Friday, April 20, 2018

দাদা এজনৰ দিনলিপি

লৰা দুটা আহিল দাদা পইচা দিয়ক কিবা এটা খাওঁ,
দাদা জনে কলে পইচা নিদিওঁ কি খাবা কোৱা কিনি দিম ।  চকলেট দুটা খাম বুলি কোৱাত  দাদা জনে কিনি দিলে । মাত্ৰ দহ টকাত চাৰিটা তিৰবিৰাই থকা চকুৰ জিলিকি উঠা পোহৰে দাদাৰ মুখত প্ৰশান্তি দিলে । দাদা জনে বাইক চলাই গৈ আছিল হঠাৎ বাইকৰ পৰা বেগ টো ফালি  নথি পত্ৰ আৰু বহী দুখন মাজ ৰাষ্টাত পৰি গল  । তেনেতে খোজ কাঢ়ি গৈ থকা অচিনাকি বাটৰুৱা জনে হাত ডাঙি গাড়ী ৰখাই টোপোলাটো আনি দাদা জনক দি দিলে দাদা জনে কৰমৰ্দন জনাই কলে বন্ধু বহুত ধন্যবাদ ভগৱানে তোমাৰ সহায় কৰক । বন্ধু জন  মিচিকিয়াই আঁতৰি গল ।   ব্যস্ততাৰ মাজত  প্ৰিয় জনক মাত এষাৰ দিবলৈ আহৰি নোহোৱা জীৱনত অচিনাকি বাটৰুৱা এজনে দিয়া পাঁচ মিনিট সময়ৰ গুৰুত্ব ভাবি দাদাৰ মুখত আকৌ এটা সুখে আৱৰি ধৰিলে । এইবাৰ দাদা বজাৰত সোমালে মাছ কেইটিমান কিনিবলৈ । বেপাৰী জনে পঞ্চাশ টকাৰ মাছ দিওঁতে এশ টকা এটা বেছিকৈ ঘুৰাই দিলে দাদাই  পইচাটো লৈ অলপ দুৰ আহি  হিচাপৰ খেলিমেলি গম পাই বেপাৰী জনক মাতি  পইচাটো ঘুৰাই দিলে বেপাৰী জনে কলে ... আপুনি
বুলিহে পালোঁ... ভাল মানুহ আপুনি । দাদাই  মিচিকিয়াই কলে হব আহোঁ দিয়া ...

আচলতে দাদা জনৰ দৰে এনে বহুত মানুহ আছে, বহুত এনে ইয়াতকৈ ভাল আৰু উদাহৰণ আছে , সেই বাটৰুৱা জনৰ দৰেও মানুহ ভৰি আছে ,
যাৰ বাবে পৃথিৱীখন আজিও ধুনীয়া ,
যাৰ বাবেই এতিয়াও হয়তো আমি কব পাৰোঁ জীৱন জিন্দাবাদ ।

☞ প্ৰাণজিৎ বৰুৱা
২০.০৪.২০১৮