Wednesday, July 29, 2015

লিমাৰিক ইতিবৃত্ত

(উৎস :
অসমীয়া ৱিকিপিডিয়া ™
copied post from
internet)

লিমাৰিক (ইংৰাজী: Limerick) হৈছে পাঁচশাৰীৰ ছন্দযুক্ত কবিতা যিবোৰত ঘাইকৈ হাস্যৰস বা ধেমেলীয়া কথা সন্নিবিষ্ট হৈ থাকে[1] ৷ ১৯ শতিকাত এডৱাৰ্ড লিয়েৰে এই কবিতাৰ ধাৰাটো জনপ্ৰিয় কৰি তোলে৷ লিমাৰিক ক-ক-খ-খ-ক ছন্দৰে লিখা হয় অৰ্থাত প্ৰথম, দ্বিতীয়, পঞ্চম শাৰীৰ মাজত আৰু তৃতীয় আৰু চতুৰ্থ শাৰীৰ মাজত ছন্দৰ মিল থাকে৷ তৃতীয় আৰু চতুৰ্থ শাৰী সাধাৰণতে আন তিনিশাৰীৰ তুলনাত কম দীঘল হয়৷

উৎপত্তি

লিমাৰিকৰ উৎপত্তি সম্বন্ধে বিভিন্নজনে বিভিন্নজনে বিভিন্নমত আগবঢ়ায়৷বহুতে লিমাৰিকৰ জম্ম আয়াৰলেণ্ডৰ লিমাৰিক নামৰ চহৰত ১৭০০ খ্ৰীষ্টাব্দত হোৱা বুলি অনুমান কৰে৷ আইৰিছ সৈন্যবিলাক ১৭০০ খ্ৰীষ্টাব্দত ফৰাছী যুদ্ধৰ পৰা লিমাৰিক চহৰলৈ ঘূৰি আহোঁতে “will you come up to limerick” বুলি গোৱা ধেমেলীয়া গীতটোৰ পৰাই পিছৰ কালত ৰচিত চুটি ধেমেলীয়া কবিতাক “লিমাৰিক” নামেৰে নামাকৰণ কৰা বুলি অনুমান কৰা হয়৷

আনহাতে, কিছুমান তথ্যৰ মতে পুৰণি ইংলেণ্ডৰ ক্লাবসমূহত হেনো এবিধ সময় কটোৱা ধেমালিৰ চলন্তি আছিল৷পোনতে কোনোবা এজনে এটা নতুন গানৰ প্ৰথম কলিটো গাই গীতটো জুৰি দিয়ে৷বাকী সদস্যসকলে তেতিয়া উঠি পৰি লাগে তাৰ পাছত খাপ খোৱাকৈ পাছৰ কলিকেইটা সুৰৰ ভাষাত গুথি উলিয়াবলৈ৷কোনোবা পাকত যেতিয়া এটা সুন্দৰ ধেমেলীয়া গান সম্পূৰ্ণ হৈ উঠে তেতিয়া উলাহতে গোটেইবোৰে একেলগে গুনগুনাই উঠে

“will you come up,
Will you come to Limerick”
এনেদৰে থাউকতে ৰচনা কৰা গীতবোৰৰ শেষত যোগ দিয়া ঘোষাফাঁকিত থকা “লিমাৰিক” শব্দটোক কোনোবাই পাচোঁটা চৰণৰ এই নতুন ধৰণৰ কবিতাবিধৰ নাম থলে আৰু তেতিয়াৰপৰাই এই কবিতাবিধৰ নাম হৈ পৰিল লিমাৰিক৷

আনহাতে, আন এটা সূত্ৰৰ মতে লিমাৰিক হেনো আয়াৰলেণ্ডৰ কণ কণ ল’ৰা-ছোৱালীৰ ওমলাঘৰৰহে সৃষ্টি৷ওমলাঘৰৰ যিকোনো নিচুকণি গীতৰ একোটা স্তৱকৰ ওৰ পৰিলেই বুঢ়ী-আইতাহঁতে হেনো এইদৰে একোঁফাকি ঘোষা জুৰি দিছিল:

“we’ll all come up,
Come up to Limerick”
আৰু ইয়াৰ পৰাই হেনো আৰম্ভণি হৈছিল লিমাৰিকৰ৷

আকৌ কোনো কোনোৰ মতে অষ্টাদশ শতিকাত আয়াৰলেণ্ডৰ “মিআগ্” (maigue) কবিসকলে লিমাৰিক নামৰ খুহুতীয়া কবিতাবোৰৰ ৰচনা আৰম্ভ কৰিছিল৷

