Saturday, October 11, 2014

বৰ বেছি মনত পৰিলে কি কৰে ...

বৰ বেছি মনত পৰিলে কি কৰে ...

বৰ বেছি মনত পৰিলে কোনোবাই কি কৰে...

আপুনি কি কৰে...
বাকী লয় দুবটল সুখ
পাহৰিবলৈ দুখ !

মেলি লয়
হীৰুদাৰ ফুলতকৈ কাঁইটেই ভাল,
এইয়া যে বসন্ত কাল !

অথবা শুনে নেকি
আপুনিও বাৰু মোৰ দৰেই অৰিজিটক  নিশা দুপৰলৈকে,

নে
এনৰিক ইগলেচিয়াছৰ
দু ইউ ৰিমেম্বাৰ মি লাইক আই ৰিমেম্বাৰ  ইউ...
শুনিয়েই কটাই দিব পাৰে আপুনিও ...

কি কৰে বাৰু আপুনি !

নে  ফেচবুকৰ ষ্টেটাচ ,
লাইক ,
কমেন্টৰ ভাৰ্চুৱেল পৃথিৱীত আপুনিও মোৰ দৰেই ৰিয়েলিটি বিচাৰি ফুৰাৰ দুঃ সাহস কৰিছে...

নাজানো কিয়...

জানিবৰ বৰ মন গৈছে আজি ,
কাৰোবালৈ  বৰ মনত পৰিলে
কোনোবাই
কি কৰে,

এতিয়া মোৰো যে  প্ৰায়েই কাৰোবালৈ মাত্ৰাধিক মনত পৰে,
তেতিয়া দেখোন মোৰ
স্মৃতিবোৰ  চকুলোৰ নিয়ৰ হৈহে সৰে... !

পাৰিলে
জনাবচোন...

নেপেলাওঁ বুলি ভাবিও
যেতিয়া
মোৰ দৰেই কাৰোবালৈ এনেকৈ আপোনাৰো খুউব মনত পৰে ...
আপুনি বাৰু কি কৰে ...?

--প্ৰাণজিৎ বৰুৱা
১৪ ছেপ্তেম্বৰ ২০১৪


No comments :

Post a Comment