Thursday, April 28, 2016

সৰিছে সৰিছে সেইয়া বৰষুণ সৰিছে,

সৰিছে সৰিছে সেইয়া বৰষুণ সৰিছে,

দুখীয়াৰ খেতিৰ বৰষুণ,
প্ৰেমিকৰ ভালপোৱাৰ প্ৰথমজাক বৰষুণ,
ধনীৰ জলা দি মাংস খোৱাৰ বৰষুণ,
কেচুৱাৰ কাগজৰ নাওঁ বনোৱাৰ বৰষুণ,

বৰষুণ সৰিছে ,
সৰিছে সৰিছে ,
গছ বনেও উলাহত হালিছে,
শালিকি কেইটাই ঠেং দাঙি নাচিছে,

মুঠতে
বৰষুণ এজাক আহিছে ,
সকলোকে ব্যস্ত কৰি তুলিছে...

এইফালে মইয়ো ব্যস্ত বৰষুণৰ ৰেহ ৰূপ চোৱাত,
বৰষুণৰ প্ৰেমিক বোৰ আনন্দত আত্মহাৰা হোৱাত,

মইয়ো যে বিৰাট সুখ পাওঁ...

আছলতে
কোনেওটো নাজানে ,
বৰষুণ আহিলে কিমান সকাহ মইয়ো পাওঁ,

হি হি
কোনেও যে নাজানে ...
বৰষুণৰ বতৰত  হিয়া ধাকুৰি কান্দিলেও
কোনেও যে নেদেখে,
কোনেও যে নুশুনে ...

বৰষুণ সেইয়ে তোক মইয়ো বৰ ভাল পাওঁ...

আহ বৰষুণ আহ...

হাতী কাণ ঘোঁৰা কাণ
জোৰ জোৰকৈ বৰষুণ আন...

দুৰৈত সেইয়া নিষ্পাপ শিশু কেইটাইয়ো বৰষুণক নিমন্ত্ৰণ জনাইছে...

সৰিছে সৰিছে...
সেইয়া
বৰষুণ সঁচাকৈয়ে  সৰিছে ...!!

--প্ৰাণজিৎ বৰুৱা
২৮/এপ্ৰিল/২০১৪


ষ্টাইল

ষ্টাইল ...

ষ্টাইলত উৰে দুনীয়া,
ভাল নালাগে দেখোন ইমানেই ষ্টাইলি দুনীয়া...

পৃথিৱী ঘুনিয়া হয় ,
অতিপাত ষ্টাইলৰ কোবত,
হাবি কাটি অট্টালিকা হয় ,
গছ বোৰ ষ্টাইলি আচবাব হয় ,
পৃথিৱীখন ফাটি পৰে ইমানেবোৰ ষ্টাইলৰ ক্ষোভত ।

ষ্টাইলত উৰে দুনীয়া,

মানুহবোৰে ষ্টাইলত কথা কবলৈ শিকে ,
ষ্টাইলত পিন্ধিবলৈ শিকে,
থাকিবলৈ শিকে ,
দুখ লাগে সেইবোৰ ষ্টাইলৰ স্বাৰ্থতে
বিবেক বিবেচনা নীতি নিয়মবোৰ যে সমুলি বিকে ।

সকলো শেষ কৰিও ষ্টাইলৰ পিছতেই যে ঘুৰে ..

ষ্টাইলত উৰে দুনীয়া...

কৰবাত আকৌ
ষ্টাইলত কিছুমানে এখন ৰুটিৰ এফাল খাই
এফাল পেলাই ,
এহাতে এচামে দাষ্ট বিনতহে নিজৰ ভাগৰ খিনি কোনো মতে গোটাই ,
এই ষ্টাইলি দুনিয়াত কোনে কাৰ মুখলৈ চাই ।

মানুহবোৰৰ  ভীষণ ষ্টাইল

ষ্টাইলত উৰে দুনীয়া,
ভাল নালাগে দেখোন ইমানেই ষ্টাইলি দুনীয়া...

সঁচাকৈয়ে ভাল নালাগে মানুহৰ এই ষ্টাইলি স্বভাৱ বোৰ,
যিবোৰ আনক দেখাবলৈকে মাথোঁ ,
বাহ্যিকতা মাথোঁ ,

যিবিলাকৰ হয়তো 
নাথাকে ষ্টাইল সুচিন্তাৰ  ,
সুস্থ  ৰুচিবোধৰ ,
মানবীয়তাৰ ...