“লিমাৰিক” একপ্ৰকাৰ কাব্য সৃষ্টিৰূপে প্ৰতিষ্ঠা লাভ কৰে এডৱাৰ্ড লিয়েৰৰ হাতত৷ ১৮৪৫ চনত লিয়েৰে তেখেতৰ প্ৰথমখন লিমাৰিক সংকলন “A book of nonsense” প্ৰকাশ কৰে৷

এডৱাৰ্ড লিয়েৰৰ "A book of Nonsense"
অসমীয়া ভাষাত লিমাৰিকৰ বাটকটীয়া আছিল মহেন্দ্ৰ বৰা৷ ১৯৭০ত প্ৰকাশিত তেখেতৰ অসমীয়া কবিতাপুথিৰ সংকলন “এই নদীয়েদি”ত পৰিশিষ্ট হিচাপে এক ডজন লিমাৰিক পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশ কৰে৷ লিমাৰিকৰ গাঁথনি : লিমাৰিক একোটাহঁত পাঁচটা শাৰীৰ স্তৱক আকাৰৰ হয়৷ তাৰে প্ৰথম,দ্বিতীয় আৰু পঞ্চম শাৰীকেইটা দ্বিমাত্ৰিক ছন্দ-সম্বলিত, আৰু মাজৰ তৃতীয় আৰু চতুৰ্থ চৰণ দুটা দ্বি-মাত্ৰিক৷ প্ৰতিটো “মাত্ৰা”ত দুটা চুটি “অক্ষৰ”(syllable) ৰ পিছত থাকিব লাগে এটা দীঘল “অক্ষৰ”৷

প্ৰথিতযশা অসমীয়া সাহিত্যিক ড° মহেন্দ্ৰ বৰাদেৱে এটা পূৰ্ণাংগ লিমাৰিকত থকা লক্ষণসমূহ এইদৰে আগবঢ়াইছে :

এক: এটা স্তৱকেই একোটা কবিতা৷ দুই: প্ৰতিটো স্তৱকত চৰণ থাকে পাঁচটা৷ তিনি: চৰণসমূহৰ মিলৰ গাঁথনিটো এনেকুৱা

ক,ক,খ,খ,ক
চাৰি: মাজৰ চৰণ দুটা বাকীকেইটাৰ তুলনাত চুটি, চুটি মানে একোটাকৈ পৰ্ব কম থাকে৷ পাঁচ: শেষ চৰণটো আধাডুখৰীয়াকৈ, সম্পূৰ্ণকৈ নহয়, প্ৰথম চৰণৰ হুবহু পুণৰাবৃত্তি৷

লিমাৰিকৰ বিভিন্ন নামসম্পাদনা কৰক

লিমাৰিকক বাংলা ভাষাত কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰে নাম দিছিল “খাপছাড়া”৷ অসমীয়া ভাষাত হীৰেন ভট্টাচাৰ্যদেৱে নাম দিছিল “পদ-ধেমালি” বুলি৷ “পঞ্চপদী” শব্দটিও কোনো কোনোৱে লিমাৰিকৰ প্ৰতিশব্দ বুলি ব্যৱহাৰ কৰা দেখা যায়৷ আনহাতে বহুতে লিমাৰিকক অসমীয়াত “উপপদ্য” আৰু “আপদীয়া পদ্য” নামেৰেও নামাংকৃত কৰিছে৷

ড° মহেন্দ্ৰ বৰাদেৱৰ দুটামান লিমাৰিক :

