Tuesday, December 12, 2017

ভোক আৰু ভ্ৰম

ভোক আৰু ভ্ৰম

পুতেকৰ জ্বৰ ,
ভ্ৰম বকি আছে , "কিবা এটা খাবলৈ দে অ' মা ...!"
মাকে সান্তনাদিছে, জ্বৰ উঠিছে তোৰ শুই থাক ... ৰাতিপুৱা খাইছিলি মনত নাই... এতিয়া আকৌ খাবলৈ বিচাৰিছ ... জ্বৰতে যিটি কৈ নাথাক !
আচলতে সান্তনা দিলেও মাকে ঠিকেই বুজিছে সি  ভ্ৰম বকা নাই এখন শুকান ৰুটি আৰু ঠাণ্ডা পানী খাই দিনটো থাকিলেও ৰাতিটো কটোৱাটো টান... তাৰ ভোক লগাটো সঁচা ,

তথাপি  ভ্ৰমৰ অজুহাততে
ভোক কিজানি কমেই ...!

✍প্ৰাণজিৎ বৰুৱা
১২/১২/২০১৭


গে'ট

গে'ট ...

প্ৰথমে নঙলা আছিল ,
গাঁৱৰ পদুলিবোৰত ,
লাহে লাহে আহিল জপনাবোৰ ,
গাঁওবোৰ ক্ৰমশঃ নগৰ হৈ পৰিল ,
জপনাবোৰ গে'টলৈ ৰূপান্তৰিত হ'ল...
আৰু এনেকৈয়ে যেতিয়া মানুহবোৰ
ক্ৰমান্বয়ে মানুহৰ পৰা যন্ত্ৰ হ'বলৈ আৰম্ভ কৰিলে এতিয়া মানুহবোৰৰ সতে কথা পাতিবলৈও একোখন গে'ট অতিক্ৰম কৰিব লাগে যাৰ নাম
পেটাৰ্ণ বা পাছৱৰ্ড ...

পুনশ্চঃ

হাই ...!

সেয়া এটা মানুহ মোৰ মেচেঞ্জাৰ নঙলা মুখত ,
চাওঁ গৈ দিয়ক ;
অতিথি গে'ট খুলি মাতি আনিব
পৰা হয় বা নহয় ...

✍প্ৰাণজিৎ বৰুৱা
১২/১২/২০১৭


Wednesday, December 6, 2017

লিমাৰিক

লিমাৰিক

(১)

পৰীক্ষা দিবলৈ গল কনপাই জেপটো ভৰাই,
মনে মনে প্ৰাৰ্থনা কাঢ়া গাৰ্ড নিদিবা পেলাই ,

গডেও  প্ৰাৰ্থনা শুনিলে,
নৰম গাৰ্ডেই পঠিয়ালে ,

পিছে কমন এটাও নপৰাতহে কনপাইৰ হেৰিৰে ধোঁৱা উলাই ।

(২)

থিয় থিয় চুলি খিনিৰে তাইক লাগিছিল  বৰ কিউট ,
চেলফি বোৰ তোলোতেও দিছিল  তাই তামাম পাওট ,


  মৰমতে নাম্বাৰ  খুজি,
দিছিলো লাপু বোৰ গুজি ,

ডাক্তৰ দৰা পাই এতিয়া ঘুৰিয়ে নাচায় বেটিৰ কি এটিটিওদ ।

প্ৰাণজিৎ বৰুৱা
৬/১২/১৬