Monday, December 15, 2014

অ ফোন অ ফোন ❤ ❤ ❤

অ ফোন অ ফোন ইমান  ৰিঙ কৰ কিয়?
জি এফে যে মিছ কল দিয়ে মইনো নকৰিম কিয় ।

অ জি এফ অ জি এফ মিছ কল দিয় কিয়,
আমাৰ মিছকলৰ ভেলু যে বহুত আমি নিদিমনো কিয়,

অ জি এফৰ মিছকল অ জি এফৰ মিছকল তহঁতৰ দিমান্দ ইমান বেছি কিয়,
লৰাবোৰ যে আমাকলৈ বলিয়া দিমান্দ নহব কিয় ।

অ লৰাবোৰ অ লৰাবোৰ তহঁত ছোৱালী বলিয়া কিয়,
ছিংগল
ছোৱালীবোৰ যে পাবলৈকে নাই
বলিয়া নহম কিয় ।

অ চিংগল ছোৱালী অ চিংগল ছোৱালী তোমালোক পাবলৈ নাই কিয়,
চিংগল হৈ থাকিলে আমাৰ পকেট খৰচেই  নোলাই আমিনো থাকিম কিয় ।

অ পকেট খৰচ অ পকেট খৰচ তহঁতি চিংগল ছোৱালীৰ ওচৰত নাথাক কিয়,
বয় ফ্ৰেণ্ড বোৰ আছেই ছোন ছোৱালীৰ পকেট খৰচ দিবলৈ আমিনো থাকিম কিয় ।

অ বয় ফ্ৰেণ্ড অ  বয় ফ্ৰেণ্ড তহঁতি পকেট খৰছ ছোৱালীক দিয় কিয়,
তাহাঁতৰ মিঠা জান সোণ দেহা বোৰ আমাৰ যে বৰ প্ৰিয় ।

অ ছোৱালী অ ছোৱালী তোমালোকে  জান সোণ দেহা আদিবোৰ ইমান মৰম লগাই মাতা কিয় ,
সেইবোৰেই  আমাৰ অস্ত্ৰ  আৰু পুৰনিকলীয়া সম্পদ ,
বশী কৰণ কৰি লৰা পতোৱাৰ এই পৰম্পৰা আমি বাৰু এনেই এৰিম কিয়...!!

হু হু হি হি হা হা  উম্মাহ মাই জান মাই দেহা কলিজা লাভ ইউ উম্মাহ ;-) ❤ ❤ ❤   ;-) ❤ ❤ ❤
:-P :-P :-P :-D :-D

--প্ৰাণজিৎ বৰুৱা
১৫ ডিচেম্বৰ ২০১৪


Sunday, December 14, 2014

আকৌ কেপ্তেইন হবৰ মন যায় । y (dedicated to all  my beloved  govt.h.s.school nlp friends and brothers... :-) :-) )

আকৌ কেপ্তেইন হবৰ মন যায় ।
y
(dedicated to all  my beloved  govt.h.s.school nlp friends and brothers... :-) :-) )

প্ৰেদ চাৱধান বিশ্ৰাম,
কেতিয়ানো শুনা পাম ...!
ৰঘু পতি ৰাঘব ৰাজা ৰাম,
আকৌ বাৰু কেতিয়া গাম,

আকৌ কেপ্তেইন হবৰ মন যায়...

দৌৰা দৌৰিকৈ সোমোৱা
ছেকচন বি...
ক্লাছ ফাইভ টু টেন,
হুলস্থুল বোৰ  কানত বাজি থাকে
উমি উমি ।

12 বজাৰ লগে লগে টিফিনৰ ৰুটি ভাজি,
সঞ্জু দাৰ কেন্টিনৰ হেতা উপৰাৰ পপ পেটিছ,
পিছ ফালৰ খেল পথাৰৰ
সেই পিঠি বিষোৱা কিংছ ...!

আস !
  কিয় জানো
সকলোবোৰে মাতি আছে,
কিয় জানো এতিয়াও সেই স্মৃতিবোৰে ইমান প্ৰাণ খুলি  নাছে...!

শপত কৈছো
ভি পি চাৰৰ সেই  গৰু পিটন বোৰত পিঠি এতিয়াও চেৰচেৰাইয়ে আছে...!

প্ৰদীপ গগৈ চাৰৰ হাতৰ ঘড়ী খুলি টেবুলত থৈ
মতা ভয়ংকৰ সেই
" ইধৰ আও"... টো
এতিয়াও প্ৰায়েই কানত বাজে ...!

কি আপদ
আকৌ কথা পাতি থকা সহপাঠীৰ
নাম লিখাৰ হেপাঁহ হৈছে চোন,

নিজে আনি দিয়া বেত দালেৰে
নিজৰ হাতত দুপিতন খাবলৈ
বৰ মন গৈছে দেখোন ...!

কি কৰো বাৰু ??
কেনেকৈ উভতাই আনো
বাৰু
সেই ফাইভ টু টেন,
গভ্ট হায়াৰ চেকেন্ডেৰীৰ
নট খত জেন্টেল মেন,
বগা চাৰ্ট আৰু কলা
হাফ  পেন্ট পিন্ধা ক্ষণ বোৰ...!

ছেহ
বৰ মনত পৰিছে অ...

সঁচাকৈ আজি কিয় জানো
আকৌ এবাৰ কেপ্তেইন হবলৈ
বিৰাটেই মন গৈছে...!

মোৰ মনটো যে
সেই সোনালী দিন বোৰলৈ
আকৌ  উৰা মাৰিছে...

