Saturday, April 15, 2017

বিহু নাম

 
কৃষ্ণাই মূৰতে বকুল ফুল এপাহি
নিয়ৰ পৰাই মুকলি হ'ল ঐ গোবিন্দাই ৰাম

*

মোৰ নাম ৰমক
ঔ ভাইৰ নাম জমক
ভনিৰ নাম বিজুলি চমক ভানুমতি ঐ
গা কৰে ৰমক জমক

*

হুঁচৰি এ চ'ত
আমি বিহু মাৰু য'ত
দেহি ঐ দুবৰি নগজে ত'ত

*

ল হেৰৌ দদাই
হাতে কাড়েফাই
ধৰ ঐ মাৰ ঐ বালি চৰাই

*

ন ঘৰ ঐ পুৰণি কামি
হুঁচৰি গাবলৈ আহিছো আমি

*

হুঁচৰি এ হাও
আমাৰে হুঁচৰি দুই ঘৰৰ মাজতে গাও

*

হুৰাই লৈ সৰগৰ তৰা
চাই থাক ঐ দুৰণিৰ পৰা

*

হুৰাই লৈ ধানখেৰৰ ছাঁই
অতি চেনেহৰে বহাগৰ বিহুটি
হাতত মলঙি যায়

হুঁচৰিৰ পদঃ

টেটেলিৰ তলতে কৰো তাঁতে বাটি
পাহৰি আহিলো কুচি৷
কুচিৰে সলনি পগলাই কিলাব
যামে আইৰ ঘৰলৈ গুচি৷
মাৰৰ ঘৰলৈ যাৱ তই পাগলী
বাটত খপোৱা দি ধৰিম৷
বাটত খপোৱা দি ধৰ তই পগলা
হাবিত লৰে মাৰি সোমাম৷
হাবিত লৰে মাৰি সোমাও তই পাগলী
হাবি জুই লগাই ধৰিম৷
হাবি জুয়ে লগায় ধৰ তই পগলা
ঢোঁৱাৰে লগতে উৰিম৷
ঢোঁৱাৰে লগতে উৰ তই পাগলী
হাকুটি যোৰায়ে আনিম৷
হাকুটি যোৰায়ে আন তই পগলা
পুখুৰিত জাপেদি লুকাম৷
পুখুৰিত জাপেদি লুকাৱ তই পাগলী
জালে জুলুকি বাই ধৰিম৷
জালে জুলুকি বাই ধৰ তই পগলা
বোকাৰে মাজতে লুকাম৷
যিমানে গাই যাও সিমানে ওলায় যায়
ইমানতে সামৰি থলো৷

*

শংকলদেও ৰজাৰ পুতেক মণিকোঁৱৰ
খেলাত খতি খনে নাই৷
এবেলা দোলাতে এবেলা ঘোঁৰাতে
এবেলা কড়ি খেলায়৷
কড়ি খেলি কোঁৱৰে ৰঙকে নাপালে
নদীত গা ধুবলৈ যায়৷
এঁকাঠু পানীতে কোঁৱৰে গা নুধুলে
একঁকাল পানীলৈ যায়৷
একঁকাল পানীতে কোঁৱৰে গা নুধুলে
এবুকু পানীলৈ যায়৷
এবুকু পানীতে কোঁৱৰে গা নুধুলে
এডিঙি পানীলৈ যায়৷
এডিঙি পানীতে কোঁৱৰে বুৰ মাৰিলে
আজিও নাহিল ওলায়৷

যোঁজনাঃ

চ'তে গৈয়ে গৈয়ে বহাগে পালেহি
ফুলিলে ভেবেলি লতা
কৈ নো কৈ থাকিলে ওৰকে নপৰে
বহাগী বিহুৰে কথা

*

স্বৰ্গদেও ওলালে বাটচ'ৰাৰ মুখলৈ
দোলীয়াই পাতিলে দোলা
কান্ধত জিলিকিলে নৰা জাঙেফাই
গাতে গোমেচেঙৰ চোলা

*

শালিকি চৰাইয়ে কিৰিলি পাৰিলে
গছৰ গুটি খাবলৈ পায়
আমাৰ নাছনীয়ে কিৰিলি পাৰিলে
বহাগৰ বাতৰি পায়

*

ছাগল চেলাবৰে ডবুৱা কটাৰি
পহু চেলাবৰে মিট
ঘৰৰে গৃহস্থ দায় দোষ এৰিব
গাই যাও বতৰৰ গীত

বিহুগীতঃ

জোনেদি ওমলাম তোকে হেৰ' জোনালী
তৰাদি তৰাদি ওমলাম তোক
ইমানতো জোনালী উচুপিব লাগিলে
তুলি ল'ম তুলি ল'ম পঠালি কোলাত

