেলাই গল সেই বগা পুতলা পুতলা লগা মনিপুৰী ছোৱালী জনীয়েহে  ,

চেহ
কি নাম আছিল সোধাই নহল ,
ইমান ব্যস্তনো কিয় আছিল পাই,
এটি হাঁহিৰেই যে  কলিজাত বিষ  উঠাই  ...

নাই নাই কবলৈ লাজ লগা নাই ,
মোৰ যে  এতিয়াও

তেওঁ কাষলৈ আহিলেই ,
ৰাই জাই কৰা
সেই মিঠা চুইংগাম চুইংগাম গোন্ধটো নাকৰ পৰা আঁতৰাই   নাই...

কি যে
এতিয়াটো
প্ৰায় তিনি ঘন্টা  উনচল্লিশ মিনিটেই হল ,

তথাপিও
মনত ইমান  আমনি ,
দুচকুৰ সেই ভাল লগা

কি তেজাল চাৱনি ...

আস কিয় যে ইমান শুৱনি ,

স্পাইছ জেটৰ সেই ৰেড চিলি হট মনিপুৰী পুতলা জনী ...!!

প্ৰাণজিৎ বৰুৱা
১১/১২/১৫
কলিকতা ।


তুমি তেনেকৈ হঁহাটো ভুল আছিল...

তুমি তেনেকৈ হঁহাটো ভুল আছিল...

এই লহিওৱা ৰান্ধনী বেলিটো পকা সুমথিৰা যেন হোৱাটোৱেই  ভুল আছিল,

ৰাতিটোৱে গিলি থোৱাত
তাৰ কি  দোষ...!

বগলী জাক জাক পাতি উৰি যোৱাটোৱেই ভুল আছিল,
বগলীক  ফুট বিচৰা
শিশু জাকৰ কি দোষ ...

শৰতত শেৱালী কেইপাহে সুবাস বিলোৱাটোৱেই ভুল আছিল,
শেৱালীৰ সুবাস বিচাৰি শেৱালী
বুটলি থকা
ছোৱালীজনীৰ কি দোষ...

ঠিক সেইদৰে দোষ আছিল,
গোলাপ পাহ ৰঙা হোৱাৰ,

ঠিক সেইদৰে দোষ আছিল ,
ছাগলী জনী একেবাৰে কলা হোৱাৰ ,

দোষ আছিল
পাৰ হাল শুধ বগা হোৱাৰ ,

বগৰী জোপা মিঠা হোৱাটোও
বগৰীৰ দোষেই আছিল ...

এতিয়া মোৰেই বা কি দোষ...

প্ৰথম বাৰ দেখোঁতেই ইমান মৰমলগাকৈ
হাঁহি দিলে,
কাৰনো কলিজাত বিষ এটা নহব,

ওহোঁ
তুমি যিমান কলেও মানি লোৱা এতিয়া নাযাব,

মোক এটি অনামী ৰোগত ৰোগাক্ৰান্ত
কৰাৰ আঁৰত ,
তোমাৰ সেই হাঁহিটোৰেই দোষ ,

মোৰ অলপো দোষ নাছিল ,

যি হাঁহিত এপাহ খৰিকা জাই ফুলি উঠিছিল ,
যি হাঁহিত কাৰোবাৰ চকুত এটা সপোনে পাহি মেলিছিল ,
যি হাঁহিত ভাল লগাৰ  বৰষুণ এজাক আহোঁ আহোঁ কৰিছিল ...

প্ৰথম দেখোঁতেই তেনেকৈ হাঁহি দিয়াটো তোমাৰেই ভুল আছিল !!

প্ৰাণজিৎ বৰুৱা
২৩/১২/২০১৫


ভালপোৱাৰ সংলাপ...

ভালপোৱাৰ সংলাপ...

(১)
ভাল পাবলৈ যুগ যুগান্তৰৰ প্ৰয়োজন নাই,
দুটি মনৰ মিলনৰ এটা ক্ষণেই যথেষ্ট ,
য'ত বিশেষ জনে বিশেষভাৱেই বুকু ভেদি থৈ যায় ।

(২)
ভালপোৱা জীৱনত এবাৰেই হয় ,
পাছত হোৱা সকলোবোৰেই হেনো "কম্প্ৰমাইজ " । 

(৩)
ভালপোৱা কৰা নাযায়,
নজনাকৈ নুবুজাকৈ ই হৈহে যায়...

