আই ...
মোক আই নুবুলিবি পুতাই ,
সিদিনা আলহী আহোঁতে মোক লাজতে ভিতৰতে ৰাখিছিলি
যেতিয়া লুকুৱাই , সেইদিনা,
ঠিক সেইদিনাই হেৰাই গ'ল তোৰ সুখত সুখী হোৱা আই ...!!
মোক আই নুবুলিবি পুতাই ,
শিক্ষা দীক্ষা নথকা বুলি যেতিয়া বোৱাৰীয়ে ভেঁকাহি মাৰিছিল ,
অথচ তোৰ মুখেৰে সেই সময়ত ,
টু এটাও অহা নাছিল ওলাই ,
ঠিক সেইদিনা ,
সেইদিনাই হেৰাই গ'ল , তোৰ দুখত দুখী হোৱা আই ...!!
মোক আই নুবুলিবি পুতাই ,
পাহৰা বেমাৰৰ বাবে একেটা কথাকে যেতিয়া
সুধিছিলো তোক সঘনাই ,
আৰু মনে মনে তই ভুৰ ভুৰাই কৈছিলি
এই
বুঢ়ীজনীৰ পৰা অলপমানো শান্তি নাই ,
হয় ঠিক সেইদিনাই ,
সেই সময়ৰ পৰাই হেৰাই গল ,
এসময়ত তোৰ বেমাৰ হলে
চকুৰ পলক নজপোৱাকৈ শুশ্ৰূসা কৰা
তোৰ ৰুগীয়া আই ...!!
বোপাই ,
মোক আই নুবুলিবি আৰু কেতিয়াও
তথাপিও আৰ্শীবাদ কৰিছো কুশলে থাক মোৰ সোনামুৱা পুতাই ...
কুশলে থাক সদায় !!!
প্ৰাণজিৎ বৰুৱা
১২/৫/১৭
No comments :
Post a Comment