হনী সিঙক মই কিয় � ভালপাওঁ ,
প্ৰণৱ কুমাৰ বৰ্মন কিয় ভাল লাগে...
যেতিয়া ধুনীয়া চকু এযোৰ দেখো,
আমি নীল নয়না হৰিণী নয়না বুলিয়েই কম,
কাৰণ আমি কথাবোৰ তেনেকৈয়ে ভাবো,
ভাবিবলৈ শিকোঁ...
কোনদিনে
ইয়াত ব্লু আইছে হিপ্নটাইজ কৰাৰ ৰেপ বিচাৰি পোৱা নাই...
যেতিয়া কোনোবা কলেজীয়া ছোৱালীক
আমাৰো ভাল লাগে,
আমি কিন্তু
সন্দিকৈ কলেজৰ সাগৰিকা বৰদলৈৰ সমীপেষুৰ দৰে
ভাল লগাই দিব পৰা নাই...
কিয়নো আমি যে তেনদৰে লিখিবলৈ
শিকাই নাই...
আমি বোৰ সেয়ে সাধাৰণ ,
জনপ্ৰিয় নহয়,
কিয়নো আমি সময়ৰ সতে আগবাঢ়ি যাওঁ,
কিন্তু নতুন সোঁত বোৱাই যাব পৰা নাই,
পৰীক্ষা এটা কৰি চাব পৰা নাই...
হনী চিং প্ৰণৱ কুমাৰ এটা উদাহৰণহে মাত্ৰ,
মই তেওঁলোকৰ গুণ গাব যোৱা নাই,
বহুতে
জনপ্ৰিয় মানুহ বেয়া পাই,
চকু পাৰি দেখিব নোৱাৰে,
তেওঁলোক চকুচৰহা নহয়,
কিন্তু তেওঁলোক নিজে জনপ্ৰিয় নোহোৱাৰ বেদনাত জ্বলি মৰে...
সেয়ে এটা অজুহাত পালেই ,
প্ৰাৰ্থনা এটাও সুৰ ঢালি গাব নোৱাৰা
তেওঁবিলাকে
জুবিন পাপনক হিয়া উজাৰি গালি পাৰে...!
কিন্তু সদায়েই তেওঁলোকৰ গানবোৰতেই সন্ধিয়া আইলৈ মনত পৰে,
মনলৈও লৰালি উভতি আহে ।
হা হা
জনপ্ৰিয়তা কেতিয়াও কাৰো দোষ হব নোৱাৰে ,
আৰু সকলো মানুহেই ইচ্ছা কৰিয়েই জনপ্ৰিয় হবও নোৱাৰে ।
কিন্তু
জনপ্ৰিয় মানুহবোৰক বিতৰ্কই যে সদায়েই বিচাৰে ...
কিয়নো তেওঁলোকে সময়ৰ সতে নাযায় ,
সকলোৱে গোৱা গান নাগায়,
সকলোৱে লিখা একেবাৰ কবিতা নিলিখে ,
তেওঁলোকৰ চিন্তাত কৰ্মত নতুন কিবা এটা থাকে...
হয়তো এনেবোৰ কাৰণতেই
বহুতৰ দৰেই
হনী সিঙক মই � ভালপাওঁ ,
প্ৰণৱ কুমাৰ বৰ্মনক মোৰ ভাল লাগে...!!
প্ৰাণজিৎ বৰুৱা
২ জুলাই ২০১৫
No comments :
Post a Comment