Tuesday, November 24, 2015

ভালপোৱাৰ সাধু এটি ...

ভালপোৱাৰ সাধু এটি  ...

এদিন
ল'ৰা এটা
এজনী ছোৱালীৰ প্ৰেমত   পৰিছিল ,

সাধাৰণতে যি হয় ,
ল'ৰাটোৰো তেনেকুৱাই হৈছিল !

সাধাৰণতে কি হয় ,

ল'ৰাটোৰ টোপনি খতি ,

হৈছিল !

সাধাৰণতে কি হয় ,

ল'ৰাটোৰ দাপোন প্ৰীতি ,

হৈছিল !

সাধাৰণতে কি হয়

পঢ়া শুনা মানসিক ক্ষতি !

হৈছিল একেবাৰেই হৈছিল ...

ল'ৰাটোৰ
সকলোৰে হোৱাৰ দৰেই হৈছিল...

সাধাৰণতে হোৱাৰ দৰে ,

ছোৱালীজনীৰ প্ৰতি তাৰ দুৰ্বলতা বেছি
ক্ৰমান্বয়ে আৰু বেছি হৈ পৰিছিল ...

সাধাৰণতে হোৱাৰ দৰেই ,

ছোৱালীজনীৰ বাবেই ল'ৰাটোৱেও কিবা এটা কৰিবলৈ প্ৰতিজ্ঞা বদ্ধ হৈ পৰিছিল ,

কিবা এটা হোৱাৰ ,
কিবা এটা কৰাৰ ইচ্ছাত
সি উঠি পৰি লাগিছিল ...

কিন্তু এনে সময়তে
সাধাৰণতে কি হয়

ছোৱালীজনীৰ ঘৰত বিয়া ঠিক হয়,

হৈছিল ,

সেই ল'ৰাটোতকৈ অন্য কোনো এজন উপযুক্ত  প্ৰাৰ্থীৰ আগমন  ঘটে ,

ঘটিছিল ...

আৰু  এনে সময়ত কি হয়,

কিছুমান সংলাপৰ সৃষ্টি হয় ,
"প্ৰেম মানে বিবাহ নহয় ,"
"তুমি মোতকৈ ভাল এজনী পাবাই ,
মোক ক্ষমা কৰি দিবা ,"
"মই থাকিলে তোমাৰ মোলৈ মনত পৰিব সেয়ে মই আঁতৰি আহিলো বেয়া নাপাবা ..."

হা হা হয়
হৈছিল হৈছিল,
ছোৱালীজনীয়েই এলাহ নকৰি এনদৰেই  সকলো সংলাপেই  কৈছিল ...

আৰু তেনেকুৱা সময়ত
আৰু কি কি হয় ,
ল'ৰাটোৰ হৃদয় ভাঙে ,
সকলো পাহৰি পেলোৱাৰ চেষ্টা কৰিয়েই
নতুন নতুন নিচা বিচাৰে ,
মৰিম মৰিম লাগে কিন্তু  মৰিব নোৱাৰে ,
মাক দেউতাকলৈ মনত পৰে ...

হৈছিল
একেবাৰেই হৈছিল ,
আৰু
সাধাৰণতে কৰাৰ দৰে
এই ল'ৰাটোৱেও কিন্তু আকৌ এবাৰ
সকলোকে সতৰ্ক কৰি কৈছিল

সকলো কৰিবি  অ' বন্ধু ,
পিছে  প্ৰেম নকৰিবি ,
নকৰিবি কেতিয়াও ভাই ,

কিন্তু ?
এই কথাবোৰ ঠগ নোখোৱাকৈ জানো কোনোবাই
বুজি পাই  ?

এই দৰে সকলো বোৰ  কোৱাৰ
পিছতো ,
কথাবোৰ এনেকুৱা হোৱাৰ পিছতো

আকৌ সেই একেই কাহিনী ...

সাধাৰণতে হোৱাৰ দৰেই ,
কথাবোৰ এনেকৈ পুনৰাবৃত্তি
নোহোৱাৰ
আশা এটা বুকুত বান্ধিয়েই

আকৌ এদিন
ল'ৰা এটা ছোৱালী এজনীৰ প্ৰেমত পৰিয়েই গৈছিল
!!!

--প্ৰাণজিৎ বৰুৱা
২৪ নৱেম্বৰ ২০১৫


ডাঙৰ ডাঙৰ চাকৰিয়াল সকল আপোনালোক শত্ৰু আমাৰ...

ডাঙৰ ডাঙৰ চাকৰিয়াল সকল
আপোনালোক শত্ৰু আমাৰ...