(১)
ভুল কৰি কাশীধাম নামি দেখে নৈনী

হাওৰাতে থাকি গ’ল সৰুজনী ঘৈণী

মচি উঠি জ্বৰ ঘাম

ল’লে তেওঁ ৰাম নাম

মুটিয়াই সুধিলেহি লাগে নেকি খৈণী ৷৷

(২)
থাপ মাৰি ডেকা ল’ৰা উলিয়ালে কেচি

চিপাহীয়ে কাটি দিলে চুলি যাৰ বেচি

ফেচনৰ ফুটিল বেলুন

থানাতেই বহিল চেলুন

নিবনুৱা নাপিতেও চোক দিলে কেচি ৷৷

(৩)
এক কথা পুলিচৰ দুই কথা নাই

উকীলকে ধৰি নিলে পঢ়ি থকা পাই

খোল কিয় উকীল খানা

খুলি ৰখা দোকান মানা

সাত বাজে বুজা নাই আইনৰ জাঁই ৷৷

(৪)
আছিল এজনী মিচ্ লেডী-টাইপিষ্ট্

ভুল কৰি কপি কৰে ভোটাৰৰ লিষ্ট্

ঘোচ খাই কিচমিচ

হ’ল তাই ডিচমিচ

গালি পাৰে চাহাবক পঘাখোৱা বীষ্ট্ ৷৷

(৫)
জীয়েকলে’ লাগে হেনো ভাল এটি পাত্ৰ

চলি যায় হয় যদি এম.এ.ৰ ছাত্ৰ

মুখস্থ গোটেইখন

ৰন্ধন প্ৰকৰণ

গচকিহে পোৱা নাই পাকঘৰ মাত্ৰ ৷৷

নৱকান্ত বৰুৱাৰ লিমাৰিক :

(১)
মন্ত্ৰী গ’ল

কলগছৰ ভুৰত

ভুৰত নাই মাইল-মিটাৰ মহামস্কিল

কেনেকৈনো কেৰেণীয়ে কৰে টি.এ.বিল

সঁচাকৈয়ে ডি. চি. বোৰ একোৱেই নাই মূৰত৷৷

(২)
কবি আনন্দ চন্দ্ৰ

শাৰদ মেঘৰ মন্ত্ৰ

নিজেই সুৰা নিজেই চাকি

নিজেই নিজক দিয়েহি বাকি

বকুল বনত তৰাৰ সতে কটায় ৰাতি অতন্দ্ৰ ৷৷

(৩)
বিদ্ৰোহী কবি প্ৰসন্নলাল

যদিও নীলক কৰিব নোখোজে লাল

তেওঁৰ নীলা তেজত ফুলা

ৰঙা পদুম পাহি মেলা

দেখি চোৱা গুবৰুৱাবোৰ কোন ফালে পলাল ৷৷

তথ্য সংগ্ৰহ

Oxford English Dictionary (2nd edition, 1989), s.v. Limerick.
Vaughn, Stanton. Limerick Lyrics. 1900. Retrieved from
অসমীয়া লিমাৰিক চয়ণ: প্ৰবীণ শইকীয়া-বৰ্ণালী শইকীয়া
উৎস :
অসমীয়া ৱিকিপিডিয়া ™


Sunday, July 26, 2015

তহঁত গাঁৱৰ মানুহ বুজি নাপাবি চহৰৰ কথা...

তহঁত গাঁৱৰ মানুহ বুজি নাপাবি চহৰৰ কথা...

তহঁত গাঁৱৰ মানুহ,
চিনি পাৱ খেতি খোলা পথাৰৰ কথা,
তহঁত গাঁৱৰ মানুহ
বুজি নাপাবি চহৰৰ শাক পাছলিৰ বজাৰৰ মুল্য বিস্ফোৰণৰ কথা...

তহঁত গাঁৱৰ মানুহ,
জান তহঁতে
পুঠি  খলিহনা শ'ল শিঙিৰ সোৱাদৰ কথা,
তহঁত গাঁৱৰ মানুহ
বুজি নাপাবি চহৰৰ মাছৰ বজাৰত অন্ধ্ৰৰ চালানী ৰৌৰ  অযথা দৰদামৰ কথা,

তহঁত গাঁৱৰ মানুহ,
বুজ তঁহতি মিটিৰ কুটুম গাঁৱৰ একতা তথা সমাজ কি,
তহঁত গাঁৱৰ মানুহ
চহৰত মাক দেউতাককো বোঁজা ভাবি বৃদ্ধাশ্ৰমত ৰখাৰ  বেদনা নুবুজিবি,

তহঁত গাঁৱৰ মানুহ...
নদী আছে পুখুৰী আছে ,
আছে খাল বিল,

আমি চহৰৰ মানুহ ,
চুইমিং পুল আছে, গেলা নৰ্দমা আছে,
কেইটামান পুখুৰী আছে
ৰজাই খন্দাইছিল...!

তহঁত গাঁৱৰ মানুহ বাহিৰে ভিতৰে একে,
আমি চহৰৰ মানুহ আমাৰ দুখন মুখ থাকে,

তহঁত গাঁৱৰ মানুহ খাবলৈ কম পাৱ বেছি কৰ কষ্ট ,
আমি চহৰৰ মানুহ খাই খাই বেমাৰত শৰীৰ কৰোঁ নষ্ট ।

তহঁত গাঁৱৰ মানুহ,
তহঁতৰ টোপনি বেছি,
নুবুজ তহঁতে চহৰত টোপনিহীন
ৰাতিবোৰ
ব্যস্ততাই  ৰাখে কিয় হেঁচি ।

তহঁত গাঁৱৰ মানুহ নুবুজ বহুত কথা,
দেখা নাই বহু ঘটনা,
তহঁতি তেনেই সৰল...