(৪)
ভালপোৱা এটা নিছা,
কৰিবলৈ সহজ এৰিবলৈ টান ।

(৫)
ভালপোৱাৰ বাবেই  যিমান সৃষ্টি ,
ভালপোৱাৰ বাবেই  সিমান বিনাশ,

ভালপোৱা যেন  এক ৰহস্যময়ী  সন্ত্ৰাস ।

--প্ৰাণজিৎ বৰুৱা
৫ ডিচেম্বৰ ২০১৫


আপোনালোকৰ দুচকুত কিহৰ দুখ... (বিশ্ব প্ৰতিবন্ধী দিৱস উপলক্ষে )

আপোনালোকৰ দুচকুত কিহৰ দুখ...

(বিশ্ব প্ৰতিবন্ধী দিৱস উপলক্ষে )

চাওক মোৰ দুভৰি নাই,
তথাপি হাঁহিটো আছে...

চাওক মই কথা কবও নোৱাৰো ,
তথাপি অভিমান কৰাটো নাই...

চাওক মই দেখোন আপোনাৰ দৰে,
ধুনীয়া বোৰ চাবই পৰা নাই ,
কতা মই অলপমানো আক্ষেপ কৰা নাই...

মোৰ মুখখন আপোনাৰ দৰে সুশ্ৰী নহয়,
কতা মইটো অলপো বেজাৰ কৰা নাই...

তথাপি আমি দুখী হোৱাৰ ভাও ধৰা নাই,
এটাৰ পিছত আন এটা ইচ্ছা  বোকোচাত বান্ধি ঘুৰাও নাই...

"" হিউমেন  ৱান্টচ আৰ আন লিমিটেড "
এই সংলাপ আমি আওৰাই থকা নাই,

চাওক
আমি সসীমতাৰে ,
অলেখ সীমাবদ্ধতাৰেই জীয়াই আছো,
আৰু
তাৰ বাবেও কিন্তু  যথেষ্ট  খিনি যুঁজো ...

কিন্তু এটা কথা নুবোজোঁ ,

আপোনালোকৰ দৰে সংখ্যা গৰিষ্ঠ
সক্ষম সক্ৰিয়  মানুহবোৰেই

কিয় ইমান সমস্যাত ভাৰাক্ৰান্ত ,
সকলো থাকিও যেন আপোনালোকৰ  কিবা নাই নাই,

বুজা নাই ,

সক্ষম মানুহবোৰৰ মনৰ এইবোৰ কিহৰ অসুখ,

বুজা নাই,

আমাৰ দৰে বিশেষ ভাৱে সক্ষম নোহোৱাৰ পাছতো
আপোনালোকৰ  দুচকুত কিহৰ দুখ ।

--প্ৰাণজিৎ বৰুৱা
৩ ডিচেম্বৰ ২০১৫


Tuesday, June 28, 2016

টিভিৰ লঘোণ ।

টিভিৰ লঘোণ ।

একোকে নাচাওঁ আজি ,
একেবাৰে মন নাই,
সন্ধিয়া সাত দিলেই বোলে,
দে ফিওজ লাইভ লগাই ।

চিনেমা মোক  নালাগেই,
বিগ ব্ৰেকিং দেখা পালে,
টক শ্ব' আৰম্ভ হ'লেই নেকি ?
নুঘুৰাবি ৰিমট আন ফালে ।

নাই যদি হট খবৰ,
আচাম ফক্সতে  দে ,
আৰু একো নালাগে,
কীতানু দা ওলাইছে ।

আজি যদি অহা নাই,
ৰেপ মাৰ্ডাৰৰ খবৰ,
দেৰি নকৰি সোনকালে 
সেইটো চেনেল সলনি কৰ ।

বিতৰ্ক হৈছিল বোলে,
ফটিদিন টাইমত দে চোন,
ছুটি কাপোৰ পিন্ধাৰ বাতৰি ওলাব পাৰে,
বিচাৰিলে চুক কোণ ।