পৃথিৱীৰ মধ্যবিত্ত পৰিয়ালৰ মানুহৰ বাবে,
শ্ৰমিক সকলৰ বাবে ,
আৰু ব্যৰ্থ প্ৰেমিক বিলাকৰ বাবে আপোনালোকেই শত্ৰু ...
আপোনালোকৰ বাবেই
হৃদয় এখন বন্ধকত ৰাখি কিছুমানে জীৱনটোৱে বিক্ৰী কৰি দিয়ে হুমুনিয়াহ এৰি,
আপোনালোকৰ বাবেই মৰহি পৰে কলি মেলিব খোজা কিছু যুৰীয়া সপোনৰ ...
বহুতো প্ৰতিভাৰ সমাপ্তি হয় ,
ৰূপ পৰিৱৰ্তন হয় হৈ পৰে বহুতো চঞ্চলা মন মাতালৰ...
ডাঙৰ ডাঙৰ চাকৰিয়াল সকল...
আপোনালোকৰ কিছুমান আকৌ শত্ৰু সমাজৰ,
আপোনালোকৰ চহীৰ বলত উচন হৈ পৰে নৈপৰীয়া চহাৰ ঘৰ,
আপোনালোকৰ দালান নিৰ্মানৰ হেঁপাহত,
খহি পৰে মথাউৰি,
ছমাহতে ফাট মেলে ৰাইজৰ পথ পদুলি...
তথাপি আপোনালোকেই যে ডাঙৰ মানুহ
সমাজৰ !!
ডাঙৰ ডাঙৰ চাকৰিয়াল সকল,
আপোনালোকে দামীতকৈ দামী কাপোৰ পিন্ধে,
দামীতকৈ দামী গাড়ী কিনে,
দামী দামী মাছ মাংসহে খায়,
তথাপি নভৰে পেট,
নহয় অলপতে খোচ...
সেয়েহে হয়তো মৰাক চাল টানি হলেও আপোনালোকে বিচাৰে নিলাজৰ দৰে ঘোঁচ...!!
ডাঙৰ ডাঙৰ চাকৰিয়াল সকল
আপোনালোক
শিক্ষিত...
সেয়েহে চিনি নাপায় শিষ্টাচাৰ ,
দুখীয়া হলেই পাহৰি যায় কি বস্ত ব্যৱহাৰ ...
আপোনালোকৰ মতে মানুহৰ
প্ৰতি সন্মান
ইজ ইকুৱেল টু দা ৱেইট অৱ হাউ মাচ
সি হেজ মানি...
আপোনালোকৰ বিত চকুৰে যিহেতু টকাৰ বাহিৰে বেলেগ একোকেই নমনি ...!!
ডাঙৰ ডাঙৰ চাকৰিয়াল সকল
( সকলোবোৰ নহয়)
বেয়া নাপাব...
আপোনালোক আমাৰ শত্ৰু,
সমাজৰ শত্ৰু ...
পাৰে যদি মানুহ হোৱাৰ চেষ্টা কৰক,
মানুহৰ মিত্ৰ হোৱাৰ চেষ্টা কৰক,
সুবাস বিলোৱাৰ চেষ্টা কৰকচোন
সমাজত...
চাব আপোনাৰ দুহাত সুগন্ধিময় হৈ পৰিব,
আপোনাৰ মুখ উজলি উঠিব...
আপোনাৰ চৌপাশে তেতিয়া
এনেকৈ শুনা নাপাব হয়তো...
সকলোৱে কব আপোনালোক ডাঙৰ ডাঙৰ চাকৰিয়াল বোৰ,
সঁচাকৈয়ে বৰ ডাঙৰ মানুহ,
চাকৰিৰ লগতে
হৃদয়ৰ পৰাও বিশাল
গুঞ্জৰি উঠিব চৌদিশে
ডাঙৰ ডাঙৰ মানুহ বোৰ
সঁচাকৈয়ে বৰ ভাল !!!

প্ৰাণজিৎ বৰুৱা
৮ ফেব্ৰুৱাৰী ২০১৫


দুটি কবিতা ভালপোৱাৰ বাবে

দুটি কবিতা ভালপোৱাৰ বাবে

(১)

কেতিয়াবা বৰ মন যায় জোনাক বিচাৰি বহু দূৰৈলৈ যাবলৈ ...
কিন্তু ,
কোনোবাই কানে কানে কয়...

জোনাক চোন তোমাৰ ওচৰতে আছে !!

মই সোধো কোন ??

কোনোবাই কয় যিয়েই
তোমাৰ খুব বেচি আপোন !!!

(২)

মই ক'লো , '' মোৰো এখন কলিজা আছে ।''

কোনোবাই ক'লে কি ??????

মই শুধৰাই পুনৰ ক'লো,
ছৰি  !!

এখনেই নহয় ,

‪এখন কলিজাৰ‬ ওপৰিও,
মোৰ আৰু ‪‎এজনী কলিজাও‬ আছে ...

প্ৰাণজিৎ বৰুৱা
১১ � ফেব্ৰুৱাৰী ২০১৪


মই প্ৰেমিক নেকি !

মই প্ৰেমিক নেকি !

তোমালে মোৰ মাত্রাধিক মনত পৰে ...
এইয়া মোৰ দুর্বলতা ;
নে মনৰ চঞ্চলতা ??

মনত পৰিলে অলপ ভালো লাগে ...

এইয়া সুখ নে আনন্দ ??

কি যে মিছামিছি জেং !
তোমাক সোঁধাত কলা ,
এইয়াই বোলে প্রেম...!!!

ধ্যুত !!
কি যে কোরা ,
প্রেমত পৰিবলে মই
কি প্রেমিক নেকি...?

(c) প্ৰাণজিৎ বৰুৱা

১২ ফেব্ৰুৱাৰী ২০১৪


মাত্ৰা ধিক ভালপোৱাই কোঙা কৰি তোলে

মাত্ৰাধিক ভালপোৱাই মোক কোঙা কৰি পেলাই ...

তোমাক জোখতকৈ বেছি ভাল পাওঁ ভয় তাতেই কিজানি কেতিয়াবা তোমাক হেৰুৱাওঁ 

নালাগে মোক প্ৰেমৰ বিশেষ দিন তোমাক ভাল পাবলৈ,
নালাগে কোনো সময় বেলেগে তোমাক মনত পেলাবলৈ ...
শুধি চাব পাৰা মোৰ মাতাল হৃদয় খনক ,
কোন মুহুৰ্ত যায় তোমাক নভবাকৈ,
মনত নেপেলোৱাকৈ 

শুধি চাবা,
মই মিছা কলেওঁ সি নকয় কেতিয়াওঁ !!

মাত্ৰাধিক ভালপোৱাই কোঙা কৰি তোলে মোক ,
নিচাগ্ৰস্ত হৃদয়খন মাতাল কৰি তোলে ...!!

এটা অনুৰোধ ,
কাষতে থাকিবা সদায় এনেকৈ ...

তোমাক কানে কানে কওঁ
তুমি সদায় কাষত থাকিলে
মোৰ এনেকৈ কোঙা ,খোৰা, লেঙেৰা হৈ গলেওঁ
অলপো বেয়া নালাগে !!


