Wednesday, August 3, 2016

লিমাৰিক

(১)
ভাত খাবলৈ  মন নাই  যিদিনাই  হ'ল  এঞ্জেল আৰু প্ৰিঞ্চেচ ,
চাওমিন ম'ম' নাপালেই ধৰে মম এন্দ দেদৰ ওচৰত পেছ ,

লোভত পৰি জিভাৰ,
বেয়া কৰাই  লিভাৰ,

ফেচবুকত ষ্টেটাচ দিয়ে ফিলিং চেদ এম চাফাৰিং ফ্ৰম অভাৰগেছ ।

(২)

ধুনীয়া প্ৰফাইল পিকচাৰ দেখি মেচেজত দিলো তাইক মাত,
লগালগ ৰিপ্লাই পাই পৰিলেই নহয়  কলিজা খন শাঁত ,

কথা পাতি  ভাল পাই ,
থাকোঁতেই  চেনি খাই,

পত্নীয়ে  আহি দেখি  একে ঘোঁচাই  ভাঙি দিলে অ' মোৰ দাঁত ।

(৩)

আজিকালি ফেচবুকৰ টাইম লাইন থাকে মুখজোঙা চেলফিৰে ভৰি,
যেন পৃথিৱীতহে  গোট খালেহি আটাইবোৰ স্বৰ্গৰ  পৰী অপেস্বৰী  ,

দিওঁ যদিও লাইক ,
কোনে বুজাব তাইক,

ফটোশ্বপ বোৰ অহাৰ পৰাই যে বান্দৰী বোৰো হৈ  পৰিল  সুন্দৰী  ।

✍প্ৰাণজিৎ বৰুৱা
৩ আগষ্ট ২০১৬