নিশ্চিত ভাৱে কৈ আছে,
চাওন্দ টো বঢ়াই দে,
এয়ে হব লঘোণত
আৰু একো নালাগে ।

✍প্ৰাণজিৎ বৰুৱা
২৮ জুন ২০১৬

( নৱকান্ত বৰুৱা চাৰৰ লঘোণ নামৰ কবিতাটো ৰ  আলমত লিখা হৈছে । কবিতাটোত উল্লেখিত কোনো ব্যক্তি বা প্ৰতিষ্ঠান ৰ লগত জীৱিত বা মৃত ব্যক্তিৰ সম্পৰ্ক নাই । এয়া সম্পূৰ্ণ কাল্পনিক । :) :D )


ছোৱালী ২

ছোৱালী ২

(১)

তাই এদিন প্ৰেমত পৰিলে,
ল'ৰাটোৱে তাইক বেয়াকৈ ঠগিলে ,
বিচাৰ চলিল ।
বিচাৰৰ শেষত
সমাজে পিছে তাইকহে দোষিলে,
কিয়?
যিহেতু তাই ছোৱালী !!

(২)

তাই বিয়াত বহিল,
বাপেকৰ বোজা এটা কমিল,
তাৰে অজুহাতত
তাইৰ বোকোচাত দেউতাকে
ধাৰ কৰি দিয়া যৌতুকৰ ভঁৰাল এটাও উঠি আহিল ।
কিন্তু শেষত তাই জ্বলি থাকিল ।
কিয় ...
যিহেতু তাই ছোৱালী ।

(৩)

বিয়াৰ শেষত তাইৰ স্বামী ঢুকাই গ'ল,
তাইৰ সেওঁতাৰ বেলিটো লুকাই গ'ল,
তাইৰ পৰিচয়ো সলনি হ'ল,
তাই চুলেই সকলো চুৱা হ'ল,
পুৱাই তাইৰ উকা মুখলৈ কোনেও নোচোৱা হ'ল ।
তাই মৰা নাছিল,
কিন্তু সমাজে তাইৰ সুখ বোৰ কাঢ়ি নিছিল...

যিহেতু তাই ,
তাই ছোৱালী !!

এনেকৈ জীৱনটোত কোনোবা বাৰে বাৰে মৰি যায়,
কাহিনী বোৰত নতুন বুলিবলৈ একো নাই,

তেওঁলোক সুকোমল,
তেওঁলোক নিৰ্মল ,

প্ৰতিবাদ তেওঁলোকেও কৰিব পাৰে ,
কিন্তু
প্ৰতিবাদ কৰাৰ আগতেই
সমাজে
শিকাব পৰা হলে ভাল আছিল ,

আচলতে  তেওঁলোক ছোৱালী হোৱাটোত যে
অকণমানো দোষ নাই ।

প্ৰাণজিৎ বৰুৱা
২৮/জুন /২০১৬


Monday, June 20, 2016

গৰহৰ দুখ

:p

খাই ভালপোৱা মানুহৰ আটাইতকৈ দুখ লগা মুহূর্ত

যেতিয়া কিবা খানা বা পাৰ্টিৰ ৰিচিপচনত
আপুনি ভাল পোৱা আইটেমটোৱেই ভুলক্ৰমে দিবলৈ থাকি যায় বা পাহৰি যায় ।

আৰু দুখ লাগে যেতিয়া কোনোবাই দেখি পুনৰ দিবলৈ আহে আৰু ইতিমধ্যে আপোনাৰ খাই শেষ হয় ।

:p

আৰু কেতিয়াবা দুখ লাগে যেতিয়া
আপুনি মাংস খাই ভালপাই কিন্তু আপোনাৰ লগত যোৱা অভিভাৱকে কব মাংস কমাই দিব  । আমি কম খাওঁ মাংস  :(