‪#‎প্ৰাণজিৎ_বৰুৱা‬
14 feb '14


প্ৰেম নিবেদন

‪#‎প্ৰেম‬ _নিবেদন #

এপাহ গোলাপ দিম ,
ভাল পালে তোমাৰ খোপাত গুজি লবা,
বেয়া পালে মোৰ সমাধিত থবা ।

২১ফেব্ৰুৱাৰী ২০১৪


• ফাগুন আৰু ভালপোৱাৰ তিনিটা স্তৱক... •


• ফাগুন আৰু ভালপোৱাৰ তিনিটা স্তৱক... •

(১)
ফাগুনত পলাশ ফুলে,
মদাৰফুলে আৰু কি ফুলে জানা ?
আৰু ফুলে দুখ,
ফাগুনৰ বতৰত সেউজীয়া হৃদয়খনত
ৰঙা ৰঙা নিসংগতাৰ অসুখ !!

(২)
ফাগুনত চিলা উৰে, পাত সৰে,
উৰে শুকান ধূলি...
আৰু ??
আৰু উৰে এখন চিঠি,
মৰমৰ কলম ভালপোৱাৰ চিয়াঁহীৰে
যিখন লিখিছো তোমালৈ বুলি...!

(৩)
ফাগুনত নামে লিগাং
উৎসৱ উৎসৱ সুৱাস লৈ,
আহে পচোৱা
ভালপোৱাৰ সোঁৱণশিৰি হৈ ।
ফাগুন মানেই যেন প্ৰেমৰ বান্ধ ভাঙে,
ৰঙীন ফাঁকু খেলে ফাগুনে...
আৰু ??
আৰু মোৰ জবাফুলীয়া মৰমবোৰো উৰে ফাগুনত
এটা ভালপোৱাৰ কবিতা হৈ ।

ණ প্ৰাণজিৎ বৰুৱা
৫ মাৰ্চ ২০১৫


মোৰ স্বপ্ন নগৰীৰ তুমি মনালিছা লিংডৌ খবৰ কেনে??

মোৰ স্বপ্ন নগৰীৰ তুমি মনালিছা লিংডৌ
খবৰ কেনে??
হাই মনালিছা ভালনে?
বাৰিষাৰ প্ৰথম জাক বৰষুণত তিতিলানে?
নে মহেন্দ্ৰ দত্তৰ আমব্ৰেলা ললা ,
অভিমানী বৰষুণত নিতিতো বুলি ..!
মনত পৰেনে ??
সেই যে...
মই কওঁ
এইয়া আমে কলি পেলোৱাৰ বতৰ !
তুমি কোৱা,
কঠালে মুচি পেলোৱাৰ বতৰ...
আকৌ কওঁ
এইয়া ৰিমঝিম বৰষুণত কানত হেডফোন লগাই আটিফৰ গান শুনাৰ বতৰ ...
আৰু শেষত দুয়োটাই যে গাওঁ
নহয় নহয় এইয়া ভাল লগা,
ভাল পোৱাৰ বতৰ ...!
হা হা হা ...!
আচ্ছা
বাদ দিয়া বাৰু সেইবোৰ বতৰ !
কোৱা এতিয়া
তোমাৰ কি খবৰ ...?
আজিকালি সুখী হৈ পৰিছা বুলি শুনিছো!
মোৰ দুখৰ গভীৰতাত বাঢ়ি আহে হেনো তোমাৰ সুখৰ গাঢ়তা...
ঠিকেই বুজিছো ন !
বাদ দিয়া
এতিয়া
তোমাক কবলৈ সুবিধা নিদিয়ো আৰু
কবিতাৰ বাদে মোৰ আছেনো কি বুলি !!
জানা মনালিছা আজি তুমি মোক সুধিব পাৰা মোৰ নাই কি...?
তুমি এসময়ত আশা কৰা ,
সপোন দেখা
সকলোবোৰেই আছে এতিয়া
কিন্তু এটা বস্তুহে নাই বুজিছা ??
মোৰ সেই শান্তিৰ টোপনি জাক নাই যত সদায় আহিছিল সেই অচিন চিনাকি মনালিছা লিংডৌ জনী,
প্ৰাণ খুলি হাঁহি মাতি গাইছিল কত গান,
কৰিছিল কত অভিমান!
নাই নাহে অ
আজি সেই মনালিছা জনী আগৰ দৰে,
কোনোপধ্যেই নাহে !
যাৰ বাবেই
সুধিবও নোৱাৰো মনালিছা লিংডৌ কেনে আছা বুলি...
কাৰণ মোৰ সুধাৰ অধিকাৰ নাই
মনালিছা লিংডৌৰ খবৰ,
স্বপ্নৰ নায়িকা বোৰ কাৰোবাৰ দিঠক
হলে অধিকাৰ বোৰ এনেকৈয়ে শেষ হয় চাগে ।
কিন্তু কি কৰিবা
মনে যে নামানে,
বুজালেও নুবুজে ,
সদায়েই সুধি থাকে
মনালিছা লিংডৌ তোমাৰ খবৰ কেনে...
এবাৰলৈও আমালৈ মনত নপৰেনে??
পুনশ্চঃ
কিনো কম
সময় পালে এদিন আহিবা,
দি থৈ যাবা তোমাৰ খবৰ...
তোমাৰ খবৰ পালেও যে ফুলিব পাৰে কাৰোবাৰ মন বাগিচাত ,
হেপাঁহৰ তগৰ...
সেইয়া তুমি নুবুজা নহয় দিয়া...

বাট চাই ৰলো
তোমাৰ খবৰলৈ !
--প্ৰাণজিৎ বৰুৱা
১৭মে ২০১৪


#‪#‎এটা‬ জীয়া সাধু মৃত্যুৰ ...##

#‪#‎এটা‬ জীয়া সাধু মৃত্যুৰ ...##

এজনী মাকৰ দুটি
সন্তান আছিল ...
দুইটাৰে দুটা মন আছিল !