*

মধ্যম ৰাতি নোলাবা ঐ কলিজা
সময় নহয় তেতিয়া
দুপৰীয়া নোলাবা ঐ কলিজা
সময় নহয় তেতিয়া
পূৱা হ'লে ওলাবা কাষত কলহ লৈ ল'বা
সূবৰ্ণ ঘাটতে মই পানী ভৰাই দিম
তুমি লৈ আহিবা

*

নীলাকৈ আকাশত
প্ৰশ্নবোধক আঁকিলা
বেদনাৰ আকাশত
কিনো মৰম সানিলা
মোৰে মাজনী ঐ
কিনো মায়াই কিনো মায়াই
মোহিলা মোক

*

কাঞ্চন ফুলে শুৱাবনে তগৰ ফুলে শুৱাব
নাহৰৰে কলিটিয়ে তোমাৰে মন জুৰাব
চোৱা ভনী চকুৰে মাতা ভনী মুখেৰে
কাষে চাপি আঁহাচোন মিচিকিয়া হাঁহিৰে

*

কিচিম কিচিম ভাৱনাই অ' অ' মোৰ সোণ
অন্তৰে মোৰ দহি যায়
অন্তৰে মোৰ দহি যায়
যেতিয়া মই বিচনাত পৰো

বিচনাতে পৰি লৈ অ' অ' মোৰ সোণ
কান্দিবলৈ মই ধৰো
কান্দিবলৈ মই ধৰো
তিতি যায় মোৰ শিতানৰ গাৰু

(পুৰণা কিন্তু অৰিজিনেল ভাৰ্চন)


Tuesday, April 11, 2017

বিহুৰ শুভকামনা

অ'ই ৰঙা লিপষ্টিক তই ব'হাগত নাহিবিছোন ,
বঢ়মথুৰিয়েই ভাল ব'হাগত !
অ'ই মেহেন্দিৰ ফুলবোৰ;
তই দুদিনমান জিৰণি লছোন ,
মোৰ সোনপাহিৰ হাতখন দুদিনৰ বাবে জেতুকাকে বন্ধকত দে !

অ'ই গাৰ্ণিয়াৰ, চানচিল্ক ,ক্লিনিক প্লাচ তহঁতিবোৰেও অলপ ফুৰি আহগৈ যা অসমৰ বাহিৰত দুদিনমান ...

টিউলিপ, ছানফ্লাৱাৰ আৰু চুলিত মৰা ধুনীয়া ৰিবন বোৰ অ' তহঁতিও দুদিনমান কৰ্মবিৰতি ল ..

দেচোন দে কপৌ, ভাটৌ ,তগৰকে অলপ ব্যস্ত হবলৈ ..

অ"ই কিবৰ্ড ,ড্ৰামচেত তহঁতিও টো ব্যস্ত সদায়
তহঁতৰো মন নাযায়নে অলপ ছুটীত যাবলৈ ...

যা তহঁত ছুটীত ,
আমাকো দে দুদিনমান ঢোল পেঁপা কুলি কেতেকীৰ মাতকে শুনিবলৈ ।

আৰু ব্ৰিটানিয়া ,বিকানেৰি ,বিস্কফাৰ্ম তহঁতবোৰেও আমুৱাইছ আৰু
আমাক ...!

পিয়াহত কলহৰ সাজটুপি ,
ভোকত ভজা চাউল আৰু ম'হৰ আঠা দৈ ,

আমাকো দেচোন দে তিলপিঠা ঘিলাপিঠাৰ সোৱাদ লবলৈ ...

শুনিছনে বাৰু তহঁতবোৰে ,
দুদিনমান আৰামকে কৰ,
অলপ মান ধৈৰ্য ধৰ ...

আমাকো দে দুদিনমান অসমীয়া হৈ ,
আনন্দ লবলৈ এই বিনন্দীয়া ব'হাগৰ...!!!

© প্ৰাণজিৎ বৰুৱা

RONGALI BIHUR ULOG JASILU HOKOLULOIKE...♡♥♡


Saturday, April 8, 2017

কলেজৰ দিনবোৰ ...

কলেজৰ দিনবোৰ ...

বগা চাৰ্ট আৰু ব্লেকিছ ব্লু পেন্ট এজোৰে
বৰকৈ মাতি আছে ,
এটা পাহৰিব নোৱাৰা দিনলৈ ,
জীৱনৰ
কিছু মচিব নোৱাৰা সময়লৈ ...