MISS YOU GUYS...
MISSED YOU N.L.GOVT.H.S.SCHOOL ...
TRUELY MISSING MY
MY SCHOOL DAYS,

THE GOLDEN DAYS...

--প্ৰাণজিৎ বৰুৱা
১/০৯/২০১৪


চাৰিটা � স্তৱক তোমাৰ (ভালপোৱাৰ) বাবে ...

চাৰিটা স্তৱক তোমাৰ
(ভালপোৱাৰ) বাবে ...

           (১)
মোৰ কবিতাত ফুল নুফুলে
ফুলে তোমাৰ হাঁহি,
তোমাৰ হাঁহিত এজাক শব্দই  কলমৰ আগত বহেহি আহি ।

        (২)
মোৰ মনে উচ পিছ কৰে
তোমাৰ চঞ্চলা মাতত,
জানা সদায়েই  তোমাৰ
অগা দেৱা
  শেষ ৰাতিৰ মোৰ সপোনৰ
বাটত ।

       (৩)
শৰতৰ শেৱালী আহিনৰ কুঁৱলী
মোৰ  কিমান প্ৰিয়  তুমিটো জানা,
আৰু তোমাৰ মেঘালী চুলি লাৱনী খোজে যেন কৰে মোক  তাতোকৈ বেছি উন্মনা  ।

      (৪)
ক্ৰমশঃ
তুমি যিমানেই আতৰি যোৱা,
মোৰ সিমানেই হেঁপাহ তোমাক কাষত পোৱাৰ,

নাজানো কিহৰ উন্মাদনা এইয়া !
মোৰ বাবে এইয়াই জীৱন,
এইয়াই আশা,
হয়তো
সপোনো  এইয়াই,
আমৃত্যু তোমাক এনেদৰেই ভালপোৱাৰ ...!

--প্ৰাণজিৎ বৰুৱা
৬/১১/১৪


সোণত সুৱগা চৰিব...

সোণত সুৱগা চৰিব...

সোণত সুৱগা চৰিব
যদি আপোনাৰ প্ৰিয় ৰঙ বেঙুনীয়া ,
আপোনাৰ প্ৰিয় শব্দ মা,
প্ৰিয় খাদ্য ভোকৰ এসাজ,
প্ৰিয় দৃশ্য কোনোবা সলজ্জ গাভৰুৰ মিঠা লাজ...!

সোণত সুৱগা চৰিব
যদি আপুনি গান শুনি
বহুতেই ভাল পায়,
গানৰ তালে তালে আপোনাৰো সুৰ মিলাই গাই যাবৰ মন যায়...

ভাল লাগিব যদি আপোনাৰো শুনি ভাল লাগে শিশুৰ ফুটো নুফুটো মাত,
ভাল লাগিব  যদি আপোনাৰো ভাল লাগে গৈ কাৰোবাৰ  হাতত হাত ধৰি এটা নিৰ্জন বাট ।

আৰু ??
আৰু যদি আপুনিও কথা পাতি ভাল পায়,
অবিৰাম
হাঁহি ভাল পায়,
অলপ শোক লাগিলে অনৰ্গল চকুলো ওলাই ...
সঁচাই কৈছো
সোণত সুৱগা চৰিব ।

কিন্তু কেতিয়াবা
আপোনাৰ যদি শিশু শ্ৰমিক দেখি সঁচাকৈয়ে  অন্তৰে কান্দে,
কেচা তেজ দেখি যদি আপোনাৰো  শৰীৰ সিঞৰি
উঠে ,
সন্ত্ৰাসবাদ, ধৰ্মীয় উন্মাদ , শোষণ দুৰ্নীতি দেখি যদি আপোনাৰো কপে শৰীৰ উত্তেজনাত,
সকলো বোৰ চিজিল লগাই দিবলৈ আপো�নাৰো  যদি একান্তই  ইচ্ছা  যায়
সোণত সুৱগা চৰিব খাটাং  !

আকৌ
কেনেবাকৈ  যদিহে আপুনি কথা কলেই সকলো নিস্তব্ধ হৈ পৰে আপোনাৰ কথা শুনাৰ উত্তেজনাত,
আপুনি আহিলে যদি ভাঁহি আহে বতাহত সেই ভাল লগা আপুনি আপুনি  সুবাস,
সঁচাকৈয়ে কৈছোঁ
সোণত সুৱগা চৰিব...

আৰু যদি কিবা প্ৰকাৰে আপুনি কবিতা ভাল পাই,
কৃষ্ণচুড়া ফুলিলে অনন্য মাদকতা পাই,
মাজনিশা সাৰ পাই যদি প্ৰায়ে একেথৰে আকাশখনলৈ চাই,

তেন্তে নিশ্চিত ভাৱে আপুনিয়েই হব পাৰে মোৰ এক্সক্লুছিভ সংগী...

ইমান দিনে ৰৈ আছো  আপোনাৰ বাবেই,
এটা সপোন সপোন লগা জীৱন সজাবলৈ...

পলম নকৰিব ,
আপুনি আৰু মই একেলগ হলে
ভালপোৱাৰেই
শপত খাই কৈছোঁ  ;

সোণত সুৱগা চৰিব ...!

