পত্নী আৰু মাতৃৰ পাৰ্থক্য ...
দৃশ্য :১
আপুনি গালি পৰাৰ পিছত,
পত্নীয়ে মুখ উফলাই,
চকুলো উলিয়াই ...
মাকে
মনে মনে নিজানলৈ আতৰি যায় ,
( পুত্ৰ এতিয়াও সৰু হৈ আছে বুলি ভাবিলৈয়ে
কথাখিনি পাহৰি পেলাই :) ....
দৃশ্য ২ :
পুতেক বিদেশলৈ যায়,
ফোনত :
পত্নী : পালা নে ?তাত কেনেকুৱা । মোক কিয় নিনিলা ?
মোলৈ অমুক আনিবা তমুক আনিবা ।
মাক : ভালকৈ পালা নে । স্বাস্থ্যৰ যতন লবা । আঁঠুৱা তৰি শুবা । কামটো ভালদৰে কৰি সোনকালে আহিবা ।
দৃশ্য :৩
পত্নীৰ বেমাৰত ...
পুত্ৰ : ওলোৱা ইমান কষ্টত আছা । ডাক্তৰৰ ওচৰৰ পৰা আহোঁ । অফিচ ছুটি লৈ লম আজি ।
মাকৰ বেমাৰত :
মাক :ঐ মোৰ গাটো ভাল লগা নাই । ডাক্তৰক দেখুৱাই আন চোন ।
পুত্ৰ : আজি অফিচত ডাঙৰ মিটিং এখন আছে । তুমি ৰামু ককাৰ লগতে যাবা । মই পইচা দি থৈ যাম ।
( এই কাল্পনিক দৃশ্যঃপট কেইটা কিছুমান লোকৰ ক্ষেত্রত হে সঁচা হব পাৰে । সকলোকে সৰলী কৰণ কৰা নাই ।
গাত ঘঁহি নলব । যদি আপোনাৰ লগত হৈছে এনেকুৱা তেন্তে অনুশোচনাৰ লগতে সংশোধন কৰক । এসময়ত পত্নী বোৰো মাক হব পুত্ৰ বোৰো বাপেক হব । কথাবোৰ পুনৰাবৃত্তি যাতে নহওক :)
✍ প্ৰাণজিৎ বৰুৱা
৯/৬/২০১৬
No comments :
Post a Comment