তহঁত গাঁৱৰ মানুহ
পাৰ যদি চহৰীয়া নহবি কেতিয়াও ,
চহৰৰ জীৱন মানেই কৃত্ৰিমতাৰ গৰল...

হয় তহঁত গাঁৱৰ মানুহ বহু কথাই বুজি নাপাবি
মোৰ অনুৰোধ পাৰ যদি এইবোৰ নুবুজাকেই থাক...
সুখী হৈ ৰবি !!

প্ৰাণজিৎ বৰুৱা
২৫ /৭/২০১৫


Thursday, July 23, 2015

পাগলী

পাগলী ...

পাগলী অ পাগলী,
কত গলি,

বহুত দিন তোৰ উৱাদিহ নাই,
দুচকু সেমেকাই,
কাৰ বুকুত বা সোমালি...

আহাৰ শেষ ,
এইয়া শাওন সোমাই ,
তোৰ চোন তথাপি কোনো খবৰেই নাই...

কি নো অভিমান তোৰ,
ইমান ঠেঁহ ভাল নালাগে অ মোৰ...

সঁচাই কৈছো অ,

কঠাল গুটি , দৰিকনা পোৱালি , 
ঢেকীয়া শাকৰ শপত,
পাগলী তই যে এইবোৰ বৰ ভাল পাইছিলি ...

আৰু বৰষুণ !
আস কিমান যে হেঁপাহ আছিল তোৰ বৰষুণত তিতাৰ,
বৰষুণত ভিজি সৰু হৈ পৰাৰ ,
আৰু বৰশী,
কেঁচু চুবলৈ ভয় কৰি ময়দাৰে বৰশী বোৱাৰ...

এটা পুঠি মাছ উঠোতেই কিৰিলিত কাণৰ মাকৰি যে সৰাইছিলি ,
আছে ?
আছেনে মনত তোৰ পাগলী ...!

পাগলী
বহুত দিন শুনা নাই তোৰ মুখৰ গালি,
পাগলী
বহুত দিন দেখা নাই তোৰ এজাৰ ফুলীয়া হাঁহি,
পাগলী  অ
মোৰ বুকুখন এতিয়া তেনেই খালি...!

পাগলী আহ চোন ,
উভতি আহ,
মই কি ভুল কৰিলোঁ তাকেই বুজাই দে,
মোক গালি পাৰি পাৰি  তোৰ সকলো অভিমান শেষ কৰি দে,

পাগলী লাগিলে
মোক কাণত ধৰাই ভুলৰ সৈ কঢ়াই ল,
লাগিলে কিবা এটা জৰিমনা ল,

পাগলী শুনিছনে...
উভতি আহছোন আহনা,
মই যে কান্দিব নোৱাৰি কেনেকৈ ছট ফটাও তইটো বুজিছিলি ,

এতিয়াও তেনেকুৱাই অ পাগলী ,
তই নাই মোৰ বুকুখন তেনেই খালী ,
আহ পাগলী বুকু উদং কৰি এনেকৈ যাব নাপায় ,
দোষ লাগিব,

আহ পাগলী আহ...
ঘুৰি আহ...
ঘুৰি আহ...

প্ৰাণজিৎ বৰুৱা
২৩ জুলাই ২০১৫


Wednesday, July 22, 2015

স্মাইলি

স্মাইলী ...

বহুতে বেয়া পাই স্মাইলি বোৰক ,
ভাবে বৰ অদৰকাৰী ,

পিছে আজিকালি স্মাইলী বোৰৰ ওপৰত আমি বহু পৰিমাণে নিৰ্ভৰ কৰি চলো । স্মাইলি বোৰে কৈ দিয়ে বহুত কথা । যি বোৰ আমি সঁচাকৈয়ে বুজাব নোৱাৰিলো হয় ইহঁতৰ অবিহনে । বহু ক্ষেত্ৰত স্মাইলি ৰ ব্যৱহাৰে মানুহৰ স্মাৰ্টনেচ । ছোৱালীৰ কিউটনেচ । আৰু মেচেজ এটাৰ ক্ষেত্ৰত পাৰ্ফেক্টনেচ আনি দিয়াত সহায় কৰে । কৰবাত পঢ়িবলৈ পাইছিলো স্মাইলি ব্যৱহাৰ কৰি মেচেজ বা টাইপ কৰা মানুহবোৰ অলপ বেছি সংবেদন শীল । মানে অলপ KIND HEARTED হয় । গৱেষণাৰ পৰা পাইছে হেনো ।