--প্ৰাণজিৎ বৰুৱা
১৫ নৱেম্বৰ ২০১৪


কথোপকথন

চমু কথোপকথনত
ভাল লাগিল ককাকৰ উত্তৰটো :-) :-)

ককাক জনে
নাতি ল'ৰাটোক ক'লে --
,"মোৰ বুকুৰ মাজত দুটা কুকুৰনেচীয়াৰ, অহৰহ যুদ্ধ চলি আছে ।
এটা কুকুৰনেচীয়া হৈছে দুষ্ট প্ৰকৃতিৰ
আৰু সি ঘৃণা খং আৰু অহংকাৰ লগত লৈ ফুৰিছে ।

আনটো হৈছে ভাল আৰু
সি তাৰ মাজত লৈ ফুৰিছে শান্তি ,আনন্দ ,মানৱতা ,প্ৰেম আৰু সহনশীলতা  ।
এই একেখন যুদ্ধ তোমাৰ লগতে সকলোৰে বুকুতো   চলি আছে ।"

নাতি ল'ৰাটোৱে তেতিয়া ককাকক উৎসুকতাৰে সুধিলে,
-- "এতিয়া কোনটো কুকুৰনেচীয়া জিকিবনো ককা ?? "

ককাকৰ চমু উত্তৰ,- " যিটোকেই তুমি লালন পালন কৰিবা ।"

-- নিনাও (y)


তোমালোক ছোৱালী বোৰ ...

তোমালোক ছোৱালী বোৰ ...

তোমালোক ছোৱালী বোৰ পিছে আমাৰ সঁচাকৈয়ে ভাল লাগে...

তোমালোকক ভাল পোৱাটোৱেই আমাৰ নিচান,
তোমালোকক আকৰ্ষিত কৰাটোৱেই আমাৰ পেঁচা...

তোমালোকৰ temptation ৰজনী গন্ধাৰ সুবাস পোৱাৰ লোভত লুভীয়া...

তোমালোকক তেত্ৰিছ বাৰ প্ৰপজ মাৰি এবাৰো ইয়েছ নোপোৱাৰ দুখত দুখীয়া...

তথাপি ভাল লাগে ,
তোমালোক তোমালোক ছোৱালীবোৰ...

আমি ফেচবুকৰ অলাগতীয়াল প্ৰাণী,
পিছে আমাৰ লাইক কমেন্ট বোৰ পাইয়েই যে হৈ পৰা তোমালোক বেছি অভিমানী ...

তথাপি ভাল লাগে,
তোমালোক তোমালোক ছোৱালীবোৰ...

আমি মা দেউতাৰ বেকাৰ সন্তান,
পইচা ঘটাৰ বয়সতো দোকানে দোকানে আড্ডা মাৰোঁ,
আমি শিখৰ চিগাৰেটৰ প্ৰেমত পৰোঁ...

পিছে জানি আচৰিত হবা
তোমালোক কোনোবা জনীৰ অলপমান মৰম পালেই আমি বদ অভ্যাস সকলোবোৰ,
সকলোবোৰেই এৰিব পাৰোঁ,

তোমালোকক
সুখত ৰাখিবলৈ   দিন ৰাতি কামৰ সন্ধান কৰোঁ...

ভাল লাগে সেইয়ে তোমালোক,
ছোৱালীবোৰক...!!

আমি ষ্টাইল কৰিলে তোমালোকে বেয়া পোৱা ??,
সঁচাকৈয়ে নে
আমি ৰয়েল এনফিল্ড চলালে তোমালোকে বেয়া পোৱা??

যদি সঁচাই তেন্তে
কোৱাচোন তোমালোকৰ কেইজনীয়ে হাতত নাঙল লোৱা পাটি চাইকেল চলোৱা ডেকা কেইজনক একেবাৰে  আপোন
কৰা...!!

তোমালোকে অলপমান সুখ,
পইচাৰ লোভতেই চোং সলাই দিয়া তথাপিও বেয়া
নাপাওঁ...

তোমালোক ছোৱালীবোৰক আমি নিজতকৈও বেছি ভাল পাওঁ...

সেইয়ে যলৈকে যোৱা
ঘুৰি ঘুৰি চাওঁ....

তোমালোক ছোৱালী বোৰৰ হাজাৰ দোষ দেখিও সদায়েই আমি লৰাবোৰে প্ৰশংসাৰে উপচাওঁ...

সেই লৰা বোৰ বেয়া পোৱা ছোৱালী বিলাক,

তোমালোক ছোৱালী বোৰক আমি সদায়েই ভাল পাওঁ !! :-) :-)

--প্ৰাণজিৎ বৰুৱা
২/১২/২০১৪


কমলা বেচা লৰাটোৰ জিৰণি ...

কমলা বেচা লৰাটোৰ জিৰণি ...

বন্ধ বাৰ  ।
দেও বাৰ ,বিশ্ৰাম ,জিৰণি
আহ!
এনে সময়ৰ আমাৰ কি যে টনা টনি ...!

পিছে
জিৰণিৰ সংজ্ঞা আজি মোৰ দুচকুত পৃথক হৈ ধৰা দিলে,
কমলা বেচা   বজাৰ পট্টি স্কুলৰ ক্লাছ ফাইভত পঢ়া লৰাটোক দেখি...

আজি এটা বন্ধবাৰ ,
বিদ্যালয় অফিচ কাছাৰী বন্ধ,

আগদিনাই তাৰ সমনীয়া বোৰে গাইছিল
"কাইলৈ স্কুল বন্ধ
গোলাপ ফুলৰ গন্ধ "

কিন্তু সেই সময়ত তাৰ নাকত লাগিছিল আলংৰ পকা কমলা,
পকা কমলা বেছি পোৱা লাভ,
আৰু সেই লাভৰ পৰা আধা পেটিয়া পেটত পৰিব লগা সুস্বাদু গৰম ভাতৰ সুগন্ধ ...!!

