Wednesday, February 24, 2016

স্নেপছট

স্নেপছট

(১)

তিনিটা লৰা বয়স খুউব বেছি দহ বছৰ ,
মোৰ কেমেৰাই ঢুকি পোৱা দুৰত্বত অৱস্থান ,
তিনিওটাৰ মুখত তিনি ডাল বিড়ি ধোঁৱা উৰুৱাৰ উৎসাহ ।

আস !
এনে এটা
শৈশৱ দেখোন  মোৰ বাবে  কল্পনাৰো অগোচৰ ,
আপোনা আপুনি উলাই আহিল
এটা তপত হুমুনিয়াহ ।

(২)

শ্ৰেণী কোঠাত ২৫ জন লৰা ছোৱালী ,
সকলোৰে দুভৰি খালী ,
এযোৰ চেণ্ডল সিহঁতৰ ভাগ্যত নাই ,
ঘৰত ভতিজাৰ ফৰমাইছ ,
স্কুলত ফ্ৰাই দে চেটাৰ দেৰ বাবে হোৱাইট শ্বু আৰু এযোৰ লাগে ...

নাই
একেখন পৃথিৱীতে একে দৰে জীয়াই থকাৰ
সমতাৰ  অধিকাৰ সকলোৰে নাই ।

(৩)

ৰাস্তাত দুটা কেঁচুৱা ।
এটাই খোজ কাঢ়িছে যেনেতেনে ।
এটাই চুচৰিব পৰাই নাই ।
খোজ কঢ়াটোৱে কেকাই গেঠাই ইটোক কোচত লৈ নিচুকাই  ।
মাকে কাম বিচাৰি যায় ,
দেউতাকে জুৱা খেলিবলৈ ।

জন্ম দিব পাৰিলে বুলিয়েই জানো এনেকৈ জন্ম দিয়াৰ অধিকাৰ আপোনাৰ ।

নিৰক্ষৰতাত ডুবা জন বিষ্ফোৰণত কোঙা অসমৰ  বস্তি বস্তি গলি গলিয়ে  ছোমালীয়া সদৃশ এনে  দুৰ্ভিক্ষতাত সকলো অসহায় ।

প্ৰাণজিৎ বৰুৱা
২৪/০২/২০১৬


Sunday, February 21, 2016

ছ'ৰি

ছ'ৰি

(১)

আকাশত মেঘ কজলা কজলা ,
বসু মিস্ত্ৰীৰ  ঘৰৰ ছাল উৰুখা ,
বসু মিস্ত্ৰীৰ ঘৈণী  দৈৱকী  সন্তান সম্ভৱা ।
কলিৰ কানাই উপজিব নে ঢুকাব ,
উৎকন্ঠা ।
আকাশে এৰি দিলে শিলাবৃষ্টি ...
দৈৱকীক ৰক্ষা কৰিব নোৱাৰি ধৰ ফৰাই বসু মিস্ত্ৰী ।

বৰষুণ দিয়াৰ বাবে বৰুণ দেৱতাই আৰু
উৰুখা ছালৰ বাবে পত্নী পুত্ৰ হেৰুৱাই

বৰুণ আৰু বসুৱে সমস্বৰে কয় ছ'ৰি ছ'ৰি ...

(২)
তাই অলকানন্দা গোস্বামী ,
পি এইচ দিৰ গৱেষিকা ছাত্ৰী ,
তেখেত ডাঃ অলক দাস ,
অলকানন্দাৰ ভাবী পতি ...
গল্প গুজৱ ওলাই ,
অলকানন্দাই অজাতিক ভালপাই
বংশৰ নাম নুমুৱাই ।
অলকাৰ মাকে সমাজৰ ভয়তে
অলকাক নিলগাই পঠিয়াই
চকুলো  টোকি কয় 
আই  ছৰি ,
তোৰ মুখ চাব বোলে নাপাই ।
অলকাই হুক হুকাই ।

ধৰ্ম জাতি জনজাতি সকলোৱেই সমস্বৰে  দাঁত নিকটাই চিঞৰে
ছ'ৰি ছ'ৰি ।

[৩]
ৰুগী জনৰ পইচা নাই ,
ডাক্তৰ জনে কয় ছ'ৰি  ।
আপোনাৰ জীয়াই থকাৰ আৰু এতিয়াৰ পৰা  অধিকাৰ নাই ।

(৪)

প্ৰেমিকে কয় চাকৰি এটা পোৱাই নাই ,
প্ৰেমিকাই কয় ছ'ৰি
তুমি মোক আৰু ভালপোৱাৰ প্ৰয়োজন নাই  ।

(৫)
নিবনুৱাক টোপ দি
নিযুক্তিৰ বজাৰ এখন বঢ়ে  ।
দৰ দামৰ তুলাচনীত  দিগ্ৰী বোৰ ওপৰলৈ
আৰু পইচা বোৰ তললৈ হাউলী পৰে ।
টকাই ভেঙুচালি কৰি কয় ।
  আপুনি পুনৰ এবাৰ বেলেগত
চেষ্টা কৰক
ছ'ৰি ।

...
.....
........

