Friday, September 6, 2019

হেপি টিচাৰ্চ দে ... (গল্পৰ দৰে)

হেপি টিচাৰ্চ দে ...
(গল্পৰ দৰে)

জপনাখন খুলি চাইকেল খন ঠেলি হৰকান্ত মিস্ত্ৰী ঘৰলৈ সোমাই আহিল । হাতত এটা ডাঙৰ বৰালি মাছ । তেনেতে
ঘৈণীয়েক মালতী ওলাই আহি হৰকান্তৰ হাতৰ  বৰালি মাছটো দেখি আচৰিত হৈ সুধিলে ,
কালি দেখোন ডালি ১ পোৱা আনিবলৈ কওঁতে পইচা নাই  বুলি নানিলে , আজি ইমান ডাঙৰ বৰালিটো কিনিবলৈ ক'ত পইচা পালে ।
হৰকান্তই ধুনীয়া হাঁহি এটা মাৰি কলে , এ আজি বাটতে লৰা এটাক লগ পাইছিলোঁ । মাছৰ বেপাৰী , মোক দেখি সি এইটো দি কৈছে , ছাৰ চিনি পাইছে নে মই ৰাজু আপুনি মোক  অংক শিকাইছিল ২০ বছৰৰ আগতে এল পি স্কুলত । আপুনি শিকোৱা সেই খিনি অংকই এতিয়া বেপাৰ কৰোঁতে সাৰথি হৈ  আছে, ছাৰ এইটো লৈ যাওক , আজি মোৰেই সৌভাগ্য আপোনাক শিক্ষক দিৱসৰ দিনাই লগ পালো  ," হেপি টিছাৰ্চ দে ! "এই বুলি সিয়েই বান্ধি দি পথাইছে ।
মই কিন্তু পাহৰিলো তাক যে মই অংক পঢ়াইছিলো ।  এইবুলি হুমুনিয়াহ এটা এৰি নিজকে ক'লে বুজিছ   তাক পাহৰাটো সাধাৰণ কথাই...
পেটৰ ভোকত মাষ্টৰ গুচি মিস্ত্ৰী হোৱাৰ পাছত  এসময়ত যে ময়ো শিক্ষক আছিলো, ল'ৰা ছোৱালীক পঢ়াইছিলোঁ সেয়াও আজিহে মনত পৰিছে  ।
হওক তেওঁ বহুত দিনৰ মূৰত মাছেৰে এসাজ খাব পাৰিম আজি  , এইবুলি  হৰকান্ত মিস্ত্ৰীয়ে গামোছাৰে চকু দুটা মোহাৰি মাছটো মালতিলৈ আগবঢ়াই  ক'লে হেপি টিছাৰ্চ দেই   ...

প্ৰাণজিৎ বৰুৱা ,
৫ ছেপ্টেম্বৰ ২০১৯