বন্ধ ,
বন্ধ তাৰ বাবে ব্যস্ততাৰ এটি নাম,
তাৰ বাবে বন্ধত ৰৈ থাকে সদায় নতুন  নতুন একোটি কাম...

তথাপি সি অসুখী নহয়,
সি সুখী দেউতাকক সহায় কৰি,
সি সুখী ঘৰ খনৰ বোজা অলপ লাঘৱ কৰি ...

সি সুখী সি সুখী বন্ধ বাৰত ব্যস্ততাৰে কমলা বেচি ...

কমলা বেচা লৰাটো
সি যথেষ্ট সুখী ।

কমলা বেচা লৰাটো...

তাৰ বাবে বন্ধ বাৰত এইয়াই জিৰণি,
যি জিৰণিৰ কৰ্মোদ্যমত
তাৰ গোটেই পৰিয়ালটোৰ মুখত বিৰিঙি উঠে এমোকোৰা
ভোগালীৰ হাঁহি...!

--প্ৰাণজিৎ বৰুৱা
২ ডিচেম্বৰ ২০১৪


#মিছিং ছোৱালী এজনী ভাল লাগে যি সদায় মোক চাৰ আহিলে বুলি মাতে ...!#

#মিছিং ছোৱালী এজনী ভাল লাগে যি সদায় মোক চাৰ আহিলে বুলি মাতে ...!#

শৰৎ নামে...
এহাতে
কঁহুৱা বোৰ ফুলে

সোৱনশিৰিৰ বুকুত তেতিয়া ভালপোৱাৰ ঐনিতমৰ সুৰ ভাহি উঠে  ...

তুলবুল তুলবুল নাওঁ,
যাওঁ নৈৰ সিপাৰৰ জংকী পানৈৰ গাঁৱলৈকে যাওঁ ....!

আকৌ তাত আঘোণ নামে,
পথাৰৰ পৰা ধানৰ লগতে দাৱনীৰ হাঁহি বোৰ  উফৰি
আহে ...

তেনেকুৱা দিনবোৰতেই
সৰিয়হ ডৰাৰ হালধীয়াবোৰে যে
চকু চাট মাৰি ধৰে...
মনটো কিবা ফৰকাল হৈ পৰে !

লাহে লাহে
আকৌ
মোৰ ফাগুন লিগাং হৈ  সৰে...

সেই তেতিয়াই
আপুং আৰু পোৰা গাহৰিৰ
লোভে যেন বাৰুকৈয়ে দহে !!

লাহে লাহে সোৱনশিৰি গাভৰু হয় ,
গছেও সলাই পাত,
কুলি চৰাই এজনীয়ে বাঁহ পাতৰ তলৰ পৰাই মাতে আহি পালেহি অ চেনেহৰ  ব'হাগ ...!

দিন মাহ বছৰ ...
এনেদৰেই সময় বোৰো বাগৰে,
আচৰিত
সোৱনশিৰি জনী  পিছে অলপো নাভাগৰে...

আৰু কি জানে??

মোৰেই সৌভাগ্য নেকি...!
কাকতালীয় ভাবেই
সোৱনশিৰিৰ সিটো পাৰে
বছৰৰ এদিনো এনেদৰেই
আৰু
কোনোবাও   নাভাগৰে ...

নাম নাজানোঁ !!

পিছে মোক দেখিলেই
সদায়েই
এটা সহজ হাঁহিৰে  তাই 
চাৰ আহিলে বুলি মাতে ,

কিয়  নাজানোঁ ...!

সোৱনশিৰিৰ পাৰৰ সেই কেতিয়াও  ভাগৰি নপৰা
মিছিং ছোৱালীজনী
সেই মুহূর্তত মোৰ
সঁচাকৈয়ে কিবা এটা ভাল লাগে,

চাৰ আহিলে বুলি
যি নেকি 
মোক সদায়েই
অসীম আকুলতাৰে মাতে ...!!

--প্ৰাণজিৎ বৰুৱা
২৫ নৱেম্বৰ ২০১৪


কথা নাছিল

কথা নাছিল...

আপোনাক ভালপোৱাৰটো কথা নাছিল...

এদিন দেখিলো আপোনাক ,
হঠাতে বৈ গল মলয়া এজাক,

চাওঁকচোন কেনেকৈযে
ভাল পাই পেলালো
আপোনাক ...!
নভবাকৈ ,

কথাটো নাছিল...

আপোনাৰ সতে কথা হোৱাৰ,
অপলক আপোনাকেই চোৱাৰ,

কেনেকৈ যে গোটালো 839...
দট দট
আপোনাৰ ফোন নাম্বাৰ,
আৰু আৰম্ভণি হল আমাৰ
উমাল কথাবোৰ ,
এজনে আনজনক কেতিয়াও পাহৰি নোযোৱাৰ শপত খোৱাৰ...!

কথাটো নাছিল...
নাছিলটো কথা

কোনোবা এদিনাও আপোনাক মনত পেলাই বিৰহৰ কবিতা লিখাৰ,
দুপৰ নিশালৈকে আপোনাৰ কথা ভাবি উজাগৰে থকাৰ,
দিঠকৰ পৰা আতৰি আপুনি মাথোঁ
শেষ নিশাৰ সপোনতহে অহাৰ কেতিয়াওটো কথাই নাছিল...!