যি কি নহওক স্মাইলি ৰ প্ৰভাৱ আমি মানিবই লাগিব দুটামান উদাহৰণ দিলে বুজিব । স্মাইলি আৰু বিনা স্মাইলি বাৰ্তালাপৰ পাৰ্থক্য ।

ধৰক ,
আপুনি আপোনাৰ ভাল লগা কিন্তু কবলৈ ভয় কৰা প্ৰিয় জনক কিবা এটা কব লাগে । কিন্তু ভয় কৰে , ধৰক এইটো কথাই...

""হাই তোমাক যে মোৰ ইমান  ভাল  লাগে ইমান  চুইট লাভ ইও কলিজা। "

এইটো কথা কবলৈ বিনা স্মাইলিত বৰ সাহসৰ প্ৰয়োজন লগতে সতৰ্কতাৰো অন্যথা ব্লক নাইব বন্ধুত্ব শেষ হোৱাৰ চাঞ্চ থাকে ।

কিন্তু আপুনি একেটা কথাকেই কৈ দিয়ক এনেকৈ  স্মাইলি দি ...

""হাই তোমাক যে মোৰ ইমান  ভাল  লাগে ইমান  চুইট লাভ ইও কলিজা ;-) :-D :-P :-P  "

তাই বুজি লব যে আপুনি ধেমালি কৰিছে ।
লগতে হাঁহি মুখেৰে উত্তৰো দিব । কিন্তু যদি তাই অলপ সজাগ হয় এইটোও বুজিব আপুনি ধেমালিৰ চলেৰে সঁচা কথাই কয় :-D :-D :-P

এনেকৈ আৰু কব পাৰি ,

যেনে এজনী ছোৱালীয়ে কলে কিবা কথাত ,

"আপুনি যে অলপ বেছি !""

আকৌ এইবাৰ এনেকৈ কলে

"""আপুনি যে অলপ বেছি :-\ :-\ !""""

এতিয়া আপুনি কওক কোনটো বেছি ভাল লাগিব । অভিমান আৰু কিউটনেচ ৰ ক্ষেত্ৰত নিশ্চয় দ্বিতীয়টোৰ ওজন অলপ বেছি হবই ।

এনেদৰেই আৰু বহুত উদাহৰণ দি যাব পাৰি । স্মাইলি দি ক্ষমা খুজিব পাৰি । জোকাব পাৰি । ধেমালি কৰিব পাৰি । অভিমান কৰিব পাৰি । মুঠৰ ওপৰত  আপোনাৰ মনৰ অৱস্থাৰ এক অলংকাৰিক আৰু শিল্পী সুলভ ৰূপ দিব পাৰি । যাৰ বাবেই বৰ্তমান সময়ত স্মাইলিৰ প্ৰভাৱ অতি বেছিকৈ পৰিছে বাবে আমিও স্মাইলি ব্যৱহাৰ কৰি সম্ভৱতঃ  ভাল পাইছো ।
হয়তো  অদূৰ ভৱিষ্যতে
এনেকুৱা এটা দিনো আহিব কিজানি যে ই মাধ্যমৰ ওপৰিও প্ৰিন্ট মাধ্যমটো হয়তো  ইয়াৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিব ।

সেয়ে এই ইলেকট্ৰনিক স্মাৰ্ট ফোনৰ যুগত আপুনিও যদি নাজানে পাৰিলে  স্মাইলি ব্যৱহাৰ কৰিবলৈ শিকি
লওক আৰু আপোনাৰ মনৰ ভাব বোৰ অধিক প্ৰাণৱন্ত কৰি তোলক ।

জয় স্মাইলি ;-) :-D :-D  :-P :-P
(y)
প্ৰাণজিৎ বৰুৱা
২২ জুলাই ২০১৫


পকা জলকীয়া...


গাঁৱৰ সন্ধিয়া


জোনবাই ,


Tuesday, July 14, 2015

মোৰ প্ৰিয়...

মোৰ প্ৰিয়...