দুয়োটাই একেখন সমাজ পাইছিল ,
কিন্তু সিহঁতৰ চিন্তা
ভিন্ন আছিল ; দৃষ্টিভংগী পৃথক ।

এটাই শোষণৰ প্ৰতিবাদ কৰিবলৈ লৈছিল বন্দুক !

আৰু এজনক

প্ৰতিবাদৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ তুলি দিয়া হৈছিল বন্দুক !

এদিন অকস্মাত দুয়োটাৰে লগালগি হল এখন যুদ্ধত , দুয়োটাই দুটা গুলি এৰিলে
মৃ�ত্যুৰ বাবে,
আৰু অব্যৰ্থ নিচানাত
দুয়োটাৰেই মৃত্যুও হল !

পিছদিনা পেপাৰৰ শিৰোনামাত নামাকৰণ কৰা হল...

"এটা সন্ত্ৰাসবাদীৰ নিধন হল ,
আৰু এজন আৰক্ষী শ্বহীদ হল !"

এতিয়া লাভ !
লাভ কাৰ হল ...
কি হল বাৰু ?

মাক এজনী পুত্ৰ হাৰা হোৱাৰ বাহিৰে কাৰ লাভ হল
কোনেও নাজানিলে আজিও ...!

চিন্তনীয় কথা ...

সেই পুত্ৰহাৰা,
মাতৃহাৰা ,
স্বামীহাৰা হোৱাৰ ঘটনাবোৰৰ পুনৰাবৃত্তি হৈয়ে থাকিল ...

মৃত্যুৰ এটা জীয়া সাধু হৈ,
কাৰো লাভ নোহোৱাকৈ,

আজিও এজন আৰক্ষী শ্বহীদ
আৰু
এটা উগ্ৰপন্থী মৰিয়ে থাকিল !!

--প্ৰাণজিৎ বৰুৱা
২৫ ফেব্ৰুৱাৰী ২০১৪


সৰিছে সৰিছে সেইয়া বৰষুণ সৰিছে,

সৰিছে সৰিছে সেইয়া বৰষুণ সৰিছে,

দুখীয়াৰ খেতিৰ বৰষুণ,
প্ৰেমিকৰ ভালপোৱাৰ প্ৰথমজাক বৰষুণ,
ধনীৰ জলা দি মাংস খোৱাৰ বৰষুণ,
কেচুৱাৰ কাগজৰ নাওঁ বনোৱাৰ বৰষুণ,

বৰষুণ সৰিছে ,
সৰিছে সৰিছে ,
গছ বনেও উলাহত হালিছে,
শালিকি কেইটাই ঠেং দাঙি নাচিছে,

মুঠতে
বৰষুণ এজাক আহিছে ,
সকলোকে ব্যস্ত কৰি তুলিছে...

এইফালে মইয়ো ব্যস্ত বৰষুণৰ ৰেহ ৰূপ চোৱাত,
বৰষুণৰ প্ৰেমিক বোৰ আনন্দত আত্মহাৰা হোৱাত,

মইয়ো যে বিৰাট সুখ পাওঁ...

আছলতে
কোনেওটো নাজানে ,
বৰষুণ আহিলে কিমান সকাহ মইয়ো পাওঁ,

হি হি
কোনেও যে নাজানে ...
বৰষুণৰ বতৰত হিয়া ধাকুৰি কান্দিলেও
কোনেও যে নেদেখে,
কোনেও যে নুশুনে ...

বৰষুণ সেইয়ে তোক মইয়ো বৰ ভাল পাওঁ...

আহ বৰষুণ আহ...

হাতী কাণ ঘোঁৰা কাণ
জোৰ জোৰকৈ বৰষুণ আন...

দুৰৈত সেইয়া নিষ্পাপ শিশু কেইটাইয়ো বৰষুণক নিমন্ত্ৰণ জনাইছে...

সৰিছে সৰিছে...
সেইয়া
বৰষুণ সঁচাকৈয়ে সৰিছে ...!!

--প্ৰাণজিৎ বৰুৱা
২৮/এপ্ৰিল/২০১৪


সৰাপাতৰ চহৰত এদিন আহিবা ...

সৰাপাতৰ চহৰত
এদিন আহিবা ...

সৰাপাতৰ চহৰত
এদিন আহিবা ,
তোমাৰ পৰশ পাই ভাল লগাৰ বৰষুণ সৰিব,
সৰাপাতৰ চহৰ তোমাৰ আগমনত সেউজীয়া হব...

বাট চাই আছে সৰাপাতবোৰ তোমাৰ দুভৰিৰ গচক পাবলৈ,
সৰাপাত বোৰ ৰৈ আছে তোমাৰ দুহাতৰ পৰশ পাই উষ্ম হবলৈ...

সৰা পাতৰ বিষণ্ণ নগৰীত তোমাৰ চঞ্চলা হাঁহিটো মাৰি উন্মনা কৰিবলৈ আহিবা ...
আহিবা...
আহিবাচোন

জানানে
তুমি আহি মোৰ হৃদয়ৰ
বিশ্বাসঘাতকটাৰ
সৰাপাত বোৰ মোহাৰি নিনিয়ালৈকে ,
এই চহৰখনত কেতিয়াও নুফুলে ভালপোৱাৰ ৰক্তজবা ...

সেয়ে কৈছো সময় মিলাই আহিবা কেতিয়াবা ,
সৰাপাতৰ চহৰ খনত সেউজীয়া কুঁহিপাত ওলালে
তুমিওটো চাগৈ বেয়া নোপোৱা... !!