আছিল জানো কথা,
আপোনাৰ বাবেই গল্ড ফ্লেকত মই চুমুক দিয়াৰ ?
দুপৰ নিশালৈকে আপোনাৰ মাততেই মাতাল হোৱা
মইটোৱে কেতিয়াবা
যে গল্ড ৰিবন আই বিৰ
নিচাত নিচাগ্ৰস্ত
হোৱাৰ কথাটো নাছিল...!

নাছিল ...!

এটা সুন্দৰ জীৱনত
হুমুনিয়াহ, বিষাদ ইত্যাদি
মই বেয়া পোৱা শব্দবোৰ কঢ়িয়াই ফুৰাৰ কেতিয়াও মোৰ হেঁপাহ নাছিল...

আছলতে কথা নাছিল আমিবোৰে কাৰোবাক লৈ সপোন দেখাৰ...
কিন্তু দেখিলো !

কথা নাছিল
কাৰোবাক নিজতকৈও বেছি বিশ্বাসত লোৱাৰ,
কিন্ত্ত কৰিলোঁ...

হয়তো ভুলো
মোৰ তাতেই হল,
কথা নথকাৰ স্বতেও যিহেতু
মই আপোনাৰ প্ৰেমত পৰিয়েই গলোঁ...!

চকুলোৰ সাগৰ বোৱাই হলেও,
দুখৰ হুমুনিয়াহ কাঢ়ি হলেও,

প্ৰেম নামৰ শব্দটোৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিয়েই
সেইয়ে চাগৈ

আপোনাক এবাৰ ভাল পাই চালোঁ...!

ক্ৰমশঃ ...

আছলতে
প্ৰেম  ,প্ৰতাৰণা আৰু বিচ্ছেদ   তিনিওটাই যে
সহোদৰ বুলি মই
আগেয়ে জনাই নাছিলো ...!

--প্ৰাণজিৎ বৰুৱা
১৫/১০/১৪





Sunday, December 7, 2014

বাকৰ বচন ৰিটাৰ্ণছ (৪)

বাকৰ বচন returns ৬

১)

বৰ্তমান সময়ত

ৰচিত কিছুমান  অসমীয়া  গান ,

আৰু সৰুৱে  কৰা ডাঙৰৰ প্ৰতি সন্মান ,

যেন

এতিয়া পুতৌজনক দুয়োটাৰে স্থান । 


(২)

ফুল সকলোৰেই ভাল লাগে,

লাগে তগৰ ফুলেই হওঁক ,

 কপৌ ফুলেই

 হওঁক ,

 ছোৱালীৰ বিউটিফুলেই হওঁক 

বা 

সন্ধিয়াৰ অ'চি ,আই বি ফুল ,

মুঠতে যেন 

ফুলক লৈ এতিয়া সকলোৱেই ভালকৈ মচ গুল । 


(৩) মাছৰ কাইট ,

চাৰ্ট পেন্টৰ টাইদ ,

আৰু ঘৰত শাহু বোৱাৰীৰ মাজৰ ফাইট ,


যদিহে জোখতকৈ বেছি 

তেন্তে সঁচাই বিৰাট অশান্তি  । 


(৪)

মদ সিমান বেয়া নহবও পাৰে যদি খায় জোখত ,

বয় ফ্ৰেণ্ড গাৰ্ল  ফ্ৰেণ্ড বোৰ ইমান চুইট নহবও 

 পাৰে যিমানেই দেখাই থাকে মুখত ।  




(৫)

লৰাৰ বাবে প্ৰেম বাৰে বাৰেই আহে ,

 যেতিয়াই ধুনীয়া ছোৱালীয়ে হাঁহে ,

ছোৱালীৰ বাবেও প্ৰেম বাৰে বাৰে আহে ,

এবাৰ ৰনবীৰ কাপুৰ  এবাৰ এক্স বয় ফ্ৰেণ্ড আৰু এবাৰ দৰা হিচাপে আহে ...।


(৬)

 ফেচবুকত সমালোচনা কৰা ,

পৰীক্ষাৰ পিছত ভালকৈ নপঢ়াৰ বাবে 

অনুশোচনা কৰা ,

আৰু শোৱনি কোঠাত আলহী সোমাই অহাৰ পিছত বিচনা খন পৰা ,


কাম কেইটা একেবাৰেই অৰ্থহীনতাৰে ভৰা   । 


(৭)

ভাৰত পাকিস্তানৰ খেল , 

গাহৰি মাংসৰ তেল ,

আৰু 

দুপৰীয়াৰ ওকনি চাই চাই  মৰা বিয়নী মেল ,

এই তিনিওবিধৰ সোৱাদৰ আগত বাকী সকলোবোৰেই ফেল । 


(৮)

মাক দেউতাকৰ মতে নিজৰ  সন্তান ,

আৰু বিয়াঘৰীয়াৰ মতে ৰিচিপচনত দিয়া জলপান ,

এনে দেখুৱাই যেন

ইয়াতকৈ ভাল  আৰু কতো বিচাৰি পোৱাটোৱেই 

  টান । 


(৯)

 খাই উঠি ভীমকল ৰাতিপুৱা দিব লগীয়া হোৱা

 সেই কষ্টকৰ বল ,

বন্ধু বৰ্গৰ তাগিদাত পৰি ধৰি অহা 

সেই ৰঙা ৰঙা জল ,

আৰু ৰিপ্লাই দিবলৈ পাহৰি যোৱা  প্ৰেয়সীৰ 

সেই মিছদ কল ,

 

তিনিওবিধে কৰি দিব পাৰে আপোনাৰ পৃথিৱী ওপৰ-তল  । 


(১০) 

"সঁচা প্ৰেম মানেই  নহবও পাৰে বিয়া ,

তুমি মোতকৈ বহুত ভাল এজনেই পাবা দিয়া ",


এনেকুৱা সংলাপ শুনিব পাব তেতিয়া   ,

আপোনাৰ কোনো সংস্থাপন নাইকিয়া 

আৰু 

 প্ৰেয়সীৰ বাবে আহিব কোনো  অইলৰ দৰা

  যেতিয়া  । 


--)( বাক ) প্ৰাণজিৎ বৰুৱা 



বাকৰ বচন returns ৫

(১)

ভেলেন্টাইন দেই হওঁক বা সৰস্বতী পূজাৰ সুন্দৰী দেই হওঁক ,

মিদিয়া আৰু ফেচবুকৰ হুলস্থুল বিলাক  জোখতকৈ বেছি...