মোৰ প্ৰিয় বস্তুবোৰৰ কথা যদি সোধা যায় তেন্তে প্ৰথমেই কৈ ভাল পাম খোৱা বস্তুৰ কথা ।
কাৰণ কি বুলি নুসুধিব । মোৰ ফিগাৰ দেখিলেই বুজি পাব  । বাৰু প্ৰথম কথা মই সকলো বস্তু বিশেষকৈ সোৱাদ থকা সকলোৰে কম বেছি সোৱাদ লৈ ভাল পাওঁ । মানে লুটুৰা স্বভাৱৰ বুলি ক'লে যদিও বেয়া পাম পেটে পেটে, তথাপি বিনা প্ৰতিবাদে মানি লম ।
আছলতে মোক যদি কোনোবাই সুধে তুমি জীবৰ বাবে খাইছা নে খাবৰ বাবে জীয়াই আছা । তেন্তে বিনা সংকোচে দ্বিতীয়টোৰ কথাই কম । কাৰণ মোৰ এইম ইন লাইফেই হৈছে পেট ভৰাই খোৱা আৰু ৰাতিপুৱা দেৰিলৈকে শোৱা । এতিয়া চাগৈ ভাবিছে আপুনি  এইটো বৰ খকুৱা ... যদি ভাবিছে ভাল কথা যদি নাই ভৱা মোক কেইদিনমান থকাকৈ নিমন্ত্ৰণ দি চাব পাৰে (বিশ্বাস হবৰ কাৰণে ! ) । বাৰু যি কি নহওক মই খাই ভালপোৱা বস্তু কিছুমানৰ কথা ক'বলৈ ওলাইছো  যি বোৰ হয়তো মোৰ দৰে বহুতেই খাই ভাল পায় আৰু বহুতেই হয়তো মোৰ দৰেই ৰান্ধি খাব নিজে নোৱাৰি,
আনৰ মুখলৈ বাট চাই...!

মই খাই ভালপাওঁ

মই ভালপাওঁ ফলৰ ভিতৰত আম  কল কমলা,
নাচপতি আনাৰস নাৰিকল আদিও বেয়া নাপাওঁ হবলা,

এনেই ৰাতিপুৱা শুই উঠি যদি পাওঁ ফুলা লুচি,
দিনটোলৈ মনটো মোৰ হৈ যায় একেবাৰে  খুচি ,

আগতে সৰুতে মাই পুৱাতে বনাইছিল ভুৰুকীয়া পিঠা,
একেবাৰে খাই খাই লাগিছিল বিৰাট নতা,

এনেই মই গাখীৰ চাহহে খাই অলপ বেছি  ভাল পাওঁ,
পিছে চাহ খাওঁতে চাহৰ লগৰ প্লেটৰ বস্তুবোৰহে কিন্তু  মনোযোগেৰে চাওঁ,

চাহ কাপ টো এক বাহানা,
আছলতে
লগত দিয়া মিঠাই ভূজিয়াৰহে মই একেবাৰে  দিৱানা,

ভাতৰ লগত মাছ মাংস প্ৰায় মোক লাগেই,
নহলেও অন্ততঃ কুকুৰা কণী এটা প্ৰায় থাকেই,

সুতৰা জিলমিল ঔটেঙা আদিৰে ৰন্ধা মাছৰ
টেঙা আঞ্জা মোৰ প্ৰিয়,
নুশুধিবই দালিত দিয়া কঠাল গুটিৰে সৈতে ভাত সাঁজ চুচি বাচি খাওঁ কিয়,

বাদাম , ৰঙালাউ গুটি আৰু সৰু মাছ  দেই যোৱাই ভজা,
আটাইবোৰ টকালি পাৰি খাওঁ লাগে যে বিৰাট মজা,

গৰমৰ বতৰত সকলোতকৈ নেমুৰ চৰবত লাগে ভাল,
থেকেৰা দিয়া পানী খালে যে পেটৰ নহয় একো জঞ্জাল ।

আৰু ভাল পাওঁ হোটেলৰ চাও মিন , চিলি  চিকেন ফুচকা আদি খাই,
সেইবোৰ খালে বোলে পেটতো আৰু ডাঙৰ কৈ ওলাই...

বাৰু অতপৰে ইমানবোৰ কলো মোৰ প্ৰিয় খানাৰ কথা,
এতিয়া যদি কোনেও নুখুওৱাই মোক মাতি এসাঁজ লাগিব বহুত বেথা ,

...((ভূপেন্দ্ৰ সংগীতৰ সুৰত ...
(আছলতে খাই ভাল পাওঁ মই,
কৈ ভাল পাওঁ মই ,
বাই ভনী দাদা বাইদেউ
বন্ধু 
সকলোৱে এদিন এদিন মোক নিমন্ত্ৰণ দিলেই হয় । ))

সমাপ্ত

প্ৰাণজিৎ বৰুৱা
১৪ জুলাই ২০১৫

....
মনে মনে ... ১৮+
....
...
এটা বস্তুৰ কথা প্ৰায়েই শুনি থাকো ডেকা গাভৰুৱে বোলে  খাই,
নাকত নাক লাগি যোৱাৰ কনফিউজন দুৰ কৰাৰ সেইবিধহে মই এতিয়াও  খাই  পোৱা নাই ,
হাই মোৰ ফুটা কপাল
আছো আৰু তোকে ধিয়াই ...!