‪#‎প্ৰাণজিৎ‬ বৰুৱা
২১ এপ্ৰিল ২০১৪


Monday, November 23, 2015

বাকৰ বচন ৰিটাৰ্নছ ১১

বাকৰ বচন ৰিটাৰ্নছ ১১

(১)
ইংলেণ্ডৰ ক্ৰিকেট স্কৰত নেলচন আৰু অসমত মাষ্টৰৰ ক্ষেত্ৰত  পেঞ্চন,
দুয়োবিধতেই  খোৱা যায় মহা  টেনচন ।

(২)
ঠাণ্ডা দিনত ঠাণ্ডা পানীৰে  গা ধুৱা ,
আৰু
লাওপাত কচুপাত মুখৰ ছোৱালীক ভালপোৱা ,
লৰাবোৰকে দুঃসাহসী বোলা  হয়  ।

(৩)

মদ খোৱাৰ পিছত  কথাবোৰ  ,
আৰু বিয়া পতাৰ পাছত লেঠাবোৰ
সহজে দেখোন শেষ হবই নুখোজে ।

(৪)
বেছিকৈ মুখেৰে ভৰালে পেটেৰেও সিমানেই ওলাব,
এই কথা নজনা বোৰেই
ইনছুলিন চেলাইন খাই থাকিলেও ঘোঁচ লবই লব ।

(৫)

যাৰ ভূগোল ভাল তাৰ বুৰঞ্জী বেয়া,
তথাপিও সুন্দৰতাৰ বাবেই যে  সকলো বলীয়া ।

(৬)
ভালপোৱা ,

পৃথিৱীৰ আটাইতকৈ ধুনীয়া আৰু
আটাইতকৈ ঠগ খোৱা  শব্দ ।

(৭)
পাদ ,
এনে এক সুবাস ,
আনে মাৰিলে ছিঃ ছিঃ
আৰু
নিজে মাৰিলে কি আমেজ
বাহ !!

(৮)
গাত কম্বল ওপৰত ফেন,
এইটো কম্বিনেচনেই আমাৰ বাবে এ. চি. যেন ।

(৯)
ছাদা আৰু মদক ,
বন্ধু সৃষ্টি কাৰী মাদক দ্ৰব্য বুলি ফেচবুকৰ পাছতেই স্বীকৃতি দিয়া হওক ।

(১০)
ভাৰতবৰ্ষ এনে এখন দেশ যত দুখীয়া হব কোনোৱেই  নোখোজে ,
পিছে পিছ পৰা জাতি জনজাতিৰ লেবেলটো  পিঠিত লগাবলৈ সকলোৱেই যে  যুঁজে ।

--প্ৰাণজিৎ বৰুৱা
২৩ নৱেম্বৰ ২০১৫













Tuesday, November 17, 2015

লিমাৰিক বিষয় : ফেচবুক

লিমাৰিক
বিষয় : ফেচবুক

(১)

ফেচবুকত লিখিলে পোৱা নাযায় বোলে মাননি,
চোৰ বোৰৰ পৰাও লেখকৰ হয় যে নাকনি কাননি ,

মোৰে লেখা মোকে দি,
কেনে লাগিল বুলি সুধি সি,

কিয় জানো হোৱাট চাপত কৰি থাকে ইমান আমনি ।

@DrSamadrita Goswami

(২)

ফেচবুকত চেনি খাবলৈ হেনো  আটাইতকৈ ভাল,
ধুনীয়া ছোৱালীৰ ফটোবোৰতো লাইক আহে এগাল ,

তাকে দেখি বিৰাট ভেম,
প্ৰিঞ্চেচ এঞ্জেলহে ৰাখি নেম,

চেলফি আপ্লোদ কৰি কৰিয়েই ফেচবুকত লগাই তাল ফাল ।

(৩)

ফেচবুক আহি যোৱাৰ পিছত টেক্সট বুক গ'ল যে পলাই,
পঢ়িবলৈ বহিলৈও ভাইটি ভন্টিহঁতে এন্দ্ৰইদটোহে চলাই,

পৰীক্ষা হলত আহি,
কলম কামুৰি বহি  ,

ষ্টেটাচ লিখে ফিলিঙ চেদ এইবাৰো পৰীক্ষা বেয়া হ'ল পাই ।

--প্ৰাণজিৎ বৰুৱা
৮ অক্টোবৰ ২০১৫


কবি বোৰ...

কবি বোৰ...

কবি বোৰ মহা বদমাচ ,
ক'ৰবাত ধুনীয়া ছোৱালী এজনীও  ঘুৰিব নোৱাৰে ...

কবি বোৰ মহা বদমাচ,
ফাগুন ,শৰৎ মনে মনে আহিবই নোৱাৰে ...

শব্দ বোৰ কেনেকৈ যে
আঁজুৰি আনিব পাৰে,

শব্দেৰে কেনেকৈ যে
খুচিব পাৰে...

কবিতা বোৰ
পঢ়িলে
তেওঁলোকক বহুত গহীন যেন লাগে,
অৱশ্যে কবিবোৰে খুউব কমেইহে হাঁহে !!!

অৱশ্যে দুখ এটা আছেই এতিয়াও ...

কবিবোৰ যিমানেই বিখ্যাত হলেও
বহুত দুখীয়া ,
 
ঘৰৰ খেচ খেচনিত বজাৰলৈ ওলাই যোৱা কবিয়ে,
মোনা এটাত এটা নিপোটল কবিতাহে
লৈ উভতি আহে...!!

কবিতাৰে পেট ভৰাব নোৱাৰা

কবিৰ
(আশা :
কাইলৈ বাতৰি কাকতত
কবিতাটো বেছি কিবা এটা কিনিব পাৰিব ...

অনুৰোধ :
আপোনালোকে কবিতাটো কিনিব
পঢ়িব,

কবিবোৰক নিখোজ হৈ যাবলৈ নিদিব ...!!!)

প্ৰাণজিৎ বৰুৱা
১১/১০/১৫


তিনি শৰীয়া পংক্তি ...

