Saturday, April 15, 2017

বিহু নাম

 
কৃষ্ণাই মূৰতে বকুল ফুল এপাহি
নিয়ৰ পৰাই মুকলি হ'ল ঐ গোবিন্দাই ৰাম

*

মোৰ নাম ৰমক
ঔ ভাইৰ নাম জমক
ভনিৰ নাম বিজুলি চমক ভানুমতি ঐ
গা কৰে ৰমক জমক

*

হুঁচৰি এ চ'ত
আমি বিহু মাৰু য'ত
দেহি ঐ দুবৰি নগজে ত'ত

*

ল হেৰৌ দদাই
হাতে কাড়েফাই
ধৰ ঐ মাৰ ঐ বালি চৰাই

*

ন ঘৰ ঐ পুৰণি কামি
হুঁচৰি গাবলৈ আহিছো আমি

*

হুঁচৰি এ হাও
আমাৰে হুঁচৰি দুই ঘৰৰ মাজতে গাও

*

হুৰাই লৈ সৰগৰ তৰা
চাই থাক ঐ দুৰণিৰ পৰা

*

হুৰাই লৈ ধানখেৰৰ ছাঁই
অতি চেনেহৰে বহাগৰ বিহুটি
হাতত মলঙি যায়

হুঁচৰিৰ পদঃ

টেটেলিৰ তলতে কৰো তাঁতে বাটি
পাহৰি আহিলো কুচি৷
কুচিৰে সলনি পগলাই কিলাব
যামে আইৰ ঘৰলৈ গুচি৷
মাৰৰ ঘৰলৈ যাৱ তই পাগলী
বাটত খপোৱা দি ধৰিম৷
বাটত খপোৱা দি ধৰ তই পগলা
হাবিত লৰে মাৰি সোমাম৷
হাবিত লৰে মাৰি সোমাও তই পাগলী
হাবি জুই লগাই ধৰিম৷
হাবি জুয়ে লগায় ধৰ তই পগলা
ঢোঁৱাৰে লগতে উৰিম৷
ঢোঁৱাৰে লগতে উৰ তই পাগলী
হাকুটি যোৰায়ে আনিম৷
হাকুটি যোৰায়ে আন তই পগলা
পুখুৰিত জাপেদি লুকাম৷
পুখুৰিত জাপেদি লুকাৱ তই পাগলী
জালে জুলুকি বাই ধৰিম৷
জালে জুলুকি বাই ধৰ তই পগলা
বোকাৰে মাজতে লুকাম৷
যিমানে গাই যাও সিমানে ওলায় যায়
ইমানতে সামৰি থলো৷

*

শংকলদেও ৰজাৰ পুতেক মণিকোঁৱৰ
খেলাত খতি খনে নাই৷
এবেলা দোলাতে এবেলা ঘোঁৰাতে
এবেলা কড়ি খেলায়৷
কড়ি খেলি কোঁৱৰে ৰঙকে নাপালে
নদীত গা ধুবলৈ যায়৷
এঁকাঠু পানীতে কোঁৱৰে গা নুধুলে
একঁকাল পানীলৈ যায়৷
একঁকাল পানীতে কোঁৱৰে গা নুধুলে
এবুকু পানীলৈ যায়৷
এবুকু পানীতে কোঁৱৰে গা নুধুলে
এডিঙি পানীলৈ যায়৷
এডিঙি পানীতে কোঁৱৰে বুৰ মাৰিলে
আজিও নাহিল ওলায়৷

যোঁজনাঃ

চ'তে গৈয়ে গৈয়ে বহাগে পালেহি
ফুলিলে ভেবেলি লতা
কৈ নো কৈ থাকিলে ওৰকে নপৰে
বহাগী বিহুৰে কথা

*

স্বৰ্গদেও ওলালে বাটচ'ৰাৰ মুখলৈ
দোলীয়াই পাতিলে দোলা
কান্ধত জিলিকিলে নৰা জাঙেফাই
গাতে গোমেচেঙৰ চোলা

*

শালিকি চৰাইয়ে কিৰিলি পাৰিলে
গছৰ গুটি খাবলৈ পায়
আমাৰ নাছনীয়ে কিৰিলি পাৰিলে
বহাগৰ বাতৰি পায়

*

ছাগল চেলাবৰে ডবুৱা কটাৰি
পহু চেলাবৰে মিট
ঘৰৰে গৃহস্থ দায় দোষ এৰিব
গাই যাও বতৰৰ গীত

বিহুগীতঃ

জোনেদি ওমলাম তোকে হেৰ' জোনালী
তৰাদি তৰাদি ওমলাম তোক
ইমানতো জোনালী উচুপিব লাগিলে
তুলি ল'ম তুলি ল'ম পঠালি কোলাত

*

মধ্যম ৰাতি নোলাবা ঐ কলিজা
সময় নহয় তেতিয়া
দুপৰীয়া নোলাবা ঐ কলিজা
সময় নহয় তেতিয়া
পূৱা হ'লে ওলাবা কাষত কলহ লৈ ল'বা
সূবৰ্ণ ঘাটতে মই পানী ভৰাই দিম
তুমি লৈ আহিবা

*

নীলাকৈ আকাশত
প্ৰশ্নবোধক আঁকিলা
বেদনাৰ আকাশত
কিনো মৰম সানিলা
মোৰে মাজনী ঐ
কিনো মায়াই কিনো মায়াই
মোহিলা মোক

*

কাঞ্চন ফুলে শুৱাবনে তগৰ ফুলে শুৱাব
নাহৰৰে কলিটিয়ে তোমাৰে মন জুৰাব
চোৱা ভনী চকুৰে মাতা ভনী মুখেৰে
কাষে চাপি আঁহাচোন মিচিকিয়া হাঁহিৰে

*

কিচিম কিচিম ভাৱনাই অ' অ' মোৰ সোণ
অন্তৰে মোৰ দহি যায়
অন্তৰে মোৰ দহি যায়
যেতিয়া মই বিচনাত পৰো

বিচনাতে পৰি লৈ অ' অ' মোৰ সোণ
কান্দিবলৈ মই ধৰো
কান্দিবলৈ মই ধৰো
তিতি যায় মোৰ শিতানৰ গাৰু

(পুৰণা কিন্তু অৰিজিনেল ভাৰ্চন)


4 comments :