Saturday, October 11, 2014

বৰ বেছি মনত পৰিলে কি কৰে ...

বৰ বেছি মনত পৰিলে কি কৰে ...

বৰ বেছি মনত পৰিলে কোনোবাই কি কৰে...

আপুনি কি কৰে...
বাকী লয় দুবটল সুখ
পাহৰিবলৈ দুখ !

মেলি লয়
হীৰুদাৰ ফুলতকৈ কাঁইটেই ভাল,
এইয়া যে বসন্ত কাল !

অথবা শুনে নেকি
আপুনিও বাৰু মোৰ দৰেই অৰিজিটক  নিশা দুপৰলৈকে,

নে
এনৰিক ইগলেচিয়াছৰ
দু ইউ ৰিমেম্বাৰ মি লাইক আই ৰিমেম্বাৰ  ইউ...
শুনিয়েই কটাই দিব পাৰে আপুনিও ...

কি কৰে বাৰু আপুনি !

নে  ফেচবুকৰ ষ্টেটাচ ,
লাইক ,
কমেন্টৰ ভাৰ্চুৱেল পৃথিৱীত আপুনিও মোৰ দৰেই ৰিয়েলিটি বিচাৰি ফুৰাৰ দুঃ সাহস কৰিছে...

নাজানো কিয়...

জানিবৰ বৰ মন গৈছে আজি ,
কাৰোবালৈ  বৰ মনত পৰিলে
কোনোবাই
কি কৰে,

এতিয়া মোৰো যে  প্ৰায়েই কাৰোবালৈ মাত্ৰাধিক মনত পৰে,
তেতিয়া দেখোন মোৰ
স্মৃতিবোৰ  চকুলোৰ নিয়ৰ হৈহে সৰে... !

পাৰিলে
জনাবচোন...

নেপেলাওঁ বুলি ভাবিও
যেতিয়া
মোৰ দৰেই কাৰোবালৈ এনেকৈ আপোনাৰো খুউব মনত পৰে ...
আপুনি বাৰু কি কৰে ...?

--প্ৰাণজিৎ বৰুৱা
১৪ ছেপ্তেম্বৰ ২০১৪


Friday, October 10, 2014

শৰৎ

শাৰদী কোমল কঁহুৱা...

এচাটি বা বলাই,
শৰৎৰ গান এটি গাই,

লৈ গল মোৰ
কলিজাৰ এচোৱা...

এইয়াই চাগে

শৰৎৰ সৈতে
মোৰ

আজন্ম ভালপোৱা ...!

--প্ৰাণজিৎ বৰুৱা
১০/১০/১৪


Thursday, October 9, 2014

সপোন কোঁৱৰ এজন লাগে ...

(কালি মোৰ কবিতা এটা পঢ়ি বা এজনীয়ে ছোৱালী বিলাকক লৈও কিবা এটা লিখিবলৈ কলে...
অলপ hints ও দিলে...

তাকে মিলাই মেলি এজনী ছোৱালী প্ৰাণজিৎ হৈ লিখি চালো অনুভৱ এটা ...
কিমান সফল হলো নাজানো আৰু :-\  :-) :-D

(এজনী ছোৱালীৰ দৃষ্টিভংগীত )

সপোন কোঁৱৰ এজন লাগে ...

বাটলৈ ওলাই যাওঁ
যেতিয়া
বৰ্ষাসিক্ত কোনো আবেলি...

সদায়েই বাট চাওঁ...
কৰবাত কিজানি সপোন কোঁৱৰ জনক দেখাই পাওঁ...

আমাৰ সপোন কোঁৱৰো আহিব,
দুহাতত হাত থৈ হাঁহিব,

কৰবাত যাওঁ বলা,
কে এফ চি, বিগ বজাৰ,
দীঘলী পুখুৰী পাৰ
কোৱা কত যাবা...
এনেকৈ এবাৰ সুধিব !

এনেতে এজাক শীতল বতাহ বলিব ,
হঠাতে  চিপ চিপিয়া বৰষুণ এজাকে ধুই নিব চহৰ খন...
চঞ্চলা হৈ পৰিব আমাৰ মন...

এটা ছাতি আৰু মানুহ দুজন,
বাহ কি যে ৰোমাণ্টিক ক্ষণ...!

সপোন কোঁৱৰ তুমি
বাৰু  আছা কত ...?

জানা যেতিয়া হাঁহি হাঁহি ৰুমমেট ব্যস্ত থাকে  ফোনত,
আমাৰো যে  ইৰ্ষাই বাহ বান্ধে মনত...