তিনি শৰীয়া পংক্তি ...

(১)

ফুলত কৈও ধুনীয়া তুমি ...

সেয়ে কেতিয়াবা ভাল নালাগে  ,

বহুতো  পখিলাই যে যাব খোজে তোমাক চুমি ...!

(২)

সকলোৱে ভাল দেখা ফুল ,

ভালপোৱাটোৱেই ভুল ,

নিজৰ কৰাৰ ইচ্ছাতেই দেখোন সকলো বিয়াকুল ...!

(৩)

ফুল চিঙোতে হাত কঁপা নাই,

তেন্তে কাৰোৰে প্ৰতি  তেওঁৰ ভালপোৱা নাই,

হয়তো তেওঁৰ এই পৃথিৱীত জীয়াই থকাৰ অৰ্থই নাই..!

প্ৰাণজিৎ বৰুৱা
১৬/১০/১৫


অকণমানি ছোৱালী ...

অকণমানি ছোৱালী ...

থুপুক থাপাক খোজ ,
থুনুক থানাক মাত ...
অকণমানি ছোৱালী জনী দেখিলে কলিজা পৰে শাঁত ...!

পখিলা পখিলা ফ্ৰক এটি,
আলসুৱা ছুলি একোচাৰে,
অকণমানি ছোৱালী জনী বায়ু বেগে দৌৰ মাৰে ...!

তাইৰ খোজত শেৱালি সৰে,
মাতত ফুলে জবা...
অকণমানি ছোৱালী তাই  আলফুলে যতন লবা ...!

অকণমানি ছোৱালী ,
আলসুৱা থুনুকা,
কপালত তাইৰ কাজলৰ জোন এটা  আছে অঁকা...!

অকণমানি ছোৱালী জনী ,
লহ পহকৈ বাঢ়ে,
পুৱা গধূলি তাই খিল খিলাই হাঁহে ...!

অকণমানি ছোৱালী জনী
সকলোৰে নয়নৰ মণি ,
সকলোৱে বিচাৰে তাই হৈ থাকক সদায়েই যেন অকণমানি .!!

ক্ৰমশঃ
আচলতে  অকণমানি ছোৱালী জনী ডাঙৰ হলে ,
চাৰিওফালে কিছুমান ৰাং কুকুৰৰ চকুত জুই জ্বলে ,
অকণমানি ছোৱালী সদায় অকণমানি হৈ থাকিবলে সেয়ে সকলোৱে কামনা কৰে ।

--প্ৰাণজিৎ বৰুৱা
১৭/১০/১৫


ফুচকা ফুচকা...

ফুচকা ফুচকা...

এই দৌৰ মাৰি আহি ৰৈ দিলা,
দীঘল উশাহ এটা টানি
কাগজ খিলা আজুৰি অনাৰ দৰে আনি ,
জ্বলা বেছি আৰু পানী বেছি দিয়াৰ আব্দাৰ কৰি দিলা...

কিয়??

ইমান ভালপোৱা ...
ইমান ভাল লাগে...!!

আস
হিংসাই লাগি যায়,
ফুচকাৱালাৰ প্ৰতি তোমালোকৰ দুৰ্বলতাবোৰ
দেখি,

সঁচাই কওঁ,
তোমালোকৰ বাবেই সন্ধিয়াৰ কে বি ৰ'দৰ
চাৰি আলিত ফুচকা বেছি থাকিবলৈহে
কিবা
মন যায় ...!

ভীষণ পজেজিভ হৈ পৰো...

আস
কি ভাগ্য তাৰ ,
সেই খিল খিল কৰি হৃদয় জুৰোৱা
চহৰ কপোৱা হাঁহি বোৰ  শুনাৰ ...

কি ভাগ্য তাৰ
সেই তোমালোকৰ আউসী ক'লা
ছুলি বোৰৰ ছান ছিল্ক ছান ছিল্ক সুবাসত
মতলীয়া হৈ পৰাৰ ...

মোৰ সন্দেহ হয়
সি বাৰু
সক্ষম  নে ইমানৰ মাজতো
ফুচকাৰ সঠিক হিচাপ ৰখাৰ ...!

(মোৰ দেখোন তোমালোকৰ দৰে ধুনীয়া ছোৱালী বোৰ ওচৰলৈ আহিল মাত কথা
উশাহ সকলোবোৰ বন্ধ হৈ পৰোঁ যেন কৰে ...!)

কেতিয়াবা
মোৰ এনে লাগে
সন্ধিয়াৰ লখিমপুৰ চহৰলৈ ভাল লগা বোৰ নামে ,
ধুনীয়া ধুনীয়া ছোৱালীবোৰৰ আগমন ঘটে,
কেৱল,
কেৱল মাত্ৰ এই ফুচকাৰ বাবে...!!!

আস ৰ'দ বৰষুণ একাকাৰ,
ফুচকাৰ বাবে ইমানেই বেছি আব্দাৰ ...

বেয়া নহয়
ফুচকাৰ বাবেই পোনপটীয়াকৈ অথবা
আওপকীয়াকৈ
আমাৰ  বহুত ভাল লগা সোৱাদ.

সেইবাবেই ফুচকা
তোমাক চালাম

ফুচকা জিন্দাবাদ ...!!!

--প্ৰাণজিৎ বৰুৱা
১৯/১০/১৫


পূজা

পূজা

(১)
এইবাৰো পূজাত পেঁপা বোৰ বাজিল,
পিছে সুৰবোৰ শুৱলা নাছিল...

(২)
এইবাৰো পূজাত নতুন কাপোৰ ললো,
পিছে দেউতাই কিনি দিয়াৰ সমান আমেজ নাপালোঁ...

(৩)
পূজাত পিষ্টল এটা বিচাৰি গলো,
দোকানীজনে মেগজিন এটাহে উলিয়াই দিলে...