কাৰণ অন্য 

বেলেগ  নাই 

মাথোঁ লাইক কমেন্ট আৰু TRP...


(২)

পেটৰ অভাৰ গেছ,

আৰু

কোনো যৌৱন প্ৰাপ্তৰ কামুক দ্ৰেছ ,

দুয়োবিধৰ চুক বেছি হলে 

হৈ যাব পাৰে এটা বিৰক্তিকৰ চিটুৱেচনৰ এক্সপ্ৰেছ   । 

(৩)


প্ৰেস্বাৱ ,শৌচ আৰু ধৈৰ্য

তিনিওটাকে বেছিপৰ বান্ধি 

ৰখাটো বৰ কষ্ট । 




(৪)

মাংসত  তেল ,

আৰু ছোৱালী মানুহৰ লেবেল ,


জোখৰ হব লাগে,


অলপ

কম অথবা 

বেছি হৈ গলে সোৱাদ

ভাল নালাগে । 


(৫) মদ ,চিগাৰেট আৰু নাৰী,

বাৰে প্ৰতি এৰিব পাৰি ...


পিছে একেবাৰেই এৰি দিব  ভুলতো নোৱাৰি  । 


(

(৬)

চিঞৰি চিঞৰি  গছৰ পাত সৰোৱা সকলোবোৰ কাউৰী,কুকুৰ 

শিয়াল নহবওঁটো পাৰে...


আৰে আৰে 

নিশ্চিত ভাবে

সেই সকলে  ,

সেই সকলে বিগ ব্ৰেকিং নিউজ পঢ়ি থাকিবওটো পাৰে ...,!!


(৭) পিয়াঁজ আৰু গাৰ্ল ফ্ৰেণ্ড প্ৰায় 

একেই

সোৱাদো যথেষ্ট 

চকু পানীও দিয়ে যথেষ্ট ...!!




(৮)

চিৰিয়েল বিহীন গৃহিনী,

বি এফ বিহীন তিৰী, 

নেট পেক বিহীন স্মাৰ্ট ফোন,

প্ৰায়

এই পৃথিৱীত সহজে  নাপাবাই বিচাৰি । 


(৯) 

চকুৰ পানী দুখৰ চিন

নাকৰ পানী লাগে ঘিন,

আৰু অসমত বানপানী

ঠিকাদাৰ মন্ত্ৰীৰ বাবে অচ্ছে দিন...

অ জিন জিন ..!!


(১০)

কংগ্ৰেছেই হওঁক বা বিজেপী,

কোনেও বদলাব নোৱাৰে আপোনাৰ জিন্দেগী,


আপোনাৰ ভাল দিন তেতিয়াই আহিব 

যেতিয়াই পত্নীয়ে মাংস ফ্ৰাই কৰি দি কব

আৰু এপেগ খাবা নেকি ??


--(বাক) প্ৰাণজিৎ বৰুৱা

১৪ ফেব্ৰুৱাৰী ২০১৫




বাকৰ বচন ৰিটাৰ্ণচ ৪
;-) :-) :-D :-P

(১)
ৰাতিপুৱা সময়ৰ টোপনি ...
আৰু
প্ৰেয়সীৰ অভিমানৰ মিঠা গালি শপনি...
দুয়োবিধৰে আমেজ লৈ নালাগে কেতিয়াও  আমনি ।

(২)
শ্লীম ফিগাৰৰ ছোৱালী ,
আৰু খীৰতি গায় গৰুৰ পোৱালী,
বিয়া নপতালৈ আৰু পিয়ন নেৰালৈকে
চাহিদাটো বৰ বেছি ।

(৩)
নাৰীৰ চিন্তাৰ প্ৰকাৰ,
সদায় ভাবে পুত্ৰ হওঁক শ্ৰবন কুমাৰ ,
পিছে নিজৰ স্বামী কেনেবাকৈ শ্ৰবন কুমাৰ হলেই ভাঙি দিব যেন সংসাৰ ।

(৪)
নাৰী , গাড়ী আৰু চাকৰি ,
নিজৰ বোৰ
যিমান ভাল হলেও ,
প্ৰায় বোৰ পুৰুষেই দুখ কৰে আনৰ লগত তুলনা কৰি !!