বৰষুণৰ দিনত ছাতিৰ সলনি,
মুৰত ৰুমাল লৈ দৌৰা,
ঘপহকৈ খবৰ পাই
স্কলাৰচিপৰ ফৰ্ম লবলৈ কৰা লৰা-ঢপৰা,
মাৰ্চ পাৰ্চ কৰিবলৈ গৈ ভাগৰত বননিতে বাগৰা ,
কাৰোবাৰ পৰা স্পিছিয়েল মানুহৰ ফোন নং গোটাই মিছ কল , মেছেজৰ আদান প্ৰদান কৰা ,
আস কি হেঁপাহেৰে ভৰা ...

তিনি ঘন্টাৰ নন ষ্টপ ক্লাছ,
মনে মনে কোৱা কি যে এইবোৰ বকৱাচ,
কাৰোবাক দেখি ঘপহকৈ লাগি যোৱা লাজ,
কিবাকৈ
দিপাৰ্ট মেন্ট কোনোবা ইভেন্টত জিকি যোৱাৰ খবৰটো  শুনি মৰা সমবেত সেই নাছ ,
আস কি সোৱাদ লগে ভাগে খোৱা পিকিনিকৰ সেই তৃপ্তিৰ এসাজ ,

কত যায় সেই সময়
স্মৃতিৰ কেনভাচত যে
এতিয়াও দেখোন সকলোবোৰ
স্পষ্টকৈয়ে জিলিকি ৰয়   ...!

আস কি যে সেই দিন ...
ভয়ে ভয়ে পৰীক্ষা হলত সোমোৱা ,
সোমাইলৈয়ে প্ৰভুক মনে প্ৰাণে সোঁৱৰা ,
প্ৰভু পাৰা যদি কাঢ়া গাৰ্ডৰ পৰা ৰক্ষা কৰিবা,
লগৰটোক  মৰমেৰে কোৱা পৰাখিনি দেখাবা ,
বহী খন এটাৰ পৰা ইটোলৈ বাগৰা,
জনাখিনি লিখি নজনা খিনিও গাজা লিখি বহী ভৰ্ত্তি কৰি সামৰা ,

আৰু তিনি ঘন্টাৰ পৰিশ্ৰমৰ অন্তত ,

পৰীক্ষা হলৰ পৰা ওলোৱা সেই প্ৰশান্তিৰ হাঁহি মৰা,
কেনেবাকৈ লগৰ কেইটাৰ লগত উত্তৰ  নিমিলিলে যে আকৌ অশান্তিৰ ডাৱৰে আৱৰা ..

পৰীক্ষাৰ আগৰ সেই আকাংক্ষা পাব লাগিবই ফাৰ্ষ্ট ক্লাছ ,
পৰীক্ষা দি আহি বাস্তৱৰ  প্ৰাৰ্থনা ভগৱান যেনেতেনে হলেও কৰাবা দেই  পাছ ...
সঁচাকৈয়ে
কি যে সময় আছিল সেইয়া
চিন্তা, আৱেগ ,হাঁহি কান্দোনৰ ৰামধেনুৰে ভৰা  ।

হয় মই যেন এতিয়া
বিচাৰিছো 

আকৌ লগৰ বোৰৰ পৰা সেই
নোট গোটোৱা সময় বোৰ,

হয় মই যে  শুনিব খুজিছোঁ
আকৌ কেন্টিনত খোৱা আৰু
আড্ডা মাৰোতে ওলোৱা
বিভিন্ন টপিকৰ  কথাবোৰ

হয় মই
বিচাৰিছো আকৌ এবাৰ চাবলৈ
ধুনীয়া ধুনীয়া হাঁহি মৰা
নীলা চুৰনি আৰু বগা লেগিংছ পিন্ধি
ঘুৰি ফুৰা পখিলা বোৰ ,

হয় মই যেন আকৌ
বিচাৰিছো শুনিবলৈ সেই
ছাৰ সকলৰ মুখৰ  উৎসাহী কথা
  নতুবা সদায় পৰা মৰমৰ  গালিবোৰ,

হয় হয়
বিচাৰিছো
বিচাৰিছো
মই এতিয়া
খুবেই ব্যাকুলতাৰেই বিচাৰিছো আকৌ ঘুৰাই পাবলৈ
মোৰ
জীৱনৰ
প্ৰিয় সেই সোনৱালী দিনবোৰ,

উৰি গৈছে সেই উমাল ক্ষণ বোৰলৈকে যে
পুনৰ  মনটো  মোৰ ...
প্লিজ প্লিজ প্লিজ পাৰে
যদি কোনোবাই  ঘুৰাই
দিয়ক চোন মোক
মোৰ  প্ৰিয় সেই

কলেজৰ দিনবোৰ ...!!

ঘুৰাই দিয়ক ঘুৰাই দিয়ক মোৰ
কলেজীয়া দিনবোৰ !

প্ৰাণজিৎ বৰুৱা
৮ এপ্ৰিল ২০১৫