Sunday, December 14, 2014

আকৌ কেপ্তেইন হবৰ মন যায় । y (dedicated to all  my beloved  govt.h.s.school nlp friends and brothers... :-) :-) )

আকৌ কেপ্তেইন হবৰ মন যায় ।
y
(dedicated to all  my beloved  govt.h.s.school nlp friends and brothers... :-) :-) )

প্ৰেদ চাৱধান বিশ্ৰাম,
কেতিয়ানো শুনা পাম ...!
ৰঘু পতি ৰাঘব ৰাজা ৰাম,
আকৌ বাৰু কেতিয়া গাম,

আকৌ কেপ্তেইন হবৰ মন যায়...

দৌৰা দৌৰিকৈ সোমোৱা
ছেকচন বি...
ক্লাছ ফাইভ টু টেন,
হুলস্থুল বোৰ  কানত বাজি থাকে
উমি উমি ।

12 বজাৰ লগে লগে টিফিনৰ ৰুটি ভাজি,
সঞ্জু দাৰ কেন্টিনৰ হেতা উপৰাৰ পপ পেটিছ,
পিছ ফালৰ খেল পথাৰৰ
সেই পিঠি বিষোৱা কিংছ ...!

আস !
  কিয় জানো
সকলোবোৰে মাতি আছে,
কিয় জানো এতিয়াও সেই স্মৃতিবোৰে ইমান প্ৰাণ খুলি  নাছে...!

শপত কৈছো
ভি পি চাৰৰ সেই  গৰু পিটন বোৰত পিঠি এতিয়াও চেৰচেৰাইয়ে আছে...!

প্ৰদীপ গগৈ চাৰৰ হাতৰ ঘড়ী খুলি টেবুলত থৈ
মতা ভয়ংকৰ সেই
" ইধৰ আও"... টো
এতিয়াও প্ৰায়েই কানত বাজে ...!

কি আপদ
আকৌ কথা পাতি থকা সহপাঠীৰ
নাম লিখাৰ হেপাঁহ হৈছে চোন,

নিজে আনি দিয়া বেত দালেৰে
নিজৰ হাতত দুপিতন খাবলৈ
বৰ মন গৈছে দেখোন ...!

কি কৰো বাৰু ??
কেনেকৈ উভতাই আনো
বাৰু
সেই ফাইভ টু টেন,
গভ্ট হায়াৰ চেকেন্ডেৰীৰ
নট খত জেন্টেল মেন,
বগা চাৰ্ট আৰু কলা
হাফ  পেন্ট পিন্ধা ক্ষণ বোৰ...!

ছেহ
বৰ মনত পৰিছে অ...

সঁচাকৈ আজি কিয় জানো
আকৌ এবাৰ কেপ্তেইন হবলৈ
বিৰাটেই মন গৈছে...!

মোৰ মনটো যে
সেই সোনালী দিন বোৰলৈ
আকৌ  উৰা মাৰিছে...

MISS YOU GUYS...
MISSED YOU N.L.GOVT.H.S.SCHOOL ...
TRUELY MISSING MY
MY SCHOOL DAYS,

THE GOLDEN DAYS...

--প্ৰাণজিৎ বৰুৱা
১/০৯/২০১৪


No comments :

Post a Comment