(৪)

বেলুন ভালপোৱা লৰাটোৱে এইবাৰ,
পূজাত ছোৱালী ভালপোৱা হ'ল...

(৫)

পূজাৰ পেন্দেল বোৰত প্ৰতিযোগিতাৰ যুঁজ,
পূজা আচলতে কি মনটো যে এতিয়াও অবুজ...!!!

প্ৰাণজিৎ বৰুৱা
২৩/১০/২০১৫


Friday, November 13, 2015

কেঁচুৱা বোৰৰ কথা...

কেঁচুৱা বোৰৰ কথা...

সৰু সৰু আঙুলি কেইটা ,
দেখি মোৰ যে হাঁহি এটাহে ওলাই ,
কেঁচুৱা বোৰ ইমান আলসুৱা
কিবা মৰম লাগি যায়...

কলকলনি ফুটো নুফুটো মাতবোৰ,
কি যে ৰাগ ,
যেন সমস্বৰে বাজে সপ্ত সুৰ,
কিয়  ইমান মিঠা থাকে সিহঁতৰ  মাতত
হৃদয় পৰি যায় জুৰ ।

আটাইতকৈ  বেছি ভাল লাগে তাহাঁতৰ হাঁহি,
মুকুতা মুকুতা যেন
গোলাপৰ পাহি,
হাঁহিটিতে জিৰাই কেনেকৈ
অযুত নিযুত নিভাজ
মৰম বোৰ আহি...!!

কেঁচুৱা বোৰ হয়েই এনেকুৱা ,
আলসুৱা ঠুনুকা,
কলিজা খোৱা,

হাজাৰ কঠোৰ হৃদয়ো গলি যায়
যেতিয়াই কোনোবাই
এই ফুটো নুফুটো
সুবাস বোৰ পাই...

সেয়ে
আজি আৰু
চিঞৰি চিঞৰি নকওঁ
আনে কোৱাৰ দৰে ,

" কেঁচুৱা বোৰ জিন্দাবাদ,
ভ্ৰূণ হত্যা মুৰ্দাবাদ । "

আজিৰ পৰা আপুনি  নিজেই সচেতন হ'ব ,
কেঁচুৱাবোৰ আপুনিও ভাল পোৱা হ'ব,

এতিয়াৰ পৰাই
হয়
এই মুহূৰ্তৰ পৰাই

কেঁচুৱা বোৰ
ফুল হৈ ফুলি উঠিব
আপোনাৰ কোলাত ...

সুবাস হৈ বিয়পি পৰিব
মেলি দিয়ক আপোনাৰ দুহাত ...!!!

--প্ৰাণজিৎ বৰুৱা
১৩ নৱেম্বৰ ২০১৫


স্কুটি চলোৱা ছোৱালীজনীয়ে খুন্দিয়ালেও ভাল লাগে....

স্কুটি চলোৱা ছোৱালীজনীয়ে খুন্দিয়ালেও ভাল লাগে....

এই
স্কুটি চলোৱা ছোৱালীজনীয়ে কেতিয়াবা
খুন্দিয়াই পাইছে নেকি আপোনাক ...

তেতিয়া আপুনি বাৰু  কি কৰে ,

বেছি দুখ পোৱাৰ ভেশচন ধৰে...
অথবা তাইৰ আগত সাহসী পুৰুষ হৈ পৰে,
নে তাইক আৰু বেছি নাৰ্ভাছ কৰে...!

আপোনাৰ কি হয় নাজানোঁ

মোৰ পিছে  বৰ ভাল লাগে ,

যেতিয়াই কোনোবাই স্কুটি খনেৰে লাহেকৈ খুন্দিয়াই ,

এনে লাগে
স্কুটিত উঠি থকা গৰাকীয়ে  নজনাকৈয়ে যেন অযুত নিযুত
ভাল লগাহে ছটিয়াই...

ভাল লাগে

খুন্দিয়াই লৈ কৰা সেই নাৰ্ভাছ নেচ খিনি,

ভাল লাগে
ফেঁকুৰিবলৈ ধৰা তেওঁৰ সেই মৰম লাগি যোৱা মুখখনি,

ছ'ৰি ছ'ৰি বুলি কৈ
ক'ত দুখ পালে বুলি লোৱা কেয়াৰ খিনিও
মোৰ বিৰাট  ভাল লাগে...

কিয় নাজানোঁ খঙাল ছোৱালীবোৰকো
সেই সময়ত বৰ মৰমীয়াল যেন লাগে,

তেওঁৰ মেক আপ কৰা মুখত জিলিকি উঠা বিন্দু বিন্দু ঘাম বোৰ
মোৰ দেখোন কিবা মুকুতা মনি যেন লাগে ...

আস ,
ছোৱালী বোৰ কিয় জানো ইমান নিমাখিত ,
ইমান সৰল ,
ইমান ধুনীয়া হৈ পৰে সেই সময়ত ...

কিয় নাজানোঁ
ধৰি ৰাখিব খোজা
সেই সময়কন যেন মোৰ বাবে বহুত ছুটি হৈ পৰে...

বাৰে বাৰে চাবলৈ মন যায় ,
বাৰে খুন্দা খাবলৈ মন যায়,

হা হা
সেয়ে
স্বাগতম আপোনাক ...

স্কুটি চলোৱা জনী ,
আহক আপুনি
খুন্দিয়াই থৈ যাওক মোক ,

আপোনাৰ নিষ্পাপ মুখখনিত
অহংকাৰৰ পৰিৱৰ্তে এজাক সুকোমল মৰম দেখা পোৱাৰ বাবেই
হাজাৰবাৰ
ইন্দিকেটৰ চিগনেল দিয়া  ভুল হওঁক আপোনাৰ ...

কোনো কথা নাই,

এনেকৈ যে কিছুমান সুখী মুহূৰ্ত দিয়ে,
স্কুটি চলোৱা ছোৱালী জনীয়ে খুন্দিয়ালেও মোৰ
সেয়ে ভাল লাগে ...!!!