ভাল নালাগে এই সস্তীয়া ষ্টাইলি দুনিয়া ,
এই বোৰে  যে মাথোঁ কৰে সমাজকহে  একেবাৰে ঘুনিয়া !

ষ্টাইলত উৰে দুনীয়া...
ভাল নালাগে সঁচাই  ইমান  ষ্টাইলি দুনীয়া...!!

--প্ৰাণজিৎ বৰুৱা
২৮ এপ্ৰিল ২০১৫


Wednesday, April 20, 2016

কেতিয়াবা

কেতিয়াবা

কেতিয়াবা এনেকৈও ভাল লাগে,
এই  ধৰক বাহিৰত বৰষুণ ,
আপোনাৰ বৰ  বেছি এটা কাম নাই ,
কম্বল খন গাত মেৰিয়াই ওপৰত ফেন খন লগাই ...
আস !!

কেতিয়াবা

কেতিয়াবা এনেকৈও ভাল লাগে,
এই ধৰক আপোনাৰ মনটো ভাল লাগি আছে ,
বহুত দিন ধৰক আপোনাৰ ভাল লগা মানুহ এগৰাকীৰ খবৰ লোৱা হোৱা নাই ,
আপুনি ঘপহকৈ তেওঁৰ মেছেঞ্জাৰ বা হোৱাটচ আপৰ দুৱাৰত টুকুৰিয়াই ,
কিবাকিবি চুপতি মাৰোঁতেই কেনেকৈ যে সময় বোৰ পাৰ হৈ যায় ...!

হা হা

কেতিয়াবা

কেতিয়াবা এনেকৈও ভাল লাগি যায় ।
এই  ধৰক আপোনাৰ প্ৰেয়সীক লগ নকৰা এক সপ্তাহেই হ'ল,
তেনেতে চিনাকি ৰিংটনটো বাজি উঠিল ,

"ক'ত আছে '?
ব্যস্ত নাই যদি যাব পাৰিব নেকি এপাক ?"
তাৰ পিছত কফি দুকাপ ,
দুহাতত হাত ,
আৰু নিজানত কিছু ঘন ঘন উশাহ !!

আস !

কেতিয়াবা

কেতিয়াবা এনেকৈও ভাল লাগি যায় ।
এই ধৰক বৰষুণ জাক ঘপহকৈয়ে  আহিল ,
আপোনাৰ হাতত ছাতি এটা আছিল যদিও ,
মেলিবৰ মন নগ'ল ,
অলপ সময় আপুনি ভাবিলে ,
চুই নিয়া বৰ্ষা ধুই নিয়া মোৰ সমস্ত বিষাদ ,
চেঁচা পৰশেৰে জীপাল কৰি আঁতৰাই দিয়া জীৱনৰ
সমস্ত অভিশাপ ।

কেতিয়াবা আপোনাৰ এনে নালাগে নে ,
চৰাইবোৰ পৃথিৱীৰ আটাইতকৈ সুখী ,
ফুল বোৰেই আটাইতকৈ ধুনীয়া  ।
কেতিয়াবা আপোনাৰ পাহাৰৰ
ওপৰৰ ডাৱৰ খিনি ধৰিবৰ মন নাযায়নে ,
ক'ৰবালৈ যোৱাৰ সময়ত
খিৰিকীৰে চাই থকা পৃথিৱীখন আটাইতকৈ মনোমোহা যেন নালাগেনে ?

আচলতে কেতিয়াবা কেতিয়াবা এনেকৈ ভাল লাগে ,
কি কি কাৰণে জীয়াই আছো ভাবি ,
কিমান ভাল লগাবোৰে যে আছে বিয়পি ।
কিয় নাজানোঁ
কেতিয়াবা এনেকৈয়ে  ভাল লাগে নিজানত
মোৰ এই সংগতি বিহীন  কথাবোৰ ভাবি ।

যিবোৰ বুজাবলৈ অলপ কঠিন ,
মাথোন এনেকৈ অনুভৱ কৰিব পাৰি ,

কেতিয়াবা !!!

প্ৰাণজিৎ বৰুৱা
২০/৪/২০১৬