(৫)
ফেচবুক ,হোৱাটচাপ ,
আৰু ব্ৰেক আপ,
নিউ জেনেৰেচনৰ প্ৰিয় শব্দ
কাৰণ আজিকালি
মানুহবোৰ অনুভূতিহীন ফোনবোৰহে স্মাৰ্ট ।

(৬)
পথাৰত ধান কটা , ধান ৰোৱা, আৰু তাত শালত তাত বোৱা,

বৰ্তমানৰ যুৱতীৰ ফটোৰ পজতেই সীমাবদ্ধ  ,

যুৱক সকলেও  লংপেন্টৰ ওপৰত ধুতি পিন্ধি সমানেই সংস্কৃতিৰ প্ৰতি দায়বদ্ধ ।

(৭)
বগলীৰ চকু  মাছত,
শগুনৰ চকু লাছত,
আৰু মুখা পিন্ধা কুলংগাৰ কিছুমানৰ চকু
সদায় অসহায় মহিলাৰ ওপৰত যেতিয়া যায় তেওঁলোক ভীৰ
থকা বাছত ।


(৮)
গাৰ্ল ফ্ৰেণ্ড আৰু  ইন্টাৰনেট,

যুৱ প্ৰজন্মৰ পইচা খৰছ কৰিও গাত নলগা দুবিধ বস্তু
যি দিয়ে তেওঁলোকক বহুত  এন্টাৰটেইনমেন্ট ।

(৯)
দৰাৰ মুখত সুৰা কিন্তু চলাই ছুইফ্ট চাফাৰী,

চিন্তা নকৰিব
হাঁহি মুখেৰে আহিব কইনা
পুৰণি প্ৰেমিকক লাঠ  মাৰি ।

--প্ৰাণজিৎ বৰুৱা
৭/১২/২০১৪

পঢ়া বোৰে নাপাব আমনি,
বাকৰ বচনৰ আগৰ গোটেই
কেইটা খণ্ড দিছো নপঢ়া সকললৈ বুলি... ;-) :-D :-D

বাকৰ বচন... ৰিটাৰ্নচ ৩


কৰবালৈ ওলাওঁতেই লগা হাগা,
আৰু ফেচবুক খুলিলেই আহা আন লিমিটেদ ৰিকুৱেষ্ট অৱ কেন্দি ক্ৰেছ চাগা...
দুয়োটাই একেবাৰে নষ্ট কৰি দিয়েহে মাথা ...!

২)
বন্দুকৰ  গুলি,
আৰু মুৰৰ চুলি,

এবাৰ ওলাই গলে উভতি নাহে
আৰু
মাতিলেও হাজাৰ বাৰ হাত বাউলী ।

৩)
অসমত বান পানী
আৰু চুইছ বেংকৰ ব্লেক মানী...

নাইকিয়া হলে
ঠিকাদাৰ বা
ৰাজনৈতিক নেতা হব দুখীয়া,
আৰু দুখীয়া জন গন হব নিশ্চয় ধনী ...!

৪)
কলেজীয়া জীৱনৰ প্ৰেম ,
আৰু
কেৰাচিন তেলৰ লেম্প,
কোন সময়ত ঢুকাই যায়
কোনো গাৰেন্টি নাই ...!

৫)
স্মাৰ্ট ফোনৰ বেটাৰী
আৰু
বিউটি পাৰ্লাৰলৈ যোৱা নাৰী,

দেখাত হে   ধুনীয়া লাগে ,
চলাবলৈ দুয়োবিধ অদৰকাৰী...!

৬)
সন্ধিয়াৰ আদ্দাত বহোঁতে খোৱা পেগ,
আৰু  ফেচবুকত পোৱা অদৰকাৰী ফটো টেগ,
বেছি হলে সহ্য কৰাত কষ্ট হয় অশেষ ।

৭)
ছোৱালী যিমানেই ধুনীয়া হয়,
অহংকাৰ সিমানেই বেছি হয়,
তাতে যি কেইজনীৰ টেটৰ চাকৰি,
সেইকেইগৰাকীৰ আগতীয়াকৈ বুকিং হয় । :-P :-P :-D

৮)
হাগা,পাদা,গাৰ দুৰ্গন্ধ
আৰু
উন্নতি...
তেতিয়াহে সহ্য হয় যেতিয়া
সেইবোৰ মাত্ৰ নিজৰ হয় ...! :-\ :-\

৯)
টিভিৰ চিৰিয়েল আৰু মহিলা,
পুৰুষ আৰু বটলৰ মদিৰা,
সাদৃশ্য
গালি যিমান খালেও দুয়োটাই
নাৰী পুৰুষৰ প্ৰিয়
আৰু এক এৰাব নোৱাৰা নিচা । :-P :-D

১০)
কোৱা হয় মাক ভালেই জীয়েক ভাল,
কিন্তু এইটোও সঁচা
ছোৱালী জনী ইমান ভাল নহবও পাৰে
যিমান তেওঁ  FB ত দিয়ে চাল । ;-) :-\ :-P :-D :-D

--প্ৰাণজিৎ বৰুৱা
৩১ অক্টোবৰ ২০১৪

আগতে নপঢ়া সকললৈ আগৰ খণ্ড দুটা দিছো
পঢ়াবোৰে আমনি পালে নপঢ়িলেই একো নাই :-) :-)

বাকৰ বচন ৰিটাৰ্ণছ...২

(১)
পানী লগা জ্বৰ ,
আৰু
ছালত হোৱা  খৰ,

সৰু বেমাৰ যেন লাগিলেও
কিন্তু  বিৰাট অশান্তিকৰ...!

(২)
অফিচত খোৱা ঘোঁচ,
আৰু গৰমৰ মেংগ জুচ,

যিমান খালেওঁ হেপাহ নপলাই,
দিল মাংগে মৌৰ
নহয় অলপতে যে খুচ...!

(৩)

মৰমৰ  মা,
গৰমৰ গছৰ ছাঁ,
আৰু প্ৰপজৰ সেই
আকাংক্ষিত হা...

লাভ কৰা জনেহে বুজি পায় ইয়াৰ কি মজা...!

