Thursday, May 26, 2016

পৰিৱৰ্তন

পৰিৱৰ্তন ...

চাৰ নমস্কাৰ ।
শুনিবলৈ পাইছো দেশত বোলে এইবাৰ নতুন চৰকাৰ ,
আৰু শুনিবলৈ পাইছো দেশত বোলে কিবা
পৰিৱৰ্তনৰ হুংকাৰ ।
ভাল চাৰ ভাল ।
কথাবোৰ ভাললৈ গতি কৰাটো ভাল ।
কথাবোৰ শুনিবলৈ ভাল
দুৰ্নীতি নিৰ্মুল , দুখীয়াক সকাহ ,
ৰাইজক গুৰুত্ব ,  মৌলিক সমস্যাৰ সমাধান
ইত্যাদি ইত্যাদি কথাবোৰ শুনিবলৈ  সঁচাকৈয়ে ভাল ।
পিছে ভাল কথা কলেও নহব ,
কৰিবও লাগিব ,
আশ্বাস বোৰ দিলেও নহব পুৰ্ণ কৰিবও লাগিব  ।
পিছে আমাৰ বিশ্বাস আপোনালোকে পাৰিব ।
নোৱাৰিলেও পাৰিব লাগিবই চাৰ ,
আপোনালোকৰ ওপৰত সঁচাকৈয়ে দায়িত্বৰ ভাৰ ,
যিহেতু এইবাৰ পৰিৱৰ্তনৰ চৰকাৰ ।

পৰিৱৰ্তনৰ দৰকাৰ ।

চাৰ এই খিনিতে কৈ থওঁ এষাৰ ,
পৰিৱৰ্তন বিচৰা আমি সকলোবোৰেই কিন্তু
পিপু সিশু দেশৰ সন্তান ,
সেয়ে
পৰিৱৰ্তনৰ বাবে আপুনি চেষ্টা কৰিব লাগিবই আপ্ৰাণ ।
মূল্য বুজাব লাগিব আমাক পৰিশ্ৰমৰ ,
লগতে মূল্য দিবও লাগিব উপযুক্ত কৰ্মৰ ।

চাৰ
প্ৰথম কথা
আমি ঘোঁচ খামেই খাম কি কৰিবি
আমাক
পৰিৱৰ্তন লাগিব এই মানসিকতাৰ ।

,আমি কামত ফাকি দিম কি কৰিবি
সকলো মোৰ হাতৰ মুঠিত
পৰিৱৰ্তন লাগিব  চাৰ  ।

মোক ইয়াৰ ইমান পাৰচেইন্টেজ লাগিব ।
কামটো লৈ লবা
মাত্ৰ আমাৰ  এওঁক দিবা  কিবা এটা উপহাৰ ,"""

""প্ৰতিবাদৰ নামত বন্ধ এটা দি দিম মন গলেই । "

এই সকলো বোৰৰ নিশ্চিত ভাবে পৰিৱৰ্তনৰ দৰকাৰ ।
লাগিব চাৰ ।

এইখিনিতেই কষ্ট হব অশেষ আপোনাৰ চাৰ ,
যিহেতু আমি লুণ্ঠন , এলাহ  , দুৰ্নীতি আদিত ডুবি থকা যথেষ্ট সময়েই হল ।
চাৰ সহজে পৰিৱৰ্তন নহয় আমাৰ ।
ইয়াৰ বাবে আপুনি কঠোৰ হবই লাগিব চাৰ ।
সলনি কৰিব লাগিব আমাৰ এই নেতিবাচক মানসিকতাৰ

আপোনাৰ ওপৰত
সেইটোৱেই গুৰু ভাৰ ।

আশা কৰো আপুনি বুজিব ,
আপোনাৰ চৰকাৰে সোণৰ অসমলৈ সোণালী দিন পুনৰ
ঘুৰাই আনিব ।
নিজৰ বাবেই ভাবি নাথাকি অসম খনৰ বাবেও অলপমান
ভাবিব এইবাৰ  ।

এইবাৰেই সময় হাতে কামে সকলোৱে কিবা এটা কৰাৰ ।
চাৰ শুভকামনা জনালো ।

আহক এজাক ইতিবাচক চিন্তা কৰ্মৰ ধুমুহাৰ
এইখন হওঁক  এক সঁচাই আশা দ্বীপ্ত
স্বপ্নৰ
পৰিৱৰ্তনৰ চৰকাৰ  ।
পৰিৱৰ্তনৰ দৰকাৰ চাৰ ।

✍প্ৰাণজিৎ বৰুৱা
২৬মে ২০১৬