Sunday, June 12, 2022

মানুহে কিয় আত্ম হত্যা কৰে

মানুহে কিয় আত্ম হত্যা কৰে 

নিজক শেষ কৰি জানো সুখী হ'ব পাৰে কোনোবা,
ওহোঁ নোৱাৰে ,
অথচ মানুহ মৰি যায়,
কিয়নো জীয়াই থাকোঁতে বহুতেই তেওঁক পাহৰি পেলায়,
আত্মহত্যা কৰা মানুহ বোৰ সাহসী নে দুৰ্বল ?
নাজানো ! কিন্তু আত্মহত্যা কৰা প্ৰায় সংখ্যক মানুহ প্ৰচণ্ড অভিমানী,
বুকুত এবুকু ঠেঁহ লৈ তেওঁলোক আঁতৰি যাব খোজে,
তেওঁলোকে হয়তো নিজৰ অভাৱত প্ৰিয়জনে এৰা চকুলোবোৰ চাব খোজে ,
কোনে জানে তেওঁক কৰা অৱহেলা বোৰৰ এই ধৰণৰ এক মিঠা প্ৰতিশোধ ল'ব খোজে ।
আত্ম হত্যা এক পলায়নবাদী মনোভাৱ বহুতে কয় ,
এৰা জীয়াই থকাটোৱেই যে এতিয়া এক ডাঙৰ সফলতা
বুজি পোৱাই নহয় ,
আত্মহত্যা এক মহাপাপ শাস্ত্ৰত লিখা আছে ,
কিন্তু আত্মহত্যা কৰা মানুহ বোৰে পাপ পুণ্যৰ কথা ভাবি নাচায় ,
তেওঁলোকৰ মোহ মায়া নাই , তেওঁলোক নিৰূপায় ,অসহায় আটাইতকৈ ডাঙৰ কথা তেওঁলোকে নিজক আৰু প্রিয় জন ,কাকোৱেই এতিয়া একেবাৰে ভাল নাপায় ।