(৪)

কেবাদিনো নঘহাঁকে থকা দাঁত,
আৰু 
ঘপককৈ ডাঙৰকৈ ওলায় যোৱা পাদ,

কেতিয়া কেনেকৈ কাক
লাজত পেলাই
তাৰ ঠিকনা নাই ।

(৫)

ডাঙৰক সন্মান
আৰু
আলহীক জলপান...

দিওঁ নিদিওঁকে দিয়াটোৰ সমান,
নাই আৰু অসন্মান ।

(৬)

কিতাপ মেলিলে টোপনি,
আৰু
দৌৰ মাৰিলে ফুপনি...

কেনেকৈ কৰপৰা আহিব
ধৰিবই নোৱাৰিব  ।

(৭)

ফেচবুকৰ  ধুনীয়া ছোৱালী,
আৰু
সোৱনশিৰিৰ ডাঙৰ বৰালী,

গ্ৰাহক যিমানেই বেছি ওলাই,
লেবেল সিমানেই বাঢ়ি যায়...!

;-) :-D :-D :-P :-P :-\ :-\

to be continued...
প্ৰাণজিৎ বৰুৱা
২১ ছেপ্তেম্বৰ ২০১৪

বাকৰ বচনৰ আগৰ সংখ্যা দুটাও দি দিছো নপঢ়া সকলৰ বাবে ...
বাকৰ বচন... ৰিটাৰ্নছ

     ১
মিটিংলৈ ভাৰাত অনা মাইক,
আৰু লোকৰ পৰা খুজি অনা পুৰণা বাইক,

কোন মুহুৰ্তত অকামিলা হৈ যায়,
অৰিজিনেল মালিকৰো ধাৰণা নাই ।

             ২
স্মাৰ্ট ফোন
আৰু
গাৰ্ল ফ্ৰেণ্ড,

সদায়েই মৰমৰ
কথাই নাহে
নতুনেই  হওঁক বা
ছেকেন্ড-হেন্দ :-\ :-P :-P

      ৩
সঘনাই ফুটা উলোৱা চকা,
আৰু
সুদলৈ অনা টকা,

পাংচাৰ আৰু ধাৰ ,
মাৰি   পোৱা নাযায় কেতিয়াও পাৰ ।
 
          ৪

গাহৰি মাংসৰ তেল,
আৰু এক্টা কাপুৰৰ  চিৰিয়েল...

এবাৰ সোৱাদ পালে,
বাকীবোৰ চব নেচেল । :-\ :-D :-P

                   ৫
ভোকত খোৱা ভাত,
আৰু
প্ৰেমিকাৰ মিঠা মাত,

খোৱা আৰু পোৱা
জনেহে জানে
ইয়াৰ কিমান সোৱাদ ।

           ৬

প্ৰকাশ নকৰাকৈ থকা
ভাল পোৱা,
আৰু
উদঙাই ৰখা মালপোৱা,

দুয়োবিধতে বেলেগে লৈ
লোৱাৰ পিছত পষ্টাই আৰু
লাভ নাই ।

        ৭

নাকৰ পৰা বৈ থকা শেঙুন
আৰু 
মুকলিকৈ দেখি থকা  লেট্ৰিন,

যিমানেই
নিজৰ হলেওঁ sure
লাগিবই  পিছে ঘিন  ।
:-\ ;-) :-D :-D :-D :-P :-P :-P

--প্ৰাণজিৎ বৰুৱা
১৩ জুলাই ২০১৪

বাকৰ বচনৰ আগৰ সংখ্যাটো
নপঢ়া সকললৈ পুনৰ দিলো আগৰ সংখ্যাৰ বাকৰ বচন সমুহ । কৃষ্ণ ;-) :-D :-D :-P 


অতি নোম টেঙৰক ঠগা,
আৰু নিজা লেট্ৰিনত হগা,

দুয়োবিধৰ আছে কিন্তু
এটা বেলেগ মজা ।


যৌৱনৰ আদিতে খোৱা প্ৰেমিকাৰ লাট,
আৰু ভোকত
কলে গাখীৰে সানি খোৱা ভাত,

তিতা মিঠা যি লাগিলেও, জীৱনত
পাহৰিব নোৱাৰি এটাৰো
সোৱাদ ।

অসমত বন্ধ
আৰু
ৰাজনীতিত ভণ্ড,

হয়তো কেতিয়াও নহব এই
পৰম্পৰাৰ অন্ত ।

আনৰ হাতে মলা চাধা,
আৰু
নিজানত অকলে মাৰা পাদা,

দুয়োবিধৰ গোন্ধ আৰু সোৱাদ কিন্ত অপূৰ্ব,

লৈ চাওঁক আপুনিও
নাই কোনো বাধা ।

ফেচবুক কৰাৰ নিচা,
আৰু পুখুৰীত মাছ সিঁচা...

যি কৰি পায়
ইয়াৰ মজা
সিহেঁ বুজি পায়!


অসমত গঁড় আৰু
শান্তিৰ খবৰ,
দুয়োটাই বৰ্তমান আপুৰুগীয়া,
মানুহ আৰু জন্তু উভয়ৰে হত্যাৰ প্ৰকোপৰ
অলপো পাৰ্থক্য নাইকিয়া ।

TO BE CONTINUED ...

(c)প্ৰাণজিৎ বৰুৱা
NOTE : বাকৰ বচনৰ বিশেষজ্ঞ Mon Zeet দাৰ
পৰা অনুপ্ৰাণিত হৈ কৰা চেষ্টা