Friday, July 3, 2015

কামোৰ দিয়া CC

কোনেও মনত পেলাওঁক নেপেলাওঁক ।
তুমি যে পেলোৱা ধন্যবাদ তোমাক ...

ৰাতিপুৱা উঠিছো শুই তোমাৰ দৰ্শন,
গৈছো কৰবাত তোমাৰ আকৌ স্মৰণ,

গা ধুওঁতেও তোমাৰ ফোন,
বাইক চলাওঁতেও তোমাৰ �ফোন,

ক্লাছত থাকোঁতেও তোমাৰ
ওপৰা ওপৰি মেছেজ,
তোমাৰ চিন্তা নাই
পাওঁ বা নাপাওঁৱেই 
মই আমেজ ।

যেতিয়াই কিবা কামত বিজি হম,
তোমাৰ ফোনটো পাই কানত লম,
আৰু সদায় কৰাৰ দৰে তোমাৰ মাতটি শুনিয়েই অভিমানত লগালগ দিচকানেক্ট কৰি থম ।

তথাপিও তুমি হতাশ নোহোৱাদিয়া,
পুনৰ আকৌ ফোন কৰা মেছেজ দিয়া,
কেতিয়াও যে পাহৰি নোযোৱা কচম তুমি চাগে মোক বহুত ভাল পোৱা
নহয় ??

কিমান ৰিজেক্ট কৰোঁ,
কিমান ইগনৰ কৰোঁ,

তথাপিও তুমি ভাগৰি নপৰি সদায়েই যে মনত পেলোৱা...
আছলতে এইয়াই সঁচা ভালপোৱা :-\

সঁচাকৈয়ে ধন্যবাদ তোমাক customer care
এয়াৰটেল ভোদাফোন,
ইমান মোৰ খবৰ লোৱা তুমি,
কামোৰ খালেও
মানিছো
তুমিয়েই মোৰ একমাত্ৰ
আপোন । :-\ :-P :-P :-D :-D :-D

--প্ৰাণজিৎ বৰুৱা
AN AIRTEL AND VODAFONE SIM HOLDER CUSTOMER :-\ :-( :-D :-P :-Pন


Thursday, July 2, 2015

হনী সিঙক মই কিয় � ভালপাওঁ , প্ৰণৱ কুমাৰ বৰ্মন কিয় ভাল লাগে...

হনী সিঙক মই কিয় � ভালপাওঁ ,
প্ৰণৱ কুমাৰ বৰ্মন কিয় ভাল লাগে...

যেতিয়া ধুনীয়া চকু এযোৰ দেখো,
আমি নীল নয়না হৰিণী নয়না বুলিয়েই কম,
কাৰণ আমি কথাবোৰ তেনেকৈয়ে ভাবো,
ভাবিবলৈ শিকোঁ...
কোনদিনে
ইয়াত ব্লু আইছে হিপ্নটাইজ কৰাৰ ৰেপ বিচাৰি পোৱা নাই...

যেতিয়া কোনোবা কলেজীয়া ছোৱালীক
আমাৰো  ভাল লাগে,
আমি কিন্তু
সন্দিকৈ কলেজৰ সাগৰিকা বৰদলৈৰ সমীপেষুৰ দৰে
ভাল লগাই দিব  পৰা নাই...
কিয়নো আমি যে তেনদৰে লিখিবলৈ
শিকাই নাই...

আমি বোৰ সেয়ে সাধাৰণ ,
জনপ্ৰিয় নহয়,
কিয়নো আমি সময়ৰ সতে আগবাঢ়ি যাওঁ,
কিন্তু নতুন সোঁত বোৱাই যাব পৰা নাই,
পৰীক্ষা এটা কৰি চাব পৰা নাই...

হনী চিং প্ৰণৱ কুমাৰ এটা উদাহৰণহে মাত্ৰ,
মই তেওঁলোকৰ গুণ গাব যোৱা নাই,

বহুতে
জনপ্ৰিয় মানুহ বেয়া পাই,
চকু পাৰি দেখিব নোৱাৰে,
তেওঁলোক চকুচৰহা নহয়,
কিন্তু তেওঁলোক নিজে জনপ্ৰিয় নোহোৱাৰ বেদনাত জ্বলি মৰে...

