Sunday, September 12, 2021

মাছৰ বজাৰত চকুবোৰেও কাহিনী কিছুমান কয়...মাছৰ বজাৰত ঘুৰি ফুৰা এপেট এপেট থকা পেট ডাঙৰ মানুহবোৰ যে,তেওঁলোকৰ চকু বোৰ বিৰাট লুভীয়া,পিট পিটাই বিচাৰি ফুৰে কেনেকৈ বৃহৎ বৃহৎ ৰৌ ভকুৱা খৰীয়া,আৰু তেওঁলোকৰ হিচাপো যে কেজিৰ পৰাই আৰম্ভ হয়,যদিও পৰিয়ালত থাকক দুটাই খাৱৰীয়া । মাছৰ বজাৰত ঘুৰি ফুৰা আকৌ এই যে সুদা ভাত খাব নোৱাৰা ,সীমিত বাজেটৰ চাকৰিয়াল কেইজন,এওঁলোকৰ আকৌ কেনেবাকৈ হলেও ভাল অকণমান কম দামতেই কিনাৰ মন,এওঁলোকৰ দুচকুত যেনতেন মেনেজ মেনেজৰ চাপ দৃশ্যমান অন্যথা ঘৰত যে পত্নী পুত্ৰ কন্যাৰ সতেই সাম্ভাব্য ৰণ । মাছৰ বজাৰত আটাইতকৈ দুখ লাগে মোৰ সেই চাৱনিটো দেখি,হাজিৰাৰ টকাৰে ৰেচন তেল সকলো কিনি যেতিয়া হাতত ৰয় টকা একুৰি...আৰু বজাৰত মুল্য বৃদ্ধিৰ কোবত তেওঁৰ সেই কুৰি টকা তথা সমস্ত হিচাপ নিকাচ বোৰ যেতিয়াই পৰেগৈ কৰবাত উফৰি, তেতিয়াই তেওঁৰ অন্তৰখন ঘৰৰ এমা দিমা লৰা ছোৱালী হাললৈ মনত পৰিয়েই হয়তো উঠে চাগৈ বৰকৈ ফেকুৰি...সেয়া তেওঁৰ নিমিলা অংকৰ কৰুণ চকু যুৰিয়েই সুন্দৰকৈ কয়,আস কাৰ যে কেনেকুৱা সময় ...এনেদৰেই মাছৰ বজাৰতেই বিভিন্ন জনৰ জীৱন প্ৰণালীৰ কিছু ছবি স্পষ্ট হৈ ৰয়,মুখ ফুটাই নকলেও মাছৰ বজাৰত চকুবোৰেও কাহিনী কিছুমান কয়...!!!--প্ৰাণজিৎ বৰুৱা ১২ ছেপ্তেম্বৰ ২০১৫