যেতিয়া পঢ়ি উঠো
ফাইভ পইন্ট চাম ৱান...
হৃদয়তো চোন বাঢ়ি আহে যৌৱনৰ পাৰ ভঙা বান...

কাৰোবাৰ কান্ধত হাত থৈ বাইকৰ পিছত বহি যোৱাৰ,
ৰাষ্টাৰ কাষত বেছি জ্বলা দিয়া  ফুচকাৰ সোৱাদ লোৱাৰ,

ঘন্টা ঘন্টা জোৰা কথা পতাৰ,
ঠেঁহ পতাৰ ,
মিঠা আব্দাৰ কৰাৰ হেঁপাহ যে আমাৰো জাগে ...

মাথোঁ আমাৰ কথাই চিন্তা কৰা,
কেয়াৰ লোৱা,
মৰম কৰা,
একোজন সপোন কোঁৱৰ আমাকো লাগে...!

কত আছা নাজানো সপোন কোঁৱৰ...

বাহিৰত নেদেখাওঁ যদিও,
কোনো সপোন কোঁৱৰৰ অভাৱতে ,

ভিতৰি ভিতৰি আমাৰ হৃদয় খনেও দেখোন কান্দে...

লাগে বুজিছা ...
সপোন কোঁৱৰ এজনক
দিঠকত যে
সঁচাকৈয়ে লাগে ...!

--প্ৰাণজিৎ বৰুৱা
২৬ আগষ্ট ২০১৪


##আপুনি চহৰৰ ছোৱালী সেয়ে আপোনাৰ তেজ ৰঙা বাকীবোৰৰ বগা...##

আপুনি চহৰৰ ছোৱালী সেয়ে আপোনাৰ তেজ ৰঙা বাকীবোৰৰ বগা...

এনেকৈ নাভাবিব ভুলতো... !

নাভাবিব আপোনাৰ মখমলি মুখত দামী দামী প্ৰসাধন সানে বাবেই
আপুনিয়েই পৃথিৱীৰ সবাতোকৈ সুন্দৰী বুলি...
নাভাবিব কেতিয়াওঁ ,
ভুলতো নাভাবিব !

আপুনি নাহাঁহিব কেতিয়াওঁ গাঁৱৰ
মানুহক গাঁৱলীয়া বুলি,
পুতৌ নকৰিব কোনো খেতিয়কক দুখীয়া বুলি।
লেতেৰা বুলি কেতিয়াও নকব গাঁৱৰ মাটি, পানী, ধূলিক।

আপুনি চহৰৰ ছোৱালী সেয়ে নাভাবিব আপোনাৰ তেজ ৰঙা আৰু আমাৰ বগা বুলি।

আপুনি ভাল পাব পাৰে আপোনাৰ ৰুম ফ্ৰেচনাৰ বোৰক,
সেইবুলিয়ে আপুনি কিন্তু  ভুলতো ঘিন নকৰিব গাঁৱৰ সন্ধিয়াৰ গো  -ধূলিবোৰক।

আপুনি পুহিব পাৰে দামীতকৈ দামী বিলাতী কুকুৰ,খুৱাব পাৰে দামী খানা।
সেইবুলিয়েই ভুলতো নাহাঁহিব আমি পোহা গৰু,ছাগলী,হাঁহ,কুকুৰাবোৰ দেখি,
     -"কি যে আউটদেটেড জমানা..."
নাহাঁহিব এনেকৈ ... কেতিয়াওঁ!!

আপুনি ধান ৰোৱা
ৰোৱনিবোৰক চাই মুখ নোকোচাব,
ডাঙৰি কঢ়িওৱা ডেকাজনক ঠাট্টা নকৰিব,

মনত ৰাখিব
যি দিনাই তেওঁলোকে এইবোৰ কৰা এৰি দিব ,
আপুনি কিন্তু লঘোনে ভোকেই মৰিব লাগিব।

সেইয়ে কৈছো নাঁহাহিব কেতিয়াওঁ
খেতিয়কক দুখীয়া বুলি।

আপুনি চহৰৰ ছোৱালী  সেইবুলিয়েই অহংকাৰী হৈ নপৰিব।

আপোনাৰ ইংৰাজী কোৱাৰ ষ্টাইল,
বিউটি পাৰ্লাৰৰ আশীষত ,
আপুনি যথেষ্ট ধুনীয়া ,এট্ৰেক্টিভ হ'ব পাৰে...