এনেদৰেই উফৰি উফৰি আহে যৰে তৰে পৰা
ছ'ৰি বোৰ ।

কোনোবাই মাক দেউতাকক বৃদ্ধাশ্ৰমত থৈ
ভগৱানকে আকৌ কয় ছৰি ।
কোনোবাই কাৰোবাৰ হৃদয় খন মোহাৰি থৈ
সহজে কয়  সুখেৰে থাকা তুমি , ছৰি ।

ছৰি ছৰি ছৰি ...

আস !

জীৱনত অসভ্য হৈ পৰি ।
জানি বুজি অলেখ ভুল কৰি

সভ্য হৈ পৰাৰে যেন এটা ক'লা আখৰৰ  শব্দ
ছৰি ।
সকলো পাপ কৰি ,
পুন্যবান হবলৈ আওৰোৱা ,
মুৰত লোৱা,
যেন  বাস্তৱৰ সেই  প্ৰদুষিত সেই গংগা জলেই
  হ'ল ছ'ৰি ।

হা হা  অসভ্য সকলো কৰ্মৰ সুন্দৰ  মুখা খনৰ  নামেই যে আচলতে
ছ'ৰি ।

✍প্ৰাণজিৎ বৰুৱা
২১/০২/১৬







Tuesday, February 9, 2016

মা

মা...

মোৰহে  বুকুত বিষ,
গোটেই ৰাতি তেওঁৰ বিচনাত উচ পিছ ...

মা ...

মোৰহে তপত কপাল,
চিন্তাতে তেওঁৰ দেখোন টোপনি ঢুকাল ...

মা ...

মোৰহে পৰীক্ষা ,
তেওঁৰ গোটেই দিন জোৰা ইমান উৎকন্ঠা !

মা ...
মোৰ টোপনি অহা নাই,
তেওঁ নিচুকনি গাই ...!

মা ...
মোৰ পেটে ভোকত কলমলাই,
তেওঁ আগতীয়াকৈয়ে সকলো যতনাই  ।

মা ...

আৰু বিশেষ কব লগা নাই,

মৰম নামৰ নদী এখন হৈ,
সকলো দুখ বুকু পাতি লৈ...

বুকুৱেদি উজাই ভটিয়াই ,
মা
এনেকৈ নিৰৱেই

বৈ যায় বৈ যায় বৈ যায় ...!!!

প্ৰাণজিৎ বৰুৱা
৫/২/১৬


গণিত ভীতি জীৱন প্ৰীতি ...

গণিত ভীতি জীৱন প্ৰীতি ...

যোগ কৰি ভালপোৱা লৰাটোক যেতিয়া 
বিয়োগ কৰিবলৈ বাধ্য কৰি দিয়া হয় ,
তেতিয়াই তাৰ মানসিক ভাবে বৰ সংশয় হয় ।

শিকিব লাগিব বুলি,
কথা এটা থাকিলেও

হেৰুৱাব লাগিব বুলি জনাৰ পিছতেই

তাৰ
সেই আঁতৰাই পঠিওৱাৰ বেদনাতে গণিতৰ প্ৰতি
বৰ ভীতি ওপজে ।

সি সহজ হলেও জীৱনত আৰু
গণিতক পুনৰবাৰ ভাল পাব নুখুজে ।

নকব ,
নিশিকাব তাক দুইৰ এক এক গলে থাকিল এক ,

(সি নিসংগ হৈ পৰিব )

তাক কওক ,
একে একে দুই ,
দুইয়ে একে তিনি...

সি গণিত ভাল পাব  ,
সি জীৱনক ভালপাব  ,
প্ৰাপ্তিৰে সকলো  সজাব  ,
সি
সুখী হব ,

হওক সুখী হওক ।

তাৰ গণিত ভীতি শেষ হব ,
জীৱন প্ৰীতি আৰম্ভ হব...!

প্ৰাণজিৎ বৰুৱা
৯/২/১৬