আলহীয়ে যেতিয়া কব বেটাক দিওঁ

আৰু তেতিয়াই আকৌ মাকে কব ইয়াকো নিদিব ইয়ো কম খাই :'(

আকৌ কেতিয়াবা

আপুনি গৈ পোৱাৰ লগে লগে যদি ভোজৰ সুস্বাদু আইটেমটো শেষ হৈ যায় :(

মৰিলং মৰিলং লাগি যায় ।

যেতিয়া মাংস লাগিব নেকি বুলি সোধাত লাজতে নেলাগে বুলি কওঁতে সঁচাকৈয়ে নিদিয়ে

কিন্তু লগৰ জনক নুশুধাকৈয়ে তুমি খোৱা বুলি দি যায় ।

কচম বুকু ফাটি যায় ।

ছোৱালী কেইজনী লগত আছে বাবেই যেতিয়া প্ৰিয় খোৱা বস্তু খিনি ষ্টাইলত লাহে লাহে খোৱা যায় আৰু শ্লীম ফিগাৰৰ হাৰাম জাদী কেইজনী  আধা খাই উঠি যায় ।

আপোনাৰ পইচাও যায় ভোকত পেটো শুকাই ।

কচম পি বিৰ বুকু চিৰা চিৰ হৈ যায় । :(


পত্নী আৰু মাতৃৰ পাৰ্থক্য ...

পত্নী আৰু মাতৃৰ পাৰ্থক্য ...

দৃশ্য :১

আপুনি গালি পৰাৰ পিছত,

পত্নীয়ে মুখ উফলাই,
চকুলো উলিয়াই ...

মাকে
মনে মনে নিজানলৈ আতৰি যায় ,
( পুত্ৰ এতিয়াও সৰু হৈ আছে বুলি ভাবিলৈয়ে
কথাখিনি  পাহৰি পেলাই :) ....

দৃশ্য ২ :

পুতেক বিদেশলৈ যায়,

ফোনত :
পত্নী : পালা নে ?তাত কেনেকুৱা । মোক কিয় নিনিলা ?
মোলৈ অমুক আনিবা তমুক আনিবা ।

মাক : ভালকৈ পালা নে । স্বাস্থ্যৰ যতন লবা । আঁঠুৱা তৰি শুবা । কামটো ভালদৰে কৰি সোনকালে  আহিবা ।

দৃশ্য :৩

পত্নীৰ বেমাৰত ...

পুত্ৰ : ওলোৱা ইমান কষ্টত আছা  । ডাক্তৰৰ ওচৰৰ পৰা আহোঁ । অফিচ ছুটি লৈ লম আজি ।

মাকৰ বেমাৰত :

মাক :ঐ মোৰ গাটো ভাল লগা নাই । ডাক্তৰক দেখুৱাই আন চোন ।

পুত্ৰ : আজি অফিচত ডাঙৰ মিটিং এখন আছে । তুমি ৰামু ককাৰ লগতে যাবা । মই পইচা দি থৈ যাম ।

(  এই কাল্পনিক দৃশ্যঃপট কেইটা কিছুমান লোকৰ ক্ষেত্রত হে সঁচা হব পাৰে । সকলোকে সৰলী কৰণ কৰা নাই  ।
গাত ঘঁহি নলব । যদি আপোনাৰ লগত হৈছে এনেকুৱা তেন্তে অনুশোচনাৰ লগতে সংশোধন কৰক । এসময়ত পত্নী বোৰো মাক হব পুত্ৰ বোৰো বাপেক হব । কথাবোৰ পুনৰাবৃত্তি যাতে নহওক  :)

✍ প্ৰাণজিৎ বৰুৱা
৯/৬/২০১৬


সোণাৰুৰ কবিতা

কবিতা

(১)

সেইদিনা অলপ ওলাই গ'লো,
বাটতে এজোপা সোণাৰুক লগ পালোঁ ,

সোণাৰুৱে শুধিলে কোন ফালে যোৱা ?

জানানে ,
ঘপহকৈ
হালধীয়া হাঁহিটো দেখিয়েই

যাব খোজা বাটটো  যে
পাহৰি থাকিলো ,

সিদিনা  নহ'ল আৰু সোণাৰুক কোৱা !!

(২)

সিদিনা গছৰ  তলত বহি থাকোঁতে ,

তুমি যে শুধিছিলা

মোৰ বাদে বেলেগ কাৰোবাকো তুমি ভালপোৱা ?

জানা নে ?

