কেঁচুৱা বোৰৰ কথা...
সৰু সৰু আঙুলি কেইটা ,
দেখি মোৰ যে হাঁহি এটাহে ওলাই ,
কেঁচুৱা বোৰ ইমান আলসুৱা
কিবা মৰম লাগি যায়...
কলকলনি ফুটো নুফুটো মাতবোৰ,
কি যে ৰাগ ,
যেন সমস্বৰে বাজে সপ্ত সুৰ,
কিয় ইমান মিঠা থাকে সিহঁতৰ মাতত
হৃদয় পৰি যায় জুৰ ।
আটাইতকৈ বেছি ভাল লাগে তাহাঁতৰ হাঁহি,
মুকুতা মুকুতা যেন
গোলাপৰ পাহি,
হাঁহিটিতে জিৰাই কেনেকৈ
অযুত নিযুত নিভাজ
মৰম বোৰ আহি...!!
কেঁচুৱা বোৰ হয়েই এনেকুৱা ,
আলসুৱা ঠুনুকা,
কলিজা খোৱা,
হাজাৰ কঠোৰ হৃদয়ো গলি যায়
যেতিয়াই কোনোবাই
এই ফুটো নুফুটো
সুবাস বোৰ পাই...
সেয়ে
আজি আৰু
চিঞৰি চিঞৰি নকওঁ
আনে কোৱাৰ দৰে ,
" কেঁচুৱা বোৰ জিন্দাবাদ,
ভ্ৰূণ হত্যা মুৰ্দাবাদ । "
আজিৰ পৰা আপুনি নিজেই সচেতন হ'ব ,
কেঁচুৱাবোৰ আপুনিও ভাল পোৱা হ'ব,
এতিয়াৰ পৰাই
হয়
এই মুহূৰ্তৰ পৰাই
কেঁচুৱা বোৰ
ফুল হৈ ফুলি উঠিব
আপোনাৰ কোলাত ...
সুবাস হৈ বিয়পি পৰিব
মেলি দিয়ক আপোনাৰ দুহাত ...!!!
--প্ৰাণজিৎ বৰুৱা
১৩ নৱেম্বৰ ২০১৫
No comments :
Post a Comment