--প্ৰাণজিৎ বৰুৱা
৯/১১/২০১৫


Monday, November 9, 2015

শিশু দিৱস উপলক্ষে

শিশু দিৱসৰ গান

কন কন শিশু আমি ফুলনিৰ ফুল,
আমাৰ হাঁহি মাততেই  ধৰণীও আমোল মোল,

সকলোৱে কয় আমি হেনো দেশৰ ভৱিষ্যত ,
সুন্দৰ পৃথিৱীৰ ছাবি  যে আমাৰ দুহাতত,

আমাৰ বাবে মা দেউতাই দেখে বহুত সপোন ,
আমি যে তেওঁলোকৰ বুকুৰ আপোন ,

সঁচাকৈয়ে আমি যেন সকলোৰে নয়নৰ মনি,
ইমান বোৰ  মৰম শেষেই যে নহয় গনি গনি...

আমাক ভালপোৱা মানুহৰ মাজত আছিল  এজন নেহৰু খুৰা,
তেওঁৰ বাবে শিশু  বোৰ যেন আকাশৰ তৰা,

তেওঁৰ বাবে আমাৰ স্থান সবাতোতকৈ আগত,
শিশুক তেওঁ দেখিছিল ভগৱানৰ ৰূপত...

ইমান মৰম ইমান আদৰ কেনেকৈ আমি সাঁচি থওঁ,
সকলোৰে শুভাশীষ বোকোচাত বান্ধি লওঁ...

আমাৰ বাবে বিশেষ এই দিনত আজি  লৈছো আমি পন,
নষ্ট নকৰোঁ অবাবত আমাৰ শৈশৱৰ অমূল্য এই ক্ষণ...

আমি ভাল ভাল কামেৰে জগত জিনিম,
নানান সুনাম দেশ নিজ জাতিৰ বাবে আজুৰি আনিম ।

নেহৰু খুৰা আমি আজি তোমাক দিলো প্ৰতিশ্ৰুতি ,
জিলিকাই তুলিম আমি সঁচাকৈয়ে হৈ আলোক জ্যোতি ...

শিশু দিৱসৰ দিনা শিশু প্ৰেমী সকলোকে আমাৰ প্ৰণাম,
গাই যাওঁ আহা আমি ভাল লগা মানৱতাৰ এই জয় গান ।

প্ৰাণজিৎ বৰুৱা
৯/১১/২০১৫


Saturday, November 7, 2015

ওলা পাগলীৰ অকুমলৈ যাওঁ ...!!

ওলা পাগলীৰ 'অকুম'লৈ যাওঁ ...!!

তুলবুল তুলবুল সোৱণশিৰিৰ নাও,
ওলা আমি পাগলীৰ "অকুম"লৈ যাওঁ ...
হাত মেলি মেলি ,
পানী খেলি খেলি ,
নাৱৰীয়া গাই যা নিঃতম এটি,
দুৰৈত সেয়া চা
পাগলীৰ তাঃত'ই কৰা সৰিয়হৰ খেতি...

পাগলীয়ে বাকে পৰঃ আপং,
কয় খাই যা মিপাক ,
আপংখালে তহঁতৰ
কটা নাযায় দে নাক ...

কি যে !!
পাগলীৰ অভিমানৰ নিচা
আপংতকৈও বেছি,
আৰু হাঁহিটোৰ চোকে
যে ধৰে কেনেকৈ
হেঁচি...

পাগলী তেনেই হোজা ,
গাঁৱৰ আকৰী কনেং ,
তাইক বৰ ধুনীয়া লাগে
যেতিয়া পিন্ধে তাই  ৰিঃবি গাচেং ...

আস তাইৰ যে
কি সৰলমনা মাত,
শুনিলেই কলিজা পৰি যায়  শাত...
লচ পচীয়া পাগলীক দেখি
কিমান  যে ডেকাৰ বুকু ইচাত বিচাত !

পাগলীৰ প্ৰেমত নপৰোঁ
বুলিও পৰি যায় সকলো,
পাগলী যে হয়েই তেনেকুৱা ,
আলফুল
কিবা এটা  কলিজা খোৱা...

সেই পাগলী আজিকালি
অলপমান গহীন হৈ পৰিল,
তাইৰ হাঁহি বোৰো  যে অকালতে মৰহিল...

পাগলীৰ গাত দোষনো  কি ?
পাগলীৰ আজলী মনে  যে বুজি নাপাইছিল
ধুনীয়া ডেকাৰ মন ভোলোৱা চালাকি...

এতিয়া পাগলীৰ কাৰোৰে ওপৰত
বিশ্বাস নাই
যি বা আছিল একোজন ,
পাগলীয়ে দিয়া বুকুৰ উম লৈ
সি যে নিখোজ হ'ল
কেতিয়াবাই !!!
...
...
কাম কৰিবলৈ কেতিয়াও ভয় নকৰা পাগলীয়ে
এতিয়া
প্ৰেম , ভালপোৱালৈ বিৰাট  ভয় কৰে...

তাই হাঁহি হাঁহি আমাক  প্ৰেমৰ পাঠ পঢ়াই
কয়
জীৱনত সকলো কৰিবি ভাই
কিন্তু কেতিয়াও কাকো কলিজাত নিদিবি অ' ঠাই...!!

আস কি যে !
কথা কয় তাই...
সঁচাই
পাগলীৰ কথা বোৰে তেতিয়াৰ দৰে,
এতিয়াও বুকু  চুই যায় ...

তুলবুল তুলবুল সোৱণশিৰিৰ নাও,
ওলা ,ওলা ...
সঁচা সঁচা  কথা শুনিবলৈ
আমি পাগলীৰ "অকুম"লৈ যাওঁ ...!!

--প্ৰাণজিৎ বৰুৱা
৭ নৱেম্বৰ ২০১৫