সেয়ে এটা অজুহাত পালেই ,
প্ৰাৰ্থনা এটাও সুৰ ঢালি গাব নোৱাৰা
তেওঁবিলাকে
জুবিন পাপনক হিয়া উজাৰি গালি পাৰে...!

কিন্তু সদায়েই তেওঁলোকৰ গানবোৰতেই সন্ধিয়া আইলৈ মনত পৰে,
মনলৈও লৰালি উভতি আহে ।

হা হা
জনপ্ৰিয়তা কেতিয়াও কাৰো দোষ হব নোৱাৰে ,
আৰু সকলো মানুহেই ইচ্ছা কৰিয়েই জনপ্ৰিয় হবও নোৱাৰে  ।

কিন্তু
জনপ্ৰিয় মানুহবোৰক বিতৰ্কই যে সদায়েই বিচাৰে ...

কিয়নো তেওঁলোকে সময়ৰ সতে নাযায় ,
সকলোৱে গোৱা গান নাগায়,
সকলোৱে লিখা একেবাৰ কবিতা নিলিখে ,

তেওঁলোকৰ চিন্তাত কৰ্মত নতুন কিবা এটা থাকে...

হয়তো এনেবোৰ কাৰণতেই
বহুতৰ দৰেই

হনী সিঙক মই  � ভালপাওঁ ,
প্ৰণৱ কুমাৰ বৰ্মনক মোৰ ভাল লাগে...!!

প্ৰাণজিৎ বৰুৱা
২ জুলাই ২০১৫


বিত চকু

বিত চকু...

চশমা যোৰ   খুলিলে নেদেখো
পৃথিৱীৰ সকলোবোৰ সুখ,

চশমা যোৰ পিন্ধিলেও
নেদেখো বহুত মানুহৰ প্ৰকৃত মুখ !

সুখবোৰ নেদেখিলে  বেয়া লাগে,
কিন্তু
মুখবোৰে ঠগিলে  হিয়া ভাগে,

পাৰা যদি কোনোবাই  মানুহ
চিনিব পৰা এযোৰ বিতচকু দিয়া,

কোনো কালে ,
কেতিয়াও যেন নাভাগক কিছুমান নিৰ্দোষীৰ 
বিশ্বাসী ঠুনুকা হিয়া ...!

প্ৰাণজিৎ বৰুৱা
২ জুলাই ২০১৫


Wednesday, July 1, 2015

লিমাৰিক

লিমাৰিক

(১)

সাধু এটা শুনাই নগল মোৰ এইজনী আইতাই,
এনেকৈয়ে  কব চাগে এদিন হয়তো  কোনোবাই ,

ফেচবুক আৰু  হোৱাটচাপ,
যদিহে  নিদিওঁ ব্ৰেক আপ,

তেন্তে জনাব উত্তৰ সুৰীয়ে  সাধু নিচুকনিক একেবাৰে গুড বাই ।

(২)

পঢ়ি শুনি ভাবিছিলোঁ হম ভাল অফিচাৰ ,
পাৰিলে বুঢ়াকালত লাখুটি হম দেউতাৰ,

পিছে সকলোবোৰ শেষ,
এইয়া যে অসম দেশ,

চাকৰিৰ বাবে পঢ়া শুনাতকৈ টকাৰহে বেছি দৰকাৰ ।

(৩)

2 জি 3 জি গুচি আহি গ'ল 4 জিৰ  স্মাৰ্ট ফোন,
যেনে তেনে কিনিলো  এটা নিধিৰ পৰা লৈ লোন,

যত যি এপলিকেচন,
কৰাও হল ইনষ্টলেছন,

পিছে নেটৱৰ্কৰ শামুকীয়া গতি এতিয়াও  সলনি নহলেইচোন  ।

(৪)

এঞ্জেল প্ৰিঞ্চেচ আদি বোৰ হেনো ফেচবুকৰ  পৰী,
এওঁলোকৰ চেলফি আদিৰেই থাকে টাইমলাইন ভৰি,

লাইক পালে নাখায় ভাত,
দিন ৰাতি কৰে চাট,

বহু প্ৰিঞ্চৰ  হৃদয় জুৰ পৰে পালে এওঁলোকৰ অলপমান সঁহাৰি ।

--প্ৰাণজিৎ বৰুৱা
১ জুলাই ২০১৫