সোণাৰুৰ শপত খাই কৈছো,

তোমাক সেইদিনা সঁচা কথাটো নহ'লেই কোৱা  ।

(৩)

আচলতে সোণ ,সোণাৰু ,
নে তুমি বেছি ধুনীয়া ,

কথাবিলাক ভাবি থাকোঁতেই মোৰ সময় বোৰ গুচি গ'ল,

সোণাৰু সৰি সৰি যোৱা ,
তুমি উচাত মাৰি যোৱা,
সোণাময় সময় বোৰ হেৰুৱা,

কথাবোৰত যে মন দিয়াই নহল...!

শেষতহে বুজিলো আচলতে 
আটাইতকৈ বেছি

স্মৃতিবোৰ হে ধুনীয়া
চিৰ যুগমীয়া  ।

✍প্ৰাণজিৎ বৰুৱা
১৩/০৬/২০১৬


//ভোক আৰু লোভ //

//ভোক আৰু লোভ //

সাদৃশ্য :

কিল বিলাই পেটত এটা পোক,
যাৰ নামেই ভোক ।

কিল বিলাই মনত এটা পোক,
নাম তাৰেই লোভ ।

পাৰ্থক্য

ভোকাতুৰ মানুহ বোৰ দুখীয়া,
খাবলৈ নাই,

অসুখী মানুহ বোৰেই লুভীয়া  ,
সন্তুষ্টি নাই ।

সমাপ্তি

ভোকাতুৰ লোক বোৰৰ এবাৰেই মৃত্যু হয় ,
ভোকত ।

লুভীয়া মানুহবোৰৰ বাৰে বাৰেই মৃত্যু হয়,
অপ্ৰাপ্তিৰ দুখত !!

প্ৰাণজিৎ বৰুৱা
১৬/৬/১৬


Saturday, June 18, 2016

ছোৱালী

ছোৱালী ...

(১)

মিঠাই এটাই আছে বাবাটোৱে খাব  ।
তই নাখাবি ।

তাই হাঁহি মুখে কয় হব  !

তাই বুজি পাই সকলোখিনি

তাই যিহেতু ছোৱালী ।

(২)

পূজা বুলি ইহঁতক কিবা এটা দিব লাগিছিল ,
বাবাক নিদিলে সি চিঞৰিব ,

তই কেইদিনমান পাছতে লবি  ।

তাই কয় হব !

তাই বুজে কথাখিনি

তাই যিহেতু ছোৱালী ।

(৩)

বাবাটোৱে খোৱা কাঁহী খন ,

তাইৰ ওচৰত দি যাবলৈ কয়,

পিছে বাবাটোৰ সেই কনৰো সময় নহয় ।

তাই নিজেই লৈ গৈ ধুই পেলাই নিৰৱে,
মুখেৰে টু এটাও নকয় ....

তাই যিহেতু ছোৱালী ।

(৪)

বাবাটোৱে পৰীক্ষা দিব ,
সকলো উৎকন্ঠিত ।
কি বা হব ।

তাই পৰীক্ষা দিব ।
যি হয় হব ।
এনেও বিয়াহে হব ।

পঢ়ি শুনি কিনো কৰিব ।
তাই যিহেতু ছোৱালী ।

(৫)

সময়ত বাবাটোৱে চাকৰি এটা পালে,
তাইও চাকৰি এটা সৰুকৈ গোটালে ।

সময়ত দুয়োকে বিয়া পাতি দিলে ।

বাবাটোৱে পত্নী সন্তানৰ মোহত বন্দী হৈ যায়,

তাই ঘৰৰ গিৰি হঁত শহুৰ শাহুৱেকৰ আলপৈচান ধৰাৰ উপৰিও
মাক দেউতাকহঁতক  একোবাৰকৈ চাই যায় ।

ইমানকৈ কাম কৰে,
ইমানকৈ চিন্তা কৰে,
ইমান মৰমবোৰ লৈ ফুৰে কেনেকৈ ....

হয় তাই বৰ আজলী,

আনৰ বাবেই জীয়াই থাকিবলে শিকা
আলফুলীয়া

তাই যিহেতু ছোৱালী !!

প্ৰাণজিৎ বৰুৱা
১৪/০৬/২০১৬