বহুতৰ স্ৱপ্নৰ নায়িকা হ'ব পাৰে আপুনি,
সেইবুলি নিজকে বেলেগ গ্ৰহৰ প্ৰানী বুলি  ভুলতো নাভাবিব।

জানেনে ,
আপুনি কৰা সকলোবোৰ কাম
  গাঁৱৰ ছোৱালীবোৰে বাওঁ হাতেৰেই কৰি দিব।
আপুনি কিন্তু তেওঁলোকৰ বুঢ়া আঙুলীৰ জোৰো লব নোৱাৰে,

কৰাটো বাদেই আপুনি ভাবিবও নোৱাৰে... !

সেয়েহে কৈছো অহংকাৰ বেছি নকৰিব,

আপুনি চহৰীয়া ছোৱালী বুলিয়েই
আপোনাৰ তেজ ৰঙা আৰু বাকীবোৰৰ বগা !!

এনেকৈ ভুলতো নাভাবিব
কেতিয়াও
আপোনাৰ তেজৰেই শপত...!!!

(c) প্ৰাণজিৎ বৰুৱা
     ০৫/০২/২০১৪
ফোন 9706129369


Thursday, October 2, 2014

য়ো য়ো চেনি চিং...

এইয়া চেনী চিং এগেইন ...
খুলা হুইস্কি চেম্পেইন,
হাতত লৈ কেন,
এনজয় অল দা
চেনি চিংছ ফেন...

আজি হল দেওবাৰ,
যাওঁ ধাবা এম বাৰ ,
দিম কিবা কিবি অৰ্দাৰ,
কিহৰ কিটো ভয়,
কৰিম বিৰাট এনজয়,
আমাৰ মাম্মী দেদ্দি যে তামাম মালদাৰ ।

আমি যে বহুত ধনী,
পাপাৰ আছে ব্লেক মানি,
জানা মোৰ চুইট  হানি ,
এনেকৈ কৈ ,
মাল এটা পটাই লৈ,
খাম দিন ৰাত চেনী,
য়ো য়ো...
য়ো য়ো...

চেনি খাই ভাল লাগিব,
ফোনত তাই দেহা বুলি মাতিব,
মোৰ মুৰত হাত বুলাই,
মোক যে তাই
  ইলো ইলো কব ।

য়ো য়ো.
ইলো ইলো দেহা,
ইলো ইলো জান,
মই কেট্ৰিনা
তুমি মোৰ চলমান...
য়ো য়ো...

আমি পাৰ্কত ফুৰিব যাম,
হলত চুমা পৰশতে চাম,
চাইলৈ ফ্লিম,
খাম আইচ ক্ৰিম,
সকলোবোৰ কৰি গাম
য়   য়
য়ো য়ো চেনি চিং  ..
য়ো য়ো ..
চেনি চিং ।

এতিয়া  য়ো য়ো চেনি চিং,
ফেচবুকতো   পপুলাৰ
লাহে লাহে চেনি হব
অসমীয়া ৰকষ্টাৰ ,
অসমীয়া চেনি গাই,
কৰবাত কোনোবাই,
পাই যাব পাৰে গ্ৰেমী,
চেনি চিংৰ হব
হাজাৰ বিজাৰ প্ৰেমী,
য়ো য়ো
চেনি চেনি গান বোৰে পাবও পাৰে অস্কাৰ...

সেইয়ে অল দা চেনি চিং লভাৰ,
এই চেনিক পাহৰি নাযাবা নেভাৰ,

প্লিজ হাতত লোৱা  ফোন,
পঢ়ি চোৱাচোন,
পঢ়ি  লৈ এই গান,
ৰাখিবা চেনিৰ মান,
ভাল পালে দিবা লাইক,
কেনে পালা চেনি কাইক,
  তাকো কবা কমেন্টত,
গানটো গায় পাৰিলে মোলৈ
হোৱাটচাপত পঠাই দিবা চোন ।

নাও
বাই বাই চেনি চিং ফেন,
হাতত লৈ বিয়েৰ কেন,

এনজয় দিচ কুল ইভিনিং,
সকলোৱে
গোৱা প্ৰাণ খুলি
য়ো য়ো
য়ো য়ো চেনি চিং
য়ো য়ো চেনি চিং । ;-) :-D :-D :-P

--প্ৰাণজিৎ বৰুৱা ( চেনি চিং)
২৮/০৯/২০১৪